Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም ምዕራፍ: አል ሐሽር   አንቀጽ:
فَكَانَ عَاقِبَتَهُمَاۤ اَنَّهُمَا فِی النَّارِ خَالِدَیْنِ فِیْهَا ؕ— وَذٰلِكَ جَزٰٓؤُا الظّٰلِمِیْنَ ۟۠
এতেকে চয়তান আৰু তাৰ অনুসাৰীসকলৰ পৰিণাম হৈছে এই যে, সিহঁতে ক্বিয়ামতৰ দিনা চিৰস্থায়ীভাৱে জাহান্নামত প্ৰৱেশ কৰিব। আৰু এই শাস্তি যিটো সিহঁতৰ অপেক্ষাত আছে, এয়া সেইসকল লোকৰ শাস্তি যিসকলে আল্লাহৰ সীমালঙ্ঘন কৰি নিজৰ ওপৰতে অন্যায় কৰিছে।
የአረብኛ ቁርኣን ማብራሪያ:
یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوا اتَّقُوا اللّٰهَ وَلْتَنْظُرْ نَفْسٌ مَّا قَدَّمَتْ لِغَدٍ ۚ— وَاتَّقُوا اللّٰهَ ؕ— اِنَّ اللّٰهَ خَبِیْرٌ بِمَا تَعْمَلُوْنَ ۟
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁ ৰচনা কৰা চৰীয়ত অনুযায়ী আমলকাৰীসকল! আল্লাহৰ আদেশসমূহ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি কেৱল তেওঁকেই ভয় কৰা। আৰু প্ৰত্যেক ব্যক্তিয়ে চিন্তা কৰা উচিত যে, তেওঁ ক্বিয়ামত দিৱসৰ বাবে কি নেক আমল কৰিছে। তথা আল্লাহক ভয় কৰা নিশ্চয় তেওঁ তোমালোকৰ কৰ্ম সম্পৰ্কে অৱগত। তোমালোকৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়। আৰু তেওঁ তোমালোকক ইয়াৰ পৰিণামো দিব।
የአረብኛ ቁርኣን ማብራሪያ:
وَلَا تَكُوْنُوْا كَالَّذِیْنَ نَسُوا اللّٰهَ فَاَنْسٰىهُمْ اَنْفُسَهُمْ ؕ— اُولٰٓىِٕكَ هُمُ الْفٰسِقُوْنَ ۟
আৰু সিহঁতৰ দৰে নহ'বা যিসকলে আল্লাহক পাহৰি তেওঁৰ আদেশ পালন কৰা এৰিছে আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰাও আঁতৰত থকা বাদ দিছে। ফলত আল্লাহেও সিহঁতক আওকাণ কৰিছে, কাৰণ সিহঁতে আল্লাহৰ ক্ৰোধ আৰু শাস্তিৰ পৰা ৰক্ষা পাবলৈ কোনো কৰ্ম কৰা নাই। ইহঁতেই সেইসকল লোক যিসকলে আল্লাহক পাহৰি গৈছে আৰু তেওঁৰ আদেশসমূহ পালন কৰা এৰিছে লগতে তেওঁৰ নিষেধকৃত বস্তুৰ পৰাও বিৰত থকা নাই। প্ৰকৃততে ইহঁতেই আল্লাহৰ আনুগত্যৰ পৰা বহিষ্কৃত।
የአረብኛ ቁርኣን ማብራሪያ:
لَا یَسْتَوِیْۤ اَصْحٰبُ النَّارِ وَاَصْحٰبُ الْجَنَّةِ ؕ— اَصْحٰبُ الْجَنَّةِ هُمُ الْفَآىِٕزُوْنَ ۟
জাহান্নামী আৰু জান্নাতীসকল কেতিয়াও সমান হ'ব নোৱাৰে। বৰং যিদৰে পৃথিৱীত সিহঁতৰ কৰ্মৰাজিৰ মাজত পাৰ্থক্য আছিল, ঠিক তেনেদৰে পৰকালতো সিহঁতৰ প্ৰতিফলৰ মাজত পাৰ্থক্য হব। জান্নাতীসকলেই সফল হ'ব। আৰু তেওঁলোকে ইচ্ছাকৃত সকলো সা-সামগ্ৰী পাব আৰু সকলো ধৰণৰ ভয়ৰ পৰা মুক্তি লাভ কৰিব।
የአረብኛ ቁርኣን ማብራሪያ:
لَوْ اَنْزَلْنَا هٰذَا الْقُرْاٰنَ عَلٰی جَبَلٍ لَّرَاَیْتَهٗ خَاشِعًا مُّتَصَدِّعًا مِّنْ خَشْیَةِ اللّٰهِ ؕ— وَتِلْكَ الْاَمْثَالُ نَضْرِبُهَا لِلنَّاسِ لَعَلَّهُمْ یَتَفَكَّرُوْنَ ۟
হে ৰাছুল! যদি আমি এই কোৰআনখনক কোনো পাহাৰৰ ওপৰত অৱতীৰ্ণ কৰিলোহেঁতেন তেন্তে আপুনি দেখিবলৈ পালেহেঁতেন যে, পৰ্বত প্ৰকাণ্ড আৰু মজবুত হোৱাৰ পিছতো অন্তৰ কপোৱা নছিহত আৰু কঠোৰ ধমকৰ ফলত আল্লাহৰ ভয়ত চূৰ্ণ-বিচূৰ্ণ হৈ গলেহেঁতেন। আৰু এইবোৰ উদাহৰণ আমি মানুহৰ বাবে বৰ্ণনা কৰোঁ, যাতে সিহঁতে বিবেকেৰে কাম কৰি কোৰআনৰ নছিহত আৰু শিক্ষাবোৰৰ পৰা পাঠ লয়।
የአረብኛ ቁርኣን ማብራሪያ:
هُوَ اللّٰهُ الَّذِیْ لَاۤ اِلٰهَ اِلَّا هُوَ ۚ— عٰلِمُ الْغَیْبِ وَالشَّهَادَةِ ۚ— هُوَ الرَّحْمٰنُ الرَّحِیْمُ ۟
তেৱেঁই আল্লাহ যাৰ বাহিৰে কোনো সত্য উপাস্য নাই। তেৱেঁই প্ৰকাশ্য অপ্ৰকাশ্য সকলো বিষয়ে জানে। তেওঁৰ পৰা কোনো কথাই গোপন নহয়। তেওঁ ইহকাল আৰু পৰকালত দয়াবান আৰু কৃপাশীল। তেওঁৰ দয়া সকলো জগতক আৱৰি আছে। তেওঁ বাদশ্বাহ। সকলো প্ৰকাৰ দোষ-ত্ৰুটিৰ পৰা পৱিত্ৰ। স্পষ্ট প্ৰমাণৰ জৰিয়তে তেওঁ নিজৰ ৰাছুলক সমৰ্থন কৰে। বান্দাসকলৰ কৰ্মবোৰ তেৱেঁই পৰ্যবেক্ষণ কৰে। তেওঁ প্ৰভুত্বশালী। তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ অতি ক্ষমতাবান।প্ৰত্যেক বস্তুকে তেওঁ নিজৰ ক্ষমতাৰ আওতাদ ৰাখিছে। তেওঁ মৰ্যাদাবান, তেওঁ সেই সকলো অংশীদাৰৰ পৰা পৱিত্ৰ যিবোৰক মুশ্বৰিকসকলে আল্লাহৰ সৈতে অংশীদাৰ বনাই থাকে।
የአረብኛ ቁርኣን ማብራሪያ:
هُوَ اللّٰهُ الَّذِیْ لَاۤ اِلٰهَ اِلَّا هُوَ ۚ— اَلْمَلِكُ الْقُدُّوْسُ السَّلٰمُ الْمُؤْمِنُ الْمُهَیْمِنُ الْعَزِیْزُ الْجَبَّارُ الْمُتَكَبِّرُ ؕ— سُبْحٰنَ اللّٰهِ عَمَّا یُشْرِكُوْنَ ۟
তেৱেঁই আল্লাহ যাৰ বাহিৰে কোনো সত্য উপাস্য নাই। তেৱেঁই প্ৰকাশ্য অপ্ৰকাশ্য সকলো বিষয়ে জানে। তেওঁৰ পৰা কোনো কথাই গোপন নহয়। তেওঁ ইহকাল আৰু পৰকালত দয়াবান আৰু কৃপাশীল। তেওঁৰ দয়া সকলো জগতক আৱৰি আছে। তেওঁ বাদশ্বাহ। সকলো প্ৰকাৰ দোষ-ত্ৰুটিৰ পৰা পৱিত্ৰ। স্পষ্ট প্ৰমাণৰ জৰিয়তে তেওঁ নিজৰ ৰাছুলক সমৰ্থন কৰে। বান্দাসকলৰ কৰ্মবোৰ তেৱেঁই পৰ্যবেক্ষণ কৰে। তেওঁ প্ৰভুত্বশালী। তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ অতি ক্ষমতাৱান।প্ৰত্যেক বস্তুকে তেওঁ নিজৰ ক্ষমতাৰ আওতাদ ৰাখিছে। তেওঁ মৰ্যাদাবান, তেওঁ সেই সকলো অংশীদাৰৰ পৰা পৱিত্ৰ যিবোৰক মুশ্বৰিকসকলে আল্লাহৰ সৈতে অংশীদাৰ বনাই থাকে।
የአረብኛ ቁርኣን ማብራሪያ:
هُوَ اللّٰهُ الْخَالِقُ الْبَارِئُ الْمُصَوِّرُ لَهُ الْاَسْمَآءُ الْحُسْنٰی ؕ— یُسَبِّحُ لَهٗ مَا فِی السَّمٰوٰتِ وَالْاَرْضِ ۚ— وَهُوَ الْعَزِیْزُ الْحَكِیْمُ ۟۠
তেৱেঁই আল্লাহ, যিয়ে সকলো বস্তু সৃষ্টি কৰিছে, তেওঁ সকলো বস্তুৰ সৃষ্টিকৰ্তা। তেওঁ আকৃতিদাতা, নিজৰ সৃষ্টিক যিদৰে ইচ্ছা কৰে আকৃতি দিয়ে। আল্লাহৰ বাবে আছে উচ্চ গুণ সম্বলিত অতি পৱিত্ৰ আৰু সুন্দৰ সুন্দৰ নাম। আকাশমণ্ডল আৰু পৃথিৱীত যি আছে সেই সকলোৱে আল্লাহক সকলো প্ৰকাৰ দোষ-ত্ৰুটিৰ পৰা মুক্ত আৰু পৱিত্ৰতা বৰ্ণনা কৰে। তেওঁ প্ৰভুত্বশালী, তেওঁক কোনেও পৰাজয় কৰিব নোৱাৰে। তেওঁ সৃষ্টি কৰাৰ ক্ষেত্ৰত, চৰীয়ত প্ৰণয়নত আৰু ভাগ্য নিৰ্ধাৰণত প্ৰজ্ঞাময়।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• من علامات توفيق الله للمؤمن أنه يحاسب نفسه في الدنيا قبل حسابها يوم القيامة.
আল্লাহৰ তাওফীক প্ৰাপ্ত মুমিনসকলৰ নিদৰ্শনাৱলীৰ ভিতৰত এক অন্যতম নিদৰ্শন হৈছে এই যে, তেওঁলোকে ক্বিয়ামত দিৱসৰ হিচাপ-নিকাচৰ পূৰ্বেই আত্মপৰ্যালোচনা কৰে।

• في تذكير العباد بشدة أثر القرآن على الجبل العظيم؛ تنبيه على أنهم أحق بهذا التأثر لما فيهم من الضعف.
বান্দাসকলক এই কথাৰ উপলব্ধি কৰোৱা যে, পৰ্বত ইমান মজবুত হোৱাৰ পিছতো তাৰ ওপৰত কোৰআনৰ কেনেকুৱা প্ৰভাৱ পৰিব বুুলি উল্লেখ কৰা হৈছে। এতেকে এই পৰিপ্ৰেক্ষিতত মানুহে আৰু অধিক প্ৰভাৱিত হোৱা উচিত, যিহেতু সিহঁতৰ মাজত দূৰ্বলতা বেছি।

• أشارت الأسماء (الخالق، البارئ، المصور) إلى مراحل تكوين المخلوق من التقدير له، ثم إيجاده، ثم جعل له صورة خاصة به، وبذكر أحدها مفردًا فإنه يدل على البقية.
আল্লাহৰ এই নামবোৰৰ দ্বাৰা( আল-খালিক্ব, আল-বাৰী, আল-মুছাওৱিৰ) সৃষ্টিৰ বিভিন্ন স্তৰৰ প্ৰতি ইংগিত কৰা হৈছে যেনে, সিহঁতক সৃষ্টি কৰাৰ নিৰ্ণয় লোৱা, সিহঁতক সৃষ্টি কৰা আৰু সিহঁতক বিশেষ আকৃতি প্ৰদান কৰা। ইয়াৰে যিকোনো এটা উল্লেখ হ'লে, বাকীবোৰকো প্ৰমাণিত কৰে।

 
የይዘት ትርጉም ምዕራፍ: አል ሐሽር
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት