የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
13 : 43

لِتَسْتَوٗا عَلٰی ظُهُوْرِهٖ ثُمَّ تَذْكُرُوْا نِعْمَةَ رَبِّكُمْ اِذَا اسْتَوَیْتُمْ عَلَیْهِ وَتَقُوْلُوْا سُبْحٰنَ الَّذِیْ سَخَّرَ لَنَا هٰذَا وَمَا كُنَّا لَهٗ مُقْرِنِیْنَ ۟ۙ

এই সকলোবোৰ তেওঁ তোমালোকৰ বাবেই সৃষ্টি কৰিছে। যাতে ভ্ৰমণৰ সময়ত তোমালোকে এইবোৰ পৰিবহণত আৰোহণ কৰি আল্লাহৰ নিয়ামত স্মৰণ কৰিব পাৰা যে, তেৱেঁই এইবোৰক তোমালোকৰ অধীনস্থ কৰি দিছে। গতিকে তোমালোকে কোৱাঃ পৱিত্ৰ আৰু মহান সেই সত্ত্বা, যিয়ে এই পৰিবহনক আমাৰ অধীনস্থ কৰি দিছে, ফলত আমি আমাৰ ইচ্ছা মতে ইয়াক সঞ্চালন কৰিব পাৰোঁ। কাৰণ আল্লাহে এইবোৰক আমাৰ অধীনস্থ কৰি নিদিলে, নিশ্চয় আমি এইবোৰক আমাৰ অধীনস্থ কৰিব নোৱাৰিলোহেঁতেন। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• كل نعمة تقتضي شكرًا.
প্ৰত্যেক নিয়ামতেই কৃতজ্ঞতা দাবী কৰে। info

• جور المشركين في تصوراتهم عن ربهم حين نسبوا الإناث إليه، وكَرِهوهنّ لأنفسهم.
মুশ্বৰিকসকলে নিজ প্ৰতিপালকৰ ক্ষেত্ৰত অন্যায়ত লিপ্ত হৈ আছে। কিয়নো সিহঁতে আল্লাহৰ সৈতে কন্যা সন্তান সম্পৃক্ত কৰাত দ্বিধাবোধ নকৰে, কিন্তু নিজৰ বাবে সেয়া পছন্দ নকৰে। info

• بطلان الاحتجاج على المعاصي بالقدر.
পাপকৰ্মক সঠিক প্ৰমাণ কৰিবলৈ ভাগ্যক আহিলা হিচাপে লোৱা বৈধ নহয়। info

• المشاهدة أحد الأسس لإثبات الحقائق.
বাস্তৱতাক প্ৰমাণ কৰিবলৈ নিজ চকুৰে চোৱাটোও হৈছে গুৰুত্বপূৰ্ণ উৎস। info