Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (37) ምዕራፍ: ፋጢር
وَهُمْ یَصْطَرِخُوْنَ فِیْهَا ۚ— رَبَّنَاۤ اَخْرِجْنَا نَعْمَلْ صَالِحًا غَیْرَ الَّذِیْ كُنَّا نَعْمَلُ ؕ— اَوَلَمْ نُعَمِّرْكُمْ مَّا یَتَذَكَّرُ فِیْهِ مَنْ تَذَكَّرَ وَجَآءَكُمُ النَّذِیْرُ ؕ— فَذُوْقُوْا فَمَا لِلظّٰلِمِیْنَ مِنْ نَّصِیْرٍ ۟۠
তাত সিহঁতে চিঞৰি চিঞৰি সহায় প্ৰাৰ্থনা কৰি ক’বঃ হে আমাৰ প্ৰতিপালক! আমাক এই জাহান্নামৰ পৰা উলিয়াই নিয়া, আমি পৃথিৱীত যি আমল কৰিছিলোঁ তাৰ বিপৰীতে আমি এতিয়া নেক আমল কৰিম, যাতে আমি তোমাৰ সন্তুষ্টি অৰ্জন কৰিব পাৰোঁ আৰু তোমাৰ শাস্তিৰ পৰা সুৰক্ষিত থাকিব পাৰোঁ। ইয়াৰ উত্তৰত আল্লাহে ক’বঃ আমি তোমালোকক ইমানখিনি আয়ু দিয়া নাছিলোনে যে, শিক্ষা গ্ৰহণ কৰিব বিচৰা ব্যক্তিয়ে শিক্ষা গ্ৰহণ কৰিব পাৰিলেহেঁতেন! তথা আল্লাহৰ ওচৰত তাওবা কৰি সদাচাৰী হ’ব পাৰিলেহেঁতেন?! আনকি তোমালোকক আল্লাহৰ শাস্তিৰ পৰা সতৰ্ক কৰিবলৈ তোমালোকৰ ওচৰত এজন ৰাছুলো আহিছিল। এতেকে এতিয়া তোমালোকৰ ওচৰত দাঙি ধৰিবলৈ কোনো প্ৰমাণো নাই আৰু কোনো উচিত অজুহাতো নাই। গতিকে এতিয়া জাহান্নামৰ শাস্তি ভোগ কৰা। কুফৰ তথা পাপকৰ্মত লিপ্ত হৈ নিজৰ ওপৰত অন্যায় কৰা লোকসকলৰ বাবে কোনো সহায়ক নাই, যিয়ে সিহঁতক আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা কৰিব পাৰিব অথবা সেই শাস্তি কিছু পৰিমাণ হ’লেও লাঘৱ কৰিব পাৰিব।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• فضل أمة محمد صلى الله عليه وسلم على سائر الأمم.
আন আন সকলো উম্মতৰ ওপৰত নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ উম্মতক প্ৰাধান্য দিয়া হৈছে।

• تفاوت إيمان المؤمنين يعني تفاوت منزلتهم في الدنيا والآخرة.
মুমিনসকলৰ ঈমানৰ তাৰতম্যই প্ৰমাণ কৰে যে, পৃথিৱী আৰু আখিৰাতত তেওঁলোকৰ মৰ্যাদা ভিন ভিন হ’ব।

• الوقت أمانة يجب حفظها، فمن ضيعها ندم حين لا ينفع الندم.
সময় হৈছে এটা আমানত, ইয়াক সুৰক্ষিত ৰখা অনিবাৰ্য। যিয়ে ইয়াক অপচয় কৰিব, সি এনেকুৱা সময়ত অনুতপ্ত হ’ব, যি সময়ৰ অনুতপ্তই একো লাভ নিদিব।

• إحاطة علم الله بكل شيء.
আল্লাহৰ জ্ঞানে সকলো বস্তুকে পৰিবেষ্টন কৰি আছে।

 
የይዘት ትርጉም አንቀጽ: (37) ምዕራፍ: ፋጢር
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት