Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (50) ምዕራፍ: አል አሕዛብ
یٰۤاَیُّهَا النَّبِیُّ اِنَّاۤ اَحْلَلْنَا لَكَ اَزْوَاجَكَ الّٰتِیْۤ اٰتَیْتَ اُجُوْرَهُنَّ وَمَا مَلَكَتْ یَمِیْنُكَ مِمَّاۤ اَفَآءَ اللّٰهُ عَلَیْكَ وَبَنٰتِ عَمِّكَ وَبَنٰتِ عَمّٰتِكَ وَبَنٰتِ خَالِكَ وَبَنٰتِ خٰلٰتِكَ الّٰتِیْ هَاجَرْنَ مَعَكَ ؗ— وَامْرَاَةً مُّؤْمِنَةً اِنْ وَّهَبَتْ نَفْسَهَا لِلنَّبِیِّ اِنْ اَرَادَ النَّبِیُّ اَنْ یَّسْتَنْكِحَهَا ۗ— خَالِصَةً لَّكَ مِنْ دُوْنِ الْمُؤْمِنِیْنَ ؕ— قَدْ عَلِمْنَا مَا فَرَضْنَا عَلَیْهِمْ فِیْۤ اَزْوَاجِهِمْ وَمَا مَلَكَتْ اَیْمَانُهُمْ لِكَیْلَا یَكُوْنَ عَلَیْكَ حَرَجٌ ؕ— وَكَانَ اللّٰهُ غَفُوْرًا رَّحِیْمًا ۟
হে নবী! আমি আপোনাৰ বাবে সেইসকল স্ত্ৰী হালাল কৰিছোঁ, যিসকলৰ মোহৰানা আপুনি প্ৰদান কৰিছে। লগতে আমি আপোনাৰ বাবে হালাল কৰিছোঁ সেইসকল দাসীকো, যিসকলক আল্লাহে আপোনাৰ বাবে যুদ্ধলব্ধ সম্পদ হিচাপে আপোনাৰ অধীনস্থ কৰিছে। লগতে আমি আপোনাৰ বাবে আপোনাৰ খুৰাৰ কন্যাহঁতক বিবাহ কৰিবলৈ হালাল কৰিছোঁ, আপোনাৰ জেঠাই-পেহীৰ কন্যাহঁতক বিবাহ কৰিবলৈ হালাল কৰিছোঁ, মোমায়েৰৰ জীয়েকহঁতক বিবাহ কৰিবলৈ হালাল কৰিছোঁ, আৰু আপোনাৰ জেঠাই-মাহীহঁতৰ জীয়েকহঁতক বিবাহ কৰিবলৈ হালাল কৰিছোঁ, যিসকলে আপোনাৰ সৈতে মক্কাৰ পৰা মদীনালৈ হিজৰত কৰি আহিছে। লগতে সেইসকল নাৰীকো আপোনাৰ বাবে বৈধ কৰিছোঁ, যিসকলে কোনো মোহৰানা নোহোৱাকৈ আপোনাৰ ওচৰত নিজকে সমৰ্পন কৰিব বিচাৰে, গতিকে আপুনি ইচ্ছা কৰিলে তাইহঁতক বিবাহ কৰিব পাৰে। মোহৰানা বিহীন এই দানবিবাহ কেৱল আপোনাৰ বাবেহে বৈধ। আপোনাৰ বাহিৰে উম্মতৰ আন কাৰো বাবে এই বিবাহ বৈধ নহয়। মুমিনসকলৰ বিবাহৰ ক্ষেত্ৰত আমি তেওঁলোকৰ বাবে যি বৈধ কৰিছোঁ, সেয়া আমি ভালদৰেই জানো। সেয়ে তেওঁলোকৰ বাবে চাৰিজন স্ত্ৰীৰ সীমা অতিক্ৰম কৰা বৈধ নহয়। লগতে এই বিষয়টোও আমাৰ জ্ঞাত আছে যে, আমি তেওঁলোকৰ বাবে দাসীসকলৰ বিষয়ে কি কি বৈধ কৰিছোঁ। এইক্ষেত্ৰত তেওঁলোকে যিমানজনীৰ সৈতে ইচ্ছা উপকৃত হ’ব পাৰে, সংখ্যাৰ কোনো প্ৰতিবন্ধকতা নাই। আমি আপোনাক যিবোৰ বিশেষ অধিকাৰ দান কৰিছোঁ, সেইবোৰ আনৰ বাবে বৈধ নহয়। ইয়াৰ কাৰণ হৈছে যাতে আপুনি কোনো অসুবিধা তথা সংকীৰ্ণতাৰ সন্মুখীন নহয়। নিশ্চয় আল্লাহ তেওঁৰ তাওবাকাৰী বান্দাসকলৰ প্ৰতি অতি ক্ষমাশীল।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• الصبر على الأذى من صفات الداعية الناجح.
দুখ-কষ্টত ধৈৰ্য্য ধাৰণ কৰাটো সফল ধৰ্মপ্ৰচাৰকৰ বৈশিষ্ট্য।

• يُنْدَب للزوج أن يعطي مطلقته قبل الدخول بها بعض المال جبرًا لخاطرها.
নৱ বিবাহিত স্ত্ৰীক যৌন-মিলনৰ পূৰ্বেই যদি তালাক দিয়া হয়, তেন্তে স্বামীয়ে তাইৰ আন্তৰিক তৃপ্তিৰ বাবে স্বামীৰ সামৰ্থ অনুযায়ী তাইক সম্পদ প্ৰদান কৰা উচিত। এইটো স্বামীৰ ফালৰ পৰা লোৱা এটা ভাল পদক্ষেপ।

• خصوصية النبي صلى الله عليه وسلم بجواز نكاح الهبة، وإن لم يحدث منه.
নবী চাল্লাল্লাহু আলাইহি অছাল্লামক বিশেষ অধিকাৰ প্ৰদান কৰা হৈছিল যে, যদি কোনো নাৰীয়ে মোহৰ নোহোৱাকৈ নিজকে তেখেতৰ ওচৰত সমৰ্পন কৰে, তেন্তে তাইক বিবাহ কৰাটো তেখেতৰ বাবে বৈধ আছিল। যদিও এনেকুৱা কোনো ঘটনা তেখেতৰ জীৱনত সংঘটিত হোৱা নাই।

 
የይዘት ትርጉም አንቀጽ: (50) ምዕራፍ: አል አሕዛብ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት