Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (27) ምዕራፍ: አል ፈትህ
لَقَدْ صَدَقَ اللّٰهُ رَسُوْلَهُ الرُّءْیَا بِالْحَقِّ ۚ— لَتَدْخُلُنَّ الْمَسْجِدَ الْحَرَامَ اِنْ شَآءَ اللّٰهُ اٰمِنِیْنَ ۙ— مُحَلِّقِیْنَ رُءُوْسَكُمْ وَمُقَصِّرِیْنَ ۙ— لَا تَخَافُوْنَ ؕ— فَعَلِمَ مَا لَمْ تَعْلَمُوْا فَجَعَلَ مِنْ دُوْنِ ذٰلِكَ فَتْحًا قَرِیْبًا ۟
আল্লাহে তেওঁৰ ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক সত্য সহকাৰে সঁচা সপোন দেখুৱাইছিল, সপোন দেখি টোপনিৰ পৰা সাৰ পাই তেওঁ চাহাবাসকলক বৰ্ণনা কৰিছিল। তেওঁ সপোনত দেখা পাইছিল যে, তেওঁ আৰু তেওঁৰ চাহাবাসকলে নিৰাপদে শত্ৰুৰ পৰা নিৰ্ভয় হৈ সন্মানিত মছজিদত প্ৰৱেশ কৰি আছে। কিছুমানে কুৰবানীৰ কাম সমাপ্ত কৰি মূৰ খুৰোৱাইছে আৰু কিছুমানে চুলি চুটি কৰি লৈছে। হে মুমিনসকল! নিশ্চয় আল্লাহ তোমালোকৰ হিত সম্পৰ্কে অৱগত, যিবোৰৰ বিষয়ে তোমালোকে নাজানা। সেয়ে সেই বছৰ মক্কাত প্ৰৱেশ কৰাৰ সপোনটোক বাস্তৱৰূপ প্ৰদান নকৰাকৈ এটা সদ্য বিজয় প্ৰদান কৰিলে। এতেকে হুদাবিয়াৰ চুক্তি স্বাক্ষৰিত হ’ল আৰু ইয়াৰ পিছতেই হুদাইবিয়াত অংশগ্ৰহণ কৰা লোকৰ দ্বাৰাই খয়বৰৰ বিজয় দেখিবলৈ পোৱা গ’ল।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• الصد عن سبيل الله جريمة يستحق أصحابها العذاب الأليم.
আল্লাহৰ পথৰ পৰা মানুহক বিৰত ৰখাটো এনেকুৱা অপৰাধ, যি অপৰাধে মানুহক কষ্টদায়ক শাস্তিৰ উপযুক্ত বনাই দিয়ে।

• تدبير الله لمصالح عباده فوق مستوى علمهم المحدود.
আল্লাহে বান্দাসকলৰ হিত এনেকৈ সুৰক্ষা কৰে, যিটো বান্দাসকলৰ সীমিত জ্ঞানে ঢুকি পোৱাটো সম্ভৱ নহয়।

• التحذير من استبدال رابطة الدين بحمية النسب أو الجاهلية.
দ্বীনৰ সম্পৰ্কক বংশ অথবা অজ্ঞতাৰ অহংকাৰৰ দ্বাৰা পৰিবৰ্তন কৰাৰ পৰা সতৰ্ক কৰা হৈছে।

• ظهور دين الإسلام سُنَّة ووعد إلهي تحقق.
ইছলাম ধৰ্মৰ বিজয় হৈছে পূৰ্ব নিৰ্ধাৰিত তথা আল্লাহৰ প্ৰতিশ্ৰুতি, যিটো বাস্তৱায়িত হৈছে।

 
የይዘት ትርጉም አንቀጽ: (27) ምዕራፍ: አል ፈትህ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት