Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም ምዕራፍ: አጥ ጡር   አንቀጽ:
اَفَسِحْرٌ هٰذَاۤ اَمْ اَنْتُمْ لَا تُبْصِرُوْنَ ۟
তোমালোকে প্ৰত্যক্ষ কৰা এই শাস্তি যাদু নেকি বাৰু? নে তোমালোকে দেখাই পোৱা নাই?
የአረብኛ ቁርኣን ማብራሪያ:
اِصْلَوْهَا فَاصْبِرُوْۤا اَوْ لَا تَصْبِرُوْا ۚ— سَوَآءٌ عَلَیْكُمْ ؕ— اِنَّمَا تُجْزَوْنَ مَا كُنْتُمْ تَعْمَلُوْنَ ۟
এই জাহান্নামৰ জুইৰ গৰমৰ সোৱাদ লোৱা, তথা উপভোগ কৰা। তোমালোকে এই জুইৰ উত্তাপ সহ্য কৰা বা নকৰা, দুয়োটাই তোমালোকৰ বাবে সমান। আজি তোমালোকক সেই কুফৰী আৰু গুনাহৰ বাবেই শাস্তি বিহা হ’ব,যিবোৰ তোমালোকে পৃথিৱীত কৰিছিলা।
የአረብኛ ቁርኣን ማብራሪያ:
اِنَّ الْمُتَّقِیْنَ فِیْ جَنّٰتٍ وَّنَعِیْمٍ ۟ۙ
আল্লাহৰ আদেশ পালন কৰা আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থকা মুত্ত্বাক্বীসকলে নিশ্চিতভাৱে জান্নাতত এনেকুৱা মহা নিয়ামতৰ মাজত থাকিব, যিবোৰ কেতিয়াও সমাপ্ত নহ’ব।
የአረብኛ ቁርኣን ማብራሪያ:
فٰكِهِیْنَ بِمَاۤ اٰتٰىهُمْ رَبُّهُمْ ۚ— وَوَقٰىهُمْ رَبُّهُمْ عَذَابَ الْجَحِیْمِ ۟
আল্লাহে প্ৰদান কৰা বিভিন্ন প্ৰকাৰৰ পানাহাৰ তেওঁলোকে উপভোগ কৰিব, তথা স্ত্ৰীসকলৰ দ্বাৰা উপকৃত হ’ব। আল্লাহে তেওঁলোকক জাহান্নামৰ শাস্তিৰ পৰা ৰক্ষা কৰিব। এইদৰে তেওঁলোকে ভোগ-সামগ্ৰী অৰ্জনত সফলতা লাভ কৰিব আৰু অপ্ৰীতিকৰ বস্তুৰ পৰা ৰক্ষা পোৱাৰ ক্ষেত্ৰতো সফলতা অৰ্জন কৰিব।
የአረብኛ ቁርኣን ማብራሪያ:
كُلُوْا وَاشْرَبُوْا هَنِیْٓـًٔا بِمَا كُنْتُمْ تَعْمَلُوْنَ ۟ۙ
তেওঁলোকক কোৱা হ’বঃ মনে যি বিচাৰে সেইটোৱে পানাহাৰ কৰা। তোমালোকৰ এই পানাহাৰৰ ফলত কোনো ধৰণৰ ক্ষয়-ক্ষতি নহ’ব। এইটো হৈছে দৰচলতে পৃথিৱীত কৰা তোমালোকৰ কৰ্মৰ প্ৰতিদানহে।
የአረብኛ ቁርኣን ማብራሪያ:
مُتَّكِـِٕیْنَ عَلٰی سُرُرٍ مَّصْفُوْفَةٍ ۚ— وَزَوَّجْنٰهُمْ بِحُوْرٍ عِیْنٍ ۟
সুসৌন্দৰ্যময় আসনত তেওঁলোকে আউজি বহিব, সেই আসনবোৰ ওচৰা-ওচৰিকৈ থাকিব তথা ইজনে সিজনৰ সন্মুখত থাকিব। লগতে আমি তেওঁলোকক মৃগনয়নী ডাঙৰ চকু বিশিষ্টা ধুনীয়া নাৰীৰ সৈতে বিবাহ বন্ধনত আৱদ্ধ কৰাম।
የአረብኛ ቁርኣን ማብራሪያ:
وَالَّذِیْنَ اٰمَنُوْا وَاتَّبَعَتْهُمْ ذُرِّیَّتُهُمْ بِاِیْمَانٍ اَلْحَقْنَا بِهِمْ ذُرِّیَّتَهُمْ وَمَاۤ اَلَتْنٰهُمْ مِّنْ عَمَلِهِمْ مِّنْ شَیْءٍ ؕ— كُلُّ امْرِىۢ بِمَا كَسَبَ رَهِیْنٌ ۟
যিসকল লোকে ঈমান আনিছে, আৰু তেওঁলোকৰ সন্তানসকলেও ঈমান পোষণ কৰি তেওঁলোকৰ অনুসৰণ কৰিছে, আমি সেই সন্তানসকলকো তেওঁলোকৰ সৈতে একত্ৰিত কৰিম, যদিও সন্তানসকলে তেওঁলোকৰ সমান আমল কৰা নাই। আমি তেওঁলোকৰ আমলৰ প্ৰতিদান দিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ কৃপণালি নকৰোঁ। আনহাতে প্ৰত্যেক ব্যক্তিয়ে নিজৰ বেয়া কৰ্মৰ বাবে নিজে জগৰীয়া। অন্য কোনো ব্যক্তিয়ে তাৰ এই বোজা লাঘৱ কৰিব নোৱাৰিব।
የአረብኛ ቁርኣን ማብራሪያ:
وَاَمْدَدْنٰهُمْ بِفَاكِهَةٍ وَّلَحْمٍ مِّمَّا یَشْتَهُوْنَ ۟
আমি জান্নাতৰ এই অধিবাসীসকলক বিভিন্ন প্ৰকাৰৰ ফল-মূল দান কৰিম, লগতে তেওঁলোকৰ মনে বিচৰা মাংসও প্ৰদান কৰিম।
የአረብኛ ቁርኣን ማብራሪያ:
یَتَنَازَعُوْنَ فِیْهَا كَاْسًا لَّا لَغْوٌ فِیْهَا وَلَا تَاْثِیْمٌ ۟
জান্নাতত তেওঁলোকে পৰস্পৰে সুৰাৰ পিয়লা আদান-প্ৰদান কৰিব, কিন্তু সেই সুৰা পান কৰাৰ ফলত কোনো ধৰণৰ অনৰ্থক কথা নোলাব আৰু সেই সেৱন গুনাহৰো কাৰণ নহ’ব, যিদৰে পৃথিৱীত মাতাল হৈ অনৰ্থক কথা কৈছিল।
የአረብኛ ቁርኣን ማብራሪያ:
وَیَطُوْفُ عَلَیْهِمْ غِلْمَانٌ لَّهُمْ كَاَنَّهُمْ لُؤْلُؤٌ مَّكْنُوْنٌ ۟
তেওঁলোকৰ চাৰিওফালে সেৱাত নিয়োজিত থাকিব কিশোৰসকলৰ এটা দল, তেওঁলোক পৰিস্কাৰ-পৰিচ্ছন্ন আৰু বগা আটক ধুনীয়া হ’ব, যেনিবা সুৰক্ষিত মুকুতা।
የአረብኛ ቁርኣን ማብራሪያ:
وَاَقْبَلَ بَعْضُهُمْ عَلٰی بَعْضٍ یَّتَسَآءَلُوْنَ ۟
জান্নাতীসকলে ইজনে সিজনক পাৰ্থিৱ জীৱনৰ অৱস্থা সম্পৰ্কে সোধ-পোচ কৰিব।
የአረብኛ ቁርኣን ማብራሪያ:
قَالُوْۤا اِنَّا كُنَّا قَبْلُ فِیْۤ اَهْلِنَا مُشْفِقِیْنَ ۟
তেতিয়া তেওঁলোকে উত্তৰ দিবঃ আমি পৃথিৱীত পৰিয়ালবৰ্গৰ মাজত থকা অৱস্থাতো আল্লাহৰ শাস্তিক ভয় কৰিছিলোঁ।
የአረብኛ ቁርኣን ማብራሪያ:
فَمَنَّ اللّٰهُ عَلَیْنَا وَوَقٰىنَا عَذَابَ السَّمُوْمِ ۟
আল্লাহে আমাৰ ওপৰত উপকাৰ কৰি আমাক ইছলাম গ্ৰহণ কৰাৰ তাওফীক প্ৰদান কৰিছিল। লগতে তেৱেঁই আমাক প্ৰচণ্ড উত্তপ্ত শাস্তিৰ পৰা ৰক্ষা কৰিছে।
የአረብኛ ቁርኣን ማብራሪያ:
اِنَّا كُنَّا مِنْ قَبْلُ نَدْعُوْهُ ؕ— اِنَّهٗ هُوَ الْبَرُّ الرَّحِیْمُ ۟۠
পাৰ্থিৱ জীৱনত আমি তেওঁৰেই ইবাদত কৰিছিলোঁ, আৰু তেওঁৰ ওচৰতেই জাহান্নামৰ শাস্তিৰ পৰা ৰক্ষা পোৱাৰ বাবে প্ৰাৰ্থনা কৰিছিলোঁ। নিশ্চয় তেওঁ পৰোপকাৰী, বান্দাসকলৰ প্ৰতিশ্ৰুতি পূৰণত সত্যবাদী, তেওঁলোকৰ প্ৰতি পৰম দয়ালু। এতেকে তেওঁৰ কৃপাৰ ফলতেই আমি ঈমান পোষণ কৰিছোঁ আৰু জান্নাতত প্ৰৱেশ কৰিছোঁ তথা জাহান্নামৰ পৰা ৰক্ষা পাইছোঁ।
የአረብኛ ቁርኣን ማብራሪያ:
فَذَكِّرْ فَمَاۤ اَنْتَ بِنِعْمَتِ رَبِّكَ بِكَاهِنٍ وَّلَا مَجْنُوْنٍ ۟ؕ
হে ৰাছুল! আপুনি কোৰআনৰ জৰিয়তে উপদেশ দি থাকক। আল্লাহে আপোনাক যি ঈমান আৰু বিবেক দান কৰিছে, ইয়াৰ ফলত আপুনি কোনো গণকো নহয় যে, জিনৰ পৰামৰ্শ মতে আপুনি কাম কৰে নাইবা আপুনি কোনো উন্মাদো নহয়।
የአረብኛ ቁርኣን ማብራሪያ:
اَمْ یَقُوْلُوْنَ شَاعِرٌ نَّتَرَبَّصُ بِهٖ رَیْبَ الْمَنُوْنِ ۟
বৰং এই অস্বীকাৰকাৰীসকলে কয়ঃ মুহাম্মদ কোনো ৰাছুল নহয়, বৰং তেওঁ হৈছে এজন কবি। আমি অপেক্ষা কৰি আছোঁ, মৃত্যুৱে এওঁক সাৱটি লওক; যাতে আমি শান্তিত থাকিব পাৰোঁ।
የአረብኛ ቁርኣን ማብራሪያ:
قُلْ تَرَبَّصُوْا فَاِنِّیْ مَعَكُمْ مِّنَ الْمُتَرَبِّصِیْنَ ۟ؕ
হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়কঃ তোমালোকে মোৰ মৃত্যুৰ অপেক্ষা কৰা, আৰু মই সেই শাস্তিৰ অপেক্ষা কৰি আছোঁ যিটো তোমালোকৰ ওপৰত আহিব, কাৰণ তোমালোকে মোক অস্বীকাৰ কৰিছা।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• الجمع بين الآباء والأبناء في الجنة في منزلة واحدة وإن قصر عمل بعضهم إكرامًا لهم جميعًا حتى تتم الفرحة.
জান্নাতৰ এটা স্থানতেই পিতা-পুত্ৰক একত্ৰিত কৰা হ'ব, যদিও তেওঁলোকৰ মাজৰ কাৰোবাৰ আমল কম হওক। দৰাচলতে আল্লাহে তেওঁলোকৰ প্ৰতি অনুগ্ৰহ কৰিব, যাতে তেওঁলোকে পৰিপূৰ্ণ আনন্দ উপভোগ কৰিব পাৰে।

• خمر الآخرة لا يترتب على شربها مكروه.
আখিৰাতৰ সুৰা সেৱন কৰিলে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহ’ব।

• من خاف من ربه في دنياه أمّنه في آخرته.
যি ব্যক্তিয়ে পৃথিৱীত আল্লাহক ভয় কৰিব, আল্লাহে তাক আখিৰাতত চিন্তামুক্ত ৰাখিব।

 
የይዘት ትርጉም ምዕራፍ: አጥ ጡር
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት