Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም ምዕራፍ: አል አሕዛብ   አንቀጽ:
تُرْجِیْ مَنْ تَشَآءُ مِنْهُنَّ وَتُـْٔوِیْۤ اِلَیْكَ مَنْ تَشَآءُ ؕ— وَمَنِ ابْتَغَیْتَ مِمَّنْ عَزَلْتَ فَلَا جُنَاحَ عَلَیْكَ ؕ— ذٰلِكَ اَدْنٰۤی اَنْ تَقَرَّ اَعْیُنُهُنَّ وَلَا یَحْزَنَّ وَیَرْضَیْنَ بِمَاۤ اٰتَیْتَهُنَّ كُلُّهُنَّ ؕ— وَاللّٰهُ یَعْلَمُ مَا فِیْ قُلُوْبِكُمْ ؕ— وَكَانَ اللّٰهُ عَلِیْمًا حَلِیْمًا ۟
হে ৰাছুল! আপুনি আপোনাৰ স্ত্ৰীসকলৰ মাজৰ পৰা যাৰ পাল বিলম্ব কৰিব বিচাৰে, বিলম্ব কৰিব পাৰে, আৰু তেওঁৰ সৈতে ৰাতি যাপনৰ পৰা বিৰত থাকিব পাৰে। তেওঁলোকৰ মাজৰ যাক ইচ্ছা তাকেই আপুনি লগত ৰাখিব পাৰে আৰু তেওঁৰ সৈতে ৰাতি অতিবাহিত কৰিব পাৰে। আনহাতে বিলম্বত থকা স্ত্ৰীসকলৰ মাজৰ কাৰোবাক যদি মাতি নিব বিচাৰে তথাপিও আপোনাৰ কোনো অপৰাধ নহয়। এই বিকল্পৰ সুবিধা আৰু প্ৰশস্ততা এইকাৰণে যে, যাতে আপোনাৰ দ্বাৰা আপোনাৰ স্ত্ৰীসকলৰ চকু শীতল হয় আৰু আপুনি তেওঁলোকক যি প্ৰদান কৰিছে সেইখিনিতে যাতে তেওঁলোক আটায়ে সন্তুষ্ট থাকে। কাৰণ তেওঁলোকে ভালকৈয়ে জানে যে, আপুনি কোনো জৰুৰী বিষয় ত্যাগ নকৰে তথা অধিকাৰ আদায়ত কৃপণালী নকৰে। হে পুৰুষসকল! আল্লাহে তোমালোকৰ অন্তৰৰ অৱস্থা সম্পৰ্কে ভালকৈয়ে অৱগত। উদাহৰণস্বৰূপে কোনোবা স্ত্ৰীক এৰি আন কোনোবা স্ত্ৰীৰ প্ৰতি অধিক আকৰ্ষিত হোৱা। নিশ্চয় আল্লাহ তেওঁৰ বান্দাসকলৰ কৰ্ম সম্পৰ্কে সম্যক অৱগত। তেওঁৰ পৰা একোৱেই গোপন নহয়। তেওঁ অতি সহনশীল, শাস্তি দিয়াত কেতিয়াও খৰধৰ নকৰে, যাতে সিহঁতে তেওঁৰ ওচৰলৈ তাওবা কৰিব পাৰে।
የአረብኛ ቁርኣን ማብራሪያ:
لَا یَحِلُّ لَكَ النِّسَآءُ مِنْ بَعْدُ وَلَاۤ اَنْ تَبَدَّلَ بِهِنَّ مِنْ اَزْوَاجٍ وَّلَوْ اَعْجَبَكَ حُسْنُهُنَّ اِلَّا مَا مَلَكَتْ یَمِیْنُكَ ؕ— وَكَانَ اللّٰهُ عَلٰی كُلِّ شَیْءٍ رَّقِیْبًا ۟۠
এতেকে হে ৰাছুল! আপোনাৰ বিবাহ বন্ধনত থকা স্ত্ৰীসকলৰ বাহিৰে আন কোনো নাৰীক বিবাহ কৰাটো এতিয়াৰ পৰা আপোনাৰ বাবে বৈধ নহয়। লগতে এওঁলোকক তালাক দিয়াও আপোনাৰ বাবে বৈধ নহয়। তথা এওঁলোকৰ মাজৰ কোনোবা এজনীক তালাক দি অন্য কোনো নাৰীক বিবাহ কৰাটোও আপোনাৰ বাবে বৈধ নহয়। যদিও সেই নাৰীৰ সৌন্দৰ্যই আপোনাক মুগ্ধ নকৰক কিয়। পক্ষান্তৰে আপুনি আপোনাৰ অধীনত থকা দাসীসকলৰ দ্বাৰা উপকৃত হ'ব পাৰে, এই ক্ষেত্ৰত সংখ্যাৰ কোনো নিৰ্ধাৰণ নাই। নিশ্চয় আল্লাহ প্ৰত্যেক বস্তুৰ সংৰক্ষক। এই বিধানটোৱে দৰাচলতে উম্মাহাতুল মুমিনীনসকলৰ মৰ্যাদাৰ প্ৰমাণবহন কৰে, কাৰণ তেওঁলোকক তালাক দিয়া আৰু তেওঁলোক নবীৰ বিবাহ বন্ধনত থকালৈকে অন্য কোনো স্ত্ৰীক বিবাহ কৰাটো নবীৰ বাবে নিষিদ্ধ কৰা হৈছে।
የአረብኛ ቁርኣን ማብራሪያ:
یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا لَا تَدْخُلُوْا بُیُوْتَ النَّبِیِّ اِلَّاۤ اَنْ یُّؤْذَنَ لَكُمْ اِلٰی طَعَامٍ غَیْرَ نٰظِرِیْنَ اِنٰىهُ وَلٰكِنْ اِذَا دُعِیْتُمْ فَادْخُلُوْا فَاِذَا طَعِمْتُمْ فَانْتَشِرُوْا وَلَا مُسْتَاْنِسِیْنَ لِحَدِیْثٍ ؕ— اِنَّ ذٰلِكُمْ كَانَ یُؤْذِی النَّبِیَّ فَیَسْتَحْیٖ مِنْكُمْ ؗ— وَاللّٰهُ لَا یَسْتَحْیٖ مِنَ الْحَقِّ ؕ— وَاِذَا سَاَلْتُمُوْهُنَّ مَتَاعًا فَسْـَٔلُوْهُنَّ مِنْ وَّرَآءِ حِجَابٍ ؕ— ذٰلِكُمْ اَطْهَرُ لِقُلُوْبِكُمْ وَقُلُوْبِهِنَّ ؕ— وَمَا كَانَ لَكُمْ اَنْ تُؤْذُوْا رَسُوْلَ اللّٰهِ وَلَاۤ اَنْ تَنْكِحُوْۤا اَزْوَاجَهٗ مِنْ بَعْدِهٖۤ اَبَدًا ؕ— اِنَّ ذٰلِكُمْ كَانَ عِنْدَ اللّٰهِ عَظِیْمًا ۟
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয়ত মুতাবিক আমলকাৰীসকল! তোমালোকে খোৱাৰ নিমন্ত্ৰণ নোপোৱাকৈ নবীৰ ঘৰত প্ৰৱেশ নকৰিবা। (আনহাতে যদি ভোজনৰ বাবে তোমালোকক নিমন্ত্ৰণ কৰা হয় তেন্তে) পানাহাৰ প্ৰস্তুত নোহোৱাৰ আগতে তাতগৈ বহি আলোচনাত লিপ্ত নহ’বা। বৰং যেতিয়া পানাহাৰ প্ৰস্তুত হ’ব আৰু তোমালোকক খোৱাৰ বাবে আহ্বান কৰা হ’ব তেতিয়া প্ৰৱেশ কৰিবা। আৰু খোৱা-বোৱা শেষ হোৱাৰ লগে লগে তোমালোকে তাৰ পৰা প্ৰস্থান কৰিবা। পানাহাৰ কৰাৰ পিছত পৰস্পৰে আলোচনাত লিপ্ত হৈ বহি নাথাকিবা। কাৰণ তোমালোকৰ এই আচৰণত নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কষ্ট পায়, কিন্তু তেওঁ তোমালোকক উঠি যোৱাৰ নিৰ্দেশ দিয়াত সংকোচবোধ কৰে। কিন্তু আল্লাহে সত্য কথা উপস্থাপন কৰাত কেতিয়াও সংকোচবোধ নকৰে। সেইকাৰণেই তেওঁ তোমালোকক প্ৰস্থান কৰাৰ আদেশ দিছে, যাতে তোমালোকৰ অৱস্থানে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক মনোকষ্ট নিদিয়ে। লগতে তোমালোকে যেতিয়া নবীৰ স্ত্ৰীসকলৰ পৰা প্ৰয়োজনীয় কোনো বস্তু যেনেঃ কাঁহী, বাটি আদি বিচৰা, তেতিয়া পৰ্দাৰ আঁৰৰ পৰা সেইবোৰ বিচাৰিবা। পৰ্দা নোহোৱাকৈ তেওঁলোকৰ সন্মুখতগৈ সেইবোৰ নিবিচাৰিবা, যাতে তোমালোকৰ দৃষ্টি তেওঁলোকৰ ওপৰত নপৰে। নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ মৰ্যাদাৰ খাতিৰত তথা তেওঁৰ স্ত্ৰীসকলৰ সুৰক্ষাৰ্থে এই আদেশ দিয়া হৈছে। আনহাতে পৰ্দাৰ আঁৰৰ পৰা বিচৰাটো তোমালোকৰ অন্তৰ আৰু তেওঁলোকৰ অন্তৰৰ বাবেও অধিক পৱিত্ৰতাৰ বিষয়। যাতে তোমালোকৰ আৰু তেওঁলোকৰ অন্তৰত চয়তানে কোনো কুমন্ত্ৰণা দিব নোৱাৰে, লগতে পাপকৰ্মক যাতে শোভনীয় কৰি উপস্থাপন কৰিব নোৱাৰে। হে মুমিনসকল! পানাহাৰ কৰাৰ পিছত বহি থাকি আলোচনাত লিপ্ত হৈ নবী চাল্লাল্লাহু আলাইহি অছাল্লামক কষ্ট দিয়াটো তোমালোকৰ বাবে উচিত নহয়। আৰু তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ স্ত্ৰীসকলক বিবাহ কৰাটোও তোমালোকৰ বাবে উচিত নহয়। কাৰণ তেওঁলোক হৈছে মুমিনসকলৰ মাতৃ। গতিকে মাক বিবাহ কৰাটো কোনো ব্যক্তিৰ বাবেই বৈধ নহয়। সেয়ে এইধৰণৰ কষ্ট অৰ্থাৎ নবীৰ মৃত্যুৰ পিছত তেওঁৰ স্ত্ৰীসকলক নিকাহ কৰাটো সম্পূৰ্ণৰূপে হাৰাম, তথা আল্লাহৰ দৃষ্টিত এইটো এটা মহাপাপ হিচাপে পৰিগণিত।
የአረብኛ ቁርኣን ማብራሪያ:
اِنْ تُبْدُوْا شَیْـًٔا اَوْ تُخْفُوْهُ فَاِنَّ اللّٰهَ كَانَ بِكُلِّ شَیْءٍ عَلِیْمًا ۟
তোমালোকে কোনো এটা কৰ্মক প্ৰকাশ কৰা অথবা অন্তৰত গোপনে ৰখা, সেইটো কেতিয়াও আল্লাহৰ পৰা গোপন হ’ব নোৱাৰে। কাৰণ নিশ্চিতভাৱে আল্লাহ সকলো বিষয়ে সৰ্বজ্ঞ। তোমালোকৰ কৰ্মই হওক অথবা আন কোনো বিষয়, একোৱেই তেওঁৰ পৰা গোপন নহয়। শীঘ্ৰেই তেওঁ তোমালোকক তোমালোকৰ কৰ্মৰ প্ৰতিদান দিব। ভাল হ’লে ভাল প্ৰতিদান আৰু বেয়া হ’লে বেয়া প্ৰতিফল দান কৰিব।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• عظم مقام النبي صلى الله عليه وسلم عند ربه؛ ولذلك عاتب الصحابة رضي الله عنهم الذين مكثوا في بيته صلى الله عليه وسلم لِتَأَذِّيه من ذلك.
আল্লাহৰ ওচৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ মৰ্যাদা অধিক, সেইকাৰণেই তেওঁ সেইসকল চাহাবাসকলক ভৰ্ৎসনা কৰিছে, যিসকলে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ঘৰত অৱস্থান কৰি তেওঁক কষ্ট দিছিল।

• ثبوت صفتي العلم والحلم لله تعالى.
আল্লাহৰ দুটা অন্যতম বৈশিষ্ট্যৰ প্ৰমাণ, এটা হ’ল ‘সৰ্বজ্ঞ’ আৰু আনটো হৈছে ‘সহনশীল’।

• الحياء من أخلاق النبي صلى الله عليه وسلم.
হায়া বা লজ্জা হৈছে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ উত্তম চৰিত্ৰৰ এটা অবিচ্ছেদ্য অংশ।

• صيانة مقام أمهات المؤمنين زوجات النبي صلى الله عليه وسلم.
মুমিনসকলৰ মাতৃ অৰ্থাৎ নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ স্ত্ৰীসকলৰ মৰ্যাদাৰ সুৰক্ষা।

 
የይዘት ትርጉም ምዕራፍ: አል አሕዛብ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት