Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም ምዕራፍ: ኣሊ-ኢምራን   አንቀጽ:
فَاسْتَجَابَ لَهُمْ رَبُّهُمْ اَنِّیْ لَاۤ اُضِیْعُ عَمَلَ عَامِلٍ مِّنْكُمْ مِّنْ ذَكَرٍ اَوْ اُ ۚ— بَعْضُكُمْ مِّنْ بَعْضٍ ۚ— فَالَّذِیْنَ هَاجَرُوْا وَاُخْرِجُوْا مِنْ دِیَارِهِمْ وَاُوْذُوْا فِیْ سَبِیْلِیْ وَقٰتَلُوْا وَقُتِلُوْا لَاُكَفِّرَنَّ عَنْهُمْ سَیِّاٰتِهِمْ وَلَاُدْخِلَنَّهُمْ جَنّٰتٍ تَجْرِیْ مِنْ تَحْتِهَا الْاَنْهٰرُ ۚ— ثَوَابًا مِّنْ عِنْدِ اللّٰهِ ؕ— وَاللّٰهُ عِنْدَهٗ حُسْنُ الثَّوَابِ ۟
তেওঁলোকৰ প্ৰতিপালকে তেওঁলোকৰ প্ৰাৰ্থনা কবুল কৰিলে আৰু কলেঃ মই কৰ্মৰ প্ৰতিদান বিনষ্ট নকৰো, সেয়া কম হওঁক বা বেছি আৰু আমলকাৰী নাৰী হওঁক অথবা পুৰুষ। এই উম্মতত তোমালোক সকলোৰে বিধান একেই। পুৰুষকো ছোৱাব বৃদ্ধি কৰি দিয়া নহব আৰু নাৰীকো হ্ৰাস কৰি দিয়া নহব। এতেকে যিসকলে আল্লাহৰ পথত হিজৰত কৰিছে আৰু কাফিৰসকলে যিসকলক নিজ ঘৰৰ পৰা উলিয়াই দিছে, তেওঁলোকক নিজ প্ৰতিপালকৰ আদেশ পালন কৰাৰ কাৰণে কষ্ট দিয়া হৈছে, তেওঁলোকে আল্লাহৰ পথত যুদ্ধ কৰিছে আৰু আল্লাহৰ পতাকা উত্তোলন কৰাৰ নিমিত্তে শ্বহীদ হৈছে, আমি কিয়ামতৰ দিনা অৱশ্যে তেওঁলোকৰ গুনাহ ক্ষমা কৰি দিম। তেওঁলোকৰ পাপসমূহ মাৰ্জনা কৰিম আৰু তেওঁলোকক অৱশ্যে এনেকুৱা জান্নাতত প্ৰৱেশ কৰাম, যাৰ অট্টালিকাৰ তলদেশত নিজৰাসমূহ প্ৰবাহিত। এইটো আল্লাহৰ তৰফৰ পৰা প্ৰতিদান। নিশ্চয় আল্লাহৰ ওচৰতেই উত্তম প্ৰতিদান, যাৰ কতো কোনো উদাহৰণ নাই।
የአረብኛ ቁርኣን ማብራሪያ:
لَا یَغُرَّنَّكَ تَقَلُّبُ الَّذِیْنَ كَفَرُوْا فِی الْبِلَادِ ۟ؕ
হে নবী! কাফিৰসকলৰ দেশ-বিদেশলৈ অবাধ বিচৰণ আৰু তাত থকা সিহঁতৰ ক্ষমতা লগতে সিহঁতৰ ব্যৱসায়িক প্ৰসাৰতা আৰু ধন-সম্পত্তিৰ বিস্তাৰে যাতে আপোনাক বিচলিত নকৰে। সিহঁতৰ এই অৱস্থাৰ ফলত আপোনাৰ যাতে চিন্তা আৰু শোক অনুভৱ নহয়।
የአረብኛ ቁርኣን ማብራሪያ:
مَتَاعٌ قَلِیْلٌ ۫— ثُمَّ مَاْوٰىهُمْ جَهَنَّمُ ؕ— وَبِئْسَ الْمِهَادُ ۟
এই পৃথিৱী কেৱল খন্তেকীয়া উপভোগৰ সামগ্ৰী, ইয়াৰ কোনো স্থায়ীত্ব নাই। ইয়াৰ পিছত ক্বিয়ামতৰ দিনা সিহঁতৰ প্ৰত্যাৱৰ্তনৰ ঠিকনা হৈছে জাহান্নাম। নিশ্চয় জুই সিহঁতৰ বাবে অতি নিকৃষ্ট বিছনা।
የአረብኛ ቁርኣን ማብራሪያ:
لٰكِنِ الَّذِیْنَ اتَّقَوْا رَبَّهُمْ لَهُمْ جَنّٰتٌ تَجْرِیْ مِنْ تَحْتِهَا الْاَنْهٰرُ خٰلِدِیْنَ فِیْهَا نُزُلًا مِّنْ عِنْدِ اللّٰهِ ؕ— وَمَا عِنْدَ اللّٰهِ خَیْرٌ لِّلْاَبْرَارِ ۟
কিন্তু যিসকলে আল্লাহৰ আদেশ পালন কৰি তথা তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁক ভয় কৰে, তেওঁলোকৰ বাবে আছে এনেকুৱা জান্নাত, যাৰ অট্টালিকাৰ তলদেশত নিজৰাসমূহ প্ৰবাহিত, য’ত তেওঁলোক চিৰস্থায়ী হব। এয়া আল্লাহে প্ৰস্তুত কৰা প্ৰতিদান। আল্লাহে তেওঁৰ পূণ্যৱান বান্দাসকলৰ বাবে যি প্ৰস্তুত কৰিছে সেয়া পৃথিৱীৰ সেই সূখতকৈ অধিকগুণ উত্তম, যি সূখ কাফিৰসকলে উপভোগ কৰি আছে।
የአረብኛ ቁርኣን ማብራሪያ:
وَاِنَّ مِنْ اَهْلِ الْكِتٰبِ لَمَنْ یُّؤْمِنُ بِاللّٰهِ وَمَاۤ اُنْزِلَ اِلَیْكُمْ وَمَاۤ اُنْزِلَ اِلَیْهِمْ خٰشِعِیْنَ لِلّٰهِ ۙ— لَا یَشْتَرُوْنَ بِاٰیٰتِ اللّٰهِ ثَمَنًا قَلِیْلًا ؕ— اُولٰٓىِٕكَ لَهُمْ اَجْرُهُمْ عِنْدَ رَبِّهِمْ ؕ— اِنَّ اللّٰهَ سَرِیْعُ الْحِسَابِ ۟
সকলো আহলে কিতাব একে নহয়। তেওঁলোকৰ মাজত এনেকুৱা এটা দলো আছে, যিসকলে আল্লাহৰ প্ৰতি আৰু তোমালোকৰ ওপৰত অৱতীৰ্ণ হিদায়ত আৰু সত্যৰ প্ৰতি ঈমান পোষণ কৰে তথা সেই সত্যৰ প্ৰতিও ঈমান পোষণ কৰে যিটো তেওঁলোকৰ পুথিত অৱতীৰ্ণ কৰা হৈছিল। তেওঁলোকে আল্লাহৰ ৰাছুলসকলৰ মাজত কোনো পাৰ্থক্য নকৰে। তেওঁলোকে আল্লাহৰ সন্মুখত তেওঁৰ প্ৰতিদানৰ আশাত শিৰ নত কৰি আছে আৰু আত্মসমৰ্পণ কৰিছে। তেওঁলোকে আল্লাহৰ আয়াতৰ বিনিময়ত পাৰ্থিৱ জীৱনৰ তুচ্ছ মূল্য গ্ৰহণ নকৰে। এইবোৰ বৈশিষ্ট্যৰ অধিকাৰী ব্যক্তিসকলৰ বাবে তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত বৰ ডাঙৰ প্ৰতিদান আছে। নিশ্চয় আল্লাহে কৰ্মৰ অতি দ্ৰুত হিচাপ গ্ৰহণ কৰিব আৰু অতি সোনকালে ইয়াৰ প্ৰতিদান দিব।
የአረብኛ ቁርኣን ማብራሪያ:
یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوا اصْبِرُوْا وَصَابِرُوْا وَرَابِطُوْا ۫— وَاتَّقُوا اللّٰهَ لَعَلَّكُمْ تُفْلِحُوْنَ ۟۠
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁ ৰাছুলৰ অনুসাৰীসকল! তোমালোকে চৰীয়তৰ আদেশসমূহ নিয়মিতভাৱে পালন কৰা তথা পাৰ্থিৱ বিপদ-আপদত ধৈৰ্য ধাৰণ কৰা, আৰু ধৈৰ্য ধাৰণৰ ক্ষেত্ৰত কাফিৰসকলৰ মুকাবিলা কৰা, যাতে ধৈৰ্য ধাৰণত সিহঁত তোমালোকক চেৰ পেলাব নোৱাৰে। লগতে আল্লাহৰ পথত যুদ্ধৰ সময়ত অটল থাকিবা আৰু তেওঁৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁক ভয় কৰা। যাতে তোমালোকৰ উদ্দেশ্য সফল হয় অৰ্থাৎ জাহান্নামৰ পৰা মুক্তি আৰু জান্নাতত প্ৰৱেশ কৰিব পাৰা।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• الأذى الذي ينال المؤمن في سبيل الله فيضطره إلى الهجرة والخروج والجهاد من أعظم أسباب تكفير الذنوب ومضاعفة الأجور.
আল্লাহৰ পথত মুমিনসকলে পোৱা সেই কষ্ট, যাৰ ফলত মুমিন বান্দাই হিজৰত কৰিবলৈ তথা ঘৰ-দুৱাৰ এৰিবলৈ আৰু যুদ্ধ কৰিবলৈ বাধ্য হয়, সেই কষ্ট পাপ মাৰ্জনা কৰাৰ আৰু নেকি বৃদ্ধি কৰাৰ অন্যতম কাৰণ।

• ليست العبرة بما قد ينعم به الكافر في الدنيا من المال والمتاع وإن عظم؛ لأن الدنيا زائلة، وإنما العبرة بحقيقة مصيره في الآخرة في دار الخلود.
বিষয় এইটো নহয় যে, কাফিৰসকলে পৃথিৱীত ধন-সম্পত্তি আৰু সূখ-শান্তি উপভোগ কৰি আছে, যদিও সিহঁতৰ সম্পত্তি আৰু সূখ যিমানেই ডাঙৰ নহওঁক কিয়। কিয়নো পৃথিৱী ধ্বংসশীল। বৰং চিন্তনীয় বিষয় এইটো যে, চিৰস্থায়ী ঘৰ আখিৰাতত সিহঁতৰ পৰিণাম কি হ'ব।

• من أهل الكتاب من يشهدون بالحق الذي في كتبهم، فيؤمنون بما أنزل إليهم وبما أنزل على المؤمنين، فهؤلاء لهم أجرهم مرتين.
আহলে কিতাবসকলৰ মাজত এনেকুৱা কিছুমান মানুহো আছে যিসকলে তেওঁলোকৰ পুথিত থকা সত্যৰ সাক্ষী দিয়ে। এতেকে তেওঁলোকে সেইটোৰ ওপৰতো ঈমান পোষণ কৰে যিটো তেওঁলোকৰ ওপৰত অৱতীৰ্ণ কৰা হৈছিল। আৰু সেইটোৰ ওপৰতো যিটো মুমিনসকলৰ ওপৰত অৱতীৰ্ণ হৈছে। এনেকুৱা ব্যক্তিয়ে দ্বিগুন প্ৰতিদান পাব।

• الصبر على الحق، ومغالبة المكذبين به، والجهاد في سبيله، هو سبيل الفلاح في الآخرة.
সত্যৰ ওপৰত ধৈৰ্য ধাৰণ কৰা, আৰু অস্বীকাৰকাৰী সকলৰ লগত মুকাবিলা কৰা লগতে এই পথত যুদ্ধ কৰা, এয়া হৈছে আখিৰাতত পোৱা সফলতাৰ পথ।

 
የይዘት ትርጉም ምዕራፍ: ኣሊ-ኢምራን
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት