Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም ምዕራፍ: አል ዋቂዓህ   አንቀጽ:
ثُمَّ اِنَّكُمْ اَیُّهَا الضَّآلُّوْنَ الْمُكَذِّبُوْنَ ۟ۙ
ইয়াৰ পিছত, হে আখিৰাতৰ জীৱনক অস্বীকাৰ কৰা আৰু সৰল পথৰ পৰা বিচ্যুত হোৱা লোকসকল! নিশ্চয় তোমালোকক কিয়ামতৰ দিনা যাক্কুম নামক বেয়া তথা নিকৃষ্ট বৃক্ষৰ ফল ভক্ষণ কৰোৱা হ’ব।
የአረብኛ ቁርኣን ማብራሪያ:
لَاٰكِلُوْنَ مِنْ شَجَرٍ مِّنْ زَقُّوْمٍ ۟ۙ
ইয়াৰ পিছত, হে আখিৰাতৰ জীৱনক অস্বীকাৰ কৰা আৰু সৰল পথৰ পৰা বিচ্যুত হোৱা লোকসকল! নিশ্চয় তোমালোকক কিয়ামতৰ দিনা যাক্কুম নামক বেয়া তথা নিকৃষ্ট বৃক্ষৰ ফল ভক্ষণ কৰোৱা হ’ব।
የአረብኛ ቁርኣን ማብራሪያ:
فَمَالِـُٔوْنَ مِنْهَا الْبُطُوْنَ ۟ۚ
ফলত তোমালোকে এই গছৰ তিতা ফলেৰে নিজৰ খালী উদৰ পূৰণ কৰিবা।
የአረብኛ ቁርኣን ማብራሪያ:
فَشٰرِبُوْنَ عَلَیْهِ مِنَ الْحَمِیْمِ ۟ۚ
লগতে পান কৰিব লাগিব প্ৰচণ্ড উত্তপ্ত গৰম পানী।
የአረብኛ ቁርኣን ማብራሪያ:
فَشٰرِبُوْنَ شُرْبَ الْهِیْمِ ۟ؕ
এতেকে সিহঁতে প্ৰচুৰ পৰিমাণে সেই পানী পান কৰিব। যিদৰে উটে তীব্র পিয়াহত অধিক পৰিমাণে পানী পান কৰে।
የአረብኛ ቁርኣን ማብራሪያ:
هٰذَا نُزُلُهُمْ یَوْمَ الدِّیْنِ ۟ؕ
উপৰোল্লেখিত তিতা খাদ্য আৰু গৰম পানীৰেই সিহঁতক প্ৰতিদান দিৱসত অভ্যর্থনা জনোৱা হ’ব।
የአረብኛ ቁርኣን ማብራሪያ:
نَحْنُ خَلَقْنٰكُمْ فَلَوْلَا تُصَدِّقُوْنَ ۟
হে অস্বীকাৰকাৰীসকল! আমিয়েই তোমালোকক সৃষ্টি কৰিছোঁ, ইয়াৰ পূৰ্বে তোমালোকৰ কোনো অস্তিত্বই নাছিল। এতেকে তোমালোকে এই কথা বিশ্বাস নকৰা নেকি যে, নিশ্চয় আমিয়েই তোমালোকক মৃত্যুৰ পিছত পুনৰ জীৱিত কৰিম?!
የአረብኛ ቁርኣን ማብራሪያ:
اَفَرَءَیْتُمْ مَّا تُمْنُوْنَ ۟ؕ
হে মানৱজাতি! তোমালোকে সেই বীৰ্য সম্পৰ্কে ভাৱিছানে, যিটো তোমালোকে নিজৰস্ত্রীসকলৰ গর্ভাশয়ত নিক্ষেপ কৰা?!
የአረብኛ ቁርኣን ማብራሪያ:
ءَاَنْتُمْ تَخْلُقُوْنَهٗۤ اَمْ نَحْنُ الْخٰلِقُوْنَ ۟
সেই বীর্য তোমালোকে সৃষ্টি কৰা নে আমি সৃষ্টি কৰোঁ?!
የአረብኛ ቁርኣን ማብራሪያ:
نَحْنُ قَدَّرْنَا بَیْنَكُمُ الْمَوْتَ وَمَا نَحْنُ بِمَسْبُوْقِیْنَ ۟ۙ
আমি তোমালোকৰ মাজত মৃত্যুৰ ফয়চালা কৰিছোঁ। ফলত তোমালোকৰ প্ৰত্যেকৰে বাবে আছে এটা নির্ধাৰিত সময়, যি সময় আগুৱাইও নাহিব আৰু পিছুৱাইও নাযাব। তথা আমি অপাৰগও নহয়,
የአረብኛ ቁርኣን ማብራሪያ:
عَلٰۤی اَنْ نُّبَدِّلَ اَمْثَالَكُمْ وَنُنْشِئَكُمْ فِیْ مَا لَا تَعْلَمُوْنَ ۟
তোমালোকৰ বর্তমান সৃষ্টি আৰু আকৃতিক পৰিবর্তন কৰি তোমালোকক এনেকুৱা সৃষ্টিত পৰিণত কৰিবলৈও সক্ষম, যি সৃষ্টি আৰু আকৃতি সম্পৰ্কে তোমালোকে নাজানা।
የአረብኛ ቁርኣን ማብራሪያ:
وَلَقَدْ عَلِمْتُمُ النَّشْاَةَ الْاُوْلٰی فَلَوْلَا تَذَكَّرُوْنَ ۟
নিশ্চয় তোমালোক অৱগত হৈছা, কেনেকৈ আমি তোমালোকৰ প্ৰথম সৃষ্টি সম্পন্ন কৰিছোঁ। এতেকে তোমালোকে উপদেশ গ্রহণ নকৰা কিয়? আৰু এই কথা বিশ্বাস নকৰা নেকি যে, যি সত্তাই তোমালোকক প্ৰথমবাৰ সৃষ্টি কৰিছে, তেওঁ নিশ্চয় তোমালোকক মৃত্যুৰ পিছতো পুনৰ জীৱিত কৰিবলৈ সক্ষম?!
የአረብኛ ቁርኣን ማብራሪያ:
اَفَرَءَیْتُمْ مَّا تَحْرُثُوْنَ ۟ؕ
তোমালোকে মাটিত যি বীজ ৰূপন কৰা, সেই সম্পৰ্কে কেতিয়াবা ভাৱি দেখিছানে?!
የአረብኛ ቁርኣን ማብራሪያ:
ءَاَنْتُمْ تَزْرَعُوْنَهٗۤ اَمْ نَحْنُ الزّٰرِعُوْنَ ۟
সেই বীজ তোমালোকে অংকুৰিত কৰা নেকি; নে আমি অংকুৰি কৰোঁ?!
የአረብኛ ቁርኣን ማብራሪያ:
لَوْ نَشَآءُ لَجَعَلْنٰهُ حُطَامًا فَظَلْتُمْ تَفَكَّهُوْنَ ۟
আমি ইচ্ছা কৰিলে সেই শস্যক খেৰ-কুটাত পৰিণত কৰিব পাৰোঁ, যি শস্য পকিছে তথা চপাই লোৱাৰ নিকটৱর্তী সময়ত উপনীত হৈছে। কিন্তু তেনে কৰিলে তোমালোক হতাশ হৈ পৰিবা।
የአረብኛ ቁርኣን ማብራሪያ:
اِنَّا لَمُغْرَمُوْنَ ۟ۙ
তেতিয়া তোমালোকে ক’বাঃ নিশ্চয় আমি যি ব্যয় কৰিছোঁ, এই ক্ষয়-ক্ষতিৰ বাবে আমি দায়গ্ৰস্ত হৈ পৰিলোঁ।
የአረብኛ ቁርኣን ማብራሪያ:
بَلْ نَحْنُ مَحْرُوْمُوْنَ ۟
বৰং আমি জীৱিকাৰ পৰা বঞ্চিত হৈ পৰিলোঁ।
የአረብኛ ቁርኣን ማብራሪያ:
اَفَرَءَیْتُمُ الْمَآءَ الَّذِیْ تَشْرَبُوْنَ ۟ؕ
পিয়াহ লাগিলে তোমালোকে যি পানী খোৱা, সেই পানীৰ বিষয়ে তোমালোকে কেতিয়াবা ভাৱিছানে?!
የአረብኛ ቁርኣን ማብራሪያ:
ءَاَنْتُمْ اَنْزَلْتُمُوْهُ مِنَ الْمُزْنِ اَمْ نَحْنُ الْمُنْزِلُوْنَ ۟
আকাশৰ মেঘপুঞ্জৰ মাজৰ পৰা সেই পানী তোমালোকে অৱতীৰ্ণ কৰা, নে আমি অৱতীৰ্ণ কৰোঁ?!
የአረብኛ ቁርኣን ማብራሪያ:
لَوْ نَشَآءُ جَعَلْنٰهُ اُجَاجًا فَلَوْلَا تَشْكُرُوْنَ ۟
আমি ইচ্ছা কৰিলে সেই পানীক প্ৰচণ্ড লৱণাক্ত বনাব পাৰোঁ, যিটো খোৱাৰ বাবেও উপযোগী নহয় আৰু খেতি-বাতিৰ বাবেও উপযুক্ত নহয়। এতেকে আল্লাহে তোমালোকৰ প্ৰতি দয়া দৃষ্টি কৰি যি মিঠা পানী অৱতীৰ্ণ কৰে, তাৰ বাবে তোমালোকে তেওঁৰ কৃতজ্ঞতা জ্ঞাপন নকৰিবানে?!
የአረብኛ ቁርኣን ማብራሪያ:
اَفَرَءَیْتُمُ النَّارَ الَّتِیْ تُوْرُوْنَ ۟ؕ
সেই জুই সম্পৰ্কে তোমালোকে কেতিয়াবা ভাৱিছানে, যিটোক তোমালোকে নিজৰ উপকাৰাৰ্থে প্ৰজ্বলিত কৰা?!
የአረብኛ ቁርኣን ማብራሪያ:
ءَاَنْتُمْ اَنْشَاْتُمْ شَجَرَتَهَاۤ اَمْ نَحْنُ الْمُنْشِـُٔوْنَ ۟
জুই উৎপন্ন কৰা সেই গছ তোমালোকে সৃষ্টি কৰিছা, নে আমি তোমালোকৰ প্ৰতি দয়া কৰি সৃষ্টি কৰিছোঁ?!
የአረብኛ ቁርኣን ማብራሪያ:
نَحْنُ جَعَلْنٰهَا تَذْكِرَةً وَّمَتَاعًا لِّلْمُقْوِیْنَ ۟ۚ
সেই জুইক আমি তোমালোকৰ বাবে উপদেশ বনাইছোঁ। সেইটোৱে তোমালোকক পৰকালৰ অগ্নিৰ কথা স্মৰণ কৰাই দিয়ে। লগতে ইয়াক তোমালোকৰ মাজৰ ভ্রমণকাৰীসকলৰ বাবে উপকাৰীও বনাইছোঁ।
የአረብኛ ቁርኣን ማብራሪያ:
فَسَبِّحْ بِاسْمِ رَبِّكَ الْعَظِیْمِ ۟
এতেকে হে ৰাছুল! আপুনি আপোনাৰ মহান প্ৰতিপালকৰ পৱিত্ৰতা ঘোষণা কৰক, সেই সকলো বস্তুৰ পৰা, যিবোৰ তেওঁৰ বাবে উপযুক্ত নহয়।
የአረብኛ ቁርኣን ማብራሪያ:
فَلَاۤ اُقْسِمُ بِمَوٰقِعِ النُّجُوْمِ ۟ۙ
আল্লাহে তাৰকাৰাজিৰ অৱস্থান আৰু স্থানৰ শপত কৰিছে।
የአረብኛ ቁርኣን ማብራሪያ:
وَاِنَّهٗ لَقَسَمٌ لَّوْ تَعْلَمُوْنَ عَظِیْمٌ ۟ۙ
তোমালোকে যদি এইবোৰৰ অৱস্থানৰ মৰ্যাদা সম্পৰ্কে জানিলাহেঁতেন, তেতিয়াহে বুজি পালাহেঁতেন, ইয়াৰ শপত খোৱা কিমান ডাঙৰ বিষয়। তাত আছে অগণিত নিদৰ্শন আৰু উপদেশাৱলী।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• دلالة الخلق الأول على سهولة البعث ظاهرة.
প্ৰথম বাৰৰ সৃষ্টিয়ে প্ৰকাশ্যভাৱে প্ৰমাণ কৰে যে পুনৰুত্থানৰ বিষয়টো অতি সহজ।

• إنزال الماء وإنبات الأرض والنار التي ينتفع بها الناس نعم تقتضي من الناس شكرها لله، فالله قادر على سلبها متى شاء.
পানীৰ অৱতাৰণ, ভূমিৰ পৰা উৎপাদন আৰু মানুহৰ উপকাৰত ব্যৱহৃত হোৱা জুই, এইসকলোবোৰ নিয়ামতে মানুহৰ ফালৰ পৰা আল্লাহৰ কৃতজ্ঞতা দাবী কৰে। কিয়নো, আল্লাহে ইচ্ছা কৰিলে এইবোৰ মানুহৰ পৰা হৰণ কৰিবলৈ সক্ষম।

• الاعتقاد بأن للكواكب أثرًا في نزول المطر كُفْرٌ، وهو من عادات الجاهلية.
বৰষুণৰ বাবে তৰাৰ প্ৰভাৱ থকা বুলি বিশ্বাস কৰাটো কুফৰী। এইটো হৈছে অজ্ঞতা যুগৰ প্ৰথা।

 
የይዘት ትርጉም ምዕራፍ: አል ዋቂዓህ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት