Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም ምዕራፍ: አን-ኒሳዕ   አንቀጽ:
لَا یُحِبُّ اللّٰهُ الْجَهْرَ بِالسُّوْٓءِ مِنَ الْقَوْلِ اِلَّا مَنْ ظُلِمَ ؕ— وَكَانَ اللّٰهُ سَمِیْعًا عَلِیْمًا ۟
প্ৰকাশ্যভাৱে বেয়া কথা কোৱা আল্লাহে পছন্দ নকৰে, বৰং তেওঁৰ ইয়াৰ ফলত ক্ৰোধান্বিত হয় আৰু শাস্তিৰ ভয় দেখুৱায়। কিন্তু কোনোবাই অত্যাচাৰিত হলে, তাৰ বাবে বৈধ কৰিছে অন্যায়ৰ বিৰুদ্ধে মাত মতা, বদ দুআ কৰা লগতে সেই অনুৰূপ বাক্য ব্যৱহাৰ কৰা। কিন্তু ধৈৰ্য ধাৰণ কৰাটো উত্তম। নিশ্চয় আল্লাহে তোমালোকৰ কথা শুনে আৰু তোমালোকৰ নিয়্যত সম্পৰ্কে অৱগত। এতেকে তোমালোকে বেয়া কথা আৰু বেয়া সংকল্পৰ পৰা বিৰত থাকা।
የአረብኛ ቁርኣን ማብራሪያ:
اِنْ تُبْدُوْا خَیْرًا اَوْ تُخْفُوْهُ اَوْ تَعْفُوْا عَنْ سُوْٓءٍ فَاِنَّ اللّٰهَ كَانَ عَفُوًّا قَدِیْرًا ۟
যিকোনো ভাল কথা অথবা কৰ্ম যদি তোমালোকে প্ৰকাশ কৰা নাইবা গোপন কৰা লগতে বেয়া ব্যৱহাৰকাৰীক ক্ষমা কৰি দিয়া তেন্তে জানি থোৱা! নিশ্চয় আল্লাহ অতি ক্ষমাশীল আৰু সৰ্বশক্তিমান। এতেকে ক্ষমা কৰা গুণটো তোমালোকৰ চৰিত্ৰ হোৱা উচিত, যাতে আল্লাহেও তোমালোকক ক্ষমা কৰি দিয়ে।
የአረብኛ ቁርኣን ማብራሪያ:
اِنَّ الَّذِیْنَ یَكْفُرُوْنَ بِاللّٰهِ وَرُسُلِهٖ وَیُرِیْدُوْنَ اَنْ یُّفَرِّقُوْا بَیْنَ اللّٰهِ وَرُسُلِهٖ وَیَقُوْلُوْنَ نُؤْمِنُ بِبَعْضٍ وَّنَكْفُرُ بِبَعْضٍ ۙ— وَّیُرِیْدُوْنَ اَنْ یَّتَّخِذُوْا بَیْنَ ذٰلِكَ سَبِیْلًا ۙ۟
যিসকলে আল্লাহৰ লগত কুফৰী কৰে, লগতে তেওঁৰ ৰাছুলসকলক অস্বীকাৰ কৰে, তথা আল্লাহ আৰু তেওঁৰ ৰাছুলসকলৰ মাজত পাৰ্থক্য কৰিব বিচাৰে, এনেকৈ যে, আল্লাহৰ প্ৰতি সিহঁতে ঈমান পোষণ কৰে কিন্তু ৰাছুলসকলক অস্বীকাৰ কৰে আৰু কয়ঃ আমি কিছুমান ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰোঁ আৰু আন কিছুমানক অস্বীকাৰ কৰোঁ। এইদৰে সিহঁতে কুফৰ আৰু ঈমানৰ মাজত এটা পথ উলিয়াব বিচাৰে আৰু সিহঁতে ভাৱে যে, এইটোৱে সিহঁতক মুক্তি প্ৰদান কৰিব।
የአረብኛ ቁርኣን ማብራሪያ:
اُولٰٓىِٕكَ هُمُ الْكٰفِرُوْنَ حَقًّا ۚ— وَاَعْتَدْنَا لِلْكٰفِرِیْنَ عَذَابًا مُّهِیْنًا ۟
যিসকলে এই পথ অৱলম্বন কৰে সিহঁতে প্ৰকৃত কাফিৰ। কিয়নো যিয়ে সকলো ৰাছুল অথবা কিছুমান ৰাছুলক অস্বীকাৰ কৰিছে, সি দৰাচলতে আল্লাহ আৰু তেওঁৰ সকলো ৰাছুলকেই অস্বীকাৰ কৰিছে। এতেকে আমি অস্বীকাৰকাৰী সকলৰ বাবে কিয়ামতৰ দিনা লাঞ্ছনাদায়ক শাস্তি প্ৰস্তুত কৰি ৰাখিছো। এইটো সিহঁতৰ সেই অহংকাৰৰ শাস্তি যাৰ ফলত সিহঁতে আল্লাহ তথা তেওঁৰ ৰাছুলসকলৰ প্ৰতি ঈমান পোষণ কৰা নাছিল।
የአረብኛ ቁርኣን ማብራሪያ:
وَالَّذِیْنَ اٰمَنُوْا بِاللّٰهِ وَرُسُلِهٖ وَلَمْ یُفَرِّقُوْا بَیْنَ اَحَدٍ مِّنْهُمْ اُولٰٓىِٕكَ سَوْفَ یُؤْتِیْهِمْ اُجُوْرَهُمْ ؕ— وَكَانَ اللّٰهُ غَفُوْرًا رَّحِیْمًا ۟۠
আনহাতে যিসকলে ঈমান আনিছে আৰু আল্লাহক একক বুলি স্বীকাৰ কৰিছে আৰু তেওঁৰ লগত আন কাকো অংশী স্থাপন কৰা নাই, লগতে তেওঁৰ সকলো ৰাছুলৰ প্ৰতিও ঈমান পোষণ কৰিছে, আৰু কাফিৰসকলৰ দৰে তেওঁলোকৰ মাজত পাৰ্থক্য কৰা নাই, আল্লাহে এইসকল লোকক তেওঁলোকৰ ঈমান আৰু নেক কৰ্মৰ বৰ ডাঙৰ প্ৰতিদান দান কৰিব। আল্লাহ তেওঁৰ তাওবাকাৰী বান্দাসকলৰ প্ৰতি ক্ষমাশীল আৰু তেওঁলোকৰ প্ৰতি কৃপাশীল।
የአረብኛ ቁርኣን ማብራሪያ:
یَسْـَٔلُكَ اَهْلُ الْكِتٰبِ اَنْ تُنَزِّلَ عَلَیْهِمْ كِتٰبًا مِّنَ السَّمَآءِ فَقَدْ سَاَلُوْا مُوْسٰۤی اَكْبَرَ مِنْ ذٰلِكَ فَقَالُوْۤا اَرِنَا اللّٰهَ جَهْرَةً فَاَخَذَتْهُمُ الصّٰعِقَةُ بِظُلْمِهِمْ ۚ— ثُمَّ اتَّخَذُوا الْعِجْلَ مِنْ بَعْدِ مَا جَآءَتْهُمُ الْبَیِّنٰتُ فَعَفَوْنَا عَنْ ذٰلِكَ ۚ— وَاٰتَیْنَا مُوْسٰی سُلْطٰنًا مُّبِیْنًا ۟
হে ৰাছুল! ইয়াহুদীসকলে আপোনাৰ পৰা মুছা আলাইহিচ ছালামৰ দৰে আকাশৰ পৰা এবাৰতেই এখন পুথি অনাৰ দাবী কৰে, যিটো আপোনাৰ প্ৰকৃত নবী হোৱাৰ প্ৰমাণ হব। এনে দাবীত আপুনি বিচলিত নহব, কিয়নো সিহঁতৰ পূৰ্বপুৰুষ সকলে মুছাৰ পৰা ইয়াতকৈও ডাঙৰ দাবী কৰিছিল, সিহঁতে কৈছিলঃ আমাক প্ৰকাশ্যভাৱে আল্লাহক দেখুৱা। ফলত সিহঁতক শাস্তিস্বৰূপে তত নোহোৱা কৰি দিয়া হৈছিল। পিছত আল্লাহে সিহঁতক আকৌ জীৱন দান কৰিছিল, তথাপিও সিহঁতে আল্লাহক এৰি গৰু পোৱালীৰ উপাসনাত লিপ্ত হৈছিল। অথচ সিহঁতৰ ওচৰত স্পষ্ট নিদৰ্শন আহিছিল যে, আল্লাহেই একমাত্ৰ প্ৰতিপালক আৰু কেৱল তেৱেঁই একমাত্ৰ ইবাদতৰ যোগ্য। তাৰ পিছতো আমি সিহঁতক ক্ষমা কৰিছিলো আৰু মুছা আলাইহিচ ছালামক তেওঁৰ সম্প্ৰদায়ৰ বিৰুদ্ধে স্পষ্ট প্ৰমাণ প্ৰদান কৰিছিলো।
የአረብኛ ቁርኣን ማብራሪያ:
وَرَفَعْنَا فَوْقَهُمُ الطُّوْرَ بِمِیْثَاقِهِمْ وَقُلْنَا لَهُمُ ادْخُلُوا الْبَابَ سُجَّدًا وَّقُلْنَا لَهُمْ لَا تَعْدُوْا فِی السَّبْتِ وَاَخَذْنَا مِنْهُمْ مِّیْثَاقًا غَلِیْظًا ۟
দৃঢ় প্ৰতিশ্ৰুতি লোৱাৰ উদ্দেশ্যে আমি সিহঁতৰ ওপৰত পৰ্বত উত্তোলন কৰিছিলো, যাতে সিহঁতে ভয় কৰে আৰু প্ৰতিশ্ৰুতি অনুসাৰে কৰ্ম কৰে। তাৰ পিছত আমি সিহঁতক কৈছিলোঃ ছাজদা কৰি শিৰ নত কৰা অৱস্থাত বাইতুল মাকদিছৰ দুৱাৰেৰে প্ৰৱেশ কৰা। কিন্তু সিহঁতে নিজৰ নিতম্ব চোঁচৰাই প্ৰৱেশ কৰিলে। আমি সিহঁতক আৰু কৈছিলোঃ শনিবাৰে মাছ মাৰি আমাৰ আদেশ উলংঘা নকৰিবা। কিন্তু সিহঁতে মান্য কৰা নাছিল। আৰু সিহঁতে মাছ মাৰিছিল। আমি সিহঁতৰ পৰা দৃঢ় অঙ্গীকাৰ লৈছিলো কিন্তু সিহঁতে অঙ্গীকাৰৰ মান ৰক্ষা কৰা নাছিল, আৰু অঙ্গীকাৰ ভঙ্গ কৰিছিল।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• يجوز للمظلوم أن يتحدث عن ظلمه وظالمه لمن يُرْجى منه أن يأخذ له حقه، وإن قال ما لا يسر الظالم.
নিৰ্যাতিত ব্যক্তিৰ বাবে বৈধ যে তেওঁ সেই ব্যক্তিৰ সন্মুখত অন্যায়কাৰী আৰু অন্যায়ৰ বিৰুদ্ধে ভাঙি পাতি কব পাৰে যিয়ে তেওঁক তেওঁৰ অধিকাৰ আনি দিব পাৰিব। এনে পৰিস্থিতিত তেওঁ অন্যায়কাৰীৰ বিৰুদ্ধে এনেকুৱা কথাও কব পাৰে যিটো অন্যায়কাৰীয়ে পছন্দ নকৰে।

• حض المظلوم على العفو - حتى وإن قدر - كما يعفو الرب - سبحانه - مع قدرته على عقاب عباده.
নিৰ্যাতিত ব্যক্তিক ক্ষমা কৰি দিয়াৰ প্ৰেৰণা দিয়া হৈছে। যদিও তেওঁ প্ৰতিশোধ লবলৈ সক্ষম। যিদৰে আল্লাহৰ ওচৰত শাস্তি প্ৰদানৰ শক্তি থকা সত্ত্বেও, তেওঁ নিজ বান্দাসকলক ক্ষমা কৰি দিয়ে।

• لا يجوز التفريق بين الرسل بالإيمان ببعضهم دون بعض، بل يجب الإيمان بهم جميعًا.
কিছুমান ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰি আৰু আন কিছুমানক অস্বীকাৰ কৰি তেওঁলোকৰ মাজত পাৰ্থক্য কৰা বৈধ নহয়। বৰং সকলো ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰা অনিবাৰ্য।

 
የይዘት ትርጉም ምዕራፍ: አን-ኒሳዕ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት