Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም ምዕራፍ: ኣሊ-ኢምራን   አንቀጽ:
وَلِیُمَحِّصَ اللّٰهُ الَّذِیْنَ اٰمَنُوْا وَیَمْحَقَ الْكٰفِرِیْنَ ۟
আন এটা হিকমত হৈছে এই যে, মুমিনসকলক গুনাহৰ পৰা পৱিত্ৰ কৰা আৰু মুমিনসকলৰ শাৰী মুনাফিক মুক্ত কৰা। যাতে আল্লাহে কাফিৰসকলক ধ্বংস কৰে আৰু সিহঁতক পৃথিৱীৰ পৰা মচি দিয়ে।
የአረብኛ ቁርኣን ማብራሪያ:
اَمْ حَسِبْتُمْ اَنْ تَدْخُلُوا الْجَنَّةَ وَلَمَّا یَعْلَمِ اللّٰهُ الَّذِیْنَ جٰهَدُوْا مِنْكُمْ وَیَعْلَمَ الصّٰبِرِیْنَ ۟
হে মুমিনসকল! তোমালোকে ভাৱিছা নেকি যে, কোনো পৰীক্ষাৰ সন্মুখীন নোহোৱাকৈয়ে এনেই জান্নাতত প্ৰৱেশ কৰিবা, আল্লাহৰ পথত আন্তৰিকতাৰে জিহাদকাৰী সকলৰ দৰে ধৈৰ্য ধাৰণ নকৰাকৈ আৰু এই পথত অহা বিপদত ধৈৰ্য ধাৰণকাৰী সকলৰ দৰে ধৈৰ্য ধাৰণ নকৰাকৈ?
የአረብኛ ቁርኣን ማብራሪያ:
وَلَقَدْ كُنْتُمْ تَمَنَّوْنَ الْمَوْتَ مِنْ قَبْلِ اَنْ تَلْقَوْهُ ۪— فَقَدْ رَاَیْتُمُوْهُ وَاَنْتُمْ تَنْظُرُوْنَ ۟۠
হে মুমিনসকল! তোমালোকে দেখুন মৃত্যু আৰু ইয়াৰ কঠিন মূহূৰ্তৰ সন্মুখীন হোৱাৰ পূৰ্বে কাফিৰসকলৰ লগত মুখামখী হোৱাৰ কামনা কৰিছিলা, যাতে তোমালোকেও নিজৰ সেই ভাতৃসকলৰ দৰে আল্লাহৰ পথত শ্বহীদ হোৱাৰ সৌভাগ্য লাভ কৰিব পাৰা, যিসকলে বদৰৰ যুদ্ধত শ্বহীদ হৈছিল। চোৱা, এতিয়া তোমালোকে উহুদৰ ময়দানত সেই দৃশ্য নিজ চকুৰে দেখিলা যিটো তোমালোকে কামনা কৰিছিলা।
የአረብኛ ቁርኣን ማብራሪያ:
وَمَا مُحَمَّدٌ اِلَّا رَسُوْلٌ ۚ— قَدْ خَلَتْ مِنْ قَبْلِهِ الرُّسُلُ ؕ— اَفَاۡىِٕنْ مَّاتَ اَوْ قُتِلَ انْقَلَبْتُمْ عَلٰۤی اَعْقَابِكُمْ ؕ— وَمَنْ یَّنْقَلِبْ عَلٰی عَقِبَیْهِ فَلَنْ یَّضُرَّ اللّٰهَ شَیْـًٔا ؕ— وَسَیَجْزِی اللّٰهُ الشّٰكِرِیْنَ ۟
আৰু মুহাম্মদো আল্লাহৰ অন্য ৰাছুলৰ দৰেই এজন ৰাছুল, যিসকল মৃত্যু বৰণ কৰিছে অথবা হত্যা কৰা হৈছে। যদি এওঁ মৃত্যুবৰণ কৰে অথবা তেওঁক হত্যা কৰা হয় তেন্তে তোমালোকে ইছলামৰ পৰা আঁতৰি যাবা নেকি, আৰু জিহাদ এৰি দিবা নেকি? শুনা! তোমালোকৰ মাজৰ যিয়ে দ্বীন ত্যাগ কৰিব, ইয়াৰ ফলত আল্লাহৰ কোনো ক্ষতি নহয়। কিয়নো তেওঁ মহান পৰাক্ৰমশালী। আৰু ধৰ্ম পৰিত্যাগকাৰী ব্যক্তিয়ে নিজৰেই ক্ষতি সাধন কৰিব, ফলত সি পৃথিৱী আৰু আখিৰাত উভয়তে ক্ষতিগ্ৰস্ত হব। আল্লাহে কৃতজ্ঞতা জ্ঞাপনকাৰী সকলক তেওঁৰ দ্বীনৰ ওপৰত অটল ৰাখি আৰু তেওঁৰ পথত জিহাদ কৰাৰ তাওফীক প্ৰদান কৰি আটাইতকৈ উত্তম প্ৰতিদান দান কৰিব।
የአረብኛ ቁርኣን ማብራሪያ:
وَمَا كَانَ لِنَفْسٍ اَنْ تَمُوْتَ اِلَّا بِاِذْنِ اللّٰهِ كِتٰبًا مُّؤَجَّلًا ؕ— وَمَنْ یُّرِدْ ثَوَابَ الدُّنْیَا نُؤْتِهٖ مِنْهَا ۚ— وَمَنْ یُّرِدْ ثَوَابَ الْاٰخِرَةِ نُؤْتِهٖ مِنْهَا ؕ— وَسَنَجْزِی الشّٰكِرِیْنَ ۟
প্ৰত্যেক প্ৰাণী সেই সময়তে মৃত্যু বৰণ কৰে যেতিয়া আল্লাহৰ তৰফৰ পৰা নিৰ্ধাৰণ কৰি দিয়া সময় সমাপ্ত হোৱাৰ পিছত তাৰ নিশ্চিত সময় আহি পৰে। সেই সময়তকৈ আগুৱাইয়ো যাব নোৱাৰে আৰু পিছুৱাবও নোৱাৰে। যিয়ে নিজৰ আমলৰ বিনিময়ত পাৰ্থিৱ জীৱনৰ ফলাফল বিচাৰে, আমি তাক তাৰ ভাগ্যত লিখা অনুসাৰে প্ৰদান কৰো কিন্তু আখিৰাতত সি কোনো অংশ নাপাব। আনহাতে যিয়ে নিজৰ আমলৰ বিনিময়ত আখিৰাতৰ প্ৰতিদান বিচাৰে, আমি তাক তাৰ প্ৰতিদান প্ৰদান কৰিম। আৰু আমি অতিশীঘ্ৰে তেওঁলোকক মহাপ্ৰতিদান প্ৰদান কৰিম যিসকলে কৃতজ্ঞতা জ্ঞাপন কৰে।
የአረብኛ ቁርኣን ማብራሪያ:
وَكَاَیِّنْ مِّنْ نَّبِیٍّ قٰتَلَ ۙ— مَعَهٗ رِبِّیُّوْنَ كَثِیْرٌ ۚ— فَمَا وَهَنُوْا لِمَاۤ اَصَابَهُمْ فِیْ سَبِیْلِ اللّٰهِ وَمَا ضَعُفُوْا وَمَا اسْتَكَانُوْا ؕ— وَاللّٰهُ یُحِبُّ الصّٰبِرِیْنَ ۟
আল্লাহৰ নবীসকলৰ মাজত এনেকুৱা বহুতো নবী আছে যিসকলৰ লগত মিলি তেওঁলোকৰ অনুসাৰীসকলৰ ডাঙৰ ডাঙৰ দলে যুদ্ধ কৰিছে। এতেকে তেওঁলোকে আল্লাহৰ পথত হোৱা হত্যা আৰু আঘাতক ভয় কৰি যুদ্ধত সাহস হেৰুৱা নাছিল আৰু শত্ৰুৰ লগত যুদ্ধ কৰাত দুৰ্বলো হোৱা নাছিল লগতে সিহঁতৰ সন্মুখত নতজানুও হোৱা নাছিল। বৰং তেওঁলোকে ধৈৰ্য ধাৰণ কৰিছিল আৰু অটল আছিল। নিশ্চয় আল্লাহে তেওঁৰ পথৰ কঠিন অৱস্থাত ধৈৰ্য ধাৰণকাৰী সকলক পছন্দ কৰে।
የአረብኛ ቁርኣን ማብራሪያ:
وَمَا كَانَ قَوْلَهُمْ اِلَّاۤ اَنْ قَالُوْا رَبَّنَا اغْفِرْ لَنَا ذُنُوْبَنَا وَاِسْرَافَنَا فِیْۤ اَمْرِنَا وَثَبِّتْ اَقْدَامَنَا وَانْصُرْنَا عَلَی الْقَوْمِ الْكٰفِرِیْنَ ۟
যেতিয়া তেওঁলোকৰ ওপৰত বিপদ আহিল তেতিয়া তেওঁলোকে কেৱল এই বাক্য কলেঃ হে আমাৰ প্ৰতিপালক! আমাৰ গুনাহসমূহক আৰু সীমালংঘন কাৰ্যক ক্ষমা কৰি দিয়া লগতে শত্ৰুৰ মুখামুখী হোৱাৰ সময়ত আমাক অটল ৰাখিবা আৰু কাফিৰ সম্প্ৰদায়ৰ বিৰুদ্ধে তুমি আমাক সহায় কৰা।
የአረብኛ ቁርኣን ማብራሪያ:
فَاٰتٰىهُمُ اللّٰهُ ثَوَابَ الدُّنْیَا وَحُسْنَ ثَوَابِ الْاٰخِرَةِ ؕ— وَاللّٰهُ یُحِبُّ الْمُحْسِنِیْنَ ۟۠
ফলত আল্লাহে তেওঁলোকক পাৰ্থিৱ জীৱনৰ বিনিময়স্বৰূপে সহায় কৰিলে আৰু ৰাজত্ব প্ৰদান কৰিলে। আৰু আখিৰাতৰ বিনিময়স্বৰূপে আল্লাহে তেওঁলোকৰ ওপৰত সন্তুষ্ট হৈ গল লগতে চিৰস্থায়ী জান্নাতত চিৰস্থায়ী নিয়ামত প্ৰদান কৰিলে। নিশ্চয় আল্লাহে উত্তমভাৱে ইবাদতকাৰী ব্যক্তি সকলক আৰু উত্তম ব্যৱহাৰকাৰী ব্যক্তি সকলক ভালপায়।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• الابتلاء سُنَّة إلهية يتميز بها المجاهدون الصادقون الصابرون من غيرهم.
পৰীক্ষা লোৱাটো আল্লাহৰ সাধাৰণ নিয়ম, যাৰ জৰিয়তে সত্যবাদী আৰু ধৈৰ্যশীল মুজাহিদসকলৰ পৰিচয় পোৱা যায়।

• يجب ألا يرتبط الجهاد في سبيل الله والدعوة إليه بأحد من البشر مهما علا قدره ومقامه.
আল্লাহৰ পথত কৰা যুদ্ধ তথা তেওঁৰ পিনে আহ্বান কৰা কাৰ্যক কোনো এজন ব্যক্তিৰ লগত সম্পৃক্ত কৰা ঠিক নহয়, তাৰ মৰ্যদা আৰু সন্মান যিমানেই উচ্চ নহওঁক কিয়।

• أعمار الناس وآجالهم ثابتة عند الله تعالى، لا يزيدها الحرص على الحياة، ولا ينقصها الإقدام والشجاعة.
মানুহৰ আয়ু তথা মৃত্যুৰ সময় আল্লাহৰ ওচৰত নিৰ্ধাৰিত। মানুহৰ জীয়াই থকাৰ আকাংক্ষাই তাৰ আয়ু বৃদ্ধি কৰিব নোৱাৰে আৰু ক্ষমতাৰ বলতো ইয়াক হ্ৰাস কৰিব নোৱাৰে।

• تختلف مقاصد الناس ونياتهم، فمنهم من يريد ثواب الله، ومنهم من يريد الدنيا، وكلٌّ سيُجازَى على نيَّته وعمله.
মানুহৰ উদ্দেশ্যে আৰু সংকল্প ভিন ভিন। কোনোবাই আল্লাহৰ প্ৰতিফল বিচাৰে আকৌ আন কোনোবাই বিচাৰে পাৰ্থিৱ জীৱনৰ সা-সামগ্ৰী। এতেকে প্ৰত্যেককে তাৰ কৰ্ম আৰু নিয়্যত অনুযায়ী প্ৰতিদান দিয়া হ’ব।

 
የይዘት ትርጉም ምዕራፍ: ኣሊ-ኢምራን
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት