Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም ምዕራፍ: ኣሊ-ኢምራን   አንቀጽ:
یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْۤا اِنْ تُطِیْعُوا الَّذِیْنَ كَفَرُوْا یَرُدُّوْكُمْ عَلٰۤی اَعْقَابِكُمْ فَتَنْقَلِبُوْا خٰسِرِیْنَ ۟
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ ৰাছুলৰ অনুসাৰীসকল! যদি তোমালোকে ইয়াহুদী খৃষ্টান আৰু মুশ্বৰিক আদি কাফিৰসকলৰ সেই সমূহ আদেশ মানি লোৱা যিবোৰৰ দ্বাৰা সিহঁতে তোমালোকক সঠিক পথৰ পৰা বিভ্ৰান্ত কৰিব বিচাৰে, তেন্তে সিহঁতে তোমালোকক ঈমানৰ পিছত পুনৰ কাফিৰ অৱস্থালৈ আঁতৰাই নিব। এনে কৰিলে তোমালোক পৃথিৱী আৰু আখিৰাতত ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হ’বা।
የአረብኛ ቁርኣን ማብራሪያ:
بَلِ اللّٰهُ مَوْلٰىكُمْ ۚ— وَهُوَ خَیْرُ النّٰصِرِیْنَ ۟
তোমালোকে এইসকল কাফিৰৰ কথা মানিলেও সিহঁতে কিন্তু তোমালোকক কেতিয়াও সহায় নকৰে, বৰং একমাত্ৰ আল্লাহেই তোমালোকৰ শত্ৰুৰ বিৰুদ্ধে তোমালোকক সহায় কৰিব। সেয়ে তোমালোকে কেৱল তেওঁৰেই আনুগত্য কৰা। তেৱেঁই উত্তম সহায়ক। তেওঁৰ সহায়ৰ পিছত তোমালোকক আন কাৰো আৱশ্যকতা নাই।
የአረብኛ ቁርኣን ማብራሪያ:
سَنُلْقِیْ فِیْ قُلُوْبِ الَّذِیْنَ كَفَرُوا الرُّعْبَ بِمَاۤ اَشْرَكُوْا بِاللّٰهِ مَا لَمْ یُنَزِّلْ بِهٖ سُلْطٰنًا ۚ— وَمَاْوٰىهُمُ النَّارُ ؕ— وَبِئْسَ مَثْوَی الظّٰلِمِیْنَ ۟
আল্লাহক অস্বীকাৰকাৰী সকলৰ অন্তৰত আমি অতি শীঘ্ৰে ভয়-ভীতি প্ৰদান কৰিম। যাতে সিহঁতে যুদ্ধত তোমালোকৰ সন্মুখত টিকিব নোৱাৰে। কাৰণ সিহঁতে এনেকুৱা কিছুমানক আল্লাহৰ সমকক্ষ স্থিৰ কৰিছে যিবোৰৰ পূজা পাঠ সিহঁতে নিজৰ প্ৰবৃত্তিৰ চাহিদাৰ ফলত কৰে, আল্লাহে ইয়াৰ সপক্ষে কোনো প্ৰমাণ অৱতীৰ্ণ কৰা নাই। আখিৰাতত সিহঁতৰ প্ৰত্যাৱৰ্তনৰ ঠাই হব জাহান্নাম। অত্যাচাৰীসকলৰ বাবে জাহান্নাম কিমান যে নিকৃষ্ট ঠাই!!
የአረብኛ ቁርኣን ማብራሪያ:
وَلَقَدْ صَدَقَكُمُ اللّٰهُ وَعْدَهٗۤ اِذْ تَحُسُّوْنَهُمْ بِاِذْنِهٖ ۚ— حَتّٰۤی اِذَا فَشِلْتُمْ وَتَنَازَعْتُمْ فِی الْاَمْرِ وَعَصَیْتُمْ مِّنْ بَعْدِ مَاۤ اَرٰىكُمْ مَّا تُحِبُّوْنَ ؕ— مِنْكُمْ مَّنْ یُّرِیْدُ الدُّنْیَا وَمِنْكُمْ مَّنْ یُّرِیْدُ الْاٰخِرَةَ ۚ— ثُمَّ صَرَفَكُمْ عَنْهُمْ لِیَبْتَلِیَكُمْ ۚ— وَلَقَدْ عَفَا عَنْكُمْ ؕ— وَاللّٰهُ ذُوْ فَضْلٍ عَلَی الْمُؤْمِنِیْنَ ۟
নিশ্চয় আল্লাহে উহুদৰ দিনা শত্ৰুসকলৰ বিৰুদ্ধে তোমালোকক সহায় কৰাৰ যি প্ৰতিশ্ৰুতি আছিল সেয়া পূৰণ কৰি দেখুৱালে, যেতিয়া তোমালোকে তেওঁৰ অনুমতিত সিহঁতক শিৰচ্ছেদ কৰি আছিলা। অৱশেষত যেতিয়া তোমালোকে কাপুৰষত্ব দেখুৱালা আৰু ৰাছুলৰ আদেশৰ ওপৰত অটল থকাৰ পৰিবৰ্তে দুৰ্বল হৈ গ'লা আৰু এই কথাত মতানৈক্য কৰিবলৈ ধৰিলা যে, নিজ নিজ স্থানত দৃঢ় হৈ থাকিবা নে স্থান ত্যাগ কৰি যুদ্ধলব্ধ সম্পদ গোটাবা, ফলত তোমালোকে ৰাছুলৰ সেই আদেশ অমান্য কৰিলা য’ত তেখেতে কৈছিল যে, তোমালোকে কোনো অৱস্থাতেই স্থান ত্যাগ নকৰিবা। আৰু এই ঘটনা সংঘটিত হৈছিল আমি তোমালোকক শত্ৰুৰ ওপৰত বিজয় দৃশ্য দেখুৱাৰ পিছত, যিটো তোমালোকে কামনা কৰিছিলা। তোমালোকৰ মাজৰ কিছুমানৰ পাৰ্থিৱ জীৱনৰ সম্পদৰ প্ৰতি লোভ আছিল। সেইসকলেই নিজৰ স্থান ত্যাগ কৰিছিল। আৰু আন কিছুমানে আখিৰাতৰ প্ৰতিদান কামনা কৰিছিল, আৰু তেওঁলোকে ৰাছুলৰ কথা অনুসাৰে নিজৰ স্থানত অটল আছিল। তাৰ পিছত আল্লাহে তোমালোকক সিহঁতৰ পৰা ঘূৰাই দিলে, আৰু সিহঁতক তোমালোকৰ ওপৰত আচ্ছাদিত কৰি দিলে, যাতে তোমালোকক পৰীক্ষা কৰিব পাৰে যে, বিপদৰ সময়ত কোনে ধৈৰ্য্য ধাৰণ কৰে আৰু কাৰ ভৰি পিচলে আৰু কাৰ অন্তৰ দুৰ্বল হয়। আৰু ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ আদেশ উলংঘা কৰি তোমালোকে যি পাপ কৰিছিলা আল্লাহে সেয়া ক্ষমা কৰি দিছে। আৰু আল্লাহ মুমিনসকলৰ প্ৰতি অনুগ্ৰহশীল, সেয়ে তেওঁ তেওঁলোকক ঈমানৰ পথ দেখুৱাইছে, তেওঁলোকৰ পাপসমূহ মাৰ্জনা কৰিছে আৰু তেওঁলোকক বিপদৰ বিনিময়ত প্ৰতিদান দিছে।
የአረብኛ ቁርኣን ማብራሪያ:
اِذْ تُصْعِدُوْنَ وَلَا تَلْوٗنَ عَلٰۤی اَحَدٍ وَّالرَّسُوْلُ یَدْعُوْكُمْ فِیْۤ اُخْرٰىكُمْ فَاَثَابَكُمْ غَمًّا بِغَمٍّ لِّكَیْلَا تَحْزَنُوْا عَلٰی مَا فَاتَكُمْ وَلَا مَاۤ اَصَابَكُمْ ؕ— وَاللّٰهُ خَبِیْرٌ بِمَا تَعْمَلُوْنَ ۟
হে মুমিনসকল! স্মৰণ কৰা সেই সময়ক, উহূদৰ দিনা যুদ্ধত যেতিয়া ৰাছুলৰ আদেশ উলংঘা কৰাৰ ফলত তোমালোকে বিফল হৈছিলা, আৰু তোমালোকে দ্ৰুত গতিত দৌৰি পলায়ন কৰিছিলা, তোমালোকৰ মাজৰ কোনেও কাকো ঘূৰি চোৱা নাছিল, অথচ ৰাছুলে তোমালোকৰ আৰু মুশ্বৰিকসকলৰ মাজত থিয় হৈ এই কথাৰে আহ্বান কৰি আছিলঃ হে আল্লাহৰ বান্দাসকল! মোৰ ফালে আহা, হে আল্লাহৰ বান্দাসকল! মোৰ ফালে আহা। ইয়াৰ ফলত আল্লাহে তোমালোকক যুদ্ধলব্ধ সম্পদ আৰু সহায়ৰ পৰা বঞ্চিত হোৱাৰ দুখ প্ৰদান কৰিছিল, ইয়াৰ পিছতো আৰু এটা দুখ আৰু চিন্তা আছিল, সেয়া হৈছে নবী নিহত হোৱা বুলি প্ৰচাৰ। আল্লাহে তোমালোকক এই মুচিবতত এই কাৰণেই আক্ৰান্ত কৰিছিল যাতে নবী নিহত হোৱা নাই বুলি জনাৰ পিছত তোমালোকৰ সেই দুখ নাথাকে যিটো তোমালোকে যুদ্ধলব্ধ সম্পদ তথা সহায়ৰ পৰা বঞ্চিত হোৱাৰ ফলত লগতে আঘাত আৰু হত্যাৰ ৰূপত পাইছিলা। কিয়নো ইয়াৰ পিছত তোমালোকৰ সকলো দুখ চিন্তা সহ্য কৰা সহজ হৈ গৈছিল। নিশ্চয় আল্লাহ তোমালোকৰ কৰ্ম সম্পৰ্কে সম্যক অৱগত। তোমালোকৰ অন্তৰৰ কোনো অৱস্থা আৰু শৰীৰৰ কোনো অংগৰ জৰিয়তে কৰা কৰ্ম তেওঁৰ পৰা গোপন নহয়।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• التحذير من طاعة الكفار والسير في أهوائهم، فعاقبة ذلك الخسران في الدنيا والآخرة.
কাফিৰসকলৰ অনুসৰণ তথা সিহঁতৰ আকাংক্ষা অনুসাৰে পৰিচালিত হোৱাৰ পৰা সাৱধান কৰা হৈছে। কিয়নো ইয়াৰ পৰিণাম হৈ পৃথিৱী আৰু আখিৰাতত ক্ষতিগ্ৰস্ততা।

• إلقاء الرعب في قلوب أعداء الله صورةٌ من صور نصر الله لأوليائه المؤمنين.
আল্লাহৰ শত্ৰুসকলৰ অন্তৰত ভয়-ভীতি সঞ্চাৰ কৰাটোও আল্লাহৰ ফালৰ পৰা তেওঁৰ মুমিন বান্দাসকলৰ প্ৰতি সহায়ৰ এটা ৰূপ।

• من أعظم أسباب الهزيمة في المعركة التعلق بالدنيا والطمع في مغانمها، ومخالفة أمر قائد الجيش.
যুদ্ধৰ ময়দানত পৰাজয় বৰণৰ কিছুমান কাৰণ হৈছে এই ধৰণৰঃ পাৰ্থিৱ জীৱনৰ লোভ, ধন-সম্পত্তিৰ লালসা আৰু সেনাপতিৰ আদেশ উলংঘন।

• من دلائل فضل الصحابة أن الله يعقب بالمغفرة بعد ذكر خطئهم.
ছাহাবাসকলৰ শ্ৰেষ্ঠতাৰ নিদৰ্শন এই যে, আল্লাহে তেওঁলোকৰ ভুলবোৰ আঙুলিয়াই দিয়াৰ লগতে ভুলবোৰ ক্ষমা কৰি দিয়ে।

 
የይዘት ትርጉም ምዕራፍ: ኣሊ-ኢምራን
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት