Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም ምዕራፍ: አል አሕዛብ   አንቀጽ:
یَسْـَٔلُكَ النَّاسُ عَنِ السَّاعَةِ ؕ— قُلْ اِنَّمَا عِلْمُهَا عِنْدَ اللّٰهِ ؕ— وَمَا یُدْرِیْكَ لَعَلَّ السَّاعَةَ تَكُوْنُ قَرِیْبًا ۟
হে ৰাছুল! মুশ্বৰিকসকলে নাকচ কৰাৰ আৰু অস্বীকাৰ কৰাৰ সুৰত আপোনাক কিয়ামত সম্পৰ্কে প্ৰশ্ন কৰে, তথা ইয়াহুদীসকলেও এই প্ৰশ্ন কৰে যে, কিয়ামত কেতিয়া সংঘটিত হ’ব? আপুনি ইহঁতক কৈ দিয়ক যে, কিয়ামতৰ সঠিক জ্ঞান একমাত্ৰ আল্লাহৰ ওচৰত আছে, এই বিষয়ে মোৰ ওচৰত কোনো তথ্য নাই। হে ৰাছুল! আপুনি কেনেকৈ উপলব্ধি কৰিব, হয়তো কিয়ামত অতি সন্নিকট?
የአረብኛ ቁርኣን ማብራሪያ:
اِنَّ اللّٰهَ لَعَنَ الْكٰفِرِیْنَ وَاَعَدَّ لَهُمْ سَعِیْرًا ۟ۙ
নিশ্চিতভাৱে আল্লাহে কাফিৰসকলক তেওঁৰ ৰহমতৰ পৰা আঁতৰাই ৰাখিছে, আৰু কিয়ামতৰ দিনা সিহঁতৰ বাবে প্ৰস্তুত কৰি ৰাখিছে জ্বলন্ত অগ্নিকুণ্ড। যিটো সিহঁতৰ অপেক্ষাত আছে।
የአረብኛ ቁርኣን ማብራሪያ:
خٰلِدِیْنَ فِیْهَاۤ اَبَدًا ۚ— لَا یَجِدُوْنَ وَلِیًّا وَّلَا نَصِیْرًا ۟ۚ
সিহঁতৰ বাবে প্ৰস্তুত কৰা সেই জুইশালত সিহঁত চিৰকাল অৱস্থান কৰিব। তাত সিহঁতৰ কোনো অভিভাৱক নাথাকিব, যিয়ে সিহঁতক উপকাৰ কৰিব পাৰিব; আৰু কোনো সহায়কো নাথাকিব, যিয়ে সিহঁতৰ পৰা শাস্তি দূৰ কৰিব পাৰিব।
የአረብኛ ቁርኣን ማብራሪያ:
یَوْمَ تُقَلَّبُ وُجُوْهُهُمْ فِی النَّارِ یَقُوْلُوْنَ یٰلَیْتَنَاۤ اَطَعْنَا اللّٰهَ وَاَطَعْنَا الرَّسُوْلَا ۟
কিয়ামতৰ দিনা সিহঁতৰ মুখমণ্ডল জুইত ওলট-পালট কৰা হ’ব। সিহঁতে সেইদিনা গভীৰ আফচোচ প্ৰকাশ কৰি তথা অনুতপ্ত হৈ ক’বঃ হায় আফচোচ! যদি আমি পাৰ্থিৱ জীৱনত আল্লাহৰ আদেশ পালন কৰিলোহেঁতেন আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকিলোহেঁতেন। হায় আফচোচ! আমি যদি ৰাছুলে লৈ অহা বাৰ্তাৰ অনুসৰণ কৰিলোহেঁতেন!
የአረብኛ ቁርኣን ማብራሪያ:
وَقَالُوْا رَبَّنَاۤ اِنَّاۤ اَطَعْنَا سَادَتَنَا وَكُبَرَآءَنَا فَاَضَلُّوْنَا السَّبِیْلَا ۟
সিহঁতে এটা অত্যন্ত তুচ্ছ আৰু নিম্নমানৰ প্ৰমাণ দাঙি ধৰি ক’বঃ হে আমাৰ প্ৰতিপালক! আমি আমাৰ নেতাসকলৰ তথা প্ৰমুখ লোকসকলৰ অনুসৰণ কৰিছিলোঁ। সিহঁতেই আমাক সঠিক পথৰ পৰা বিভ্ৰান্ত কৰিছে।
የአረብኛ ቁርኣን ማብራሪያ:
رَبَّنَاۤ اٰتِهِمْ ضِعْفَیْنِ مِنَ الْعَذَابِ وَالْعَنْهُمْ لَعْنًا كَبِیْرًا ۟۠
হে আমাৰ প্ৰতিপালক! যিসকলে আমাক সঠিক পথৰ পৰা বিভ্ৰান্ত কৰিছে সেই প্ৰমুখসকলক তথা নেতাসকলক তুমি দ্বিগুণ শাস্তি দিয়া, যিদৰে তুমি আমাক শাস্তি বিহিছা। কিয়নো সিহঁতেই আমাক বিভ্ৰান্ত কৰিছে। লগতে সিহঁতক তোমাৰ ৰহমতৰ পৰা বহু দূৰলৈ আঁতৰাই দিয়া।
የአረብኛ ቁርኣን ማብራሪያ:
یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا لَا تَكُوْنُوْا كَالَّذِیْنَ اٰذَوْا مُوْسٰی فَبَرَّاَهُ اللّٰهُ مِمَّا قَالُوْا ؕ— وَكَانَ عِنْدَ اللّٰهِ وَجِیْهًا ۟
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয়ত মুতাবিক আমলকাৰীসকল! তোমালোকে ৰাছুলক কষ্ট নিদিবা। অন্যথা তোমালোকেও সেইসকল লোকৰ অন্তৰ্ভুক্ত হ’বা, যিসকলে মুছাক কষ্ট দিছিল। উদাহৰণস্বৰূপে সিহঁতে মুছা আলাইহিচ্ছালামৰ শাৰীৰিক ত্ৰুটি থকা বুলি মিছা প্ৰচাৰ চলাইছিল, ফলত আল্লাহে সিহঁতৰ সেই দাবী মিছা প্ৰমাণিত কৰি এই কথা স্পষ্ট কৰিছিল যে, তেওঁৰ শৰীৰত কোনো ধৰণৰ ত্ৰুটি নাই। নিশ্চয় মুছা আলাইহিচ্ছালাম আছিল আল্লাহৰ ওচৰত অতি সন্মানীয় ব্যক্তি। তেওঁৰ প্ৰাৰ্থনা কেতিয়াও ব্যৰ্থ হোৱা নাছিল তথা তেওঁৰ প্ৰয়াসো বিফল হোৱা নাছিল।
የአረብኛ ቁርኣን ማብራሪያ:
یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوا اتَّقُوا اللّٰهَ وَقُوْلُوْا قَوْلًا سَدِیْدًا ۟ۙ
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয়ত মুতাবিক আমলকাৰীসকল! আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰা। তথা সদায় সত্য আৰু উত্তম কথা ক’বা।
የአረብኛ ቁርኣን ማብራሪያ:
یُّصْلِحْ لَكُمْ اَعْمَالَكُمْ وَیَغْفِرْ لَكُمْ ذُنُوْبَكُمْ ؕ— وَمَنْ یُّطِعِ اللّٰهَ وَرَسُوْلَهٗ فَقَدْ فَازَ فَوْزًا عَظِیْمًا ۟
যদি তোমালোকে আল্লাহক ভয় কৰা আৰু সদায় সত্য কথা কোৱা, তেন্তে আল্লাহে তোমালোকৰ কৰ্মবোৰ সংশোধন কৰি দিব, তথা সেইবোৰ স্বীকাৰ কৰিব। লগতে তোমালোকৰ গুনাহসমূহ ক্ষমা কৰি দিব, সেইবোৰৰ বাবে তোমালোকক জবাবদিহি নকৰিব। গতিকে যিয়ে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰিব, তেওঁ দৰাচলতে মহাসফলতা অৰ্জন কৰিব, সেই সফলতাৰ তুলনাত সকলো সফলতা তুচ্ছ। অৰ্থাৎ তেওঁ আল্লাহৰ সন্তুষ্টি অৰ্জন কৰাৰ সৌভাগ্য লাভ কৰিব আৰু জান্নাতত প্ৰৱেশ কৰাৰ সুযোগ লাভ কৰিব।
የአረብኛ ቁርኣን ማብራሪያ:
اِنَّا عَرَضْنَا الْاَمَانَةَ عَلَی السَّمٰوٰتِ وَالْاَرْضِ وَالْجِبَالِ فَاَبَیْنَ اَنْ یَّحْمِلْنَهَا وَاَشْفَقْنَ مِنْهَا وَحَمَلَهَا الْاِنْسَانُ ؕ— اِنَّهٗ كَانَ ظَلُوْمًا جَهُوْلًا ۟ۙ
চৰীয়তৰ দায়িত্বভাৰ তথা ধন-সম্পত্তি আৰু গোপন তথ্যৰ সংৰক্ষণৰ দায়িত্ব আদি আকাশমণ্ডল, পৃথিৱী আৰু পৰ্বতমালাক দিয়াৰ বাবে উপস্থাপন কৰিছিলোঁ, কিন্তু সেইবোৰে ইয়াৰ পৰিণাম সম্পৰ্কে চিন্তা কৰি ভয়তে ইয়াৰ দায়িত্ব লোৱাৰ পৰা আঁতৰি গ’ল। কিন্তু মানুহে সেই দায়িত্ব গ্ৰহণ কৰিলে। নিশ্চয় মানৱ হৈছে নিজৰ ওপৰত অন্যায়কাৰী তথা ইয়াৰ পৰিণাম সম্পৰ্কে অজ্ঞ।
የአረብኛ ቁርኣን ማብራሪያ:
لِّیُعَذِّبَ اللّٰهُ الْمُنٰفِقِیْنَ وَالْمُنٰفِقٰتِ وَالْمُشْرِكِیْنَ وَالْمُشْرِكٰتِ وَیَتُوْبَ اللّٰهُ عَلَی الْمُؤْمِنِیْنَ وَالْمُؤْمِنٰتِ ؕ— وَكَانَ اللّٰهُ غَفُوْرًا رَّحِیْمًا ۟۠
মানুহে আল্লাহৰ সিদ্ধান্ত অনুসাৰে এই দায়িত্বভাৰ গ্ৰহণ কৰিছে। যাতে আল্লাহে মুনাফিক পুৰুষ আৰু মুনাফিকা নাৰীক তথা মুশ্বৰিক পুৰুষ আৰু মুশ্বৰিকা নাৰীক সিহঁতৰ নিফাক আৰু আল্লাহৰ লগত কৰা শ্বিৰ্কৰ বাবে শাস্তি বিহিব পাৰে। পক্ষান্তৰে সেইসকল মুমিন পুৰুষ আৰু মুমিনা নাৰীৰ তাওবা কবূল কৰিব পাৰে, যিসকলে দায়িত্বভাৰ সুচাৰুৰূপে পালন কৰিছে। নিশ্চয় আল্লাহ তেওঁৰ তাওবাকাৰী বান্দাসকলৰ প্ৰতি অতি ক্ষমাশীল, তথা তেওঁলোকৰ প্ৰতি অতি দয়ালু।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• اختصاص الله بعلم الساعة.
কিয়ামতৰ সঠিক জ্ঞান একমাত্ৰ আল্লাহৰ ওচৰতহে আছে।

• تحميل الأتباع كُبَرَاءَهُم مسؤوليةَ إضلالهم لا يعفيهم هم من المسؤولية.
অনুগামীসকলে নেতাসকলৰ ওপৰত বিভ্ৰান্ত কৰাৰ দোষ জাপি দিলেই সিহঁত দোষমুক্ত হৈ নপৰিব।

• شدة التحريم لإيذاء الأنبياء بالقول أو الفعل.
নবীসকলক কথাৰ দ্বাৰাই হওক অথবা কৰ্মৰ দ্বাৰা, তেওঁলোকক কষ্ট দিয়াটো কঠোৰভাৱে নিষিদ্ধ।

• عظم الأمانة التي تحمّلها الإنسان.
মানুহে গ্ৰহণ কৰা দায়িত্বটো অতি গুৰুত্বপূৰ্ণ দায়িত্ব।

 
የይዘት ትርጉም ምዕራፍ: አል አሕዛብ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት