Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም ምዕራፍ: ኣሊ-ኢምራን   አንቀጽ:
وَاِذْ اَخَذَ اللّٰهُ مِیْثَاقَ الَّذِیْنَ اُوْتُوا الْكِتٰبَ لَتُبَیِّنُنَّهٗ لِلنَّاسِ وَلَا تَكْتُمُوْنَهٗ ؗۗ— فَنَبَذُوْهُ وَرَآءَ ظُهُوْرِهِمْ وَاشْتَرَوْا بِهٖ ثَمَنًا قَلِیْلًا ؕ— فَبِئْسَ مَا یَشْتَرُوْنَ ۟
হে নবী! আপুনি সেই সময়ছোৱাক স্মৰণ কৰক, যেতিয়া আল্লাহে ইয়াহুদী আৰু খ্ৰিষ্টানসকলৰ ধৰ্মগুৰসকলৰ পৰা দৃঢ় অঙ্গীকাৰ লৈছিল যে, তোমালোকে আল্লাহৰ পুথি মানুহৰ সন্মুখত পাঠ কৰিবা, আৰু তাৰ ভিতৰত যি হিদায়ত আছে সেয়া গোপন নকৰিবা। লগতে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ বিষয়ে বৰ্ণিত হোৱা ভৱিষ্যত বাণীকো গোপন নকৰিবা। কিন্তু সিহঁতে এই অঙ্গীকাৰ পিছফালে পেলাই দিলে আৰু সেই পিনে ঘূৰিও নেদেখিলে। এতেকে সিহঁতে সত্য গোপন কৰি অসত্য প্ৰকাশ কৰিলে। আৰু সিহঁতে আল্লাহৰ অঙ্গীকাৰৰ বিনিময়ত একেবাৰে তুচ্ছ মূল্য গ্ৰহণ কৰিছে। যেনে- পদ আৰু ধন-সম্পত্তি আদি। এয়া কিমান যে নিকৃষ্ট মূল্য যিটো সিহঁতে আল্লাহৰ অঙ্গীকাৰৰ বিনিমত গ্ৰহণ কৰিছে।
የአረብኛ ቁርኣን ማብራሪያ:
لَا تَحْسَبَنَّ الَّذِیْنَ یَفْرَحُوْنَ بِمَاۤ اَتَوْا وَّیُحِبُّوْنَ اَنْ یُّحْمَدُوْا بِمَا لَمْ یَفْعَلُوْا فَلَا تَحْسَبَنَّهُمْ بِمَفَازَةٍ مِّنَ الْعَذَابِ ۚ— وَلَهُمْ عَذَابٌ اَلِیْمٌ ۟
হে নবী! যিসকলে বেয়া কাম কৰি ভাল পায়, লগতে সিহঁতে এইটো বিচাৰে যে, মানুহে সিহঁতৰ প্ৰশংসা কৰক সেই সত্কৰ্ম সম্পৰ্কে যিটো সিহঁতে কৰা নাই, আপুনি সিহঁতক কেতিয়াও শাস্তিৰ পৰা সুৰক্ষিত আৰু দুৰৈত বুলি নাভাবিব। বৰং সিহঁতৰ ঠিকনা হৈছে জাহান্নাম আৰু তাত সিহঁতক অতি কষ্টদায়ক শাস্তি বিহা হ'ব।
የአረብኛ ቁርኣን ማብራሪያ:
وَلِلّٰهِ مُلْكُ السَّمٰوٰتِ وَالْاَرْضِ ؕ— وَاللّٰهُ عَلٰی كُلِّ شَیْءٍ قَدِیْرٌ ۟۠
আকাশ আৰু পৃথিৱী তথা ইয়াৰ মাজত যি আছে, সৃষ্টি আৰু পৰিচালনাৰ ফালেৰে একমাত্ৰ আল্লাহৰেই ৰাজত্ব। নিশ্চয় আল্লাহ সকলো বিষয়ত ক্ষমতাৱান।
የአረብኛ ቁርኣን ማብራሪያ:
اِنَّ فِیْ خَلْقِ السَّمٰوٰتِ وَالْاَرْضِ وَاخْتِلَافِ الَّیْلِ وَالنَّهَارِ لَاٰیٰتٍ لِّاُولِی الْاَلْبَابِ ۟ۚۖ
নিশ্চয় আকাশমণ্ডল আৰু পৃথিৱীৰ কোনো পূৰ্বৱৰ্তী উদাহৰণবিহীন সৃষ্টিত তথা দিন-ৰাতিৰ আৱৰ্তনত আৰু দিন-ৰাতিৰ দীঘল চুটি হোৱাত, সেইসকল লোকৰ বাবে স্পষ্ট নিদৰ্শন আছে যিসকল সুস্থ বিবেকৰ অধিকাৰী। এইবোৰ নিদৰ্শনে পৃথিৱীৰ সেই সৃষ্টিকৰ্তাৰ সংকেত দিয়ে, যিজন একমাত্ৰ ইবাদতৰ অধিকাৰী সত্ত্বা।
የአረብኛ ቁርኣን ማብራሪያ:
الَّذِیْنَ یَذْكُرُوْنَ اللّٰهَ قِیٰمًا وَّقُعُوْدًا وَّعَلٰی جُنُوْبِهِمْ وَیَتَفَكَّرُوْنَ فِیْ خَلْقِ السَّمٰوٰتِ وَالْاَرْضِ ۚ— رَبَّنَا مَا خَلَقْتَ هٰذَا بَاطِلًا ۚ— سُبْحٰنَكَ فَقِنَا عَذَابَ النَّارِ ۟
এইসকল লোকেই থিয় হৈ, বহি আৰু শুই থাকিও আল্লাহক স্মৰণ কৰে তথা আকাশ আৰু পৃথিৱীৰ সৃষ্টিত চিন্তা-গৱেষণা কৰি কয়ঃ হে আমাৰ প্ৰতিপালক! তুমি ইমান ডাঙৰ সৃষ্টি এনেই সৃষ্টি কৰা নাই। নিশ্চয় তুমি উদ্দেশ্যহীন কৰ্মৰ পৰা পৱিত্ৰ। তুমি আমাক সত্কৰ্মৰ তাওফীক প্ৰদান কৰি আৰু বেয়া কৰ্মৰ পৰা আঁতৰাই ৰাখি, জাহান্নামৰ শাস্তিৰ পৰা ৰক্ষা কৰা।
የአረብኛ ቁርኣን ማብራሪያ:
رَبَّنَاۤ اِنَّكَ مَنْ تُدْخِلِ النَّارَ فَقَدْ اَخْزَیْتَهٗ ؕ— وَمَا لِلظّٰلِمِیْنَ مِنْ اَنْصَارٍ ۟
হে আমাৰ প্ৰতিপালক! তুমি যাক জাহান্নামত নিক্ষেপ কৰা, নিশ্চয় তুমি তাক অপমানিত কৰা। কিয়ামতৰ দিনা অন্যায়কাৰী সকলৰ বাবে কোনো সহায়ক নহ'ব, যিয়ে সিহঁতক আল্লাহৰ আজাব আৰু শাস্তিৰ পৰা ৰক্ষা কৰিব।
የአረብኛ ቁርኣን ማብራሪያ:
رَبَّنَاۤ اِنَّنَا سَمِعْنَا مُنَادِیًا یُّنَادِیْ لِلْاِیْمَانِ اَنْ اٰمِنُوْا بِرَبِّكُمْ فَاٰمَنَّا ۖۗ— رَبَّنَا فَاغْفِرْ لَنَا ذُنُوْبَنَا وَكَفِّرْ عَنَّا سَیِّاٰتِنَا وَتَوَفَّنَا مَعَ الْاَبْرَارِ ۟ۚ
হে আমাৰ প্ৰতিপালক! আমি এজন আহ্বায়কক (অৰ্থাৎ মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক) এই বুলি আহ্বান কৰা শুনিছো, তোমালোকে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰা, তেৱেঁই তোমালোকৰ একমাত্ৰ ৰব্ব। এতেকে আমি তেওঁৰ কথা মানিছো আৰু তেওঁৰ চৰীয়তৰ প্ৰতি আমল কৰিছো। তুমি আমাৰ পাপসমূহ গোপনে ৰাখিবা আৰু আমাক অপমানিত নকৰিবা, লগতে আমাৰ ভুল-ত্ৰুটিবোৰ ক্ষমা কৰা আৰু সেই বিষয়ে আমাক সোধ-পোছ নকৰিবা। লগতে আমাক ভাল কাম কৰিবলৈ আৰু বেয়া কৰ্মৰ পৰা বিৰত থকাৰ তাওফীক প্ৰদান কৰি আমাক সৎলোকৰ লগত মৃত্যু প্ৰদান কৰা।
የአረብኛ ቁርኣን ማብራሪያ:
رَبَّنَا وَاٰتِنَا مَا وَعَدْتَّنَا عَلٰی رُسُلِكَ وَلَا تُخْزِنَا یَوْمَ الْقِیٰمَةِ ؕ— اِنَّكَ لَا تُخْلِفُ الْمِیْعَادَ ۟
হে আমাৰ প্ৰতিপালক! তুমি নিজ ৰাছুলসকলৰ জৰিয়তে যিবোৰ বস্তুৰ প্ৰতিশ্ৰুতি দিছিলা, সেইবোৰ আমাক প্ৰদান কৰা। অৰ্থাৎ পৃথিৱীত হিদায়ত আৰু সহায় প্ৰদান কৰা। আৰু কিয়ামতৰ দিনা জাহান্নামত নিক্ষেপ কৰি আমাক অপমানিত নকৰিবা। হে আমাৰ প্ৰতিপালক! নিশ্চয় তুমি অতি দয়ালু, তুমি কেতিয়াও তোমাৰ প্ৰতিশ্ৰুতি ভঙ্গ নকৰা।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• من صفات علماء السوء من أهل الكتاب: كتم العلم، واتباع الهوى، والفرح بمدح الناس مع سوء سرائرهم وأفعالهم.
আহলে কিতাবসকলৰ বেয়া বিদ্যানসকলৰ কিছুমান বৈশিষ্ট্য এই যে, জ্ঞান গোপন কৰা আৰু প্ৰবৃত্তিৰ অনুসৰণ কৰা লগতে সিহঁতৰ অন্তৰাত্মা তথা কৰ্ম বেয়া হোৱা সত্ত্বেও মানুহৰ প্ৰশংসাত আনন্দিত হয়।

• التفكر في خلق الله تعالى في السماوات والأرض وتعاقب الأزمان يورث اليقين بعظمة الله وكمال الخضوع له عز وجل.
আকাশমণ্ডল আৰু পৃথিৱীৰ সৃষ্টি তথা সময়ৰ আৱৰ্তন সম্পৰ্কে চিন্তা-চৰ্চা কৰিলে আল্লাহৰ মহানতাৰ প্ৰতি বিশ্বাস আৰু পূৰ্ণ সমৰ্পণৰ ভাৱনা সৃষ্টি হয়।

• دعاء الله وخضوع القلب له تعالى من أكمل مظاهر العبودية.
আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰা আৰু তেওঁৰ সন্মুখত আন্তৰিকতাৰে শিৰ নত কৰা, ভক্তিৰ সম্পূৰ্ণ দৃশ্যৰ অন্যতম।

 
የይዘት ትርጉም ምዕራፍ: ኣሊ-ኢምራን
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት