Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም ምዕራፍ: ኣሊ-ኢምራን   አንቀጽ:
وَلَىِٕنْ مُّتُّمْ اَوْ قُتِلْتُمْ لَاۡاِلَی اللّٰهِ تُحْشَرُوْنَ ۟
যদি তোমালোকে মৃত্যুবৰণ কৰা, আৰু মৃত্যু যি অৱস্থাতেই নহওঁক কিয় অথবা তোমালোকক হত্যা কৰা হলে, একমাত্ৰ আল্লাহৰ ওচৰতেই প্ৰত্যাৱৰ্তন কৰিব লাগিব। যাতে তেওঁ তোমালোকক তোমালোকৰ কৰ্মৰ প্ৰতিদান দিয়ে।
የአረብኛ ቁርኣን ማብራሪያ:
فَبِمَا رَحْمَةٍ مِّنَ اللّٰهِ لِنْتَ لَهُمْ ۚ— وَلَوْ كُنْتَ فَظًّا غَلِیْظَ الْقَلْبِ لَانْفَضُّوْا مِنْ حَوْلِكَ ۪— فَاعْفُ عَنْهُمْ وَاسْتَغْفِرْ لَهُمْ وَشَاوِرْهُمْ فِی الْاَمْرِ ۚ— فَاِذَا عَزَمْتَ فَتَوَكَّلْ عَلَی اللّٰهِ ؕ— اِنَّ اللّٰهَ یُحِبُّ الْمُتَوَكِّلِیْنَ ۟
হে নবী আপোনাৰ প্ৰতি আল্লাহৰ ডাঙৰ এটা কৃপা এই যে, আপুনি আপোনাৰ সঙ্গীসকলৰ লগত বিনম্ৰ ব্যৱহাৰ কৰে। যদি আপুনি নিজৰ কথা আৰু কৰ্মত কঠোৰ তথা নিষ্ঠুৰ হলেহেঁতেন তেন্তে সিহঁত আপোনাৰ পৰা আঁতৰি গলেহেঁতেন। এতেকে আপুনি সিহঁতৰ ভুলবোৰ ক্ষমা কৰি দিয়ক আৰু সিহঁতৰ ক্ষমা প্ৰাৰ্থনা কৰক। আৰু যিবোৰ বিষয়ত পৰামৰ্শৰ প্ৰয়োজন হয়, সেইবোৰ বিষয়ত সিহঁতৰ পৰামৰ্শ লওঁক। আৰু পৰামৰ্শ লোৱাৰ পিছত যেতিয়া কোনো কাম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিব, তেতিয়া সেইটো কৰি পেলাওক। লগতে আল্লাহৰ প্ৰতি ভৰসা কৰক। নিশ্চয় আল্লাহে সেইসকল লোকক ভালপায় যিসকলে তেওঁৰ ওপৰত ভৰসা কৰে। লগতে তেওঁলোকক তাওফীক দিয়ে আৰু তেওঁলোকক সমৰ্থন কৰে।
የአረብኛ ቁርኣን ማብራሪያ:
اِنْ یَّنْصُرْكُمُ اللّٰهُ فَلَا غَالِبَ لَكُمْ ۚ— وَاِنْ یَّخْذُلْكُمْ فَمَنْ ذَا الَّذِیْ یَنْصُرُكُمْ مِّنْ بَعْدِهٖ ؕ— وَعَلَی اللّٰهِ فَلْیَتَوَكَّلِ الْمُؤْمِنُوْنَ ۟
যদি আল্লাহে নিজ সহায়েৰে তোমালোকক সমৰ্থন কৰে, তেন্তে কোনেও তোমালোকক পৰাজিত কৰিব নোৱাৰে, যদিও পৃথিৱীবাসী তোমালোকৰ বিৰুদ্ধে একত্ৰিত নহওঁক কিয়। আৰু যদি তেওঁ তোমালোকক সহায় কৰা এৰি দিয়ে আৰু তোমালোকক তোমালোকৰ ওপৰত এৰি দিয়ে তেন্তে ইয়াৰ পিছত কোনেও তোমালোকক সহায় কৰিব নোৱাৰিব। সহায় কেৱল একমাত্ৰ তেওঁৰ হাতত। সেয়ে মুমিনসকলে কেৱল তেওঁৰ ওপৰতেই ভৰসা কৰা উচিত, আন কাৰো ওপৰত নহয়।
የአረብኛ ቁርኣን ማብራሪያ:
وَمَا كَانَ لِنَبِیٍّ اَنْ یَّغُلَّ ؕ— وَمَنْ یَّغْلُلْ یَاْتِ بِمَا غَلَّ یَوْمَ الْقِیٰمَةِ ۚ— ثُمَّ تُوَفّٰی كُلُّ نَفْسٍ مَّا كَسَبَتْ وَهُمْ لَا یُظْلَمُوْنَ ۟
আল্লাহে নবীৰ বাবে যি নিৰ্ধাৰিত কৰিছে তাতকৈ অতিৰিক্ত গনীমতৰ সম্পদ লৈ বিশ্বাসঘাতকতা কৰা কোনো নবীৰ বাবে সম্ভৱ নহয়। আৰু তোমালোকৰ মাজৰ যিয়ে গনীমতৰ সম্পদ লৈ বিশ্বাসঘাতকতা কৰিব, তাৰ শাস্তি এই যে, সি কিয়ামতৰ দিনা অপমাণিত হব। এতেকে সি সকলোৰে সন্মুখত সেই সম্পদ বহন কৰি আনিব। তাৰ পিছত প্ৰত্যেককে নিজ নিজ কৰ্মৰ পৰিপূৰ্ণ প্ৰতিদান দিয়া হব। কাকো তাৰ পাপ বৃদ্ধি কৰি অন্যায় কৰা নহব আৰু কাকো তাৰ নেকি হ্ৰাস কৰি অত্যাচাৰ কৰা নহ’ব।
የአረብኛ ቁርኣን ማብራሪያ:
اَفَمَنِ اتَّبَعَ رِضْوَانَ اللّٰهِ كَمَنْ بَآءَ بِسَخَطٍ مِّنَ اللّٰهِ وَمَاْوٰىهُ جَهَنَّمُ ؕ— وَبِئْسَ الْمَصِیْرُ ۟
আল্লাহৰ দৃষ্টিত সেই ব্যক্তি যিয়ে আল্লাহৰ সন্তুষ্টি লাভৰ উদ্দেশ্যে কৰ্ম কৰে, যেনে- ঈমান আৰু সত্কৰ্মৰ পথ অৱলম্বন কৰে, তেওঁ সেই ব্যক্তিৰ সমান হব নোৱাৰে, যিয়ে আল্লাহক অস্বীকাৰ কৰে আৰু অসত্কৰ্ম কৰে লগতে আল্লাহৰ কঠিন ক্ৰোধ লৈ উভতে আৰু যাৰ ঠিকনা হৈছে জাহান্নাম। আৰু এইটো অতি নিকৃষ্ট আৱাসস্থল।
የአረብኛ ቁርኣን ማብራሪያ:
هُمْ دَرَجٰتٌ عِنْدَ اللّٰهِ ؕ— وَاللّٰهُ بَصِیْرٌ بِمَا یَعْمَلُوْنَ ۟
সিহঁতৰ স্থান পৃথিৱীতো ভিন্ন আৰু আল্লাহৰ ওচৰত আখিৰাততো ভিন্ন। নিশ্চয় আল্লাহে সিহঁতৰ কৰ্ম দেখি আছে। কোনো বস্তু তেওঁৰ পৰা গোপন নহয়। তেওঁ প্ৰত্যেককে নিজ নিজ আমলৰ প্ৰতিদান দিব।
የአረብኛ ቁርኣን ማብራሪያ:
لَقَدْ مَنَّ اللّٰهُ عَلَی الْمُؤْمِنِیْنَ اِذْ بَعَثَ فِیْهِمْ رَسُوْلًا مِّنْ اَنْفُسِهِمْ یَتْلُوْا عَلَیْهِمْ اٰیٰتِهٖ وَیُزَكِّیْهِمْ وَیُعَلِّمُهُمُ الْكِتٰبَ وَالْحِكْمَةَ ۚ— وَاِنْ كَانُوْا مِنْ قَبْلُ لَفِیْ ضَلٰلٍ مُّبِیْنٍ ۟
আল্লাহে মুমিনসকলৰ উপকাৰ কৰিছে আৰু তেওঁলোকক ডাঙৰ নিয়ামত প্ৰদান কৰিছে যে, তেওঁ তেওঁলোকৰ মাজৰ পৰাই তেওঁলোকৰ প্ৰতি এজন ৰাছুল প্ৰেৰণ কৰিছে। যিয়ে তেওঁলোকৰ সন্মুখত কোৰআন তিলাৱত কৰে আৰু তেওঁলোকক শ্বিৰ্ক আৰু বেয়া চৰিত্ৰৰ পৰা পৱিত্ৰ কৰে। তেওঁলোকক কোৰআন আৰু ছুন্নতৰ শিক্ষা প্ৰদান কৰে। অথচ তেওঁলোক এই ৰাছুল প্ৰেৰিত হোৱাৰ পূৰ্বে হিদায়তৰ পৰা বহু আঁতৰত আৰু স্পষ্ট ভ্ৰষ্টতাৰ মাজত আছিল।
የአረብኛ ቁርኣን ማብራሪያ:
اَوَلَمَّاۤ اَصَابَتْكُمْ مُّصِیْبَةٌ قَدْ اَصَبْتُمْ مِّثْلَیْهَا ۙ— قُلْتُمْ اَنّٰی هٰذَا ؕ— قُلْ هُوَ مِنْ عِنْدِ اَنْفُسِكُمْ ؕ— اِنَّ اللّٰهَ عَلٰی كُلِّ شَیْءٍ قَدِیْرٌ ۟
(হে মুমিনসকল!) যেতিয়া তোমালোকে উহুদৰ ময়দানত পৰাজয়ৰূপে এটা মুচিবতৰ সন্মুখীন হৈছিলা, আৰু তোমালোকৰ মাজৰ কিছুমান শ্বহীদ হৈছিল, অথচ ইয়াৰ পূৰ্বে বদৰৰ যুদ্ধত তোমালোকে নিজ শত্ৰুসকলক দ্বিগুণ অধিক হত্যা আৰু গ্ৰেপ্তাৰ কৰিছিলা, তথাপিও তোমালোকে কৈছা নেকি যে, এই মুচিবত ক’ৰ পৰা আহিল অথচ আমি ঈমান্দাৰ আৰু আমাৰ মাজত আল্লাহৰ নবীও উপস্থিত? হে নবী কৈ দিয়কঃ তোমালোকৰ ওপৰত এই মুচিবত অহাৰ কাৰণ হৈছে, তোমালোকে বিভেদ কৰিছিলা আৰু ৰাছুলক অৱজ্ঞা কৰিছিলা। নিশ্চয় আল্লাহ প্ৰত্যেক বস্তু ওপৰত ক্ষমতাৱান। তেওঁ যাক ইচ্ছা কৰে সহায় কৰে আৰু যাক ইচ্ছা কৰে অপমাণ কৰে।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• النصر الحقيقي من الله تعالى، فهو القوي الذي لا يحارب، والعزيز الذي لا يغالب.
প্ৰকৃত সহায় একমাত্ৰ আল্লাহৰ তৰফৰ পৰা আহে। তেওঁ ইমান শক্তিশালী যে, তেওঁৰ লগত যুদ্ধ কৰা অসম্ভৱ। তেওঁ ইমান প্ৰভুত্বশালী যে, তেওঁক পৰাজয় কৰা অসম্ভৱ।

• لا تستوي في الدنيا حال من اتبع هدى الله وعمل به وحال من أعرض وكذب به، كما لا تستوي منازلهم في الآخرة.
যিয়ে আল্লাহৰ হিদায়তৰ অনুসৰণ কৰিছে আৰু তাৰ ওপৰত আমল কৰিছে, পৃথিৱীত তাৰ অৱস্থা সেই ব্যক্তিৰ দৰে হব নোৱাৰে, যিয়ে হিদায়তৰ পৰা বিমুখ হৈছে আৰু অস্বীকাৰ কৰিছে। এইদৰে আখিৰাততো সিহঁতৰ স্থান সমান হ’ব নোৱাৰে।

• ما ينزل بالعبد من البلاء والمحن هو بسبب ذنوبه، وقد يكون ابتلاء ورفع درجات، والله يعفو ويتجاوز عن كثير منها.
বান্দাৰ প্ৰতি যি আপদ-বিপদ আহে, সেয়া তাৰ গুনাহৰ কাৰণে আহে। কেতিয়াবা কেতিয়াবা সেয়া পৰীক্ষা স্বৰূপেও আহে, ফলত বান্দাৰ মৰ্যদা বৃদ্ধি পায়। আনকি আল্লাহে বহুত গুনাহ ক্ষমা কৰি দিয়ে।

 
የይዘት ትርጉም ምዕራፍ: ኣሊ-ኢምራን
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት