Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም ምዕራፍ: ኣሊ-ኢምራን   አንቀጽ:
وَاِنَّ مِنْهُمْ لَفَرِیْقًا یَّلْوٗنَ اَلْسِنَتَهُمْ بِالْكِتٰبِ لِتَحْسَبُوْهُ مِنَ الْكِتٰبِ وَمَا هُوَ مِنَ الْكِتٰبِ ۚ— وَیَقُوْلُوْنَ هُوَ مِنْ عِنْدِ اللّٰهِ وَمَا هُوَ مِنْ عِنْدِ اللّٰهِ ۚ— وَیَقُوْلُوْنَ عَلَی اللّٰهِ الْكَذِبَ وَهُمْ یَعْلَمُوْنَ ۟
ইয়াহূদীসকলৰ এটা দল এনেকুৱা আছে যিসকলে আল্লাহে অৱতীৰ্ণ কৰা তাওৰাতত নথকা কথাবোৰ বৰ্ণনা কৰাৰ সময়ত এনেকুৱা অঙ্গী-ভঙ্গীৰে পাঠ কৰে যাতে তোমালোকে ভাৱা যে সিহঁতে তাওৰাত পাঠ কৰি আছে। অথচ সেয়া তাওৰাতৰ অংশ নহয়, বৰং সেয়া হৈছে আল্লাহৰ প্ৰতি আৰোপ কৰা মিছা কথা। আৰু সিহঁতে কয়ঃ আমি যি পাঠ কৰি আছো সেয়া আল্লাহৰ তৰফৰ পৰা অৱতীৰ্ণ। অথচ সেইটো আল্লাহে অৱতীৰ্ণ কৰা নাই। দৰাচলতে সিহঁতে আল্লাহৰ প্ৰতি মিছা আৰোপ কৰি আছে। আৰু সিহঁতে এইটো ভালকৈ জানে যে, এয়া আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি মিথ্যাৰোপ।
የአረብኛ ቁርኣን ማብራሪያ:
مَا كَانَ لِبَشَرٍ اَنْ یُّؤْتِیَهُ اللّٰهُ الْكِتٰبَ وَالْحُكْمَ وَالنُّبُوَّةَ ثُمَّ یَقُوْلَ لِلنَّاسِ كُوْنُوْا عِبَادًا لِّیْ مِنْ دُوْنِ اللّٰهِ وَلٰكِنْ كُوْنُوْا رَبّٰنِیّٖنَ بِمَا كُنْتُمْ تُعَلِّمُوْنَ الْكِتٰبَ وَبِمَا كُنْتُمْ تَدْرُسُوْنَ ۟ۙ
কোনো মানুহৰ বাবে উচিত নহয় যে, আল্লাহে তেওঁক অৱতীৰ্ণ পুথি প্ৰদান কৰাৰ পিছত, জ্ঞান বুদ্ধি দান কৰাৰ পিছত লগতে নবীৰ দৰে সন্মানিত পদ প্ৰদান কৰাৰ পিছত তেওঁ মানুহক ক'বঃ তোমালোকে আল্লাহক এৰি মোৰ উপাসনা কৰা। বৰং তেওঁ এইটোহে কবঃ তোমালোকে সত্কৰ্মকাৰী আলিম, মানুহক সদাচৰণৰ শিক্ষা প্ৰদানকাৰী আৰু সিহঁতৰ জীৱন সংশোধনকাৰী হৈ যোৱা। কাৰণ তোমালোকে আল্লাহৰ পুথিৰ শিক্ষা দিয়া তথা সেইটো পাঠ কৰি মুখস্থ কৰা আৰু বুজি পোৱা।
የአረብኛ ቁርኣን ማብራሪያ:
وَلَا یَاْمُرَكُمْ اَنْ تَتَّخِذُوا الْمَلٰٓىِٕكَةَ وَالنَّبِیّٖنَ اَرْبَابًا ؕ— اَیَاْمُرُكُمْ بِالْكُفْرِ بَعْدَ اِذْ اَنْتُمْ مُّسْلِمُوْنَ ۟۠
এইদৰে তেওঁৰ বাবে এইটোও উচিত নহয় যে, তেওঁ তোমালোকক এই আদেশ দিব যে, তোমালোকে আল্লাহক এৰি ফিৰিস্তা আৰু নবীসকলক নিজৰ ৰব্ব বনাই লোৱা আৰু তেওঁলোকৰ উপাসনা কৰা। এইটো তেওঁৰ বাবে বৈধ হ'বনে যে, তোমালোকে ইছলাম গ্ৰহণ কৰাৰ পিছত আৰু আনুগত্য স্বীকাৰ কৰাৰ পিছত তেওঁ তোমালোকক কুফৰ কৰাৰ আদেশ দিব?
የአረብኛ ቁርኣን ማብራሪያ:
وَاِذْ اَخَذَ اللّٰهُ مِیْثَاقَ النَّبِیّٖنَ لَمَاۤ اٰتَیْتُكُمْ مِّنْ كِتٰبٍ وَّحِكْمَةٍ ثُمَّ جَآءَكُمْ رَسُوْلٌ مُّصَدِّقٌ لِّمَا مَعَكُمْ لَتُؤْمِنُنَّ بِهٖ وَلَتَنْصُرُنَّهٗ ؕ— قَالَ ءَاَقْرَرْتُمْ وَاَخَذْتُمْ عَلٰی ذٰلِكُمْ اِصْرِیْ ؕ— قَالُوْۤا اَقْرَرْنَا ؕ— قَالَ فَاشْهَدُوْا وَاَنَا مَعَكُمْ مِّنَ الشّٰهِدِیْنَ ۟
হে ৰাছুল! সেই সময়ক স্মৰণ কৰক, যেতিয়া আল্লাহে সকলো নবীৰ পৰা এই কথা কৈ দৃঢ় অঙ্গীকাৰ লৈছিল যে, মই তোমালোকক যি পুথিয়ে প্ৰদান নকৰো কিয়, যিমান হিকমতেই দান নকৰো কিয়, আৰু যিমানেই সন্মান, প্ৰতিষ্ঠা আৰু পদ প্ৰদান নকৰো কিয়, যেতিয়া তোমালোকৰ ওচৰত মোৰ ফালৰ পৰা এজন নবী আহিব (ইয়াত মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক বুজোৱা হৈছে) যিজনে তোমালোকৰ ওচৰত থকা পুথি আৰু হিকমতৰ সমৰ্থন কৰে তেন্তে তোমালোকে অৱশ্যে তেওঁৰ কথা মানিবা আৰু তেওঁৰ অনুসৰণকাৰী হৈ তেওঁক সহায় কৰিবা। হে নবীসকল! তোমালোকে এইটো স্বীকাৰ কৰিলানে আৰু মোৰ এই দৃঢ় অঙ্গীকাৰ গ্ৰহণ কৰিলানে? তেওঁলোকে উত্তৰ প্ৰদান কৰি কলেঃ আমি এইটো স্বীকাৰ কৰিলো। আল্লাহে কলেঃ তোমালোকে নিজৰ বাবে আৰু তোমালোকৰ উম্মতৰ বাবে সাক্ষী হৈ থাকা লগতে ময়ো তোমালোকৰ আৰু সিহঁতৰ সাক্ষী হৈ ৰ’লো।
የአረብኛ ቁርኣን ማብራሪያ:
فَمَنْ تَوَلّٰی بَعْدَ ذٰلِكَ فَاُولٰٓىِٕكَ هُمُ الْفٰسِقُوْنَ ۟
এতেকে যিসকলে এই অঙ্গীকাৰৰ পৰা মুখ ঘূৰাই লৈছে, যিটোক আল্লাহ আৰু তেওঁৰ ৰাছুলৰ সাক্ষীৰ জৰীয়তে মজবুত কৰা হৈছিল; সিহঁতেই আল্লাহৰ দ্বীন আৰু তেওঁৰ আনুগত্যৰ পৰা বহিষ্কৃত।
የአረብኛ ቁርኣን ማብራሪያ:
اَفَغَیْرَ دِیْنِ اللّٰهِ یَبْغُوْنَ وَلَهٗۤ اَسْلَمَ مَنْ فِی السَّمٰوٰتِ وَالْاَرْضِ طَوْعًا وَّكَرْهًا وَّاِلَیْهِ یُرْجَعُوْنَ ۟
আল্লাহৰ আনুগত্য আৰু তেওঁৰ দ্বীনৰ পৰা বহিষ্কৃত এইসকল লোকে, আল্লাহৰ মনোনীত দ্বীন ইছলামৰ বাহিৰে আন কোনো ধৰ্ম বিচাৰি আছে নেকি? অথচ আকাশমণ্ডল আৰু পৃথিৱীৰ সকলো সৃষ্টিয়ে ইচ্ছাতে হওঁক অথবা অনিচ্ছাতে তেওঁৰ ওচৰত আত্মসমৰ্পন কৰিছে, ইচ্ছাতে যেনে- মুছলিমসকল আৰু অনিচ্ছাতে যেনে- কাফিৰসকল। অৱশেষত কিয়ামতৰ দিনা সকলো সৃষ্টিয়ে হিচাপ-নিকাচৰ বাবে আল্লাহৰ ওচৰতেই প্ৰত্যাৱৰ্তন কৰিব।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• ضلال علماء اليهود ومكرهم في تحريفهم كلام الله، وكذبهم على الناس بنسبة تحريفهم إليه تعالى.
ইয়াহূদী বিদ্যানসকলৰ ভ্ৰষ্টতা আৰু সিহঁতৰ চক্ৰান্তৰ বৰ্ণনা। সিহঁতে আল্লাহৰ বাণী বিকৃত কৰে আৰু এই পৰিবৰ্তনক আল্লাহৰ লগত সম্পৃক্ত কৰি মানুহক প্ৰৱঞ্চনা কৰে।

• كل من يدعي أنه على دين نبي من أنبياء الله إذا لم يؤمن بمحمد عليه الصلاة والسلام فهو ناقض لعهده مع الله تعالى.
যিকোনো নবীৰ ধৰ্মৰ অনুসৰণ কৰাৰ দাবী কৰা ব্যক্তিয়ে যদি মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি ঈমান পোষণ নকৰে তেন্তে সি আল্লাহৰ অঙ্গীকাৰ ভঙ্গকাৰী।

• أعظم الناس منزلةً العلماءُ الربانيون الذين يجمعون بين العلم والعمل، ويربُّون الناس على ذلك.
মানুহৰ মাজত আটাইতকৈ উচ্চ পদৰ অধিকাৰী সেইজন আলিম, যিজন ইল্ম আৰু আমলৰ ক্ষেত্ৰত উত্কৃষ্ট আৰু যিয়ে মানুহকো ইয়াৰ প্ৰেৰণা দিয়ে।

• أعظم الضلال الإعراض عن دين الله تعالى الذي استسلم له سبحانه الخلائق كلهم بَرُّهم وفاجرهم.
আটাইতকৈ ডাঙৰ ভ্ৰষ্টতা হৈছে আল্লাহৰ দ্বীনৰ পৰা মুখ ঘূৰাই লোৱা, যাৰ সন্মুখত ভাল বেয়া সকলো সৃষ্টি নতশিৰ।

 
የይዘት ትርጉም ምዕራፍ: ኣሊ-ኢምራን
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት