Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም ምዕራፍ: አልን ኑር   አንቀጽ:

আন-নূৰ

ከመዕራፉ ዓላማዎች:
الدعوة إلى العفاف وحماية الأعراض.
সৎ চৰিত্ৰ অৱলম্বনৰ প্ৰতি আৰু সন্মান ৰক্ষাৰ প্ৰতি আহ্বান।

سُوْرَةٌ اَنْزَلْنٰهَا وَفَرَضْنٰهَا وَاَنْزَلْنَا فِیْهَاۤ اٰیٰتٍۢ بَیِّنٰتٍ لَّعَلَّكُمْ تَذَكَّرُوْنَ ۟
এইটো এটা ছুৰা যিটোক আমি অৱতীৰ্ণ কৰিছোঁ, আৰু ইয়াৰ আদেশৰ প্ৰতি আমল কৰিবলৈ অনিবাৰ্য কৰিছোঁ। লগতে ইয়াত স্পষ্ট আয়াত অৱতীৰ্ণ কৰিছোঁ, যাতে তোমালোকে ইয়াৰ পৰা শিক্ষা গ্ৰহণ কৰা আৰু সেইমতে আমল কৰা।
የአረብኛ ቁርኣን ማብራሪያ:
اَلزَّانِیَةُ وَالزَّانِیْ فَاجْلِدُوْا كُلَّ وَاحِدٍ مِّنْهُمَا مِائَةَ جَلْدَةٍ ۪— وَّلَا تَاْخُذْكُمْ بِهِمَا رَاْفَةٌ فِیْ دِیْنِ اللّٰهِ اِنْ كُنْتُمْ تُؤْمِنُوْنَ بِاللّٰهِ وَالْیَوْمِ الْاٰخِرِ ۚ— وَلْیَشْهَدْ عَذَابَهُمَا طَآىِٕفَةٌ مِّنَ الْمُؤْمِنِیْنَ ۟
অবিবাহিত ব্যাভিচাৰী আৰু ব্যাভিচাৰিণী উভয়কে এশ এশ বেত্ৰাঘাত কৰা। সঁচাকৈ যদি তোমালোকে আল্লাহৰ প্ৰতি আৰু অন্তিম দিৱসৰ প্ৰতি ঈমান পোষণ কৰিছা তেন্তে সিহঁতৰ প্ৰতি অকণো সহানুভূতি নেদেখুৱাবা আৰু দয়া নকৰিবা, কাৰণ এনে কৰিলে হয়তো তোমালোকে সিহঁতক শাস্তি দিয়াৰ পৰা বিৰত থাকিবা অথবা শাস্তি লাঘৱ কৰিবা। শাস্তি বিহাৰ সময়ত মুমিনসকলৰ এটা দল তাত উপস্থিত থকা উচিত, যাতে শাস্তিৰ খবৰ বেছিকৈ প্ৰচাৰ হয় আৰু তেওঁলোক আৰু অন্যান্য লোকসকলেও যাতে এনেকুৱা অশ্লীলতাৰ পৰা দূৰৈত থাকে।
የአረብኛ ቁርኣን ማብራሪያ:
اَلزَّانِیْ لَا یَنْكِحُ اِلَّا زَانِیَةً اَوْ مُشْرِكَةً ؗ— وَّالزَّانِیَةُ لَا یَنْكِحُهَاۤ اِلَّا زَانٍ اَوْ مُشْرِكٌ ۚ— وَحُرِّمَ ذٰلِكَ عَلَی الْمُؤْمِنِیْنَ ۟
ব্যাভিচাৰৰ জঘণ্যতা স্পষ্ট কৰিবলৈ আল্লাহে উল্লেখ কৰিছে যে, যি ব্যক্তিয়ে ব্যাভিচাৰক অভ্যাসত পৰিণত কৰিছে, সি নিজৰ দৰেই কোনো ব্যাভিচাৰিণী নাৰীক অথবা কোনো মুশ্বৰিকা নাৰীক বিবাহ কৰিব, যিয়ে ব্যাভিচাৰৰ পৰা নিজকে বচাই নাৰাখে। যদিও মুশ্বৰিকা নাৰীক বিবাহ কৰা বৈধ নহয়। আনহাতে যি নাৰীয়ে ব্যাভিচাৰক নিজৰ অভ্যাসত পৰিণত কৰিছে, তাই নিজৰ দৰেই ব্যাভিচাৰী পুৰুষক নাইবা মুশ্বৰিক পুৰুষক বিবাহ কৰিব, যিয়ে ব্যাভিচাৰৰ পৰা নিজকে বচাই নাৰাখে। যদিও মুশ্বৰিক পুৰুষক বিবাহ কৰা হাৰাম। লগতে ব্যাভিচাৰিণী নাৰীক বিবাহ কৰা আৰু ব্যাভিচাৰী পুৰুষক বিবাহ কৰোৱা দুয়োটাই মুমিনসকলৰ বাবে হাৰাম।
የአረብኛ ቁርኣን ማብራሪያ:
وَالَّذِیْنَ یَرْمُوْنَ الْمُحْصَنٰتِ ثُمَّ لَمْ یَاْتُوْا بِاَرْبَعَةِ شُهَدَآءَ فَاجْلِدُوْهُمْ ثَمٰنِیْنَ جَلْدَةً وَّلَا تَقْبَلُوْا لَهُمْ شَهَادَةً اَبَدًا ۚ— وَاُولٰٓىِٕكَ هُمُ الْفٰسِقُوْنَ ۟ۙ
যিসকলে পৱিত্ৰ নাৰীসকলৰ প্ৰতি (পৱিত্ৰ পুৰুষসকলো ইয়াৰ অন্তৰ্ভুক্ত) ব্যাভিচাৰৰ আৰোপ লগায়, আৰু এই দাবীৰ সপক্ষে চাৰিজন সাক্ষী উপস্থিত কৰিব নোৱাৰে, হে প্ৰশাসনৰ লোকসকল! তেনেকুৱা ব্যক্তিক আশীটা বেত্ৰাঘাতেৰে দণ্ডিত কৰা, লগতে এনেকুৱা ব্যক্তিৰ সাক্ষ্যদান আজীবন স্বীকাৰ নকৰিবা। পৱিত্ৰ নাৰীসকলৰ প্ৰতি মিছা আৰোপ কৰা এই লোকসকল আল্লাহৰ আনুগত্যৰ পৰা বহিষ্কৃত।
የአረብኛ ቁርኣን ማብራሪያ:
اِلَّا الَّذِیْنَ تَابُوْا مِنْ بَعْدِ ذٰلِكَ وَاَصْلَحُوْا ۚ— فَاِنَّ اللّٰهَ غَفُوْرٌ رَّحِیْمٌ ۟
কিন্তু যিসকলে এনেকুৱা মিথ্যাৰোপ কৰাৰ পিছত তাওবা কৰিছে আৰু নিজকে সংশোধন কৰিছে, তেন্তে সেইসকল লোকৰ তাওবা আল্লাহে কবূল কৰিব আৰু তেওঁলোকৰ সাক্ষ্যও গ্ৰহণযোগ্য হ'ব। নিশ্চয় আল্লাহ তেওঁৰ তাওবাকাৰী বান্দাসকলৰ প্ৰতি ক্ষমাশীল আৰু তেওঁলোকৰ প্ৰতি দয়ালু।
የአረብኛ ቁርኣን ማብራሪያ:
وَالَّذِیْنَ یَرْمُوْنَ اَزْوَاجَهُمْ وَلَمْ یَكُنْ لَّهُمْ شُهَدَآءُ اِلَّاۤ اَنْفُسُهُمْ فَشَهَادَةُ اَحَدِهِمْ اَرْبَعُ شَهٰدٰتٍۢ بِاللّٰهِ ۙ— اِنَّهٗ لَمِنَ الصّٰدِقِیْنَ ۟
যদি কোনো পুৰুষে নিজৰ স্ত্ৰীৰ প্ৰতি ব্যাভিচাৰৰ আৰোপ লগায় আৰু সেই আৰোপক সত্য প্ৰমাণিত কৰিবলৈ নিজৰ বাহিৰে আন কোনো সাক্ষী নাথাকে, তেন্তে পুৰুষজনে নিজেই চাৰিবাৰ আল্লাহৰ শপত খাই সাক্ষ্য দিব যে, তেওঁ নিজৰ পত্নীৰ প্ৰতি ব্যাভিচাৰৰ যি আৰোপ লগাইছে সেয়া সত্য।
የአረብኛ ቁርኣን ማብራሪያ:
وَالْخَامِسَةُ اَنَّ لَعْنَتَ اللّٰهِ عَلَیْهِ اِنْ كَانَ مِنَ الْكٰذِبِیْنَ ۟
ইয়াৰ পিছত পঞ্চমবাৰ তেওঁ নিজৰ প্ৰতি বদ্দুআ কৰি ক'ব যে, যদি মই মোৰ স্ত্ৰীৰ প্ৰতি মিছা আৰোপ কৰিছোঁ তেন্তে মই আল্লাহৰ অভিসম্পাতৰ উপযুক্ত।
የአረብኛ ቁርኣን ማብራሪያ:
وَیَدْرَؤُا عَنْهَا الْعَذَابَ اَنْ تَشْهَدَ اَرْبَعَ شَهٰدٰتٍۢ بِاللّٰهِ ۙ— اِنَّهٗ لَمِنَ الْكٰذِبِیْنَ ۟ۙ
এই শপত বাক্যৰ পিছত স্ত্ৰীজনী ব্যাভিচাৰৰ শাস্তিৰ উপযুক্ত বুলি গণ্য হ'ব। কিন্তু তাইৰ এই শাস্তি তেতিয়া উঠাই লোৱা হ'ব, যেতিয়া তাই নিজেও চাৰিবাৰ আল্লাহৰ শপত খাই ক'ব যে, তাইৰ স্বামীয়ে তাইৰ প্ৰতি যি আৰোপ লগাইছে সেইটো নিঃসন্দেহে মিছা।
የአረብኛ ቁርኣን ማብራሪያ:
وَالْخَامِسَةَ اَنَّ غَضَبَ اللّٰهِ عَلَیْهَاۤ اِنْ كَانَ مِنَ الصّٰدِقِیْنَ ۟
আৰু পঞ্চমবাৰ নিজৰ ওপৰত বদ্দুআ কৰি ক'ব, যদি মোৰ স্বামীয়ে কৰা আৰোপ সত্য হয় তেন্তে মোৰ ওপৰত আল্লাহৰ অভিসম্পাত হওক।
የአረብኛ ቁርኣን ማብራሪያ:
وَلَوْلَا فَضْلُ اللّٰهِ عَلَیْكُمْ وَرَحْمَتُهٗ وَاَنَّ اللّٰهَ تَوَّابٌ حَكِیْمٌ ۟۠
হে মানৱজাতি! যদি তোমালোকৰ ওপৰত আল্লাহৰ কৃপা আৰু দয়া নহ’লহেঁতেন আৰু তেওঁ যদি তাওবাকাৰী বান্দাসকলৰ প্ৰতি ক্ষমাশীল নহ’লহেঁতেন, লগতে পৰিচালনা আৰু চৰীয়ত প্ৰণয়নত যদি প্ৰজ্ঞাৱান নহ’লহেঁতেন তেন্তে তোমালোকৰ গুনাহৰ বাবে তোমালোকক শাস্তি প্ৰদানত খৰখেদা কৰিলেহেঁতেন, আৰু তোমালোকে অপমানৰ সন্মুখীন হ’লাহেঁতেন।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• التمهيد للحديث عن الأمور العظام بما يؤذن بعظمها.
গুৰুত্বপূৰ্ণ বিষয়সমূহত আলোচনা কৰাৰ পূৰ্বে ভূমিকা উপস্থাপন কৰা, যি ভূমিকাই সেই আলোচনাৰ গুৰুত্বৰ প্ৰতি ইংগিত কৰে।

• الزاني يفقد الاحترام والرحمة في المجتمع المسلم.
ব্যাভিচাৰী ব্যক্তি মুছলিম সমাজত সন্মান তথা দয়া পোৱাৰ উপযুক্ত নহয়।

• الحصار الاجتماعي على الزناة وسيلة لتحصين المجتمع منهم، ووسيلة لردعهم عن الزنى.
ব্যাভিচাৰী ব্যক্তিৰ বাবে মুছলিম সমাজত সংকীৰ্ণতা সৃষ্টি কৰাটো হৈছে সমাজক সিহঁতৰ পৰা ৰক্ষা কৰা, আৰু ব্যাভিচাৰী ব্যক্তিক ব্যাভিচাৰৰ পৰা প্ৰতিৰোধ কৰাৰ উত্তম উপায়।

• تنويع عقوبة القاذف إلى عقوبة مادية (الحد)، ومعنوية (رد شهادته، والحكم عليه بالفسق) دليل على خطورة هذا الفعل.
ব্যাভিচাৰৰ আৰোপ লগোৱা ব্যাক্তিৰ বাবে শাৰীৰিক শাস্তি আৰু অভৌতিক শাস্তি (যেনে তাৰ সাক্ষ্য প্ৰত্যাখ্যান কৰা আৰু তাক অৱজ্ঞাকাৰী বুলি ঘোষণা কৰা) নিৰ্ধাৰণ কৰাটোৱে প্ৰমাণ কৰে যে, এইটো এটা জঘণ্য অপৰাধ।

• لا يثبت الزنى إلا ببينة، وادعاؤه دونها قذف.
ব্যাভিচাৰ প্ৰমাণ কৰিবলৈ সাক্ষীৰ প্ৰয়োজন। সাক্ষী নাথাকিলে মিছা আৰোপ বুলি গণ্য হ'ব।

 
የይዘት ትርጉም ምዕራፍ: አልን ኑር
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት