የቅዱስ ቁርዓን ይዘት ትርጉም - የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (179) ምዕራፍ: ሱረቱ ኣሊ-ኢምራን
مَا كَانَ اللّٰهُ لِیَذَرَ الْمُؤْمِنِیْنَ عَلٰی مَاۤ اَنْتُمْ عَلَیْهِ حَتّٰی یَمِیْزَ الْخَبِیْثَ مِنَ الطَّیِّبِ ؕ— وَمَا كَانَ اللّٰهُ لِیُطْلِعَكُمْ عَلَی الْغَیْبِ وَلٰكِنَّ اللّٰهَ یَجْتَبِیْ مِنْ رُّسُلِهٖ مَنْ یَّشَآءُ ۪— فَاٰمِنُوْا بِاللّٰهِ وَرُسُلِهٖ ۚ— وَاِنْ تُؤْمِنُوْا وَتَتَّقُوْا فَلَكُمْ اَجْرٌ عَظِیْمٌ ۟
আল্লাহৰ হিকমত এয়া নহয় যে, তেওঁ তোমালোকক (হে মুমিনসকল) এই অৱস্থাত, অৰ্থাৎ মুনাফিকসকলৰ লগত মিশ্ৰিত হৈ থাকিব দিব, অথবা পৃথক নকৰাকৈ এৰি দিব আৰু প্ৰকৃত মুমিনসকলক চিহ্নিত নকৰাকৈ লগতে প্ৰকৃত মুমিনসকলক নিকৃষ্ট মুনাফিকৰ পৰা পৃথক কৰিবলৈ তোমালোকক বিভিন্ন দায়িত্ব নিদিব আৰু পৰীক্ষা নকৰিব। আৰু আল্লাহৰ হিকমত এইটোও নহয় যে, তেওঁ তোমালোকক অদৃশ্যৰ সংবাদ দিব আৰু তোমালোকে নিজেই মুমিন আৰু মুনাফিকসকলৰ মাজত পাৰ্থক্য কৰিবা। বৰং আল্লাহে তেওঁৰ ৰাছুলসকলৰ মাজত যাক ইচ্ছা কৰে মনোনীত কৰি লয় আৰু তেওঁক কিছুমান অদৃশ্যৰ সংবাদ দিয়ে। যিদৰে তেওঁ নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক মুনাফিকসকলৰ অৱস্থা সম্পৰ্কে সংবাদ দিছিল। এতেকে তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি নিজৰ ঈমান মজবুত কৰা, যদি তোমালোকে প্ৰকৃত মুমিন হব বিচৰা। লগতে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি যদি তেওঁক ভয় কৰা তেন্তে আল্লাহৰ ওচৰত তোমালোকৰ বাবে আছে মহা প্ৰতিফল।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• ينبغي للمؤمن ألا يلتفت إلى تخويف الشيطان له بأعوانه وأنصاره من الكافرين، فإن الأمر كله لله تعالى.
মুমিনসকলে চয়তান আৰু তাৰ সহযোগী কাফিৰসকলৰ দ্বাৰা সৃষ্টি কৰা ভয়-ভীতিৰ প্ৰতি কাণসাৰ দিয়া উচিত নহয়। কিয়নো সকলো বিষয় আল্লাহৰ হাতত।

• لا ينبغي للعبد أن يغتر بإمهال الله له، بل عليه المبادرة إلى التوبة، ما دام في زمن المهلة قبل فواتها.
বান্দাসকলে আল্লাহে দিয়া অৱকাশৰ ওপৰত নিৰ্ভৰ কৰা ঠিক নহয়। বৰং সময় থাকোতে সোনকালে তাওবা কৰা উচিত।

• البخيل الذي يمنع فضل الله عليه إنما يضر نفسه بحرمانها المتاجرة مع الله الكريم الوهاب، وتعريضها للعقوبة يوم القيامة.
যি কৃপণে আল্লাহে প্ৰদান কৰা ধন ব্যয় কৰাৰ পৰা বিৰত থাকে, প্ৰকৃততে সি মহান দাতা ও দয়ালু আল্লাহৰ লগত খৰিদাৰিৰ পৰা বঞ্চিত হৈ তথা নিজকে ক্বিয়ামতৰ দিনা শাস্তিৰ বাবে প্ৰস্তুত কৰি নিজৰে ক্ষতি কৰি আছে।

 
የይዘት ትርጉም አንቀጽ: (179) ምዕራፍ: ሱረቱ ኣሊ-ኢምራን
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ - የትርጉሞች ማዉጫ

የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ ቋንቋ፡ ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት