የቅዱስ ቁርዓን ይዘት ትርጉም - የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (30) ምዕራፍ: ሱረቱ ኣሊ-ኢምራን
یَوْمَ تَجِدُ كُلُّ نَفْسٍ مَّا عَمِلَتْ مِنْ خَیْرٍ مُّحْضَرًا ۖۚۛ— وَّمَا عَمِلَتْ مِنْ سُوْٓءٍ ۛۚ— تَوَدُّ لَوْ اَنَّ بَیْنَهَا وَبَیْنَهٗۤ اَمَدًاۢ بَعِیْدًا ؕ— وَیُحَذِّرُكُمُ اللّٰهُ نَفْسَهٗ ؕ— وَاللّٰهُ رَءُوْفٌۢ بِالْعِبَادِ ۟۠
ক্বিয়ামতৰ দিনা প্ৰত্যেক জীৱই নিজৰ সত্কৰ্ম কোনো ধৰণৰ হ্ৰাস নোহোৱাকৈ সন্মুখত হাজিৰ পাব তথা যিয়ে অসত্কৰ্ম কৰিছিল সি কামনা কৰিব যে, তাৰ আৰু সেই অসত্কৰ্মৰ মাজত দীৰ্ঘ সময়ৰ ব্যৱধান হওঁক। কিন্তু তাৰ এই আশা কেনেকৈ পূৰণ হ'ব! আল্লাহে তোমালোকক তেওঁৰ ভয় পোষণ কৰিবলৈ কয়। এতেকে গুনাহত লিপ্ত হৈ তেওঁৰ ক্ৰোধৰ অংশীদাৰ নহবা। নিশ্চয় আল্লাহ বান্দাসকলৰ প্ৰতি অতি দয়ালু। সেয়ে তেওঁ সিহঁতক ভয় দেখুৱায় আৰু সতৰ্ক কৰে।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• عظم مقام الله وشدة عقوبته تجعل العاقل على حذر من مخالفة أمره تعالى.
আল্লাহৰ সন্মুখত থিয় হোৱাৰ ভয় আৰু তেওঁৰ শাস্তিৰ কঠোৰতাই এজন বুদ্ধিমান ব্যক্তিক আল্লাহৰ আদেশৰ বিৰোধিতা কৰিবলৈ বিৰত ৰাখে।

• برهان المحبة الحقة لله ولرسوله باتباع الشرع أمرًا ونهيًا، وأما دعوى المحبة بلا اتباع فلا تنفع صاحبها.
আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি প্ৰকৃত মুহাব্বতৰ প্ৰমাণ হৈছে চৰীয়তৰ আদেশ আৰু নিষেধৰ ওপৰত আমল কৰা। অনুসৰণ নকৰাকৈ কৰা মুহাব্বতৰ দাবীয়ে কোনো উপকাৰ নকৰিব।

• أن الله تعالى يختار من يشاء من عباده ويصطفيهم للنبوة والعبادة بحكمته ورحمته، وقد يخصهم بآيات خارقة للعادة.
আল্লাহে তেওঁৰ বান্দাসকলৰ মাজৰ পৰা যাক ইচ্ছা কৰে নিজৰ হিকমত আৰু কৰুণাৰে নবুওৱত আৰু ইবাদতৰ বাবে নিৰ্বাচন কৰে আৰু বাচনি কৰে। আকৌ কেতিয়াবা তেওঁলোকক বিশেষ অলৌকিকতা প্ৰদান কৰে।

 
የይዘት ትርጉም አንቀጽ: (30) ምዕራፍ: ሱረቱ ኣሊ-ኢምራን
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ - የትርጉሞች ማዉጫ

የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ ቋንቋ፡ ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት