Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (1) ምዕራፍ: ፋጢር

ফাতিৰ

ከመዕራፉ ዓላማዎች:
بيان فقر العباد المطلق إلى فاطر السماوات والأرض، وكمال غناه عنهم.
বান্দা সকলো ফালৰ পৰাই আকাশমণ্ডল আৰু পৃথিৱীৰ সৃষ্টিকৰ্তাৰ প্ৰতি মুখাপেক্ষী, আনহাতে তেওঁ সিহঁতৰ পৰা সম্পূৰ্ণৰূপে অমুখাপেক্ষী।

اَلْحَمْدُ لِلّٰهِ فَاطِرِ السَّمٰوٰتِ وَالْاَرْضِ جَاعِلِ الْمَلٰٓىِٕكَةِ رُسُلًا اُولِیْۤ اَجْنِحَةٍ مَّثْنٰی وَثُلٰثَ وَرُبٰعَ ؕ— یَزِیْدُ فِی الْخَلْقِ مَا یَشَآءُ ؕ— اِنَّ اللّٰهَ عَلٰی كُلِّ شَیْءٍ قَدِیْرٌ ۟
সকলো ধৰণৰ প্ৰশংসা একমাত্ৰ আল্লাহৰ বাবে, যিয়ে আকাশমণ্ডল আৰু পৃথিৱীক পূৰ্বৰ কোনো উদাহৰণ নোহোৱাকৈ সৃষ্টি কৰিছে। তেৱেঁই ফিৰিস্তাসকলক বাৰ্তাবাহক বনাইছে, তেওঁলোকেই ভাগ্য সম্পৰ্কীয় তেওঁৰ নিৰ্দেশনা জাৰি কৰে। তথা ফিৰিস্তাসকলৰ মাজতেই আছে এনেকুৱা বাৰ্তাবাহক যিয়ে নবীসকলক অহী পৌঁচাই দিয়াৰ কৰ্মত নিয়োজিত। আল্লাহেই তেওঁলোকক সুচাৰুৰূপে দায়িত্ব পালন কৰাৰ শক্তি প্ৰদান কৰিছে। তেওঁলোকৰ মাজৰ কিছুমানৰ আছে দুখন পাখি আৰু কিছুমানৰ আছে তিনিখন আৰু কিছুমানৰ আছে চাৰিখন পাখি। তেওঁলোকে সেইবোৰৰ সহায়ত আল্লাহৰ আদেশ জাৰি কৰিবলৈ উৰি ফুৰে। আল্লাহে তেওঁৰ ইচ্ছানুসাৰে তেওঁৰ কিছুমান সৃষ্টিক অংগ, সৌন্দৰ্য আৰু মনোমোহা সুৰৰ আকৰ্ষণ অধিক প্ৰদান কৰে। নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান। তেওঁক কোনেও বিৱশ কৰিব নোৱাৰে।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• مشهد فزع الكفار يوم القيامة مشهد عظيم.
কিয়ামতৰ দিনা কাফিৰসকলৰ ভীত-সন্ত্ৰস্ততাৰ দৃশ্যটো এটা মহা ভয়ানক দৃশ্য হ'ব।

• محل نفع الإيمان في الدنيا؛ لأنها هي دار العمل.
একমাত্ৰ পৃথিৱীৰ ঈমানেই হৈছে ফলপ্ৰসূ, কাৰণ এইটোৱে হৈছে আমলৰ ঠাই।

• عظم خلق الملائكة يدل على عظمة خالقهم سبحانه.
সৃষ্টিৰ ক্ষেত্ৰত ফিৰিস্তাসকল অতি ডাঙৰ আকৃতিৰ। এইটোৱে প্ৰমাণ কৰে যে, তেওঁলোকৰ সৃষ্টিকৰ্তা আৰু অধিক মহান।

 
የይዘት ትርጉም አንቀጽ: (1) ምዕራፍ: ፋጢር
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት