የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
59 : 24

وَاِذَا بَلَغَ الْاَطْفَالُ مِنْكُمُ الْحُلُمَ فَلْیَسْتَاْذِنُوْا كَمَا اسْتَاْذَنَ الَّذِیْنَ مِنْ قَبْلِهِمْ ؕ— كَذٰلِكَ یُبَیِّنُ اللّٰهُ لَكُمْ اٰیٰتِهٖ ؕ— وَاللّٰهُ عَلِیْمٌ حَكِیْمٌ ۟

যেতিয়া তোমালোকৰ শিশুসকল প্ৰাপ্তবয়স্কত উপনীত হ'ব, তেতিয়া তেওঁলোকে সকলো সময়তে ঘৰত প্ৰৱেশ কৰিবলৈ অনুমতি লোৱা উচিত। যেনেকৈ ইতিপূৰ্বে ডাঙৰসকলৰ বিষয়ে ঘৰত প্ৰৱেশ কৰাৰ নিয়ম-নীতি বৰ্ণনা কৰা হৈছে। যিদৰে আল্লাহে তোমালোকৰ বাবে অনুমতি লোৱাৰ বিধান স্পষ্ট কৰিছে, ঠিক সেইদৰে তেওঁ তেওঁৰ আয়াতসমূহ তোমালোকৰ বাবে স্পষ্টৰূপে বৰ্ণনা কৰিছে। নিশ্চয় আল্লাহ তেওঁৰ বান্দাসকলৰ হিত সম্পৰ্কে সম্যক অৱগত। তেওঁ বান্দাসকলৰ বাবে চৰীয়ত প্ৰণয়নত মহাপ্ৰজ্ঞাৱান। info
التفاسير:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• جواز وضع العجائز بعض ثيابهنّ لانتفاء الريبة من ذلك.
বৃদ্ধা মহিলাই নিজৰ কিছুমান কাপোৰ খুলি ৰাখিব পাৰে, ইয়াত সন্দেহৰ কোনো অৱকাশ নাথাকে। info

• الاحتياط في الدين شأن المتقين.
মুত্তাক্বীসকলে সদায় সাৱধানতা আৰু সতৰ্কতা অৱলম্বন কৰে। info

• الأعذار سبب في تخفيف التكليف.
উপযুক্ত কাৰণত চৰীয়তৰ কিছুমান দায়িত্ব লাঘৱ কৰা হয়। info

• المجتمع المسلم مجتمع التكافل والتآزر والتآخي.
মুছলিম সমাজ এনেকুৱা এটা সমাজ, যিটো সমাজৰ প্ৰতিজন সদস্যই ইজনে সিজনৰ প্ৰয়োজন পূৰণ কৰে, পৰস্পৰে পৰস্পৰক সহায় কৰাত সদায় তৎপৰ থাকে আৰু তেওঁলোক পৰস্পৰ হৈছে ভাই-ভাই। info