Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም ምዕራፍ: ኣሊ-ኢምራን   አንቀጽ:
لَنْ تَنَالُوا الْبِرَّ حَتّٰی تُنْفِقُوْا مِمَّا تُحِبُّوْنَ ؕ۬— وَمَا تُنْفِقُوْا مِنْ شَیْءٍ فَاِنَّ اللّٰهَ بِهٖ عَلِیْمٌ ۟
হে মুমিনসকল! তোমালোকে পূণ্যৱান লোকসকলৰ ছোৱাব আৰু তেওঁলোকৰ স্থান প্ৰাপ্ত হব নোৱাৰা, যেতিয়ালৈকে তোমালোকে নিজৰ সেই ধন আল্লাহৰ পথত ব্যয় নকৰিবা যিটো তোমালোকৰ ওচৰত প্ৰিয়। আৰু তোমালোকে যি দান কৰিবা সেয়া কম হওঁক অথবা বেছি, নিশ্চয় আল্লাহে তোমালোকৰ নিয়্যত আৰু কৰ্ম সম্পৰ্কে সম্যক অৱগত, আৰু তেওঁ প্ৰত্যেককে তাৰ কৰ্মৰ প্ৰতিদান দিব।
የአረብኛ ቁርኣን ማብራሪያ:
كُلُّ الطَّعَامِ كَانَ حِلًّا لِّبَنِیْۤ اِسْرَآءِیْلَ اِلَّا مَا حَرَّمَ اِسْرَآءِیْلُ عَلٰی نَفْسِهٖ مِنْ قَبْلِ اَنْ تُنَزَّلَ التَّوْرٰىةُ ؕ— قُلْ فَاْتُوْا بِالتَّوْرٰىةِ فَاتْلُوْهَاۤ اِنْ كُنْتُمْ صٰدِقِیْنَ ۟
সকলো ধৰণৰ পৱিত্ৰ খাদ্য বনী ইছৰাঈলৰ বাবে হালাল আছিল। ইয়াৰ মাজৰ একোৱে সিহঁতৰ বাবে হাৰাম নাছিল, কেৱল সেইটোৰ বাহিৰে যিটো ইয়াকূবে তাওৰাত অৱতীৰ্ণ হোৱাৰ পূৰ্বে নিজেই নিজৰ ওপৰত হাৰাম কৰি লৈছিল। বিষয়টো তেনেকুৱা নহয় যিদৰে ইয়াহূদীসকলে ধাৰণা কৰে যে, এইবোৰ বস্তু তাওৰাতত হাৰাম কৰা হৈছিল। হে নবী! আপুনি কওঁক, তোমালোকে তাওৰাত আনা গৈ আৰু পাঠ কৰি শুনোৱা, যদি তোমালোকে নিজৰ দাবীত সত্যবাদী। ফলত সিহঁত উত্তৰহীন হৈ পৰিল আৰু তাওৰাত নানিলে। এইটো এটা উদাহৰণ যিটোৱে প্ৰমাণ কৰে যে, ইয়াহুদীসকলে তাওৰাতত মিছা আৰোপ কৰিছিল লগতে ইয়াৰ বিষয় বস্তু বিকৃত কৰিছিল।
የአረብኛ ቁርኣን ማብራሪያ:
فَمَنِ افْتَرٰی عَلَی اللّٰهِ الْكَذِبَ مِنْ بَعْدِ ذٰلِكَ فَاُولٰٓىِٕكَ هُمُ الظّٰلِمُوْنَ ۟ؔ
এতেকে এই কথা স্পষ্ট হোৱাৰ পিছত যে ইয়াকূব আলাইহিছ ছালামে যি যি নিজৰ ওপৰত হাৰাম কৰি লৈছিল, সেয়া তেওঁ ব্যক্তিগত ভাৱে নিজৰ ওপৰত হাৰাম কৰি লৈছিল, আল্লাহে হাৰাম কৰা নাছিল। যিসকলে স্পষ্ট প্ৰমাণ অহাৰ পিছতো সত্য পৰিত্যাগ কৰে সেইসকল লোকেই নিজৰ ওপৰত অন্যায়কাৰী।
የአረብኛ ቁርኣን ማብራሪያ:
قُلْ صَدَقَ اللّٰهُ ۫— فَاتَّبِعُوْا مِلَّةَ اِبْرٰهِیْمَ حَنِیْفًا ؕ— وَمَا كَانَ مِنَ الْمُشْرِكِیْنَ ۟
হে নবী! আপুনি জনাই দিয়ক, আল্লাহে ইয়াকূব আলাইহিছ ছালাম সম্পৰ্কে যি সংবাদ দিছে লগতে তেওঁ অৱতীৰ্ণ কৰা প্ৰত্যেক বিষয় আৰু বিধি-বিধানত সত্যবাদী। এতেকে তোমালোকে ইব্ৰাহীম আলাইহিছ ছালামৰ ধৰ্মৰ অনুসৰণ কৰা। তেওঁ সকলো ধৰ্মৰ পৰা বিমুখ হৈ কেৱল ইছলামক আঁকোৱালী লৈছিল। আৰু কেতিয়াও তেওঁ আল্লাহৰ লগত অংশীদাৰ স্থাপন (শ্বিৰ্ক) কৰা নাই।
የአረብኛ ቁርኣን ማብራሪያ:
اِنَّ اَوَّلَ بَیْتٍ وُّضِعَ لِلنَّاسِ لَلَّذِیْ بِبَكَّةَ مُبٰرَكًا وَّهُدًی لِّلْعٰلَمِیْنَ ۟ۚ
পৃথিৱীৰ বুকুত সৰ্বপ্ৰথম ঘৰ, যিটো সকলো মানুহৰ বাবে আল্লাহৰ ইবাদত কৰিবলৈ নিৰ্মাণ কৰা হৈছিল, সেইটো হৈছে আল্লাহৰ সেই সন্মানিত ঘৰ যিটো মক্কাত অৱস্থিত। সেইটো হৈছে বৰকতময় ঘৰ। দ্বীনি আৰু দুনিয়াৱী উপকাৰৰ কেন্দ্ৰবিন্দু। তাত আছে গোটেই মানৱ জাতিৰ বাবে হিদায়ত।
የአረብኛ ቁርኣን ማብራሪያ:
فِیْهِ اٰیٰتٌۢ بَیِّنٰتٌ مَّقَامُ اِبْرٰهِیْمَ ۚ۬— وَمَنْ دَخَلَهٗ كَانَ اٰمِنًا ؕ— وَلِلّٰهِ عَلَی النَّاسِ حِجُّ الْبَیْتِ مَنِ اسْتَطَاعَ اِلَیْهِ سَبِیْلًا ؕ— وَمَنْ كَفَرَ فَاِنَّ اللّٰهَ غَنِیٌّ عَنِ الْعٰلَمِیْنَ ۟
সেই ঘৰত আছে ইয়াৰ শ্ৰেষ্ঠতা আৰু উত্কৃষ্টতাৰ কিছুমান স্পষ্ট নিদৰ্শন। যেনে- হজ্জৰ কাৰ্যসমূহ আৰু ইয়াৰ নিৰ্ধাৰিত স্থান। এই নিদৰ্শনসমূহৰ মাজত আছে এনেকুৱা এটা শিল, যিটোৰ ওপৰত থিয় হৈ ইব্ৰাহীম আলাইহিছ ছালামে কাবা ঘৰ নিৰ্মাণ কৰিছিল। আৰু এটা নিদৰ্শন এই যে, যিয়ে ইয়াত প্ৰৱেশ কৰিব তাৰ ভয়-ভীতি আঁতৰ হ’ব আৰু কোনো কষ্টই তাক স্পৰ্শ নকৰিব। আল্লাহৰ উদ্দেশ্যে হজ্জৰ আৰ্কান আদায় কৰিবলৈ এই ঘৰত যোৱা মানুহৰ বাবে ওৱাজিব। এই আদেশ সেইসকল লোকৰ বাবে যিসকলৰ তাত যোৱাৰ সামৰ্থ আছে। এতেকে যিয়ে ফৰজ হজ্জ অস্বীকাৰ কৰিব তেন্তে জানি থোৱা, আল্লাহ এনেকুৱা কাফিৰৰ পৰা আৰু বিশ্বজগতৰ সকলোৰে পৰা অমুখাপেক্ষী।
የአረብኛ ቁርኣን ማብራሪያ:
قُلْ یٰۤاَهْلَ الْكِتٰبِ لِمَ تَكْفُرُوْنَ بِاٰیٰتِ اللّٰهِ ۖۗ— وَاللّٰهُ شَهِیْدٌ عَلٰی مَا تَعْمَلُوْنَ ۟
কোৱা, ’হে কিতাবধাৰী ইয়াহূদী আৰু খৃষ্টানসকল! তোমালোকে নবী চাল্লাল্লাহু আলাইহি অছাল্লাম সম্পৰ্কে সত্য নবী হোৱাৰ প্ৰমাণসমূহক অস্বীকাৰ কিয় কৰা, অথচ ইয়াৰে কিছুমান প্ৰমাণ তাওৰাত আৰু ইঞ্জীলতো আছে। নিশ্চয় আল্লাহ তোমালোকৰ কৰ্ম সম্পৰ্কে অৱগত আৰু তেওঁ তোমালোকক ইয়াৰ প্ৰতিদানো দিব’।
የአረብኛ ቁርኣን ማብራሪያ:
قُلْ یٰۤاَهْلَ الْكِتٰبِ لِمَ تَصُدُّوْنَ عَنْ سَبِیْلِ اللّٰهِ مَنْ اٰمَنَ تَبْغُوْنَهَا عِوَجًا وَّاَنْتُمْ شُهَدَآءُ ؕ— وَمَا اللّٰهُ بِغَافِلٍ عَمَّا تَعْمَلُوْنَ ۟
হে নবী আপুনি কওঁক, ’হে কিতাবধাৰী ইয়াহূদী আৰু খৃষ্টানসকল! তোমালোকে মুমিনসকলক আল্লাহৰ পথৰ পৰা কিয় বিৰত ৰাখা? তোমালোকে বিচৰা নেকি যে, আল্লাহৰ ধৰ্ম সত্যৰ পৰা অসত্যলৈ আৰু মুমিনসকল হিদায়তৰ পৰা ভ্ৰষ্টতালৈ উভতি যাওক। কিয়নো তোমালোকেও জানা যে, এই ধৰ্মই সত্য ধৰ্ম আৰু তোমালোকৰ পুথিত থকা সংবাদককো সমৰ্থন কৰে। আল্লাহে তোমালোকৰ কুফৰৰ পৰা আৰু মানুহক সত্যৰ পৰা বিৰত ৰখা কাৰ্যৰ পৰা অমনোযোগী নহয়। আৰু তেওঁ তোমালোকক ইয়াৰ প্ৰতিদান দিব’।
የአረብኛ ቁርኣን ማብራሪያ:
یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْۤا اِنْ تُطِیْعُوْا فَرِیْقًا مِّنَ الَّذِیْنَ اُوْتُوا الْكِتٰبَ یَرُدُّوْكُمْ بَعْدَ اِیْمَانِكُمْ كٰفِرِیْنَ ۟
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ ৰাছুলৰ অনুসাৰীসকল! যদি তোমালোকে কিতাপধাৰী ইয়াহূদী আৰু খৃষ্টানসকলৰ কোনো দলৰ কথা মানি লোৱা আৰু সিহঁতৰ মন্তব্য স্বীকাৰ কৰা তেন্তে সিহঁতৰ অন্তৰত থকা ঈৰ্ষা আৰু ভ্ৰষ্টতাৰ কাৰণে সিহঁতে তোমালোকক ঈমানৰ পিছত আকৌ কুফুৰীলৈ উভতাই নিব।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• كَذِبُ اليهود على الله تعالى وأنبيائه، ومن كذبهم زعمهم أن تحريم يعقوب عليه السلام لبعض الأطعمة نزلت به التوراة.
ইয়াহূদীসকলৰ আল্লাহৰ প্ৰতি আৰু নবীসকলৰ বিষয়ে মিছা আৰোপ কৰাৰ বৰ্ণনা। সিহঁতৰ এটা মিছা আৰোপ এইটো আছিল যে, সিহঁতে কয়, ইয়াকূব আলাইহিছ ছালামে যিবোৰ খাদ্যবস্তু হাৰাম কৰি লৈছিল, সেইবোৰৰ অবৈধতা তাওৰাতত উল্লেখ আছে।

• أعظم أماكن العبادة وأشرفها البيت الحرام، فهو أول بيت وضع لعبادة الله، وفيه من الخصائص ما ليس في سواه.
সৱাতোকৈ উত্তম আৰু আটাইতকৈ মহান ইবাদতৰ স্থান হৈছে কাবা ঘৰ। এইটোৱে সৰ্বপ্ৰথম ঘৰ যিটো আল্লাহৰ ইবাদতৰ বাবে নিৰ্মাণ কৰা হৈছে। তাত এনেকুৱা কিছুমান বিশেষতা আছে যিবোৰ তাৰ বাহিৰে আন কতো নাই।

• ذَكَرَ الله وجوب الحج بأوكد ألفاظ الوجوب تأكيدًا لوجوبه.
আল্লাহে হজ্জৰ অনিবাৰ্যতাৰ বৰ্ণনা দৃঢ় শব্দৰ জৰিয়তে কৰিছে, যাতে মানুহে গম পায় যে, হজ্জ এটা মহত্বপূৰ্ণ ওৱাজীব।

 
የይዘት ትርጉም ምዕራፍ: ኣሊ-ኢምራን
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት