የቅዱስ ቁርዓን ይዘት ትርጉም - የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም አንቀጽ: (7) ምዕራፍ: ሱረቱ አል ሐሽር
مَاۤ اَفَآءَ اللّٰهُ عَلٰی رَسُوْلِهٖ مِنْ اَهْلِ الْقُرٰی فَلِلّٰهِ وَلِلرَّسُوْلِ وَلِذِی الْقُرْبٰی وَالْیَتٰمٰی وَالْمَسٰكِیْنِ وَابْنِ السَّبِیْلِ ۙ— كَیْ لَا یَكُوْنَ دُوْلَةً بَیْنَ الْاَغْنِیَآءِ مِنْكُمْ ؕ— وَمَاۤ اٰتٰىكُمُ الرَّسُوْلُ فَخُذُوْهُ ۚ— وَمَا نَهٰىكُمْ عَنْهُ فَانْتَهُوْا ۚ— وَاتَّقُوا اللّٰهَ ؕ— اِنَّ اللّٰهَ شَدِیْدُ الْعِقَابِ ۟ۘ
আল্লাহে গাওঁবাসীসকলৰ পৰা যি ধন যুদ্ধ নকৰাকৈ তেওঁৰ ৰাছুলক দান কৰিছে সেয়া হৈছে আল্লাহৰ। তেওঁ যাক ইচ্ছা কৰে প্ৰদান কৰে। ইয়াৰ ওপৰত কৰ্তৃত্ব কেৱল তেওঁৰ ৰাছুলৰ আৰু তেখেতৰ নিকটৱৰ্তীসকলৰ অৰ্থাৎ বনী হাশ্বিম আৰু বনী মুত্তালিবৰ। কিয়নো তেওঁলোকক যাকাতৰ ধনৰ পৰা বিৰত ৰখা হৈছে। আৰু অনাথ তথা দুখীয়াসকলৰ বাবে আৰু মুছাফিৰ ব্যক্তিৰ বাবে যাৰ ওচৰত খৰচ কৰিবলৈ একোৱেই নাই। এই আদেশ এই কাৰণে দিয়া হৈছে যে, ধন যাতে কেৱল ধনী ব্যক্তিসকলৰ মাজতে সীমাবদ্ধ নাথাকে আৰু যাতে দুখীয়াসকলে তাৰ পৰা বঞ্চিত নাথাকে। হে মুমিনসকল! ৰাছুলে তোমালোকক বিনা যুদ্ধে প্ৰাপ্ত হোৱা ধনৰ পৰা যি দিয়ে, সেয়া গ্ৰহণ কৰা আৰু যাৰ পৰা নিষেধ কৰে তাৰ পৰা বিৰত থাকা। লগতে আল্লাহৰ আদেশসমূহ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি কেৱল তেওঁকেই ভয় কৰা। নিশ্চয় আল্লাহ কঠোৰ শাস্তি প্ৰদানকাৰী। গতিকে তেওঁৰ শাস্তিৰ পৰা সতৰ্ক থাকিবা।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• فعل ما يُظنُّ أنه مفسدة لتحقيق مصلحة عظمى لا يدخل في باب الفساد في الأرض.
অধিক মহত্বপূৰ্ণ হিতক সন্মুখত ৰাখি এনেকুৱা কাম কৰা, যিটোক বিপৰ্যয় বুলি ভবা হয় কিন্তু প্ৰকৃততে সেইটো পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰা নুবুজায়।

• من محاسن الإسلام مراعاة ذي الحاجة للمال، فَصَرَفَ الفيء لهم دون الأغنياء المكتفين بما عندهم.
ইছলামৰ এটা বিশেষত্ব হৈছে এই যে, ধনৰ ভাগ-বন্টন কৰাৰ সময়ত বিশেষকৈ উপযুক্ত ব্যক্তিসকলক অগ্ৰাধিকাৰ দিয়ে। সেই কাৰণেই যুদ্ধ নকৰাকৈ লাভ কৰা ধন অভাৱী লোকৰ মাজত বন্টন কৰাৰ নিৰ্দেশ দিছে। ধনী সকলক নিষেধ কৰিছে কাৰণ সিহঁতৰ ওচৰত পৰ্যাপ্ত পৰিমাণৰ ধন আছে।

• الإيثار منقبة عظيمة من مناقب الإسلام ظهرت في الأنصار أحسن ظهور.
পৰোপকাৰ ইছলামৰ এটা ডাঙৰ বিশেষত্ব। যিটো স্পষ্টৰূপে আনছাৰসকলৰ মাজত প্ৰকাশ পাইছিল।

 
የይዘት ትርጉም አንቀጽ: (7) ምዕራፍ: ሱረቱ አል ሐሽር
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ - የትርጉሞች ማዉጫ

የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ ቋንቋ፡ ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት