Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም ምዕራፍ: ኣሊ-ኢምራን   አንቀጽ:
فَانْقَلَبُوْا بِنِعْمَةٍ مِّنَ اللّٰهِ وَفَضْلٍ لَّمْ یَمْسَسْهُمْ سُوْٓءٌ ۙ— وَّاتَّبَعُوْا رِضْوَانَ اللّٰهِ ؕ— وَاللّٰهُ ذُوْ فَضْلٍ عَظِیْمٍ ۟
হামৰাউল আছাদলৈ তেওঁলোক ওলোৱাৰ পিছত, তেওঁলোকে আল্লাহৰ তৰফৰ পৰা বহুত ডাঙৰ প্ৰতিফল লৈ উভতিছিল। তেওঁলোকৰ মৰ্যদা বৃদ্ধি পাইছিল লগতে শত্ৰুসকলৰ পৰা সুৰক্ষিতও হৈছিল, ফলত তেওঁলোক শ্বহীদ হোৱাও নাছিল আৰু আঘাত প্ৰাপ্তও হোৱা নাছিল। তেওঁলোকে এনেকুৱা কথাৰ অনুসৰণ কৰিছিল যিটো আল্লাহে পছন্দ কৰে। যেনে- তেওঁৰ আনুগত্যত অটল থকা লগতে তেওঁৰ অবজ্ঞাৰ পৰা আঁতৰত থকা। নিশ্চয় আল্লাহ তেওঁৰ বান্দাসকলৰ প্ৰতি অতি দয়ালু।
የአረብኛ ቁርኣን ማብራሪያ:
اِنَّمَا ذٰلِكُمُ الشَّیْطٰنُ یُخَوِّفُ اَوْلِیَآءَهٗ ۪— فَلَا تَخَافُوْهُمْ وَخَافُوْنِ اِنْ كُنْتُمْ مُّؤْمِنِیْنَ ۟
তোমালোকক ভয় দেখুৱাজন হৈছে চয়তান। সি নিজৰ সহযোগী আৰু এজেন্টসকলৰ দ্বাৰা তোমালোকক ভীত-সন্ত্ৰস্ত কৰিবলৈ প্ৰয়াস কৰে। এতেকে তোমালোকে সিহঁতৰ সন্মুখত দুৰ্বলতা নেদেখুৱাবা। কিয়নো সিহঁতৰ ওচৰত কোনো শক্তি নাই। এতেকে আল্লাহৰ আনুগত্য কৰি কেৱল তেওঁকেই ভয় কৰা। যদিহে তোমালোক প্ৰকৃত মুমিন।
የአረብኛ ቁርኣን ማብራሪያ:
وَلَا یَحْزُنْكَ الَّذِیْنَ یُسَارِعُوْنَ فِی الْكُفْرِ ۚ— اِنَّهُمْ لَنْ یَّضُرُّوا اللّٰهَ شَیْـًٔا ؕ— یُرِیْدُ اللّٰهُ اَلَّا یَجْعَلَ لَهُمْ حَظًّا فِی الْاٰخِرَةِ ۚ— وَلَهُمْ عَذَابٌ عَظِیْمٌ ۟
হে ৰাছুল! মুনাফিকসকলৰ মাজৰ যিসকলে পিছমুৱা হৈ কুফৰৰ পিনে অতি দ্ৰুত গতিত পলায়ন কৰি আছে, সিহঁতৰ বিষয়ে আপুনি দুখ নকৰিব। কিয়নো সিহঁতে আল্লাহৰ কোনো ক্ষতি কৰিব নোৱাৰে। বৰং আল্লাহৰ প্ৰতি ঈমান আৰু তেওঁৰ আনুগত্যৰ পৰা দুৰ হৈ সিহঁতে নিজৰেই ক্ষতি সাধন কৰি আছে। আল্লাহে সিহঁতক এই কাৰণে এৰি দিছে আৰু তাওফীক দিয়া নাই, যাতে সিহঁতক আখিৰাতত নিয়ামতৰ পৰা বঞ্চিত কৰে। আৰু সিহঁতৰ বাবে জাহান্নামত আছে অতি কঠিন শাস্তি।
የአረብኛ ቁርኣን ማብራሪያ:
اِنَّ الَّذِیْنَ اشْتَرَوُا الْكُفْرَ بِالْاِیْمَانِ لَنْ یَّضُرُّوا اللّٰهَ شَیْـًٔا ۚ— وَلَهُمْ عَذَابٌ اَلِیْمٌ ۟
নিশ্চয় যিসকলে ঈমানৰ পৰিবৰ্তে কুফৰ ক্ৰয় কৰিছে, সিহঁতে আল্লাহৰ কোনো ক্ষতি কৰিব নোৱাৰে। বৰং সিহঁত নিজেই নিজৰ ক্ষতি সাধন কৰিছে। আৰু আখিৰাতত আছে সিহঁতৰ বাবে কষ্টদায়ক শাস্তি।
የአረብኛ ቁርኣን ማብራሪያ:
وَلَا یَحْسَبَنَّ الَّذِیْنَ كَفَرُوْۤا اَنَّمَا نُمْلِیْ لَهُمْ خَیْرٌ لِّاَنْفُسِهِمْ ؕ— اِنَّمَا نُمْلِیْ لَهُمْ لِیَزْدَادُوْۤا اِثْمًا ۚ— وَلَهُمْ عَذَابٌ مُّهِیْنٌ ۟
নিজ প্ৰতিপালকক অস্বীকাৰকাৰী সকলে আৰু তেওঁৰ চৰীয়তৰ লগত শত্ৰুতা পোষণকাৰী সকলে কেতিয়াও এই কথা ভাবিব নালাগে যে, সিহঁতক এৰি দিয়াটো আৰু সিহঁতৰ কুফৰী কৰাৰ পিছতো সিহঁত দীৰ্ঘায়ু হোৱাটো সিহঁতৰ বাবে কল্যাণকৰ। বিষয়টো তেনেকুৱা নহয়, যিদৰে সিহঁতে ভাৱে। প্ৰকৃততে আমি সিহঁতক এই কাৰণে অৱকাশ দিছো যাতে সিহঁতে বেছি বেছি পাপ কৰ্ম কৰি গুনাহ বৃ্দ্ধি কৰে। আৰু অৱশেষত সিহঁতৰ বাবে আছে অতি লাঞ্ছনাদায়ক শাস্তি।
የአረብኛ ቁርኣን ማብራሪያ:
مَا كَانَ اللّٰهُ لِیَذَرَ الْمُؤْمِنِیْنَ عَلٰی مَاۤ اَنْتُمْ عَلَیْهِ حَتّٰی یَمِیْزَ الْخَبِیْثَ مِنَ الطَّیِّبِ ؕ— وَمَا كَانَ اللّٰهُ لِیُطْلِعَكُمْ عَلَی الْغَیْبِ وَلٰكِنَّ اللّٰهَ یَجْتَبِیْ مِنْ رُّسُلِهٖ مَنْ یَّشَآءُ ۪— فَاٰمِنُوْا بِاللّٰهِ وَرُسُلِهٖ ۚ— وَاِنْ تُؤْمِنُوْا وَتَتَّقُوْا فَلَكُمْ اَجْرٌ عَظِیْمٌ ۟
আল্লাহৰ হিকমত এয়া নহয় যে, তেওঁ তোমালোকক (হে মুমিনসকল) এই অৱস্থাত, অৰ্থাৎ মুনাফিকসকলৰ লগত মিশ্ৰিত হৈ থাকিব দিব, অথবা পৃথক নকৰাকৈ এৰি দিব আৰু প্ৰকৃত মুমিনসকলক চিহ্নিত নকৰাকৈ লগতে প্ৰকৃত মুমিনসকলক নিকৃষ্ট মুনাফিকৰ পৰা পৃথক কৰিবলৈ তোমালোকক বিভিন্ন দায়িত্ব নিদিব আৰু পৰীক্ষা নকৰিব। আৰু আল্লাহৰ হিকমত এইটোও নহয় যে, তেওঁ তোমালোকক অদৃশ্যৰ সংবাদ দিব আৰু তোমালোকে নিজেই মুমিন আৰু মুনাফিকসকলৰ মাজত পাৰ্থক্য কৰিবা। বৰং আল্লাহে তেওঁৰ ৰাছুলসকলৰ মাজত যাক ইচ্ছা কৰে মনোনীত কৰি লয় আৰু তেওঁক কিছুমান অদৃশ্যৰ সংবাদ দিয়ে। যিদৰে তেওঁ নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক মুনাফিকসকলৰ অৱস্থা সম্পৰ্কে সংবাদ দিছিল। এতেকে তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি নিজৰ ঈমান মজবুত কৰা, যদি তোমালোকে প্ৰকৃত মুমিন হব বিচৰা। লগতে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি যদি তেওঁক ভয় কৰা তেন্তে আল্লাহৰ ওচৰত তোমালোকৰ বাবে আছে মহা প্ৰতিফল।
የአረብኛ ቁርኣን ማብራሪያ:
وَلَا یَحْسَبَنَّ الَّذِیْنَ یَبْخَلُوْنَ بِمَاۤ اٰتٰىهُمُ اللّٰهُ مِنْ فَضْلِهٖ هُوَ خَیْرًا لَّهُمْ ؕ— بَلْ هُوَ شَرٌّ لَّهُمْ ؕ— سَیُطَوَّقُوْنَ مَا بَخِلُوْا بِهٖ یَوْمَ الْقِیٰمَةِ ؕ— وَلِلّٰهِ مِیْرَاثُ السَّمٰوٰتِ وَالْاَرْضِ ؕ— وَاللّٰهُ بِمَا تَعْمَلُوْنَ خَبِیْرٌ ۟۠
আল্লাহে প্ৰদান কৰা নিয়ামতক ব্যয় কৰিবলৈ যিসকলে কৃপণালী কৰে, সিহঁতে ইয়াক আল্লাহৰ কৃপা বুলি ভাবি, আল্লাহৰ অধিকাৰ খৰ্ব কৰিব নালাগে। সিহঁতে ইয়াক নিজৰ বাবে কল্যাণ বুলি ভৱাটো ঠিক নহয়, বৰং এয়া সিহঁতৰ বাবে অকল্যাণহে। কিয়নো সিহঁতে যি বিষয়ত কৃপণালী কৰি আছে, সেয়া অনতিপলমে সিহঁতৰ ডিঙিৰ হাৰ হব, যিটো কিয়ামতৰ দিনা শাস্তি স্বৰূপে সিহঁতৰ ডিঙিত ওলমি থাকিব। আকাশমণ্ডল আৰু পৃথিৱীৰ সকলো বস্তু আল্লাহৰ পিনে প্ৰত্যাৱৰ্তন কৰিব। সকলো সৃষ্টি ধ্বংস হোৱাৰ পিছত কেৱল তেৱেঁই জীৱিত থাকিব। নিশ্চয় আল্লাহ তোমালোকৰ সৰু সৰু কৰ্ম সম্পৰ্কেও অৱগত। তেওঁ তোমালোকক ইয়াৰ প্ৰতিদান দিব।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• ينبغي للمؤمن ألا يلتفت إلى تخويف الشيطان له بأعوانه وأنصاره من الكافرين، فإن الأمر كله لله تعالى.
মুমিনসকলে চয়তান আৰু তাৰ সহযোগী কাফিৰসকলৰ দ্বাৰা সৃষ্টি কৰা ভয়-ভীতিৰ প্ৰতি কাণসাৰ দিয়া উচিত নহয়। কিয়নো সকলো বিষয় আল্লাহৰ হাতত।

• لا ينبغي للعبد أن يغتر بإمهال الله له، بل عليه المبادرة إلى التوبة، ما دام في زمن المهلة قبل فواتها.
বান্দাসকলে আল্লাহে দিয়া অৱকাশৰ ওপৰত নিৰ্ভৰ কৰা ঠিক নহয়। বৰং সময় থাকোতে সোনকালে তাওবা কৰা উচিত।

• البخيل الذي يمنع فضل الله عليه إنما يضر نفسه بحرمانها المتاجرة مع الله الكريم الوهاب، وتعريضها للعقوبة يوم القيامة.
যি কৃপণে আল্লাহে প্ৰদান কৰা ধন ব্যয় কৰাৰ পৰা বিৰত থাকে, প্ৰকৃততে সি মহান দাতা ও দয়ালু আল্লাহৰ লগত খৰিদাৰিৰ পৰা বঞ্চিত হৈ তথা নিজকে ক্বিয়ামতৰ দিনা শাস্তিৰ বাবে প্ৰস্তুত কৰি নিজৰে ক্ষতি কৰি আছে।

 
የይዘት ትርጉም ምዕራፍ: ኣሊ-ኢምራን
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት