Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም ምዕራፍ: አል ሐሽር   አንቀጽ:
وَالَّذِیْنَ جَآءُوْ مِنْ بَعْدِهِمْ یَقُوْلُوْنَ رَبَّنَا اغْفِرْ لَنَا وَلِاِخْوَانِنَا الَّذِیْنَ سَبَقُوْنَا بِالْاِیْمَانِ وَلَا تَجْعَلْ فِیْ قُلُوْبِنَا غِلًّا لِّلَّذِیْنَ اٰمَنُوْا رَبَّنَاۤ اِنَّكَ رَءُوْفٌ رَّحِیْمٌ ۟۠
আৰু এওঁলোকৰ পিছত যিসকলে আগমন কৰিছে আৰু যিসকলে ক্বিয়ামত পৰ্যন্ত কল্যাণৰ সৈতে তেওঁলোকৰ অনুসৰণ কৰিব। তেওঁলোকে ক'বঃ হে আমাৰ প্ৰতিপালক! আমাক ক্ষমা কৰি দিয়া আৰু আমাৰ সেইসকল দ্বীনি ভাতৃকো ক্ষমা কৰি দিয়া, যিসকলে আমাৰ পূৰ্বে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান পোষণ কৰিছিল। আৰু আমাৰ অন্তৰত কোনো মুমিনৰ প্ৰতি শত্ৰুতা তথা বিদ্বেষ নাৰাখিবা। হে আমাৰ প্ৰতিপালক! নিশ্চয় তুমি তোমাৰ বান্দাসকলৰ প্ৰতি অতি কৰুণাময়, দয়াবান।
የአረብኛ ቁርኣን ማብራሪያ:
اَلَمْ تَرَ اِلَی الَّذِیْنَ نَافَقُوْا یَقُوْلُوْنَ لِاِخْوَانِهِمُ الَّذِیْنَ كَفَرُوْا مِنْ اَهْلِ الْكِتٰبِ لَىِٕنْ اُخْرِجْتُمْ لَنَخْرُجَنَّ مَعَكُمْ وَلَا نُطِیْعُ فِیْكُمْ اَحَدًا اَبَدًا ۙ— وَّاِنْ قُوْتِلْتُمْ لَنَنْصُرَنَّكُمْ ؕ— وَاللّٰهُ یَشْهَدُ اِنَّهُمْ لَكٰذِبُوْنَ ۟
হে ৰাছুল! আপুনি সিহঁতক দেখা নাই নে, যিহঁতে নিজৰ অন্তৰত কুফৰ গোপন কৰি ৰাখে আৰু ঈমান প্ৰকাশ কৰি ফুৰে। সিহঁতে বিকৃত তৌৰাতৰ অনুসাৰী ইহুদী কাফিৰসকলক কয়ঃ নিজৰ ঘৰত অটল থাকিবা, আমি তোমালোকক লাঞ্ছিত হ'বলৈ নিদিওঁ আৰু আমি তোমোলোকক অকলশৰীয়াও নকৰো। বৰং যদি মুছলিমসকলে তোমালোকক বহিষ্কাৰ কৰে তেন্তে আমিও তোমালোকৰ সৈতে ওলাই যাম। আমি তোমালোকৰ সৈতে ওলাই যোৱাৰ ক্ষেত্ৰত কাৰো কথা নুশুনিম। আৰু যদি মুছলিমসকলে তোমালোকৰ সৈতে যুদ্ধ কৰে তেন্তে আমি সিহঁতৰ বিৰুদ্ধে তোমালোকক সহায় কৰিম। অথচ আল্লাহে সাক্ষ্য প্ৰদান কৰে যে, মুনাফিকসকল নিজৰ এই দাবীত মিছলীয়া যে, যদি ইহুদীসকলক বহিষ্কাৰ কৰা হয় তেন্তে সিহঁতেও সিহঁতৰ লগত ওলাই যাব। আৰু যদি সিহঁতৰ লগত যুদ্ধ কৰা হয় তেন্তে সিহঁতে সিহঁতৰ সহায় কৰিব।
የአረብኛ ቁርኣን ማብራሪያ:
لَىِٕنْ اُخْرِجُوْا لَا یَخْرُجُوْنَ مَعَهُمْ ۚ— وَلَىِٕنْ قُوْتِلُوْا لَا یَنْصُرُوْنَهُمْ ۚ— وَلَىِٕنْ نَّصَرُوْهُمْ لَیُوَلُّنَّ الْاَدْبَارَ ۫— ثُمَّ لَا یُنْصَرُوْنَ ۟
যদি মুছলিমসকলে ইহুদীসকলক বহিষ্কাৰ কৰে তেন্তে সিহঁতে সিহঁতৰ লগত কেতিয়াও ওলাই নাযাব। আৰু যদি মুছলিমসকলে সিহঁতৰ লগত যুদ্ধ কৰে তেন্তে সিহঁতে সিহঁতক কেতিয়াও সহায় নকৰিব। আনহাতে সিহঁতে যদি সহায় কৰেও তেন্তে যুদ্ধৰ সময়ত পলায়ন কৰিব। ইয়াৰ পিছত মুনাফিকসকলক আৰু সহায় কৰা নহ'ব। বৰং আল্লাহে সিহঁতক অপমানিত কৰিব আৰু লাঞ্ছিত কৰিব।
የአረብኛ ቁርኣን ማብራሪያ:
لَاَنْتُمْ اَشَدُّ رَهْبَةً فِیْ صُدُوْرِهِمْ مِّنَ اللّٰهِ ؕ— ذٰلِكَ بِاَنَّهُمْ قَوْمٌ لَّا یَفْقَهُوْنَ ۟
হে মুমিনসকল! নিশ্চয় মুনাফিক আৰু ইহুদীসকলৰ অন্তৰত আল্লাহৰ ভয়তকৈ অধিক তোমালোকৰ ভয় পোৱা যায়। আৰু সিহঁতে তোমালোকক অত্যাধিক ভয় কৰাৰ আৰু আল্লাহক ভয় নকৰাৰ কাৰণটো হৈছে এই যে, সিহঁত হৈছে জ্ঞানবোধ নথকা সম্প্ৰদায়। কিয়নো যদি সিহঁতৰ বোধ শক্তি থাকিলেহেঁতেন তেন্তে ভালদৰে জানিলেহেঁতেন যে, আল্লাহক ভয় কৰাটো অধিক বাঞ্চনীয়। কিয়নো তেৱেঁই তোমালোকক সিহঁতৰ ওপৰত প্ৰভুত্ব প্ৰদান কৰিছে।
የአረብኛ ቁርኣን ማብራሪያ:
لَا یُقَاتِلُوْنَكُمْ جَمِیْعًا اِلَّا فِیْ قُرًی مُّحَصَّنَةٍ اَوْ مِنْ وَّرَآءِ جُدُرٍ ؕ— بَاْسُهُمْ بَیْنَهُمْ شَدِیْدٌ ؕ— تَحْسَبُهُمْ جَمِیْعًا وَّقُلُوْبُهُمْ شَتّٰی ؕ— ذٰلِكَ بِاَنَّهُمْ قَوْمٌ لَّا یَعْقِلُوْنَ ۟ۚ
হে মুমিনসকল! ইহুদীসকলে তোমালোকৰ সৈতে একত্ৰিত হৈ যুদ্ধ নকৰিব। দুৰ্গাৱদ্ধ অথবা গাওঁৰ চাৰিবেৰৰ ভিতৰৰ পৰা হ'লে সেয়া সুকীয়া কথা। সিহঁতৰ কাপুৰুষত্বৰ ফলত সিহঁতে কেতিয়াও তোমালোকৰ সন্মুখত আহি যুদ্ধ কৰিব নোৱাৰিব। সিহঁতৰ অন্তৰত থকা বিদ্বেষতকৈ সিহঁতৰ পৰস্পৰ দ্বন্দ অধিক প্ৰকট। আপুনি হয়তো ভাবিছে সিহঁতৰ মাজত একতা আছে বৰং সত্য কথা হৈছে এই যে, সিহঁতৰ অন্তৰ হৈছে বিচ্ছেদিত অমিল। এই বিদ্বেষ আৰু বিভেদৰ কাৰণ হৈছে সিহঁতৰ বোধ শক্তিৰ অভাৱ। কিয়নো যদি জ্ঞান-বুদ্ধি থাকিলেহেঁতেন তেন্তে সত্যক জানিব পাৰিলেহেঁতেন আৰু সেই মতে আমলো কৰিলেহেঁতেন তথা এই বিষয়ে বিভেদ নকৰিলেহঁতেন।
የአረብኛ ቁርኣን ማብራሪያ:
كَمَثَلِ الَّذِیْنَ مِنْ قَبْلِهِمْ قَرِیْبًا ذَاقُوْا وَبَالَ اَمْرِهِمْ ۚ— وَلَهُمْ عَذَابٌ اَلِیْمٌ ۟ۚ
কুফৰ আৰু শাস্তি গ্ৰস্ত হোৱাৰ ক্ষেত্ৰত ইহুদীসকলৰ উদাহৰণ মক্কাৰ সেই মুশ্বৰিকসকলৰ দৰে যিসকলে ইহঁতৰ কিছু পূৰ্বে শাস্তি গ্ৰস্ত হৈছে। সিহঁতে নিজৰ কুফুৰী কাৰ্যৰ কু-পৰিণাম উপভোগ কৰিছে আৰু বদৰৰ (যুদ্ধৰ) দিনা সিহঁতৰ কিছুমানে নিহত হৈছিল আৰু বহুতেই গ্ৰেপ্তাৰ হৈছিল। তথা সিহঁতৰ বাবে পৰকালত আছে কষ্টদায়ক শাস্ত।
የአረብኛ ቁርኣን ማብራሪያ:
كَمَثَلِ الشَّیْطٰنِ اِذْ قَالَ لِلْاِنْسَانِ اكْفُرْ ۚ— فَلَمَّا كَفَرَ قَالَ اِنِّیْ بَرِیْٓءٌ مِّنْكَ اِنِّیْۤ اَخَافُ اللّٰهَ رَبَّ الْعٰلَمِیْنَ ۟
মুনাফিকসকলৰ পৰা ইয়াহুদীসকলে কথা শুনাৰ ক্ষেত্ৰত মুনাফিকসকলৰ ভূমিকা হৈছে চয়তানৰ দৰে, যেতিয়া চয়তানে মানুহৰ বাবে কুফুৰী কাৰ্য সৌন্দৰ্যময় কৰি উপস্থাপন কৰাৰ পিছত কয়, কুফুৰী কৰা। সুসজ্জিত দেখি যেতিয়া সিহঁতে কুফৰী কৰে, তেতিয়া চয়তানে কয়, তোমাৰ লগত মোৰ কোনো সম্পৰ্ক নাই, তুমি কুফুৰী কৰিছা। নিশ্চয় মই সৃষ্টিৰ প্ৰতিপালকক ভয় কৰো।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• رابطة الإيمان لا تتأثر بتطاول الزمان وتغير المكان.
স্থান পৰিবৰ্তন অথবা সময়ৰ দৈৰ্ঘতাই ঈমানৰ সম্পৰ্কত প্ৰভাৱ নেপেলায়।

• صداقة المنافقين لليهود وغيرهم صداقة وهمية تتلاشى عند الشدائد.
মুনাফিকসকলৰ ইহুদীসকলৰ লগত বন্ধুত্ব হৈছে আভুৱা ভৰা প্ৰৱঞ্চনা, যিটো বিপদৰ পলাই পত্ৰং দিয়ে।

• اليهود جبناء لا يواجهون في القتال، ولو قاتلوا فإنهم يتحصنون بِقُرَاهم وأسلحتهم.
প্ৰকৃততে ইয়াহুদীসকল হৈছে কাপুৰুষ। মুখা-মুখি যুদ্ধ কৰিবলৈ সিহঁতৰ সাহস নাই। আনহাতে যদি যু্দ্ধ কৰেও তেন্তে অস্ত্ৰ সস্ত্ৰলৈ দুৰ্গৰ ভিতৰৰ পৰা কৰিব পাৰে।

 
የይዘት ትርጉም ምዕራፍ: አል ሐሽር
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት