Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም ምዕራፍ: አል ቀመር   አንቀጽ:

আল-ক্বামাৰ

ከመዕራፉ ዓላማዎች:
التذكير بنعمة تيسير القرآن، وما فيه من الآيات والنذر.
এই কথা স্মৰণ কৰোৱা হৈছে যে, কোৰআন সহজ কৰি দিয়া হৈছে আৰু ইয়াৰ মাজত থকা উপদেশ আৰু সতৰ্কবাণী আদিকো বুজিবলৈ সহজ কৰি দিয়া হৈছে।

اِقْتَرَبَتِ السَّاعَةُ وَانْشَقَّ الْقَمَرُ ۟
কিয়ামত নিকটৱৰ্তী হৈছে, আৰু নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ যুগত চন্দ্ৰ দ্বিখণ্ডিত হৈছিল। লগতে চন্দ্ৰ দ্বিখণ্ডিত হোৱা বিষয়টো হৈছে বাস্তৱ নিদৰ্শন।
የአረብኛ ቁርኣን ማብራሪያ:
وَاِنْ یَّرَوْا اٰیَةً یُّعْرِضُوْا وَیَقُوْلُوْا سِحْرٌ مُّسْتَمِرٌّ ۟
মুশ্বৰিকসকলে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সত্যতা সম্পৰ্কে কোনো প্ৰমাণ দেখিলেই মুখ ঘূৰাই লয়, তথা সেইবোৰ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। লগতে কয়ঃ আমি দেখা এই প্ৰমাণবোৰ হৈছে যাদু তথা অসত্য।
የአረብኛ ቁርኣን ማብራሪያ:
وَكَذَّبُوْا وَاتَّبَعُوْۤا اَهْوَآءَهُمْ وَكُلُّ اَمْرٍ مُّسْتَقِرٌّ ۟
সিহঁতৰ ওচৰলৈ অহা সত্যক সিহঁতে অস্বীকাৰ কৰিছে, আৰু এইক্ষেত্ৰত সিহঁতে নিজৰ ইচ্ছাৰ অনুসৰণ কৰিছে। ভাল হওক অথবা বেয়া, কিয়ামতৰ দিনা প্ৰত্যেকেই উচিত প্ৰাপ্য লাভ কৰিব।
የአረብኛ ቁርኣን ማብራሪያ:
وَلَقَدْ جَآءَهُمْ مِّنَ الْاَنْۢبَآءِ مَا فِیْهِ مُزْدَجَرٌ ۟ۙ
নিশ্চয় সিহঁতৰ ওচৰলৈ সেইসমূহ উম্মতৰ সংবাদ আহি পৰিছে, যিসকলক আল্লাহে সিহঁতৰ কুফৰী আৰু অন্যায় কৰ্মৰ বাবে ধ্বংস কৰিছিল। এতেকে এই সংবাদেই সিহঁতক কুফৰী আৰু অন্যায় কৰ্মৰ পৰা বিৰত ৰাখিবলৈ যথেষ্ট।
የአረብኛ ቁርኣን ማብራሪያ:
حِكْمَةٌ بَالِغَةٌ فَمَا تُغْنِ النُّذُرُ ۟ۙ
সিহঁতৰ ওচৰলৈ যি সংবাদ আহি পৰিছে, সেয়া হিকমতেৰে পৰিপূৰ্ণ, যাতে সিহঁতৰ বাবে অজুহাত উত্থাপনৰ সকলো দুৱাৰ বন্ধ হৈ যায়। গতিকে যিসকল লোকে আল্লাহৰ প্ৰতি আৰু আখিৰাতৰ প্ৰতি বিশ্বাস স্থাপন নকৰে, সিহঁতক সতৰ্কবাণীয়ে কোনো ধৰণৰ উপকাৰ নকৰে।
የአረብኛ ቁርኣን ማብራሪያ:
فَتَوَلَّ عَنْهُمْ ۘ— یَوْمَ یَدْعُ الدَّاعِ اِلٰی شَیْءٍ نُّكُرٍ ۟ۙ
যিহেতু সিহঁতে সঠিক পথ অৱলম্বন কৰা নাই, গতিকে হে ৰাছুল! আপুনি সিহঁতক এৰি দিয়ক আৰু সিহঁতৰ পৰা মুখ ঘূৰাই থাকক; লগতে অপেক্ষা কৰক সেই দিৱসলৈ, যিদিনা নিয়োজিত ফিৰিস্তাই শিঙাত ফুঁ মাৰি এনেকুৱা এটা অপ্ৰিয় বিষয়ৰ প্ৰতি আহ্বান কৰিব, যিটো বিষয় ইয়াৰ পূৰ্বে কোনো সৃষ্টিয়েই মুখামুখি হোৱা নাই।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• عدم التأثر بالقرآن نذير شؤم.
কোৰআনৰ দ্বাৰা প্ৰভাৱিত নোহোৱা বিষয়টো হৈছে এক প্ৰকাৰ বেয়া সংকেত।

• خطر اتباع الهوى على النفس في الدنيا والآخرة.
প্ৰবৃত্তিৰ অনুসৰণে মানুহক পৃথিৱী আৰু আখিৰাতত ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন কৰায়।

• عدم الاتعاظ بهلاك الأمم صفة من صفات الكفار.
পূৰ্বৱৰ্তী উম্মতসমূহৰ ধ্বংসৰ পৰা শিক্ষা নোলোৱাটো হৈছে কাফিৰসকলৰ বৈশিষ্ট্য।

خُشَّعًا اَبْصَارُهُمْ یَخْرُجُوْنَ مِنَ الْاَجْدَاثِ كَاَنَّهُمْ جَرَادٌ مُّنْتَشِرٌ ۟ۙ
সিহঁতৰ চকুবোৰ অপদস্ত হৈ থাকিব। সিহঁতে কবৰৰ পৰা উঠি হিচাপ-নিকাচৰ ময়দানলৈ বিক্ষিপ্ত পতঙ্গৰ দৰে অগ্রসৰ হ’ব।
የአረብኛ ቁርኣን ማብራሪያ:
مُّهْطِعِیْنَ اِلَی الدَّاعِ ؕ— یَقُوْلُ الْكٰفِرُوْنَ هٰذَا یَوْمٌ عَسِرٌ ۟
অৱস্থানৰ সেই ঠাইলৈ আহ্বানকাৰীৰ পিনে খৰখেদাকৈ দৌৰি যাব। তেতিয়া কাফিৰসকলে ক’ব: এই দিৱসটো অতি কঠিন দিৱস। কিয়নো, ইয়াত আছে বিভীষিকা আৰু ভয়াৱহতা।
የአረብኛ ቁርኣን ማብራሪያ:
كَذَّبَتْ قَبْلَهُمْ قَوْمُ نُوْحٍ فَكَذَّبُوْا عَبْدَنَا وَقَالُوْا مَجْنُوْنٌ وَّازْدُجِرَ ۟
হে ৰাছুল! আপোনাৰ দাৱাত অগ্রাহ্য কৰা এই লোকসকলৰ পূর্বেও নূহ সম্প্ৰদায়ে আমাৰ বান্দা নূহ আলাইহিচ্ছালামক অস্বীকাৰ কৰিছিল, যেতিয়া আমি তেওঁক সিহঁতৰ ওচৰলৈ প্রেৰণ কৰিছিলোঁ। লগতে সিহঁতে তেওঁৰ বিষয়ে কৈছিলঃ তেওঁ হৈছে এজন উন্মাদ ব্যক্তি। যেতিয়া তেওঁ সিহঁতক দাৱাত প্রদানৰ পৰা বিৰত নহ'ল তেতিয়া সিহঁতে তেওঁক বিভিন্ন প্ৰকাৰৰ গালি-শপনি পাৰিছিল তথা হুমকিও প্ৰদান কৰিছিল।
የአረብኛ ቁርኣን ማብራሪያ:
فَدَعَا رَبَّهٗۤ اَنِّیْ مَغْلُوْبٌ فَانْتَصِرْ ۟
তেতিয়া নূহ আলাইহিচ্ছালামে নিজ প্ৰতিপালকক আহ্বান কৰি কৈছিল, নিশ্চয় মোৰ সম্প্ৰদায়ে মোক অসহায় অৱস্থাত ঠেলি দিছে আৰু সিহঁতে মোৰ আহ্বানত সঁহাৰি জনোৱা নাই, গতিকে আপুনি সিহঁতৰ ওপৰত শাস্তি অৱতীর্ণ কৰি মোক শক্তিশালী কৰক।
የአረብኛ ቁርኣን ማብራሪያ:
فَفَتَحْنَاۤ اَبْوَابَ السَّمَآءِ بِمَآءٍ مُّنْهَمِرٍ ۟ؗۖ
ফলত আমি আকাশৰ দুৱাৰ খুলি দিলোঁ আৰু ধাৰাসাৰ পানী বর্ষণ কৰিলোঁ।
የአረብኛ ቁርኣን ማብራሪያ:
وَّفَجَّرْنَا الْاَرْضَ عُیُوْنًا فَالْتَقَی الْمَآءُ عَلٰۤی اَمْرٍ قَدْ قُدِرَ ۟ۚ
আৰু আমি পৃথিৱীক বিদীৰ্ণ কৰিলোঁ, ফলত ই ঝর্নালৈ ৰূপান্তৰিত হ’ল আৰু তাৰ পৰা পানী প্রবাহিত হ’বলৈ ধৰিলে। ইয়াৰ পিছত পূৰ্ব নির্ধাৰিত আল্লাহৰ ফয়চালা অনুযায়ী আকাশৰ পৰা বর্ষিত পানীয়ে পৃথিৱীৰ পানীৰ সৈতে মিশ্ৰিত হৈ সকলোকে ডুবাই মাৰিলে, কেৱল সেইসকল লোকৰ বাহিৰে যিসকলক আল্লাহে সুৰক্ষা প্ৰদান কৰিছিল।
የአረብኛ ቁርኣን ማብራሪያ:
وَحَمَلْنٰهُ عَلٰی ذَاتِ اَلْوَاحٍ وَّدُسُرٍ ۟ۙ
আৰু আমি নূহ আলাইহিচ্ছালামক ফলক আৰু পেৰেক বিশিষ্ট নাঁৱত আৰোহণ কৰাই তেওঁক আৰু তেওঁৰ সৈতে আৰোহণ কৰা লোকসকলক ডুবি যোৱাৰ পৰা ৰক্ষা কৰিছিলোঁ।
የአረብኛ ቁርኣን ማብራሪያ:
تَجْرِیْ بِاَعْیُنِنَا جَزَآءً لِّمَنْ كَانَ كُفِرَ ۟
সেই নাও মোৰ চকুৰ সন্মুখত তথা মোৰ প্ৰত্যক্ষ তত্ত্বাৱধানত পানীৰ উত্তাল তৰঙ্গমালাৰ ওপৰেৰে গতি কৰিছিল। এয়া আছিল নূহ আলাইহিচ্ছালামক সহায় কৰাৰ নিমিত্তে, কাৰণ তেওঁৰ সম্প্ৰদায়ে তেওঁক অস্বীকাৰ কৰিছিল, আৰু তেওঁ সিহঁতৰ ওচৰলৈ আল্লাহৰ ফালৰ পৰা যি বাৰ্তা লৈ আহিছিল, তাক সিহঁতে অস্বীকাৰ কৰিছিল।
የአረብኛ ቁርኣን ማብራሪያ:
وَلَقَدْ تَّرَكْنٰهَاۤ اٰیَةً فَهَلْ مِنْ مُّدَّكِرٍ ۟
নিশ্চয় আমি এই শাস্তিক পৰৱর্তীসকলৰ মাজত উপদেশ হিচাপে ৰাখি দিছোঁ। এতেকে, ইয়াৰ পৰা উপদেশ গ্রহণকাৰী কোনোবা আছেনে?!
የአረብኛ ቁርኣን ማብራሪያ:
فَكَیْفَ كَانَ عَذَابِیْ وَنُذُرِ ۟
মিথ্যাৰোপকাৰীসকলৰ বাবে মোৰ শাস্তি কেনেকুৱা আছিল?! তথা সিহঁতক ধ্বংস কৰা মোৰ এই শাস্তিৰ মাধ্যমত মোৰ সতর্ক-সংকেত কেনেকুৱা আছিল?!
የአረብኛ ቁርኣን ማብራሪያ:
وَلَقَدْ یَسَّرْنَا الْقُرْاٰنَ لِلذِّكْرِ فَهَلْ مِنْ مُّدَّكِرٍ ۟
নিশ্চয় আমি কোৰআনক শিক্ষা আৰু উপদেশ গ্রহণৰ বাবে সহজ কৰি দিছোঁ। ইয়াৰ মাজত নিহিত থকা শিক্ষা আৰু উপদেশসমূহ গ্রহণ কৰিবলৈ কোনোবা আছেনে?!
የአረብኛ ቁርኣን ማብራሪያ:
كَذَّبَتْ عَادٌ فَكَیْفَ كَانَ عَذَابِیْ وَنُذُرِ ۟
আদ সম্প্রদায়েও সিহঁতৰ নবী হূদ আলাইহিচ্ছালামক মিথ্যাৰোপ কৰিছিল। এতেকে হে মক্কাৰ অধিবাসীসকল! ভাৱি চোৱা, সিহঁতৰ বাবে মোৰ শাস্তি কেনেকুৱা আছিল?! লগতে সিহঁতৰ শাস্তিৰ মাধ্যমত অন্যান্য লোকসকলক দিয়া মোৰ সতৰ্ক-সংকেত কেনেকুৱা আছিল?!
የአረብኛ ቁርኣን ማብራሪያ:
اِنَّاۤ اَرْسَلْنَا عَلَیْهِمْ رِیْحًا صَرْصَرًا فِیْ یَوْمِ نَحْسٍ مُّسْتَمِرٍّ ۟ۙ
আমি সিহঁতৰ ওপৰত এটা ক’লা আৰু অশনি দিৱসত প্রচণ্ড শীতল বতাহ প্রবাহিত কৰিছিলোঁ। যিটো সিহঁতৰ ওপৰত জাহান্নামত পতিত নোহোৱা পর্যন্ত অব্যাহত থাকিব।
የአረብኛ ቁርኣን ማብራሪያ:
تَنْزِعُ النَّاسَ ۙ— كَاَنَّهُمْ اَعْجَازُ نَخْلٍ مُّنْقَعِرٍ ۟
যি বতাহে মানুহক মাটিৰ পৰা উঠাই সিহঁতৰ মূৰৰ ওপৰেৰে নিক্ষেপ কৰিছিল। ফলত সিহঁত উঘালি পেলোৱা খেজুৰ গছৰ দৰে পৰি আছিল।
የአረብኛ ቁርኣን ማብራሪያ:
فَكَیْفَ كَانَ عَذَابِیْ وَنُذُرِ ۟
এতেকে হে মক্কাৰ অধিবাসীসকল! ভাৱি চোৱা, সিহঁতৰ বাবে মোৰ শাস্তি কেনেকুৱা আছিল?! লগতে সিহঁতৰ শাস্তিৰ মাধ্যমত অন্যান্য লোকসকলক দিয়া মোৰ সতৰ্ক-সংকেত কেনেকুৱা আছিল?!
የአረብኛ ቁርኣን ማብራሪያ:
وَلَقَدْ یَسَّرْنَا الْقُرْاٰنَ لِلذِّكْرِ فَهَلْ مِنْ مُّدَّكِرٍ ۟۠
নিশ্চয় আমি কোৰআনক শিক্ষা আৰু উপদেশ গ্রহণৰ বাবে সহজ কৰি দিছোঁ। ইয়াৰ মাজত নিহিত থকা শিক্ষা আৰু উপদেশসমূহ গ্রহণ কৰিবলৈ কোনোবা আছেনে?!
የአረብኛ ቁርኣን ማብራሪያ:
كَذَّبَتْ ثَمُوْدُ بِالنُّذُرِ ۟
ছামূদ সম্প্রদায়েও অস্বীকাৰ কৰিছিল, যেতিয়া সিহঁতৰ ৰাছুল ছলেহ আলাইহিচ্ছালামে সিহঁতক সতৰ্ক কৰিছিল।
የአረብኛ ቁርኣን ማብራሪያ:
فَقَالُوْۤا اَبَشَرًا مِّنَّا وَاحِدًا نَّتَّبِعُهٗۤ ۙ— اِنَّاۤ اِذًا لَّفِیْ ضَلٰلٍ وَّسُعُرٍ ۟
সিহঁতে অনিহা প্রকাশ কৰি কৈছিলঃ আমি আমাৰ দৰেই এজন মানুহৰ অনুসৰণ কৰিম নেকি?! এনেকুৱা কৰিলে দেখোন আমি সৰল পথৰ পৰা বিচ্যুত হৈ যাম আৰু চৰম বিবেকহীন বুলি চিহ্নিত হ'ম।
የአረብኛ ቁርኣን ማብራሪያ:
ءَاُلْقِیَ الذِّكْرُ عَلَیْهِ مِنْ بَیْنِنَا بَلْ هُوَ كَذَّابٌ اَشِرٌ ۟
আমাক এৰি অকল এওঁৰ ওপৰতেই অহী অৱতীর্ণ কৰা হৈছে নেকি?! নহয়, এওঁ প্ৰকৃততে এজন অহংকাৰী মিছলীয়া।
የአረብኛ ቁርኣን ማብራሪያ:
سَیَعْلَمُوْنَ غَدًا مَّنِ الْكَذَّابُ الْاَشِرُ ۟
দৰাচলতে সিহঁতে শীঘ্ৰেই কিয়ামতৰ দিনা জানিবলৈ পাব যে, কোন মহা মিছলীয়া। ছলেহ, নে সিহঁত নিজেই?
የአረብኛ ቁርኣን ማብራሪያ:
اِنَّا مُرْسِلُوا النَّاقَةِ فِتْنَةً لَّهُمْ فَارْتَقِبْهُمْ وَاصْطَبِرْ ۟ؗ
নিশ্চয় আমি সিহঁতক পৰীক্ষা কৰিবলৈ শিলৰ পৰা উট উলিয়াই আনিম। গতিকে হে ছলেহ! আপুনি অপেক্ষা কৰক। আৰু চাই থাকক, সিহঁতে কি কৰে আৰু সিহঁতৰ লগত কি আচৰণ কৰা হয়। লগতে সিহঁতে দিয়া কষ্টত আপুনি ধৈৰ্য্য ধাৰণ কৰক।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• مشروعية الدعاء على الكافر المصرّ على كفره.
কুফৰীৰ ওপৰত অবিচল থকা কাফিৰৰ প্ৰতি বদ দু‘আ কৰা বৈধ।

• إهلاك المكذبين وإنجاء المؤمنين سُنَّة إلهية.
অস্বীকাৰকাৰীসকলক ধ্বংস কৰা আৰু মুমিনসকলক ৰক্ষা কৰা আল্লাহৰ অমিয় নিয়ম।

• تيسير القرآن للحفظ وللتذكر والاتعاظ.
মুখস্থ কৰিবলৈ, শিক্ষা আৰু উপদেশ গ্ৰহণ কৰিবলৈ কোৰআনক অতি সহজ কৰি দিয়া হৈছে।

وَنَبِّئْهُمْ اَنَّ الْمَآءَ قِسْمَةٌ بَیْنَهُمْ ۚ— كُلُّ شِرْبٍ مُّحْتَضَرٌ ۟
আপুনি সিহঁতক জনাই দিয়ক যে, সিহঁতৰ কুঁৱাৰ পানী সিহঁতৰ আৰু সেই উটৰ মাজত বন্টন কৰি দিয়া হৈছে। এদিন সিহঁতৰ বাবে নিৰ্ধাৰিত আৰু এদিন উটৰ বাবে নিৰ্ধাৰিত। প্রত্যেকেই নিজ নিজ পাল অনুসাৰে উপস্থিত হ’ব।
የአረብኛ ቁርኣን ማብራሪያ:
فَنَادَوْا صَاحِبَهُمْ فَتَعَاطٰی فَعَقَرَ ۟
কিন্তু সিহঁতে উটজনীক বধ কৰিবলৈ সিহঁতৰ সঙ্গীক আহ্বান কৰিলে। ফলত সি তৰোৱাল হাতত লৈ জাতিৰ নির্দেশ পালন কৰি উটজনীক হত্যা কৰিলে।
የአረብኛ ቁርኣን ማብራሪያ:
فَكَیْفَ كَانَ عَذَابِیْ وَنُذُرِ ۟
এতেকে হে মক্কাৰ অধিবাসীসকল! ভাৱি চোৱা, সিহঁতৰ বাবে মোৰ শাস্তি কেনেকুৱা আছিল?! লগতে সিহঁতৰ শাস্তিৰ মাধ্যমত অন্যান্য লোকসকলক দিয়া মোৰ সতৰ্ক-সংকেত কেনেকুৱা আছিল?!
የአረብኛ ቁርኣን ማብራሪያ:
اِنَّاۤ اَرْسَلْنَا عَلَیْهِمْ صَیْحَةً وَّاحِدَةً فَكَانُوْا كَهَشِیْمِ الْمُحْتَظِرِ ۟
নিশ্চয় আমি সিহঁতৰ ওপৰত এটা প্ৰচণ্ড বজ্রপাত পঠিয়াইছিলোঁ, যি শব্দই সিহঁতক ধ্বংস কৰিছিল। ফলত সিহঁত গোহালি সজা শুকান খৰিত পৰিণত হৈছিল।
የአረብኛ ቁርኣን ማብራሪያ:
وَلَقَدْ یَسَّرْنَا الْقُرْاٰنَ لِلذِّكْرِ فَهَلْ مِنْ مُّدَّكِرٍ ۟
নিশ্চয় আমি কোৰআনক শিক্ষা আৰু উপদেশ গ্রহণৰ বাবে সহজ কৰি দিছোঁ। ইয়াৰ মাজত নিহিত থকা শিক্ষা আৰু উপদেশসমূহ গ্রহণ কৰিবলৈ কোনোবা আছেনে?!
የአረብኛ ቁርኣን ማብራሪያ:
كَذَّبَتْ قَوْمُ لُوْطٍۭ بِالنُّذُرِ ۟
লূত সম্প্ৰদায়েও লূত আলাইহিচ্ছালামক অস্বীকাৰ কৰিছিল, যেতিয়া সিহঁতৰ ৰাছুল লূত আলাইহিচ্ছালামে সিহঁতক সতর্ক কৰিছিল।
የአረብኛ ቁርኣን ማብራሪያ:
اِنَّاۤ اَرْسَلْنَا عَلَیْهِمْ حَاصِبًا اِلَّاۤ اٰلَ لُوْطٍ ؕ— نَجَّیْنٰهُمْ بِسَحَرٍ ۟ۙ
নিশ্চয় আমি সিহঁতৰ ওপৰত শিল নিক্ষেপকাৰী প্ৰচণ্ড বতাহ প্রেৰণ কৰিছিলোঁ, যি বতাহে লূত পৰিয়ালৰ বাহিৰে সকলোকে আঘাত কৰিছিল। তেওঁলোকক শাস্তিয়ে স্পৰ্শ কৰা নাছিল। কাৰণ, আমি তেওঁলোকক ইয়াৰ পৰা ৰক্ষা কৰিছিলোঁ। যিহেতু তেওঁ ৰাতিৰ শেষ ভাগতেই শাস্তি সংঘটিত হোৱাৰ পূর্বেই তেওঁলোকক লগত লৈ সেই অঞ্চলৰ পৰা ওলাই আহিছিল।
የአረብኛ ቁርኣን ማብራሪያ:
نِّعْمَةً مِّنْ عِنْدِنَا ؕ— كَذٰلِكَ نَجْزِیْ مَنْ شَكَرَ ۟
আমি তেওঁলোকক পুৰস্কাৰ স্বৰূপে শাস্তিৰ পৰা ৰক্ষা কৰিছিলোঁ। এতেকে যিদৰে আমি লূত আলাইহিচ্ছালামক পুৰস্কৃত কৰিছোঁ, ঠিক সেইদৰেই আমি প্রত্যেক সেই ব্যক্তিক পুৰস্কৃত কৰোঁ, যিয়ে আমাৰ নিয়ামতসমূহৰ কৃতজ্ঞতা জ্ঞাপন কৰে।
የአረብኛ ቁርኣን ማብራሪያ:
وَلَقَدْ اَنْذَرَهُمْ بَطْشَتَنَا فَتَمَارَوْا بِالنُّذُرِ ۟
নিশ্চয় লূত আলাইহিচ্ছালামে সিহঁতক আমাৰ শাস্তিৰ পৰা ভীতি প্রদর্শন কৰিছিল। কিন্তু সিহঁতে এই সতর্ক-সংকেতক লৈ পৰস্পৰে বাদানুবাদত লিপ্ত হৈছিল, তথা সিহঁতে ইয়াক অস্বীকাৰ কৰিছিল।
የአረብኛ ቁርኣን ማብራሪያ:
وَلَقَدْ رَاوَدُوْهُ عَنْ ضَیْفِهٖ فَطَمَسْنَاۤ اَعْیُنَهُمْ فَذُوْقُوْا عَذَابِیْ وَنُذُرِ ۟
লূত সম্প্ৰদায়ে লূত আলাইহিচ্ছালামৰ ওচৰত আহি তেওঁৰ ফিৰিস্তা অতিথিসকলৰ কাষ চাপিবলৈ ঠেলা হেঁচা আৰম্ভ কৰিলে, যাতে তেওঁলোকৰ ওচৰতগৈ অসৎ উদ্দেশ্য পূৰণ কৰিব পাৰে। ফলত আমি সিহঁতৰ দৃষ্টিশক্তি হৰণ কৰি অন্ধ কৰি দিছিলোঁ। ফলত সিহঁতে তেওঁলোকক দেখিব পৰা নাছিল। আৰু আমি সিহঁতক কৈছিলোঁ: এতিয়া মোৰ শাস্তিৰ সোৱাদ লোৱা, এইটোৱে হৈছে মোৰ সতর্ক-সংকেতৰ পৰিণাম।
የአረብኛ ቁርኣን ማብራሪያ:
وَلَقَدْ صَبَّحَهُمْ بُكْرَةً عَذَابٌ مُّسْتَقِرٌّ ۟ۚ
প্রভাতৰ সময়তেই সিহঁতৰ ওচৰত শাস্তি আহি পৰিছিল। এই শাস্তি সিহঁতৰ ওপৰত অবিচল থাকিব। অৱশেষত পৰকালৰ শাস্তি সিহঁতৰ ওচৰলৈ আহি পাব।
የአረብኛ ቁርኣን ማብራሪያ:
فَذُوْقُوْا عَذَابِیْ وَنُذُرِ ۟
সিহঁতক কোৱা হ’ব, তোমালোকে মোৰ ফালৰ পৰা প্রেৰিত শাস্তিৰ আৰু লূত আলাইহিচ্ছালামৰ সতর্ক-সংকেতৰ পৰিণতি আস্বাদন কৰা।
የአረብኛ ቁርኣን ማብራሪያ:
وَلَقَدْ یَسَّرْنَا الْقُرْاٰنَ لِلذِّكْرِ فَهَلْ مِنْ مُّدَّكِرٍ ۟۠
নিশ্চয় আমি কোৰআনক শিক্ষা আৰু উপদেশ গ্রহণৰ বাবে সহজ কৰি দিছোঁ। ইয়াৰ মাজত নিহিত থকা শিক্ষা আৰু উপদেশসমূহ গ্রহণ কৰিবলৈ কোনোবা আছেনে?!
የአረብኛ ቁርኣን ማብራሪያ:
وَلَقَدْ جَآءَ اٰلَ فِرْعَوْنَ النُّذُرُ ۟ۚ
নিশ্চয় ফিৰআউন পৰিয়ালৰ ওচৰলৈও মুছা আৰু হাৰূন (আলাইহিমাচ্ছালাম)ৰ মাধ্যমত আমাৰ সতর্ক-সংকেত আহিছিল।
የአረብኛ ቁርኣን ማብራሪያ:
كَذَّبُوْا بِاٰیٰتِنَا كُلِّهَا فَاَخَذْنٰهُمْ اَخْذَ عَزِیْزٍ مُّقْتَدِرٍ ۟
সিহঁতে আমাৰ ফালৰ পৰা অহা দলীল-প্রমাণাদিক অবিশ্বাস কৰিছিল। ফলত আমি সিহঁতৰ এই অস্বীকাৰ কাৰ্যৰ কাৰণে সিহঁতক মহা পৰাক্রমশালী আল্লাহৰ শাস্তি প্রদান কৰিছিলোঁ, যাক কোনেও প্ৰতিৰোধ কৰিব নোৱাৰে। তেওঁ মহা ক্ষমতাধৰ, তেওঁক কোনেও অপাৰগ কৰিব নোৱাৰে।
የአረብኛ ቁርኣን ማብራሪያ:
اَكُفَّارُكُمْ خَیْرٌ مِّنْ اُولٰٓىِٕكُمْ اَمْ لَكُمْ بَرَآءَةٌ فِی الزُّبُرِ ۟ۚ
হে মক্কাৰ অধিবাসীসকল! উক্ত কাফিৰসকলতকৈ তোমালোকৰ কাফিৰসকল অধিক উত্তম নেকি, যেনেঃ নূহ সম্প্ৰদায়, আদ, ছামূদ, লূত সম্প্ৰদায়, ফিৰআউন আৰু তাৰ জাতি?! নে তোমালোক আল্লাহৰ সেই শাস্তিৰ পৰা সুৰক্ষিত, যি শাস্তিৰ বৰ্ণনা ঐশী কিতাবসমূহত বর্ণিত হৈছে?
የአረብኛ ቁርኣን ማብራሪያ:
اَمْ یَقُوْلُوْنَ نَحْنُ جَمِیْعٌ مُّنْتَصِرٌ ۟
বৰং মক্কাৰ এই কাফিৰসকলে এই কথা কয় নেকি যে, আমাক অনিষ্ট কৰা লোকসকলৰ বিৰুদ্ধে তথা যিসকলে আমাৰ একতা বিনষ্ট কৰিব বিচাৰে সেইসকল লোকৰ বিৰুদ্ধে আমি সংঘবদ্ধ অপৰাজেয় দল?!
የአረብኛ ቁርኣን ማብራሪያ:
سَیُهْزَمُ الْجَمْعُ وَیُوَلُّوْنَ الدُّبُرَ ۟
অচিৰেই এই কাফিৰসকলে পৰাজিত হ’ব আৰু সিহঁতে মু’মিনসকলৰ সন্মুখৰ পৰা পৃষ্ঠ প্রদর্শন কৰি পলায়ন কৰিব। বদৰ যুদ্ধৰ দিনা এইটো বাস্তৱত সংঘটিত হৈছিল।
የአረብኛ ቁርኣን ማብራሪያ:
بَلِ السَّاعَةُ مَوْعِدُهُمْ وَالسَّاعَةُ اَدْهٰی وَاَمَرُّ ۟
বৰং সিহঁতৰ আচল শাস্তিৰ ঠাই হৈছে সেই কিয়ামত দিৱস, যিটোক সিহঁতে অস্বীকাৰ কৰিছে। আনহাতে কিয়ামত দিৱসৰ শাস্তি, পাৰ্থিৱ জীৱনত পোৱা বদৰ যুদ্ধৰ শাস্তিতকৈও অধিক ভয়াৱহ আৰু কঠিন।
የአረብኛ ቁርኣን ማብራሪያ:
اِنَّ الْمُجْرِمِیْنَ فِیْ ضَلٰلٍ وَّسُعُرٍ ۟ۘ
কুফৰী আৰু পাপকৰ্মত লিপ্ত অপৰাধীসকল নিশ্চিতভাৱে সত্যৰ পৰা বহু দূৰ আঁতৰি আছে, লগতে শাস্তি আৰু কষ্টৰ মাজত পতিত হৈ আছে।
የአረብኛ ቁርኣን ማብራሪያ:
یَوْمَ یُسْحَبُوْنَ فِی النَّارِ عَلٰی وُجُوْهِهِمْ ؕ— ذُوْقُوْا مَسَّ سَقَرَ ۟
যিদিনা সিহঁতক উবৰি খোৱা অৱস্থাত চোঁচৰাই জাহান্নামত নিক্ষেপ কৰা হ’ব। লগতে সিহঁতক ভৰ্ৎসনা কৰি কোৱা হ’বঃ তোমালোকে অগ্নিৰ সোৱাদ উপভোগ কৰা।
የአረብኛ ቁርኣን ማብራሪያ:
اِنَّا كُلَّ شَیْءٍ خَلَقْنٰهُ بِقَدَرٍ ۟
নিশ্চয় আমি সৃষ্টিজগতৰ প্রতিটো বস্তুক আমাৰ পূর্ব নির্ধাৰণ, জ্ঞান, ইচ্ছা আৰু লাওহে মাহফুজত লিখিত ফায়চালা অনুযায়ীহে সৃষ্টি কৰিছোঁ।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• شمول العذاب للمباشر للجريمة والمُتَمالئ معه عليها.
অপৰাধী আৰু তাৰ সৈতে অংশগ্রহণকাৰী উভয়েই প্ৰত্যক্ষভাৱে শাস্তি পাব।

• شُكْر الله على نعمه سبب السلامة من العذاب.
আল্লাহৰ নিয়ামতৰ কৃতজ্ঞতা জ্ঞাপন কৰা, শাস্তিৰ পৰা ৰক্ষা পোৱাৰ অন্যতম উপায়।

• إخبار القرآن بهزيمة المشركين يوم بدر قبل وقوعها من الإخبار بالغيب الدال على صدق القرآن.
মুশ্বৰিকসকলে বদৰৰ যুদ্ধৰ দিনা পৰাজয়বৰণ কৰিব বুলি কোৰআনে পূৰ্বেই সংবাদ পৰিবেশন কৰিছে, এই বিষয়টোৱে প্রমাণ বহন কৰে যে, কোৰআন নিশ্চয় সত্য।

• وجوب الإيمان بالقدر.
ভাগ্যলিপিৰ প্ৰতি ঈমান পোষণ কৰা অপৰিহার্য।

وَمَاۤ اَمْرُنَاۤ اِلَّا وَاحِدَةٌ كَلَمْحٍ بِالْبَصَرِ ۟
আমি যেতিয়া কোনো কাম কৰিব বিচাৰোঁ, তেতিয়া কেৱল এটাই কথা কওঁ আৰু সেয়া হৈছে ‘হ’। তেতিয়া লগে লগে আমি বিচৰা বস্তুটো চকুৰ পলকতে দ্ৰুত বাস্তৱত পৰিণত হৈ যায়।
የአረብኛ ቁርኣን ማብራሪያ:
وَلَقَدْ اَهْلَكْنَاۤ اَشْیَاعَكُمْ فَهَلْ مِنْ مُّدَّكِرٍ ۟
তোমালোকৰ দৰেই পূৰ্বৱৰ্তী উম্মতসমূহৰ মাজৰ কাফিৰসকলক আমি ধ্বংস কৰিছোঁ। এতেকে কোনোবা আছেনে এইবোৰৰ পৰা উপদেশ গ্রহণ কৰি কুফৰী কৰ্মৰ পৰা বিৰত থাকিব?!
የአረብኛ ቁርኣን ማብራሪያ:
وَكُلُّ شَیْءٍ فَعَلُوْهُ فِی الزُّبُرِ ۟
বান্দাসকলে যি যি কৰ্ম কৰে সেয়া সংৰক্ষক ফিৰিস্তাসকলে পুথিত লিপিবদ্ধ কৰি ৰাখে। একোৱেই তেওঁলোকৰ পৰা এৰা নপৰে।
የአረብኛ ቁርኣን ማብራሪያ:
وَكُلُّ صَغِیْرٍ وَّكَبِیْرٍ مُّسْتَطَرٌ ۟
সৰু-বৰ সকলো কথা আৰু কৰ্মই আমলনামা তথা লাওহে মাহফুজত লিপিবদ্ধ আছে। শীঘ্ৰেই ইয়াৰ ভিত্তিত প্রতিদান দিয়া হ’ব।
የአረብኛ ቁርኣን ማብራሪያ:
اِنَّ الْمُتَّقِیْنَ فِیْ جَنّٰتٍ وَّنَهَرٍ ۟ۙ
নিশ্চয় আল্লাহৰ আদেশ পালন কৰা আৰু তেওঁৰ নিষেধকৃত বিষয়ৰ পৰা বিৰত থকা মুত্ত্বাক্বীসকলে জান্নাতৰ মাজত আৰু প্ৰবাহিত নদ-নদীসমূহৰ মাজত তেওঁৰ নিয়ামতসমূহ উপভোগ কৰিব।
የአረብኛ ቁርኣን ማብራሪያ:
فِیْ مَقْعَدِ صِدْقٍ عِنْدَ مَلِیْكٍ مُّقْتَدِرٍ ۟۠
যথাযোগ্য আসনত তেওঁলোকে অৱস্থান কৰিব। য’ত কোনো ধৰণৰ অলাগতিয়াল তথা গুনাহৰ কথা আলোচিত নহ’ব। মহা অধিপতিৰ সান্নিধ্যত অৱস্থান কৰিব, যিজন সকলো বস্তুৰ অধিপতি, তেওঁ সৰ্বশক্তিমান, একোৱেই তেওঁৰ সাধ্যাতীত নহয়। গতিকে তেওঁলোকে তাত কিমান উৎকৃষ্ট চিৰস্থায়ী ভোগসামগ্রী লাভ কৰিব সেই বিষয়ে কোনো প্ৰশ্নই নুঠে।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• كتابة الأعمال صغيرها وكبيرها في صحائف الأعمال.
সৰু-বৰ সকলো কৰ্ম আমলনামাত লিপিবদ্ধ থাকিব।

• ابتداء الرحمن بذكر نعمه بالقرآن دلالة على شرف القرآن وعظم منته على الخلق به.
দয়াময় আল্লাহে তেওঁৰ নিয়ামতসমূহ উল্লেখ কৰাৰ পূৰ্বে কোৰআনৰ বিষয়ে আলোচনা কৰিছে, এই বিষয়টোৱে কোৰআনৰ মর্যাদা প্ৰমাণ কৰে আৰু ইয়াৰ দ্বাৰা যে সৃষ্টিজগতৰ প্ৰতি মহা অনুগ্রহ কৰা হৈছে সেইটোকে প্রমাণ কৰে।

• مكانة العدل في الإسلام.
ইছলামত ন্যায় বিচাৰৰ আসন হৈছে সুউচ্চ।

• نعم الله تقتضي منا العرفان بها وشكرها، لا التكذيب بها وكفرها.
আল্লাহৰ নিয়ামতসমূহে আমাৰ পৰা স্বীকৃতি আৰু কৃতজ্ঞতা দাবী কৰে। সেইবোৰক অস্বীকাৰ কৰা অথবা কুফৰী কৰাৰ অৱকাশ নাই।

 
የይዘት ትርጉም ምዕራፍ: አል ቀመር
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት