የቅዱስ ቁርዓን ይዘት ትርጉም - የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (23) ምዕራፍ: ሱረቱ ኣሊ-ኢምራን
اَلَمْ تَرَ اِلَی الَّذِیْنَ اُوْتُوْا نَصِیْبًا مِّنَ الْكِتٰبِ یُدْعَوْنَ اِلٰی كِتٰبِ اللّٰهِ لِیَحْكُمَ بَیْنَهُمْ ثُمَّ یَتَوَلّٰی فَرِیْقٌ مِّنْهُمْ وَهُمْ مُّعْرِضُوْنَ ۟
হে নবী! আপুনি সেইসকল ইয়াহুদীৰ অৱস্থা দেখা নাইনে, যিসকলক আল্লাহে তাওৰাতৰ জ্ঞানৰ এটা অংশ তথা তাত থকা আপোনাৰ নবুওৱতৰ নিদৰ্শন সম্পৰ্কে জ্ঞান দিছিল। যেতিয়া সিহঁতক আল্লাহৰ পুথি তাওৰাতৰ পিনে আহ্বান কৰা হৈছিল যাতে ইয়াৰ দ্বাৰা সিহঁতৰ বিবাদসমূহৰ মীমাংসা কৰা যায়, তেতিয়া সিহঁতৰ ধৰ্মগুৰু আৰু প্ৰমূখ লোকসকলৰ এটা দলে ইয়াৰ পৰা মুখ ঘূৰাই লৈছিল, কিয়নো ইয়াৰ বিধান সিহঁতৰ আকংক্ষাৰ অনুকূল নাছিল। অথচ এইটো হব লাগিছিল যে, যিহেতু সিহঁতে তাওৰাতৰ প্ৰতি আমলৰ দাবী পোষণ কৰে, সেয়ে সিহঁতে ইয়াৰ মীমাংসাৰ প্ৰতি অধিক আগ্ৰহী হ'ব লাগিছিল।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• أن التوفيق والهداية من الله تعالى، والعلم - وإن كثر وبلغ صاحبه أعلى المراتب - إن لم يصاحبه توفيق الله لم ينتفع به المرء.
পথপ্ৰদৰ্শন আৰু তাওফীক প্ৰদানকাৰী একমাত্ৰ আল্লাহ তাআলা। জ্ঞান যিমানেই অধিক নাথাকক কিয় আৰু সেই জ্ঞানৰ ফলত যিমান ডাঙৰ পদতেই অধিষ্ঠিত নহওঁক কিয়, যদি আল্লাহৰ তাওফীক লগত নাথাকে তেন্তে তাৰ দ্বাৰা উপকৃত হোৱা সম্ভৱ নহয়।

• أن الملك لله تعالى، فهو المعطي المانع، المعز المذل، بيده الخير كله، وإليه يرجع الأمر كله، فلا يُسأل أحد سواه.
ৰাজত্ব আল্লাহ তাআলাৰ। তেৱেঁই প্ৰদানকাৰী, তেৱেঁই প্ৰতিৰোধকাৰী, তেৱেঁই সন্মান দানকাৰী আৰু তেৱেঁই অপমানকাৰী। সকলো ধৰণৰ কল্যাণ তেওঁৰেই হাতত। সকলো ধৰণৰ বিষয় তেওঁৰ পিনেই প্ৰত্যাৱৰ্তন কৰে। তেওঁৰ বাহিৰে আন কাৰো ওচৰত প্ৰাৰ্থনা কৰা সমীচিন নহয়।

• خطورة تولي الكافرين، حيث توعَّد الله فاعله بالبراءة منه وبالحساب يوم القيامة.
কাফিৰসকলৰ লগত বন্ধুত্ব কৰাৰ ভয়াৱহ পৰিণাম। কাৰণ আল্লাহে সতৰ্ক কৰিছে যে, এনেকুৱা বন্ধুত্বকাৰীৰ লগত তেওঁৰ কোনো সম্পৰ্ক নাই লগতে ক্বিয়ামতৰ দিনা সি হিচাপ দিব লাগিব।

 
የይዘት ትርጉም አንቀጽ: (23) ምዕራፍ: ሱረቱ ኣሊ-ኢምራን
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ - የትርጉሞች ማዉጫ

የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ ቋንቋ፡ ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት