የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
43 : 28

وَلَقَدْ اٰتَیْنَا مُوْسَی الْكِتٰبَ مِنْ بَعْدِ مَاۤ اَهْلَكْنَا الْقُرُوْنَ الْاُوْلٰی بَصَآىِٕرَ لِلنَّاسِ وَهُدًی وَّرَحْمَةً لَّعَلَّهُمْ یَتَذَكَّرُوْنَ ۟

পূৰ্বৱৰ্তী উম্মতসমূহৰ প্ৰতি ৰাছুল প্ৰেৰণ কৰাৰ পিছত আমি মুছাক প্ৰদান কৰিছিলোঁ তাওৰাত, তথাপিও সিহঁতে তেওঁলোকক অস্বীকাৰ কৰিছিল। ফলত অস্বীকাৰ কৰাৰ কাৰণে আমি সিহঁতক ধ্বংস কৰিছিলোঁ। ইয়াৰ মাজত আছে মানুহৰ বাবে উপদেশ, অৰ্থাৎ কোনটো বিষয় সিহঁতৰ বাবে উপকাৰী যিটোৰ ওপৰত সিহঁতে আমল কৰা উচিত; আৰু কোনটো বিষয় সিহঁতৰ বাবে ক্ষতিকাৰক, যিটোক সিহঁতে পৰিত্যাগ কৰা উচিত। তথা ইয়াত আছে কল্যাণৰ পিনে লৈ যোৱা সঠিক দিশনিৰ্দেশনা। লগতে আছে দয়া আৰু কৃপা, যিটো পৃথিৱী আৰু আখিৰাতৰ বাবে অতি কল্যাণকৰ। যাতে সিহঁতে আল্লাহৰ নিয়ামতসমূহ স্মৰণ কৰি তাৰ কৃতজ্ঞতা জ্ঞাপন কৰিব পাৰে আৰু ইয়াৰ প্ৰতি ঈমান পোষণ কৰিব পাৰে। info
التفاسير:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• رَدُّ الحق بالشبه الواهية شأن أهل الطغيان.
ভিত্তিহীন সন্দেহৰ বশৱৰ্তী হৈ সত্যক পৰিত্যাগ কৰাটো হৈছে দূৰাচাৰী লোকৰ লক্ষণ। info

• التكبر مانع من اتباع الحق.
অহংকাৰে সত্যৰ অনুসৰণ কৰিবলৈ বাধা প্ৰদান কৰে। info

• سوء نهاية المتكبرين من سنن رب العالمين.
অহংকাৰীসকলৰ পৰিণাম অত্যন্ত বেয়া, এইটো আল্লাহৰ সাধাৰণ নিয়মৰ অন্তৰ্ভু্ক্ত। info

• للباطل أئمته ودعاته وصوره ومظاهره.
অসত্যৰো কিছুমান নেতা, প্ৰচাৰক, বিভিন্ন ৰূপ আৰু আকাৰ থাকে। info