Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (46) ምዕራፍ: አል ዐንከቡት
وَلَا تُجَادِلُوْۤا اَهْلَ الْكِتٰبِ اِلَّا بِالَّتِیْ هِیَ اَحْسَنُ ؗ— اِلَّا الَّذِیْنَ ظَلَمُوْا مِنْهُمْ وَقُوْلُوْۤا اٰمَنَّا بِالَّذِیْۤ اُنْزِلَ اِلَیْنَا وَاُنْزِلَ اِلَیْكُمْ وَاِلٰهُنَا وَاِلٰهُكُمْ وَاحِدٌ وَّنَحْنُ لَهٗ مُسْلِمُوْنَ ۟
হে মুমিনসকল! তোমালোকে ইয়াহুদী আৰু খৃষ্টানসকলৰ লগত উত্তম পন্থাৰে বাদানুবাদ কৰিবা। অৰ্থাৎ দলিল-প্ৰমাণ আৰু উপদেশৰ সৈতে সিহঁতক ইছলামৰ পিনে নিমন্ত্ৰণ কৰিবা। আনহাতে সিহঁতৰ মাজৰ যিসকলে বিদ্বেষ পোষণ কৰি আৰু অহংকাৰ কৰি অন্যায় কৰিছে, তথা তোমালোকৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে, সেইসকল লোকৰ বিৰুদ্ধে তোমালোকেও যুদ্ধ কৰা। যেতিয়ালৈকে সিহঁতে ইছলাম গ্ৰহণ নকৰে অথবা অপমানিত হৈ কৰ আদায় নকৰে। ইয়াহুদী আৰু খৃষ্টানসকলক কৈ দিয়া, আমি সেই কোৰআনৰ প্ৰতি ঈমান আনিছোঁ, যিখন আমাৰ প্ৰতি অৱতীৰ্ণ কৰা হৈছে; তথা তোমালোকৰ প্ৰতি অৱতীৰ্ণ হোৱা তাওৰাত আৰু ইঞ্জীলৰ প্ৰতিও আমি ঈমান আনিছোঁ। আমাৰ আৰু তোমালোকৰ উপাস্য এজনেই। তেওঁৰ দৰে উপাস্য, পালনহাৰ আৰু সকলো ফালৰ পৰা পৰিপূৰ্ণ সত্ত্বা আন কোনো নাই। আমি একমাত্ৰ তেওঁৰেই আনুগত্য কৰোঁ, আৰু তেওঁৰ সন্মুখতেই শিৰনত কৰোঁ।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• مجادلة أهل الكتاب تكون بالتي هي أحسن.
আহলে কিতাবসকলৰ লগত উত্তমভাৱে বাদানুবাদ কৰা উচিত।

• الإيمان بجميع الرسل والكتب دون تفريق شرط لصحة الإيمان.
কোনো ভেদাভেদ নকৰাকৈ সকলো ৰাছুল আৰু ঐশীগ্ৰন্থৰ ওপৰত ঈমান পোষণ কৰাটোৱে হৈছে সঠিক ঈমানৰ দাবী।

• القرآن الكريم الآية الخالدة والحجة الدائمة على صدق النبي صلى الله عليه وسلم.
পৱিত্ৰ কোৰআন হৈছে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সত্যতাৰ চিৰস্থায়ী নিদৰ্শন, তথা চিৰযুগমীয়া প্ৰমাণ।

 
የይዘት ትርጉም አንቀጽ: (46) ምዕራፍ: አል ዐንከቡት
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት