Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም ምዕራፍ: ኣሊ-ኢምራን   አንቀጽ:

আলে ইমৰাণ

ከመዕራፉ ዓላማዎች:
إثبات أن دين الإسلام هو الحق ردًّا على شبهات أهل الكتاب، وتثبيتا للمؤمنين.
আহলে কিতাবৰ ভুুল ধাৰণা খণ্ডন কৰি আৰু মুমিনসকলক দৃঢ়তা প্ৰদান কৰি এই কথা প্ৰমাণ কৰা যে, ইছলামেই হৈছে সত্য ধৰ্ম।

الٓمَّٓ ۟ۙۚ
আলিফ-লাম-মীম, এইবোৰক হৰূফে মুকাত্তাআত বুলি কোৱা হয়। এনেকুৱা আখৰ ছুৰা বাক্বাৰাৰ আৰম্ভণিতো আহিছে। এইবোৰ আখৰৰ জৰিয়তে ইংগিত কৰা হৈছে যে, গোটেই আৰববাসী আপ্ৰাণ চেষ্টা কৰাৰ পিছতো এনেকুৱা কুৰআন প্ৰস্তুত কৰিবলৈ সক্ষম নহয়। যদিও সম্পূৰ্ণ কোৰআন এইবোৰ আখৰৰেই সমষ্টি যিবোৰ এই ছুৰাৰ আৰম্ভণিত আহিছে আৰু যিবোৰ আখৰেৰে সিহঁতে শব্দ গঠণ কৰি কথা কয়।
የአረብኛ ቁርኣን ማብራሪያ:
اللّٰهُ لَاۤ اِلٰهَ اِلَّا هُوَ الْحَیُّ الْقَیُّوْمُ ۟ؕ
আল্লাহ সেইজন যাৰ বাহিৰে আন কোনেও ইবাদতৰ যোগ্য নহয়। তেওঁ এনেকুৱা পূৰ্ণ জীৱনৰ অধিকাৰী য’ত কোনো ত্ৰুটি নাই আৰু তেওঁৰ মৃত্যুও নাই।তেওঁ সকলো সত্ত্বাৰ ধাৰক, তেওঁ স্বয়ং প্ৰতিষ্ঠিত। সেয়ে তেওঁ সকলো সৃষ্টিৰ পৰা অমুখাপেক্ষী। আনহাতে সকলো সৃষ্টি তেওঁৰ দ্বাৰা প্ৰতিষ্ঠিত, সেয়ে সিহঁত কোনো অৱস্থাতেই তেওঁৰ অমুখাপেক্ষী নহয়।
የአረብኛ ቁርኣን ማብራሪያ:
نَزَّلَ عَلَیْكَ الْكِتٰبَ بِالْحَقِّ مُصَدِّقًا لِّمَا بَیْنَ یَدَیْهِ وَاَنْزَلَ التَّوْرٰىةَ وَالْاِنْجِیْلَ ۟ۙ
হে নবী! তেওঁ আপোনাৰ ওপৰত সত্য সংবাদসহ আৰু ন্যায়পূৰ্ণ বিধানৰ সৈতে কোৰআন অৱতীৰ্ণ কৰিছে, ই পূৰ্বৱৰ্তী ঐশীপূথিসমূহৰ সমৰ্থক। উক্ত পুথিসমূহৰ মাজত কোনো মতবিৰোধ নাই। আপোনাৰ ওপৰত কোৰআন অৱতীৰ্ণ কৰাৰ পূৰ্বে মূছাৰ ওপৰত তাওৰাত আৰু ঈছাৰ ওপৰত ইঞ্জীল অৱতীৰ্ণ কৰিছিল। এই সকলো ঐশী পুথি মানুহৰ বাবে দ্বীন আৰু দুনিয়াৰ কল্যাণৰ ফালে পথপ্ৰদৰ্শক। আৰু তেওঁ ফুৰকান অৱতীৰ্ণ কৰিছে যাৰ জৰিয়তে সত্য আৰু অসত্য পাৰ্থক্য কৰিব পাৰি আৰু হিদায়ত আৰু ভ্ৰষ্টতা চিহ্নিত কৰিব পাৰি। আৰু যিয়ে আপোনাৰ ওপৰত অৱতীৰ্ণ হোৱা আয়াতসমূহ অস্বীকাৰ কৰিব তাৰ বাবে আছে কঠোৰ শাস্তি। আল্লাহ পৰাক্ৰমশালী, তেওঁৰ ওপৰত কোনেও শক্তি প্ৰয়োগ কৰিব নোৱাৰে। তেওঁ নিজ ৰাছুলসকলক অস্বীকাৰকাৰী সকলৰ আৰু তেওঁৰ আদেশ অমান্যকাৰী সকলৰ প্ৰতিশোধ লব।
የአረብኛ ቁርኣን ማብራሪያ:
مِنْ قَبْلُ هُدًی لِّلنَّاسِ وَاَنْزَلَ الْفُرْقَانَ ؕ۬— اِنَّ الَّذِیْنَ كَفَرُوْا بِاٰیٰتِ اللّٰهِ لَهُمْ عَذَابٌ شَدِیْدٌ ؕ— وَاللّٰهُ عَزِیْزٌ ذُو انْتِقَامٍ ۟ؕ
হে নবী! তেওঁ আপোনাৰ ওপৰত সত্য সংবাদসহ আৰু ন্যায়পূৰ্ণ বিধানৰ সৈতে কোৰআন অৱতীৰ্ণ কৰিছে, ই পূৰ্বৱৰ্তী ঐশীপূথিসমূহৰ সমৰ্থক। উক্ত পুথিসমূহৰ মাজত কোনো মতবিৰোধ নাই। আপোনাৰ ওপৰত কোৰআন অৱতীৰ্ণ কৰাৰ পূৰ্বে মূছাৰ ওপৰত তাওৰাত আৰু ঈছাৰ ওপৰত ইঞ্জীল অৱতীৰ্ণ কৰিছিল। এই সকলো ঐশী পুথি মানুহৰ বাবে দ্বীন আৰু দুনিয়াৰ কল্যাণৰ ফালে পথপ্ৰদৰ্শক। আৰু তেওঁ ফুৰকান অৱতীৰ্ণ কৰিছে যাৰ জৰিয়তে সত্য আৰু অসত্য পাৰ্থক্য কৰিব পাৰি আৰু হিদায়ত আৰু ভ্ৰষ্টতা চিহ্নিত কৰিব পাৰি। আৰু যিয়ে আপোনাৰ ওপৰত অৱতীৰ্ণ হোৱা আয়াতসমূহ অস্বীকাৰ কৰিব তাৰ বাবে আছে কঠোৰ শাস্তি। আল্লাহ পৰাক্ৰমশালী, তেওঁৰ ওপৰত কোনেও শক্তি প্ৰয়োগ কৰিব নোৱাৰে। তেওঁ নিজ ৰাছুলসকলক অস্বীকাৰকাৰী সকলৰ আৰু তেওঁৰ আদেশ অমান্যকাৰী সকলৰ প্ৰতিশোধ লব।
የአረብኛ ቁርኣን ማብራሪያ:
اِنَّ اللّٰهَ لَا یَخْفٰی عَلَیْهِ شَیْءٌ فِی الْاَرْضِ وَلَا فِی السَّمَآءِ ۟ؕ
আকাশমণ্ডল আৰু পৃথিৱীৰ কোনো বস্তু আল্লাহৰ পৰা গোপন নহয়। তেওঁৰ জ্ঞানে সকলো প্ৰকাশ্য অপ্ৰকাশ্য বস্তু আৱৰি আছে।
የአረብኛ ቁርኣን ማብራሪያ:
هُوَ الَّذِیْ یُصَوِّرُكُمْ فِی الْاَرْحَامِ كَیْفَ یَشَآءُ ؕ— لَاۤ اِلٰهَ اِلَّا هُوَ الْعَزِیْزُ الْحَكِیْمُ ۟
তেৱেঁই তোমালোকক মাকৰ পেটত বিভিন্ন ৰূপত, নাৰী অথবা পুৰুষ, ভাল অথবা বেয়া, কলা অথবা বগা যিদৰে বিচাৰে সৃষ্টি কৰে। তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্যক নাই। তেওঁ প্ৰভূত্বশালী, তেওঁৰ ওপৰত কোনেও শক্তি প্ৰয়োগ কৰিব নোৱাৰে। তেওঁ সৃষ্টি কাৰ্যত, নিয়ন্ত্ৰণত আৰু বিধান প্ৰস্তুত কৰাৰ ক্ষেত্ৰত মহাপ্ৰজ্ঞাৱান।
የአረብኛ ቁርኣን ማብራሪያ:
هُوَ الَّذِیْۤ اَنْزَلَ عَلَیْكَ الْكِتٰبَ مِنْهُ اٰیٰتٌ مُّحْكَمٰتٌ هُنَّ اُمُّ الْكِتٰبِ وَاُخَرُ مُتَشٰبِهٰتٌ ؕ— فَاَمَّا الَّذِیْنَ فِیْ قُلُوْبِهِمْ زَیْغٌ فَیَتَّبِعُوْنَ مَا تَشَابَهَ مِنْهُ ابْتِغَآءَ الْفِتْنَةِ وَابْتِغَآءَ تَاْوِیْلِهٖ ؔۚ— وَمَا یَعْلَمُ تَاْوِیْلَهٗۤ اِلَّا اللّٰهُ ۘؐ— وَالرّٰسِخُوْنَ فِی الْعِلْمِ یَقُوْلُوْنَ اٰمَنَّا بِهٖ ۙ— كُلٌّ مِّنْ عِنْدِ رَبِّنَا ۚ— وَمَا یَذَّكَّرُ اِلَّاۤ اُولُوا الْاَلْبَابِ ۟
হে নবী! তেৱেঁই আপোনাৰ ওপৰত কোৰআন অৱতীৰ্ণ কৰিছে। ইয়াত কিছুমান আয়াত আছে যাৰ অৰ্থ স্পষ্ট, যাৰ মাজত কোনো ধৰণৰ অস্পষ্টতা নাই। এইবোৰেই পুথিৰ মূল আৰু ইয়াৰ সংখ্যাও অধিক লগতে মতভেদৰ সময়ত এইবোৰ আয়াতেই মীমাংসাৰ উত্স। আনহাতে আন কিছুমান আয়াত আছে যিবোৰৰ একাধিক অৰ্থ থকাৰ সম্ভাৱনা থাকে। লগতে অধিকাংশ মানুহৰ বাবে সেইবোৰৰ অৰ্থ নিৰ্ণয় কৰা জটিল হয়। সেয়ে যিসকলৰ অন্তৰত বক্ৰতা আছে সিহঁতে মুহকাম (স্পষ্ট অৰ্থ থকা) আয়াতবোৰক আওকাণ কৰি মুতাশ্বাবিহ (একাধিক অৰ্থ থকা) আয়াতৰ পিছত লাগি থাকে। দৰাচল সিহঁতে ইয়াৰ দ্বাৰা সন্দেহ সৃষ্টি কৰিব বিচাৰে আৰু মানুহক বিভ্ৰান্ত কৰিব বিচাৰে আৰু নিজৰ ফালৰ পৰা এনেকুৱা ব্যাখ্যা কৰিব বিচাৰে যিটো সিহঁতৰ কু-মানসিকতাৰ অনুকূল। অথচ ইয়াৰ প্ৰকৃত অৰ্থ আৰু ইয়াৰ সঠিক ব্যাখ্যা আল্লাহৰ বাহিৰে আন কোনেও নাজানে। পক্ষান্তৰে গভীৰ জ্ঞানৰ অধিকাৰীসকলে কয়, আমি সম্পূৰ্ণ কোৰআনৰ প্ৰতি ঈমান পোষণ কৰো, কিয়নো ই সম্পূৰ্ণৰূপে আমাৰ প্ৰতিপালকৰ তৰফৰ পৰা অৱতীৰ্ণ। তেওঁলোকে মুতাশ্বাবেহ আয়াতৰ ব্যাখ্যা মুহকাম আয়াত অনুসাৰে কৰে। উপদেশ কেৱল সঠিক বিবেকৱান সকলেহে গ্ৰহণ কৰে।
የአረብኛ ቁርኣን ማብራሪያ:
رَبَّنَا لَا تُزِغْ قُلُوْبَنَا بَعْدَ اِذْ هَدَیْتَنَا وَهَبْ لَنَا مِنْ لَّدُنْكَ رَحْمَةً ۚ— اِنَّكَ اَنْتَ الْوَهَّابُ ۟
আৰু এই গভীৰ জ্ঞানৰ অধিকাৰীসকলে কয়, হে আমাৰ প্ৰতিপালক! আমাক হিদায়ত দিয়াৰ পিছত আমাৰ অন্তৰসমূহক সত্যৰ পৰা আঁতৰ নকৰিবা।লগতে সত্যৰ পৰা পথভ্ৰষ্ট লোকৰ পৰিণামৰ পৰা আমাৰ সুৰক্ষিত ৰাখিবা। লগতে তুমি আমাক ব্যাপক কৃপা দান কৰা, যি কৃপায় আমাৰ অন্তৰসমূহক পথ দেখুৱাব আৰু আমাক ভ্ৰষ্টতাৰ পৰা সুৰক্ষিত কৰিব। হে আমাৰ প্ৰতিপালক! তুমি অত্যন্ত মহান দাতা।
የአረብኛ ቁርኣን ማብራሪያ:
رَبَّنَاۤ اِنَّكَ جَامِعُ النَّاسِ لِیَوْمٍ لَّا رَیْبَ فِیْهِ ؕ— اِنَّ اللّٰهَ لَا یُخْلِفُ الْمِیْعَادَ ۟۠
হে আমাৰ প্ৰতিপালক! তুমি নিশ্চয় এনেকুৱা এটা দিনত সকলো মানুহক হিচাপ নিকাচৰ একত্ৰিত কৰিবা যিটো দিন সম্পৰ্কে কোনো সন্দেহ নাই। হে আমাৰ প্ৰতিপালক! তুমি নিশ্চয় তুমি কেতিয়াও প্ৰতিশ্ৰুতি ভঙ্গ নকৰা।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• أقام الله الحجة وقطع العذر عن الخلق بإرسال الرسل وإنزال الكتب التي تهدي للحق وتحذر من الباطل.
আল্লাহে ৰাছুলসকলক প্ৰেৰণ কৰি তথা এনেকুৱা পুথি অৱতীৰ্ণ কৰি যিবোৰ পুথিয়ে সত্যৰ পথ দেখুৱায় আৰু অসত্যৰ পৰা সাৱধান কৰে, মানুহৰ প্ৰতি দলীল প্ৰতিষ্ঠা কৰিছে আৰু বাহানা বাজি কৰাৰ দুৱাৰ বন্ধ কৰিছে।

• كمال علم الله تعالى وإحاطته بخلقه، فلا يغيب عنه شيء في الأرض ولا في السماء، سواء كان ظاهرًا أو خفيًّا.
উক্ত আয়াতসমূহপ পৰা বুজিলো আল্লাহৰ জ্ঞানৰ সম্পুৰ্ণতা আৰু তেওঁ সকলো সৃষ্টিক নিজ জ্ঞানেৰে আয়ত্ব কৰি ৰাখিছে। এতেকে আকাশমণ্ডল আৰু পৃথিৱীৰ কোনো বস্তু তেওঁৰ পৰা গোপন নহয়, সেয়া প্ৰকাশ্য হওঁক অথবা অপ্ৰকাশ্য।

• من أصول أهل الإيمان الراسخين في العلم أن يفسروا ما تشابه من الآيات بما أُحْكِم منها.
গভীৰ জ্ঞানৰ অধিকাৰী মুমিনসকলে মুতাশ্বাবেহ আয়াতৰ ব্যাখ্যা মুহকাম আয়াতৰ দ্বাৰা কৰে।

• مشروعية دعاء الله تعالى وسؤاله الثبات على الحق، والرشد في الأمر، ولا سيما عند الفتن والأهواء.
আৰু বুজা গল যে, সত্যৰ ওপৰত প্ৰতিষ্ঠিত থকাৰ বাবে সঠিক সিদ্ধান্ত লোৱাৰ তাওফীকৰ বাবে আল্লাহৰ ওচৰত দুআ কৰিব লাগে। বিশেষকৈ ফিতনাৰ সময়ত আৰু প্ৰবৃত্তিৰ অনুসৰণৰ ভয় হলে।

 
የይዘት ትርጉም ምዕራፍ: ኣሊ-ኢምራን
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት