የቅዱስ ቁርዓን ይዘት ትርጉም - የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (25) ምዕራፍ: ሱረቱ አል አሕዛብ
وَرَدَّ اللّٰهُ الَّذِیْنَ كَفَرُوْا بِغَیْظِهِمْ لَمْ یَنَالُوْا خَیْرًا ؕ— وَكَفَی اللّٰهُ الْمُؤْمِنِیْنَ الْقِتَالَ ؕ— وَكَانَ اللّٰهُ قَوِیًّا عَزِیْزًا ۟ۚ
আল্লাহে কুৰাইশ্ব আৰু গাতফানক আৰু সিহঁতৰ সঙ্গীসকলক নিৰাশ কৰি তথা সিহঁতৰ উদ্দেশ্যত উপনীত হোৱাৰ পৰা ব্যৰ্থ কৰি হতাশ অৱস্থাত ওভোতাই পঠিয়াইছিল। সিহঁতে মুমিনসকলক নিঃশেষ কৰাৰ ষড়যন্ত্ৰত বিফল হৈছিল। সিহঁতৰ লগত যুদ্ধ কৰিবলৈ মুমিনসকলৰ বাবে আল্লাহেই যথেষ্ট। তেৱেঁই প্ৰচণ্ড ধুমুহা প্ৰেৰণ কৰিছিল আৰু ফিৰিস্তাসকলক অৱতীৰ্ণ কৰিছিল। আল্লাহ সৰ্বশক্তিমান তথা মহাপৰাক্ৰমশালী, তেওঁৰ বিপক্ষে যিয়েই থিয় দিব, সি পৰাজিত হ’ব তথা অপমানিত লাঞ্ছিত হ’ব।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• تزكية الله لأصحاب رسول الله صلى الله عليه وسلم ، وهو شرف عظيم لهم.
স্বয়ং আল্লাহে ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ চাহাবাসকলৰ নিষ্কলুষতা বৰ্ণনা কৰাটো হৈছে তেওঁলোকৰ বাবে এটা মহামৰ্যাদা।

• عون الله ونصره لعباده من حيث لا يحتسبون إذا اتقوا الله.
যদি বান্দাই আল্লাহৰ তাক্বৱা অৱলম্বন কৰে অৰ্থাৎ সকলো ক্ষেত্ৰতে তেওঁক ভয় কৰে, তেন্তে আল্লাহ তেওঁক অভাৱনীয়ভাৱে সহায়-সহযোগ কৰে।

• سوء عاقبة الغدر على اليهود الذين ساعدوا الأحزاب.
বিশ্বাসঘাতক ইয়াহুদীসকলৰ বেয়া পৰিণামৰ বৰ্ণনা, যিসকলে যুদ্ধৰ কঠিন সন্ধিক্ষণত বিশ্বাসঘাতকতা কৰি শত্ৰু পক্ষক সহায় কৰিছিল।

• اختيار أزواج النبي صلى الله عليه وسلم رضا الله ورسوله دليل على قوة إيمانهنّ.
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ স্ত্ৰীসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ সন্তুষ্টিক চয়ন কৰাটো তেওঁলোকৰ মজবুত ঈমানৰ পৰিচায়ক।

 
የይዘት ትርጉም አንቀጽ: (25) ምዕራፍ: ሱረቱ አል አሕዛብ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ - የትርጉሞች ማዉጫ

የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ ቋንቋ፡ ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት