Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም ምዕራፍ: አን-ኒሳዕ   አንቀጽ:
وَّالْمُحْصَنٰتُ مِنَ النِّسَآءِ اِلَّا مَا مَلَكَتْ اَیْمَانُكُمْ ۚ— كِتٰبَ اللّٰهِ عَلَیْكُمْ ۚ— وَاُحِلَّ لَكُمْ مَّا وَرَآءَ ذٰلِكُمْ اَنْ تَبْتَغُوْا بِاَمْوَالِكُمْ مُّحْصِنِیْنَ غَیْرَ مُسٰفِحِیْنَ ؕ— فَمَا اسْتَمْتَعْتُمْ بِهٖ مِنْهُنَّ فَاٰتُوْهُنَّ اُجُوْرَهُنَّ فَرِیْضَةً ؕ— وَلَا جُنَاحَ عَلَیْكُمْ فِیْمَا تَرٰضَیْتُمْ بِهٖ مِنْ بَعْدِ الْفَرِیْضَةِ ؕ— اِنَّ اللّٰهَ كَانَ عَلِیْمًا حَكِیْمًا ۟
বিবাহিত নাৰীক বিবাহ কৰা তোমালোকৰ বাবে হাৰাম কৰা হৈছে। কিন্তু আল্লাহৰ পথত যুদ্ধ কৰা অৱস্থাত বন্দী হৈ অহা নাৰীসকল এটা হায়েজ পাৰ কৰাৰ পিছত যদি স্পষ্ট হয় যে, তাই গৰ্ভৱতী নহয় তেন্তে তাইৰ লগত সহবাস কৰা তোমালোকৰ বাবে হালাল। এইটো তোমালোকৰ ওপৰত ফৰজ। আল্লাহে ইয়াৰ বাহিৰেও তোমালোকৰ বাবে আন আন নাৰীসকলক বৈধ কৰিছে, যদি তোমালোকে নিজৰ সম্পদ ব্যয় কৰি, হালাল পদ্ধতিৰে, ব্যভিচাৰৰ পৰা ৰক্ষা পোৱাৰ উদ্দেশ্যে নিজৰ সন্মান ৰক্ষা কৰিব বিচৰা। কিন্তু যিসকলক নাৰীক বিবাহ কৰি উপকৃত হব বিচৰা, সিহঁতক সিহঁতৰ মোহৰ আদায় দিয়া যিটো তোমালোকৰ ওপৰত ফৰজ কৰিছে। কিন্তু যদি ওৱাজীব মোহৰ নিৰ্ধাৰণ কৰাৰ পিছত পৰস্পৰৰ সন্মতিত তাত কোনো কম বেছি কৰা হয় তেন্তে তাত কোনো গুনাহ নাই। নিশ্চয় আল্লাহ সৃষ্টি সম্পৰ্কে সম্যক অৱগত, তেওঁৰ পৰা সিহঁতৰ কোনো বিষয় গোপন নহয়। তেওঁ চৰীয়ত প্ৰস্তুতকৰণত আৰু পৰিচালনাত মহাপ্ৰজ্ঞৱান।
የአረብኛ ቁርኣን ማብራሪያ:
وَمَنْ لَّمْ یَسْتَطِعْ مِنْكُمْ طَوْلًا اَنْ یَّنْكِحَ الْمُحْصَنٰتِ الْمُؤْمِنٰتِ فَمِنْ مَّا مَلَكَتْ اَیْمَانُكُمْ مِّنْ فَتَیٰتِكُمُ الْمُؤْمِنٰتِ ؕ— وَاللّٰهُ اَعْلَمُ بِاِیْمَانِكُمْ ؕ— بَعْضُكُمْ مِّنْ بَعْضٍ ۚ— فَانْكِحُوْهُنَّ بِاِذْنِ اَهْلِهِنَّ وَاٰتُوْهُنَّ اُجُوْرَهُنَّ بِالْمَعْرُوْفِ مُحْصَنٰتٍ غَیْرَ مُسٰفِحٰتٍ وَّلَا مُتَّخِذٰتِ اَخْدَانٍ ۚ— فَاِذَاۤ اُحْصِنَّ فَاِنْ اَتَیْنَ بِفَاحِشَةٍ فَعَلَیْهِنَّ نِصْفُ مَا عَلَی الْمُحْصَنٰتِ مِنَ الْعَذَابِ ؕ— ذٰلِكَ لِمَنْ خَشِیَ الْعَنَتَ مِنْكُمْ ؕ— وَاَنْ تَصْبِرُوْا خَیْرٌ لَّكُمْ ؕ— وَاللّٰهُ غَفُوْرٌ رَّحِیْمٌ ۟۠
হে পুৰুষ সমাজ! তোমালোকৰ মাজৰ যিয়ে আৰ্থিক দুৰ্বলতাৰ কাৰণে স্বাধীন নাৰীক বিবাহ কৰিবলৈ সক্ষম নহয়, সি আনৰ অধীনত থকা দাসীক বিবাহ কৰিব পাৰে যদি সেই দাসী প্ৰকাশ্যভাৱে মুমিনা হয়। আনহাতে প্ৰকৃত ঈমান সম্পৰ্কে আৰু আভ্যন্তৰীণ অৱস্থা সম্পৰ্কে আল্লাহেই ভালকৈ জানে। তোমালোক আৰু সিহঁত, ধৰ্ম আৰু মানৱতাৰ ক্ষেত্ৰত সমান, সেয়ে সিহঁতক বিবাহ কৰিবলৈ লাজ নকৰিবা। সিহঁতৰ লগত সিহঁতৰ মালিকৰ অনুমতি লৈ বিবাহ কৰিবা, লগতে সিহঁতক সিহঁতৰ মোহৰ আদায় দিয়া, তাত একো হ্ৰাস নকৰিবা আৰু আদায় দিয়াত অৱহেলা নকৰিবা। কিন্তু এই বিধান তেতিয়া জাৰি হব, যেতিয়া সিহঁত প্ৰকাশ্য ব্যভিচাৰিণী আৰু অবৈধ সম্পৰ্কৰ বাবে গোপনে প্ৰেম-প্ৰীতিত জড়িত নাথাকিব। আনহাতে যদি সিহঁত বিবাহৰ পিছত ব্যভিচাৰত লিপ্ত হয় তেন্তে সিহঁতক স্বাধীন নাৰীৰ অৰ্দ্ধেক দণ্ড প্ৰদান কৰা হব। অৰ্থাৎ পঞ্চাচটা বেত্ৰাঘাত কৰা হব। স্বাধীন নাৰীসকলৰ দৰে সিহঁতক ৰজম (শিল দলিয়াই মৃত্যু প্ৰদান) কৰা নহব। সজচৰিত্ৰ মুছলিম দাসীক বিবাহ কৰাৰ এই অনুমতি সেই ব্যক্তিৰ বাবে, যাৰ ব্যভিচাৰত লিপ্ত হোৱাৰ আশংকা হয় আৰু স্বাধীন নাৰীক বিবাহ কৰাৰ ক্ষমতা নাই। অথচ দাসীক বিবাহ কৰাতকৈ ধৈৰ্য ধাৰণ কৰা উত্তম, যাতে সন্তান দাসত্বৰ পৰা সুৰক্ষিত থাকে। নিশ্চয় আল্লাহ তাওবাকাৰী বান্দাসকলক ক্ষমা কৰে আৰু তেওঁলোকৰ প্ৰতি দয়া কৰে। এইটো তেওঁৰ দয়াৰেই বহিঃপ্ৰকাশ যে, স্বাধীন নাৰীক বিবাহ কৰাৰ ক্ষমতা নথকা অৱস্থাত, যদি ব্যভিচাৰত লিপ্ত হোৱাৰ আশংকা হয়, তেন্তে দাসীক বিবাহ কৰাৰ অনুমতি প্ৰদান কৰিছে।
የአረብኛ ቁርኣን ማብራሪያ:
یُرِیْدُ اللّٰهُ لِیُبَیِّنَ لَكُمْ وَیَهْدِیَكُمْ سُنَنَ الَّذِیْنَ مِنْ قَبْلِكُمْ وَیَتُوْبَ عَلَیْكُمْ ؕ— وَاللّٰهُ عَلِیْمٌ حَكِیْمٌ ۟
এইবোৰ চৰীয়তি আদেশৰ দ্বাৰা আল্লাহৰ উদ্দেশ্য এই যে, তেওঁ যাতে তোমালোকৰ বাবে তেওঁৰ চৰীয়ত তথা ধৰ্মৰ নিদৰ্শনসমূহ আৰু পৃথিৱী ও আখিৰাতৰ কল্যাণবোৰ তোমালোকৰ বাবে বৰ্ণনা কৰে। আল্লাহে এইটোও বিচাৰে যে, তেওঁ যাতে তোমালোকৰ বাবে অতীত হোৱা নবীসকলৰ হালাল-হাৰামৰ নিয়ম-নীতিসমূহ, তেওঁলোকৰ সদ্ব্যৱহাৰ আৰু প্ৰশংসনীয় চৰিত্ৰৰ পথ দেখুৱায়, যাতে তোমালোকেও সেই পথত পৰিচালিত হোৱা। আল্লাহে এইটোও বিচাৰে যে, তেওঁ তোমালোকক যাতে গুনাহৰ পৰা আনুগত্যৰ পিনে ঘূৰাই আনে। নিশ্চয় আল্লাহ তেওঁৰ বান্দাসকলৰ কল্যাণ সম্পৰ্কে অৱগত। সেয়ে তেওঁ সেই অনুসাৰেই আদেশ দিয়ে। তেওঁ চৰীয়ত প্ৰস্তুতকৰণত আৰু মানুহৰ কৰ্ম পৰিচালনাত অতি প্ৰজ্ঞাৱান।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• حُرمة نكاح المتزوجات: حرائر أو إماء حتى تنقضي عدتهن أيًّا كان سبب العدة.
বিবাহিত মহিলা, স্বাধীন হওঁক বা দাসী, সিহঁতক নিকাহ কৰা হাৰাম। যেতিয়া লৈকে স্বামীৰ পৰা পৃথক হৈ ইদ্দত পালন নকৰিব, ইদ্দতৰ সময় সীমা যিমানেই নহওঁক কিয়।

• أن مهر المرأة يتعين بعد الدخول بها، وجواز أن تحط بعض مهرها إذا كان بطيب نفس منها.
আৰু বুজা গল যে, স্ত্ৰীৰ মোহৰ তাইৰ লগত সহবাস কৰাৰ পিছত অনিবাৰ্য হৈ পৰে। আনহাতে স্ত্ৰীয়ে যদি নিজ ইচ্ছাই মোহৰানাৰ কিছু অংশ ক্ষমা কৰি দিয়ে তেন্তে তাই কৰিব পাৰে।

• جواز نكاح الإماء المؤمنات عند عدم القدرة على نكاح الحرائر؛ إذا خاف على نفسه الوقوع في الزنى.
যদি স্বাধীন নাৰীক বিবাহ কৰাৰ ক্ষমতা নাথাকে আৰু ব্যভিচাৰত লিপ্ত হোৱাৰ আশংকা হয় তেন্তে মুছলিম দাসীক বিবাহ কৰা বৈধ।

• من مقاصد الشريعة بيان الهدى والضلال، وإرشاد الناس إلى سنن الهدى التي تردُّهم إلى الله تعالى.
চৰীয়তৰ উদ্দেশ্যসমূহৰ অন্যতম এটা উদ্দেশ্য হৈছে, হিদায়ত আৰু ভ্ৰষ্টতা স্পষ্ট কৰা লগতে মানুহক আল্লাহৰ নিকটৱৰ্তী কৰিবলৈ হিদায়তৰ পথ দেখুৱা।

 
የይዘት ትርጉም ምዕራፍ: አን-ኒሳዕ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት