Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም ምዕራፍ: አል ዋቂዓህ   አንቀጽ:
یَطُوْفُ عَلَیْهِمْ وِلْدَانٌ مُّخَلَّدُوْنَ ۟ۙ
তেওঁলোকৰ সেৱা কৰিবলৈ তেওঁলোকৰ চাৰিওফালে ঘূৰি ফুৰিব কিশোৰসকল। যিসকলক বাৰ্ধক্যও স্পৰ্শ নকৰিব তথা ধ্বংসও নহ’ব।
የአረብኛ ቁርኣን ማብራሪያ:
بِاَكْوَابٍ وَّاَبَارِیْقَ ۙ۬— وَكَاْسٍ مِّنْ مَّعِیْنٍ ۟ۙ
সিহঁতে এওঁলোকৰ চাৰিওফালে জান্নাতৰ অবাৰিত ঝৰ্নাৰ পৰা সুৰাপূৰ্ণ কাপ, পিয়লা আৰু পানপাত্ৰলৈ প্ৰদক্ষিণ কৰিব।
የአረብኛ ቁርኣን ማብራሪያ:
لَّا یُصَدَّعُوْنَ عَنْهَا وَلَا یُنْزِفُوْنَ ۟ۙ
এইটো পৃথিৱীৰ সুৰাৰ দৰে নহয়। ফলত ইয়াৰ দ্বাৰা মূৰৰ বিষো সৃষ্টি নহ’ব তথা ইয়াৰ ফলত জ্ঞানহাৰাও নহ’ব।
የአረብኛ ቁርኣን ማብራሪያ:
وَفَاكِهَةٍ مِّمَّا یَتَخَیَّرُوْنَ ۟ۙ
এই কিশোৰসকলে তেওঁলোকৰ সন্মুখত তেওঁলোকৰ পছন্দৰ ফল-মূল লৈ প্ৰদক্ষিণ কৰিব।
የአረብኛ ቁርኣን ማብራሪያ:
وَلَحْمِ طَیْرٍ مِّمَّا یَشْتَهُوْنَ ۟ؕ
সিহঁতে তেওঁলোকৰ পছন্দৰ চৰাইৰ মাংস লৈ তেওঁলোকৰ সন্মুখত ঘূৰি ফুৰিব।
የአረብኛ ቁርኣን ማብራሪያ:
وَحُوْرٌ عِیْنٌ ۟ۙ
জান্নাতত তেওঁলোকৰ বাবে থাকিব পদ্মলোচন চকুবিশিষ্টা ৰমণী।
የአረብኛ ቁርኣን ማብራሪያ:
كَاَمْثَالِ اللُّؤْلُو الْمَكْنُوْنِ ۟ۚ
তেওঁলোক যেনিবা সাগৰীয় শামুকত সুৰক্ষিত থকা মুকুতাৰ দৰে।
የአረብኛ ቁርኣን ማብራሪያ:
جَزَآءً بِمَا كَانُوْا یَعْمَلُوْنَ ۟
এইটো হৈছে পৃথিৱীত কৰা তেওঁলোকৰ সৎকৰ্মৰ প্ৰতিদান।
የአረብኛ ቁርኣን ማብራሪያ:
لَا یَسْمَعُوْنَ فِیْهَا لَغْوًا وَّلَا تَاْثِیْمًا ۟ۙ
তেওঁলোকে জান্নাতত কোনো ধৰণৰ অশ্লীল বাৰ্তালাপ শুনিবলৈ নাপাব, আৰু কোনো ধৰণৰ গুনাহৰ কথাও শ্রৱণ নকৰিব।
የአረብኛ ቁርኣን ማብራሪያ:
اِلَّا قِیْلًا سَلٰمًا سَلٰمًا ۟
তেওঁলোকে তাত কেৱল তেওঁলোকক কৰা ফিৰিস্তাসকলৰ ছালাম শুনিবলৈ পাব, আৰু তেওঁলোকৰ পৰস্পৰৰ ছালামহে শুনা পাব।
የአረብኛ ቁርኣን ማብራሪያ:
وَاَصْحٰبُ الْیَمِیْنِ ۙ۬— مَاۤ اَصْحٰبُ الْیَمِیْنِ ۟ؕ
আৰু সোঁফালৰ দল, যিসকলক সোঁহাতত আমলনামা দিয়া হ'ব আল্লাহৰ ওচৰত তেওঁলোকৰ কিমান যে মৰ্যাদা আৰু সন্মান আছে!
የአረብኛ ቁርኣን ማብራሪያ:
فِیْ سِدْرٍ مَّخْضُوْدٍ ۟ۙ
তেওঁলোকে কাইটবিহীন বগৰী বাগানত অৱস্থান কৰিব, কাইট নথকাৰ ফলত তেওঁলোকৰ কোনো কষ্ট নহ’ব।
የአረብኛ ቁርኣን ማብራሪያ:
وَّطَلْحٍ مَّنْضُوْدٍ ۟ۙ
লগতে তাত আছে ঘনীভূত কল গছ, যিবোৰ আছে শাৰীবদ্ধ কল।
የአረብኛ ቁርኣን ማብራሪያ:
وَّظِلٍّ مَّمْدُوْدٍ ۟ۙ
লগতে আছে সুদীৰ্ঘ আৰু স্থায়ী ছাঁ, যিটো কেতিয়াও সমাপ্ত নহয়।
የአረብኛ ቁርኣን ማብራሪያ:
وَّمَآءٍ مَّسْكُوْبٍ ۟ۙ
আৰু আছে প্ৰবাহমান পানী, যিটো কেতিয়াও স্তব্ধ নহয়।
የአረብኛ ቁርኣን ማብራሪያ:
وَّفَاكِهَةٍ كَثِیْرَةٍ ۟ۙ
লগতে তাত আছে পৰ্যাপ্ত ফল-মূল, যিবোৰ গণনা কৰি শেষ কৰিব নোৱাৰি।
የአረብኛ ቁርኣን ማብራሪያ:
لَّا مَقْطُوْعَةٍ وَّلَا مَمْنُوْعَةٍ ۟ۙ
তেওঁলোকৰ পৰা সেইবোৰ কেতিয়াও সমাপ্ত নহ’ব। কাৰণ সেইবোৰৰ কোনো ঋতু নাই। আনহাতে সেইবোৰ পোৱাৰ ক্ষেত্ৰতো তেওঁলোকে কোনো বাধাৰ সন্মুখীন নহ’ব, যেতিয়াই তেওঁলোকে বিচাৰিব তেতিয়াই পাব।
የአረብኛ ቁርኣን ማብራሪያ:
وَّفُرُشٍ مَّرْفُوْعَةٍ ۟ؕ
উন্নত মানৰ উৎকৃষ্ট বিছনাসমূহ পালেঙৰ ওপৰত সজোৱা থাকিব।
የአረብኛ ቁርኣን ማብራሪያ:
اِنَّاۤ اَنْشَاْنٰهُنَّ اِنْشَآءً ۟ۙ
নিশ্চয় আমি উল্লিখিত হুৰসকলক অস্বাভাৱিক নিয়মত সৃষ্টি কৰিছোঁ।
የአረብኛ ቁርኣን ማብራሪያ:
فَجَعَلْنٰهُنَّ اَبْكَارًا ۟ۙ
আমি তেওঁলোকক কুমাৰী বনাইছোঁ। তেওঁলোকক ইয়াৰ পূৰ্বে কোনেও স্পৰ্শ কৰা নাই।
የአረብኛ ቁርኣን ማብራሪያ:
عُرُبًا اَتْرَابًا ۟ۙ
তেওঁলোক হৈছে স্বামীপ্ৰেমী, প্রিয়তমা তথা সমবয়সী।
የአረብኛ ቁርኣን ማብራሪያ:
لِّاَصْحٰبِ الْیَمِیْنِ ۟ؕ۠
সোঁপন্থীসকলৰ বাবে আমি তেওঁলোকক সৃষ্টি কৰিছোঁ। যিসকলক সৌভাগ্যৰ প্ৰতীক হিচাপে সোঁফালে অৱস্থান কৰোৱা হ’ব।
የአረብኛ ቁርኣን ማብራሪያ:
ثُلَّةٌ مِّنَ الْاَوَّلِیْنَ ۟ۙ
দৰাচলতে তেওঁলোক হৈছে পূর্বৱৰ্তী নবীসকলৰ উম্মতৰ এটা দল।
የአረብኛ ቁርኣን ማብራሪያ:
وَثُلَّةٌ مِّنَ الْاٰخِرِیْنَ ۟ؕ
আৰু আনটো দল হৈছে উম্মতে মুহাম্মাদীৰ মাজৰ পৰা; অৰ্থাৎ শেষ উম্মতৰ মাজৰ পৰা।
የአረብኛ ቁርኣን ማብራሪያ:
وَاَصْحٰبُ الشِّمَالِ ۙ۬— مَاۤ اَصْحٰبُ الشِّمَالِ ۟ؕ
আৰু বাওঁফালৰ দল, যিসকলক বাওঁ হাতত আমলনামা দিয়া হ'ব, সিহঁতৰ ঠিকনা আৰু অৱস্থা কিমান যে নিকৃষ্ট হ'ব।
የአረብኛ ቁርኣን ማብራሪያ:
فِیْ سَمُوْمٍ وَّحَمِیْمٍ ۟ۙ
সিহঁতে প্ৰচণ্ড গৰম বতাহ আৰু উতলা পানীৰ মাজত অৱস্থান কৰিব।
የአረብኛ ቁርኣን ማብራሪያ:
وَّظِلٍّ مِّنْ یَّحْمُوْمٍ ۟ۙ
লগতে ক’লা ধোঁৱাবিশিষ্ট ছাঁত অৱস্থান কৰিব।
የአረብኛ ቁርኣን ማብራሪያ:
لَّا بَارِدٍ وَّلَا كَرِیْمٍ ۟
যাৰ গতিবেগো ভাল নহয়, আৰু দৃশ্যও সুন্দৰ নহয়।
የአረብኛ ቁርኣን ማብራሪያ:
اِنَّهُمْ كَانُوْا قَبْلَ ذٰلِكَ مُتْرَفِیْنَ ۟ۚۖ
সিহঁতে এই শাস্তিত নিক্ষিপ্ত হোৱাৰ পূর্বে পৃথিৱীত ভোগ-সামগ্ৰীৰ মাজত লিপ্ত আছিল। নিজৰ প্ৰবৃত্তিৰ চাহিদা পূৰণৰ বাহিৰে সিহঁতৰ আন কোনো চিন্তা নাছিল।
የአረብኛ ቁርኣን ማብራሪያ:
وَكَانُوْا یُصِرُّوْنَ عَلَی الْحِنْثِ الْعَظِیْمِ ۟ۚ
সিহঁতে আল্লাহৰ সৈতে কুফৰী কৰাৰ ক্ষেত্ৰত আৰু তেওঁক এৰি মূৰ্ত্তিবোৰৰ উপাসনাত বদ্ধপৰিকৰ আছিল।
የአረብኛ ቁርኣን ማብራሪያ:
وَكَانُوْا یَقُوْلُوْنَ ۙ۬— اَىِٕذَا مِتْنَا وَكُنَّا تُرَابًا وَّعِظَامًا ءَاِنَّا لَمَبْعُوْثُوْنَ ۟ۙ
সিহঁতে পুনৰুত্থানক অস্বীকাৰ কৰিছিল। সেয়ে সিহঁতে ইয়াক ঠাট্টা কৰি আৰু দুস্কৰ বুলি ভাৱি কৈছিলঃ “আমি যেতিয়া মৃত্যুবৰণ কৰিম তথা মাটিত পৰিণত হ'ম আৰু যেতিয়া আমাৰ হাড়বোৰ বিগলিত হৈ যাব, তেতিয়া আকৌ আমাক পুনৰুত্থিত কৰা হ’ব নেকি”?!
የአረብኛ ቁርኣን ማብራሪያ:
اَوَاٰبَآؤُنَا الْاَوَّلُوْنَ ۟
অথবা আমাৰ পূৰ্বে মৃত্যুবৰণ কৰা আমাৰ পূর্বপুৰুষসকলক পুনৰ জীৱিত কৰা হ’ব নেকি?!
የአረብኛ ቁርኣን ማብራሪያ:
قُلْ اِنَّ الْاَوَّلِیْنَ وَالْاٰخِرِیْنَ ۟ۙ
হে ৰাছুল! আখিৰাতৰ জীৱনক অবিশ্বাস কৰা এই লোকসকলক আপুনি কৈ দিয়কঃ নিশ্চয় পূর্বৰ আৰু পিছৰ সকলোকে একত্ৰিত কৰা হ’ব।
የአረብኛ ቁርኣን ማብራሪያ:
لَمَجْمُوْعُوْنَ ۙ۬— اِلٰی مِیْقَاتِ یَوْمٍ مَّعْلُوْمٍ ۟
অচিৰেই হিচাপ আৰু প্ৰতিদানৰ উদ্দেশ্যে সমৱেত কৰা হ’ব।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• العمل الصالح سبب لنيل النعيم في الآخرة.
সৎকৰ্ম হৈছে আখিৰাতত নিয়ামত লাভ কৰাৰ উপায়।

• الترف والتنعم من أسباب الوقوع في المعاصي.
ভোগ-বিলাস হৈছে পাপকৰ্মত লিপ্ত হোৱাৰ অন্যতম মাধ্যম।

• خطر الإصرار على الذنب.
পাপ কৰ্মৰ ওপৰত অবিচল থকাৰ ভয়াৱহতা।

 
የይዘት ትርጉም ምዕራፍ: አል ዋቂዓህ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት