Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም ምዕራፍ: አጥ ጡር   አንቀጽ:
اَمْ تَاْمُرُهُمْ اَحْلَامُهُمْ بِهٰذَاۤ اَمْ هُمْ قَوْمٌ طَاغُوْنَ ۟ۚ
সিহঁতৰ বিবেকে সিহঁতক এই কথা ক’বলৈ আদেশ দিয়ে নেকি যে, মুহাম্মদ এজন গণক তথা তেওঁ এজন উন্মাদ ব্যক্তি? দৰাচলতে সিহঁতে এজন ব্যক্তিৰ মাজত এনেকুৱা বৈশিষ্ট্য একত্ৰিত কৰিব বিচাৰে, যিটো কেতিয়াও সম্ভৱ নহয়। বৰং সিহঁত হৈছে সীমালঙ্ঘনকাৰী সম্প্ৰদায়। সিহঁতে চৰীয়তৰ পিনেও প্ৰত্যাৱৰ্তন নকৰে আৰু বিবেকৰ প্ৰতিও নকৰে।
የአረብኛ ቁርኣን ማብራሪያ:
اَمْ یَقُوْلُوْنَ تَقَوَّلَهٗ ۚ— بَلْ لَّا یُؤْمِنُوْنَ ۟ۚ
অথবা সিহঁতে এই কথা কয় নেকি যে, মুহাম্মদে এই কোৰআনখন নিজেই ৰচনা কৰিছে, তেওঁৰ প্ৰতি ইয়াক অহী কৰা নাই, প্ৰকৃততে তেওঁ ইয়াক ৰচনা কৰা নাই। বৰং সিহঁতে ইয়াৰ প্ৰতি ঈমান পোষণ কৰাৰ ক্ষেত্ৰত অহংকাৰ কৰিছে। সেইকাৰণেই সিহঁতে ইয়াৰ প্ৰতি মিছা আৰোপ কৰি কয় যে, তেওঁ ইয়াক ৰচনা কৰিছে।
የአረብኛ ቁርኣን ማብራሪያ:
فَلْیَاْتُوْا بِحَدِیْثٍ مِّثْلِهٖۤ اِنْ كَانُوْا صٰدِقِیْنَ ۟ؕ
এতেকে সিহঁতে এই কোৰআনৰ দৰেই কোনো বাণী লৈ আহকচোন, দৰকাৰ হ’লে ৰচনা কৰিয়ে লৈ আহক। সঁচাই যদি সিহঁত নিজৰ এই দাবীত সত্যবাদী যে, মুহাম্মদে ইয়াক নিজেই ৰচনা কৰিছে।
የአረብኛ ቁርኣን ማብራሪያ:
اَمْ خُلِقُوْا مِنْ غَیْرِ شَیْءٍ اَمْ هُمُ الْخٰلِقُوْنَ ۟ؕ
সিহঁতে সৃষ্টিকৰ্তা নোহোৱাকৈয়ে সৃষ্টি হৈছে নেকি? নে সিহঁতে নিজেই নিজক সৃষ্টি কৰিছে? সৃষ্টিকৰ্তা নোহোৱাকৈ কোনো সৃষ্টিয়েই অস্তিত্ব লাভ কৰা সম্ভৱ নহয়। এইদৰে কোনো সৃষ্টিয়েও নিজেই নিজকে সৃষ্টি কৰিবলৈ সক্ষম নহয়। তথাপিও সিহঁতে নিজৰ সৃষ্টিকৰ্তাৰ ইবাদত কিয় নকৰে?!
የአረብኛ ቁርኣን ማብራሪያ:
اَمْ خَلَقُوا السَّمٰوٰتِ وَالْاَرْضَ ۚ— بَلْ لَّا یُوْقِنُوْنَ ۟ؕ
আকাশমণ্ডল আৰু পৃথিৱীক সিহঁতে সৃষ্টি কৰিছে নেকি? দৰাচলতে সিহঁতে বিশ্বাসেই নকৰে যে, আল্লাহেই হৈছে সিহঁতৰ সৃষ্টিকৰ্তা। কিয়নো যদি সিহঁতে বিশ্বাস কৰিলেহেঁতেন তেন্তে নিশ্চয় তেওঁক একক বুলি স্বীকাৰ কৰিলেহেঁতেন আৰু তেওঁৰ ৰাছুলৰ ওপৰত ঈমান আনিলেহেঁতেন।
የአረብኛ ቁርኣን ማብራሪያ:
اَمْ عِنْدَهُمْ خَزَآىِٕنُ رَبِّكَ اَمْ هُمُ الْمُصَۜیْطِرُوْنَ ۟ؕ
অথবা সিহঁতৰ ওচৰত আপোনাৰ প্ৰতিপালকৰ জীৱিকা ভাণ্ডাৰ আছে নেকি, ফলত সিহঁতে যাক ইচ্ছা দান কৰিব আৰু যাক ইচ্ছা বঞ্চিত কৰিব?! তথা সিহঁতে যাক ইচ্ছা কৰিব নবুওৱত দান কৰিব আৰু যাক ইচ্ছা কৰিব আঁতৰাই ৰাখিব? নে সিহঁতক নিজ ইচ্ছা মতে ব্যয় কৰাৰ অধিকাৰ দিয়া হৈছে?
የአረብኛ ቁርኣን ማብራሪያ:
اَمْ لَهُمْ سُلَّمٌ یَّسْتَمِعُوْنَ فِیْهِ ۚ— فَلْیَاْتِ مُسْتَمِعُهُمْ بِسُلْطٰنٍ مُّبِیْنٍ ۟ؕ
অথবা সিহঁতৰ ওচৰত চিৰি আছে নেকি, যাৰ সহায়ত সিহঁতে আকাশত আৰোহণ কৰি আল্লাহৰ অহী শ্ৰৱণ কৰে যে, সিহঁত সত্য পথত আছে? এতেকে সিহঁতৰ মাজৰ যিয়ে সেই অহী শুনা পাইছে, সিয়ে স্পষ্ট প্ৰমাণ লৈ অহা উচিত, যিটোৱে প্ৰমাণ কৰিব সিহঁতৰ এই দাবী সত্য যে সিহঁত সত্যৰ ওপৰত প্ৰতিষ্ঠিত।
የአረብኛ ቁርኣን ማብራሪያ:
اَمْ لَهُ الْبَنٰتُ وَلَكُمُ الْبَنُوْنَ ۟ؕ
অথবা সেই পৱিত্ৰ আল্লাহৰ কন্যা সন্তান থকা বুলি তোমালোকে বিশ্বাস কৰা নেকি, যিটোক তোমালোকে নিজেই অপছন্দ কৰা, পক্ষান্তৰে তোমালোকে নিজৰ বাবে পুত্ৰ সন্তান পছন্দ কৰা, যিটো তোমালোকৰ দৃষ্টিত প্ৰিয়?
የአረብኛ ቁርኣን ማብራሪያ:
اَمْ تَسْـَٔلُهُمْ اَجْرًا فَهُمْ مِّنْ مَّغْرَمٍ مُّثْقَلُوْنَ ۟ؕ
অথবা হে ৰাছুল! আপুনি আপোনাৰ প্ৰতিপালকৰ বাৰ্তা পৌঁচাই দিয়াৰ বাবে সিহঁতৰ পৰা কোনো পাৰিশ্ৰমিক বিচাৰে নেকি? যাৰ ফলত সিহঁতে ইয়াক দুৰ্বহ বোজা বুলি গণ্য কৰি আছে।
የአረብኛ ቁርኣን ማብራሪያ:
اَمْ عِنْدَهُمُ الْغَیْبُ فَهُمْ یَكْتُبُوْنَ ۟ؕ
অথবা সিহঁতৰ ওচৰত কোনো গায়েবী জ্ঞান আছে নেকি, গায়েবৰ যিবোৰ জ্ঞান সিহঁতে আহৰণ কৰে সেইবোৰ সিহঁতে মানুহৰ বাবে লিখি লয়, আৰু মানুহক সেইখিনিয়ে অৱগত কৰায়, যিখিনি সিহঁতে অৱগত কৰাব বিচাৰে?
የአረብኛ ቁርኣን ማብራሪያ:
اَمْ یُرِیْدُوْنَ كَیْدًا ؕ— فَالَّذِیْنَ كَفَرُوْا هُمُ الْمَكِیْدُوْنَ ۟ؕ
অথবা এই অস্বীকাৰকাৰীসকলে আপোনাৰ সৈতে আৰু আপোনাৰ ধৰ্মৰ সৈতে কোনো চক্ৰান্ত কৰিব বিচাৰে নেকি? এতেকে আপুনি আল্লাহৰ ওপৰত ভৰসা কৰক। কিয়নো যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলক অস্বীকাৰ কৰিছে সিহঁতেই এই চক্ৰান্তৰ বলি হ’ব, আপুনি নহয়।
የአረብኛ ቁርኣን ማብራሪያ:
اَمْ لَهُمْ اِلٰهٌ غَیْرُ اللّٰهِ ؕ— سُبْحٰنَ اللّٰهِ عَمَّا یُشْرِكُوْنَ ۟
অথবা আল্লাহৰ বাহিৰে সিহঁতৰ কোনো সত্য উপাস্য আছে নেকি, আল্লাহ পৱিত্ৰ সেই সকলো অংশীদাৰৰ পৰা যিবোৰ সিহঁতে তেওঁৰ সৈতে সম্পৃক্ত কৰে। ওপৰত যিবোৰ কথা আলোচনা কৰা হ’ল, সেইবোৰ কেতিয়াও হোৱা নাই আৰু ভৱিষ্যতেও সেইবোৰ কল্পনা কৰিব নোৱাৰি।
የአረብኛ ቁርኣን ማብራሪያ:
وَاِنْ یَّرَوْا كِسْفًا مِّنَ السَّمَآءِ سَاقِطًا یَّقُوْلُوْا سَحَابٌ مَّرْكُوْمٌ ۟
সিহঁতে যদি আকাশৰ কোনো এটা টুকুৰা ভাঙিও পৰা দেখে, তথাপিও ইয়াক পুঞ্জীভূত মেঘ বুলি ধাৰণা কৰিব। সিহঁতে উপদেশো গ্ৰহণ নকৰিব আৰু ঈমানো পোষণ নকৰিব।
የአረብኛ ቁርኣን ማብራሪያ:
فَذَرْهُمْ حَتّٰی یُلٰقُوْا یَوْمَهُمُ الَّذِیْ فِیْهِ یُصْعَقُوْنَ ۟ۙ
হে ৰাছুল! আপুনি সিহঁতক সিহঁতৰ বিদ্বেষ আৰু অস্বীকাৰ অৱস্থাতেই এৰি দিয়ক, যাতে সিহঁত গৈ গৈ সেই দিৱসত উপনীত হয়, যিদিনা সিহঁতক শাস্তি বিহা হ’ব। সেইটো হৈছে কিয়ামতৰ দিৱস।
የአረብኛ ቁርኣን ማብራሪያ:
یَوْمَ لَا یُغْنِیْ عَنْهُمْ كَیْدُهُمْ شَیْـًٔا وَّلَا هُمْ یُنْصَرُوْنَ ۟ؕ
যিদিনা সিহঁতৰ কোনো চক্ৰান্তই কামত নাহিব। শাস্তিৰ পৰা ৰক্ষা কৰিবলৈ সিহঁতক কোনো ধৰণৰ সহায়ও কৰা নহ’ব।
የአረብኛ ቁርኣን ማብራሪያ:
وَاِنَّ لِلَّذِیْنَ ظَلَمُوْا عَذَابًا دُوْنَ ذٰلِكَ وَلٰكِنَّ اَكْثَرَهُمْ لَا یَعْلَمُوْنَ ۟
যিসকলে শ্বিৰ্ক আৰু পাপকৰ্মৰ জৰিয়তে নিজৰ ওপৰত অন্যায় কৰিছে, আখিৰাতৰ শাস্তিৰ পূৰ্বেই সিহঁতক শাস্তি বিহা হ’ব। পৃথিৱীত হত্যা আৰু বন্দীত্বৰ শাস্তি আৰু বাৰঝাখত কবৰৰ শাস্তি। কিন্তু সিহঁতৰ মাজৰ অধিকাংশ লোকেই এই বিষয়টো নাজানে। সেইকাৰণেই সিহঁতে কুফৰীৰ ওপৰত অবিচল থাকে।
የአረብኛ ቁርኣን ማብራሪያ:
وَاصْبِرْ لِحُكْمِ رَبِّكَ فَاِنَّكَ بِاَعْیُنِنَا وَسَبِّحْ بِحَمْدِ رَبِّكَ حِیْنَ تَقُوْمُ ۟ۙ
হে ৰাছুল! আপুনি আপোনাৰ প্ৰতিপালকৰ সিদ্ধান্ত আৰু তেওঁৰ শ্বাৰঈ বিধান নহালৈকে ধৈৰ্য্য ধাৰণ কৰক। নিশ্চিতভাৱে আপুনি মোৰ দৃষ্টিৰ সন্মুখত আছে তথা সুৰক্ষাবেষ্টনীৰ মাজত আছে। এতেকে আপুনি টোপনিৰ পৰা উঠি আপোনাৰ প্ৰতিপালকৰ পৱিত্ৰতাৰ সৈতে প্ৰশংসা কৰক।
የአረብኛ ቁርኣን ማብራሪያ:
وَمِنَ الَّیْلِ فَسَبِّحْهُ وَاِدْبَارَ النُّجُوْمِ ۟۠
ৰাতিৰ এটা অংশতো তেওঁৰ পৱিত্ৰতা বৰ্ণনা কৰক তথা তেওঁৰ বাবে চালাত আদায় কৰক। তথা ফজৰৰ চালাত আদায় কৰক যেতিয়া তৰাবোৰ সূৰ্য্যৰ কিৰণৰ ফলত অদৃশ্য হৈ যায়।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• الطغيان سبب من أسباب الضلال.
অবাধ্যতা হৈছে পথভ্ৰষ্টতাৰ মূল কাৰণ।

• أهمية الجدال العقلي في إثبات حقائق الدين.
ধৰ্মৰ সত্যতা প্ৰকাশ কৰিবলৈ যুক্তি দাঙি ধৰাৰ গুৰুত্ব।

• ثبوت عذاب البَرْزَخ.
বৰঝখৰ শাস্তিৰ প্ৰমাণ।

 
የይዘት ትርጉም ምዕራፍ: አጥ ጡር
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት