Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም ምዕራፍ: አል-አንዓም   አንቀጽ:
فَمَنْ یُّرِدِ اللّٰهُ اَنْ یَّهْدِیَهٗ یَشْرَحْ صَدْرَهٗ لِلْاِسْلَامِ ۚ— وَمَنْ یُّرِدْ اَنْ یُّضِلَّهٗ یَجْعَلْ صَدْرَهٗ ضَیِّقًا حَرَجًا كَاَنَّمَا یَصَّعَّدُ فِی السَّمَآءِ ؕ— كَذٰلِكَ یَجْعَلُ اللّٰهُ الرِّجْسَ عَلَی الَّذِیْنَ لَا یُؤْمِنُوْنَ ۟
আল্লাহে যাক সুপথ দেখুৱাব বিচাৰে, তাৰ বুকু প্ৰশস্ত কৰি দিয়ে, লগতে তাক ইছলাম স্বীকাৰ কৰিবলৈ প্ৰস্তুত কৰি দিয়ে। আনহাতে যাক অকলশৰীয়া কৰিব বিচাৰে তথা সুপথৰ পৰা দূৰ কৰিব বিচাৰে, তাৰ বুকু ইমান সংকুচিত কৰি দিয়ে যে তাত সত্য প্ৰৱেশ কৰিবই নোৱাৰে। সত্য স্বীকাৰ কৰা তাৰ ওচৰত এনে লাগে যেন সি বহু কষ্টৰে আকাশৈ উঠি আছে, প্ৰকৃততে যিটো অসম্ভৱ। যিদৰে আল্লাহে পথভ্ৰষ্ট ব্যক্তিসকলক সংকীৰ্ণতাত পতিত কৰিছে, ঠিক সেইদৰে তেওঁ সেইসকল লোককো শাস্তি প্ৰদান কৰিব যিসকলে ইয়াৰ প্ৰতি ঈমান পোষণ কৰা নাই।
የአረብኛ ቁርኣን ማብራሪያ:
وَهٰذَا صِرَاطُ رَبِّكَ مُسْتَقِیْمًا ؕ— قَدْ فَصَّلْنَا الْاٰیٰتِ لِقَوْمٍ یَّذَّكَّرُوْنَ ۟
হে ৰাছুল! এই দ্বীন যিটো আমি আপোনাক প্ৰদান কৰিছো, এইটোৱে আল্লাহৰ সুপথ, ইয়াত কোনো বক্ৰতা নাই। আমি নিদৰ্শনসমূহ সেই ব্যক্তিৰ বাবে স্পষ্টভাৱে বৰ্ণনা কৰিছো, যাক আল্লাহে বুজিবলৈ বিবেক প্ৰদান কৰিছে।
የአረብኛ ቁርኣን ማብራሪያ:
لَهُمْ دَارُ السَّلٰمِ عِنْدَ رَبِّهِمْ وَهُوَ وَلِیُّهُمْ بِمَا كَانُوْا یَعْمَلُوْنَ ۟
তেওঁলোকৰ বাবে আছে এনেকুৱা এটা ঘৰ, য’ত তেওঁলোকে সকলো অপ্ৰিয় বস্তুৰ পৰা দূৰত থাকিব। সেই ঘৰ হৈছে জান্নাত। তেওঁলোকে কৰা সত্কৰ্মৰ বিনিময়ত স্বয়ং আল্লাহেই তেওঁলোকৰ সহায়ক আৰু সমৰ্থক হ'ব।
የአረብኛ ቁርኣን ማብራሪያ:
وَیَوْمَ یَحْشُرُهُمْ جَمِیْعًا ۚ— یٰمَعْشَرَ الْجِنِّ قَدِ اسْتَكْثَرْتُمْ مِّنَ الْاِنْسِ ۚ— وَقَالَ اَوْلِیٰٓؤُهُمْ مِّنَ الْاِنْسِ رَبَّنَا اسْتَمْتَعَ بَعْضُنَا بِبَعْضٍ وَّبَلَغْنَاۤ اَجَلَنَا الَّذِیْۤ اَجَّلْتَ لَنَا ؕ— قَالَ النَّارُ مَثْوٰىكُمْ خٰلِدِیْنَ فِیْهَاۤ اِلَّا مَا شَآءَ اللّٰهُ ؕ— اِنَّ رَبَّكَ حَكِیْمٌ عَلِیْمٌ ۟
হে ৰাছুল! স্মৰণ কৰক সেই দিনটোক, যিদিনা আল্লাহে সকলো মানৱ তথা জিনসকলক একত্ৰিত কৰিব, তাৰ পিছত ক'বঃ হে জিনসকল! তোমালোকে মানুহক বহু প্ৰকাৰে পথভ্ৰষ্ট কৰিছা আৰু আল্লাহৰ পথৰ পৰা বিৰত ৰাখিছা। মানৱসকলৰ মাজৰ যিসকলে সিহঁতৰ অনুসৰণ কৰিছিল সিহঁতে উত্তৰ দি ক'বঃ হে আমাৰ প্ৰতিপালক! আমি প্ৰত্যেকেই পৰস্পৰে পৰস্পৰৰ পৰা উপকৃত হৈছিলো। জিনসকলে মানুহৰ আদেশ পালনৰ আনন্দ উপভোগ কৰিছিল, আনহাতে মানুহে নিজৰ ইচ্ছা মতে কিবা পাবলৈ সিহঁতক প্ৰয়োগ কৰিছিল। আৰু এইদৰে আমি এতিয়া নিৰ্ধাৰিত সময়ত উপনীত হৈছো যিটো তুমি আমাৰ বাবে নিৰ্ধাৰণ কৰিছিলা। এতেকে এইটো ক্বিয়ামতৰ দিন। আল্লাহে ক'বঃ তোমালোকৰ ঠিকনা হৈছে জাহান্নাম, তাত তোমালোকে চিৰকাল থাকিবা, কেৱল অকণমান সময়ৰ বাহিৰে যিটো তোমালোকৰ বাবে আল্লাহে অৱকাশ দিছিল, সেয়া হৈছে কবৰৰ পৰা উঠাৰ পিছত জাহান্নামত প্ৰৱেশ নকৰালৈকে সময়খিনি। এই সময়খিনিকেই আল্লাহে সিহঁতৰ চিৰস্থায়ী আৱাসস্থলৰ পৰা পৃথক কৰিছে। হে ৰাছুল! নিশ্চয় আপোনাৰ ৰব্ব পৰিচালনাৰ ক্ষেত্ৰত তথা নিৰ্ণয়ৰ ক্ষেত্ৰত মহাপ্ৰজ্ঞাৱান, বান্দাসকলৰ বিষয়ে সৰ্বজ্ঞ, বিশেষকৈ যিসকল শাস্তিৰ যোগ্য।
የአረብኛ ቁርኣን ማብራሪያ:
وَكَذٰلِكَ نُوَلِّیْ بَعْضَ الظّٰلِمِیْنَ بَعْضًا بِمَا كَانُوْا یَكْسِبُوْنَ ۟۠
যিদৰে আমি জঘন্য পাপিষ্ঠ জিনক কিছুমান লোকৰ সহায়ক কৰি দিছো আৰু সিহঁতৰ আয়ত্ত্বাধীন কৰি দিছো যাতে সিহঁতে সিহঁতক পথভ্ৰষ্ট কৰিব পাৰে। সেইদৰে আমি প্ৰত্যেক অত্যাচাৰীৰ সহায়ক এজন অত্যাচাৰীয়ে বনাই দিওঁ, যিয়ে তাক কেৱল বেয়া কৰ্ম কৰাৰ প্ৰৰোচনা দিয়ে, আৰু সত্কৰ্মৰ পৰা ঘৃণা উপজায় আৰু বিৰত ৰাখে। দৰাচলতে এয়া সিহঁতৰ সেইসমূহ গুনাহৰ পৰিণাম, যিবোৰ সিহঁতে কৰি আছে।
የአረብኛ ቁርኣን ማብራሪያ:
یٰمَعْشَرَ الْجِنِّ وَالْاِنْسِ اَلَمْ یَاْتِكُمْ رُسُلٌ مِّنْكُمْ یَقُصُّوْنَ عَلَیْكُمْ اٰیٰتِیْ وَیُنْذِرُوْنَكُمْ لِقَآءَ یَوْمِكُمْ هٰذَا ؕ— قَالُوْا شَهِدْنَا عَلٰۤی اَنْفُسِنَا وَغَرَّتْهُمُ الْحَیٰوةُ الدُّنْیَا وَشَهِدُوْا عَلٰۤی اَنْفُسِهِمْ اَنَّهُمْ كَانُوْا كٰفِرِیْنَ ۟
ক্বিয়ামতৰ দিনা আমি সিহঁতক কমঃ হে মানৱ আৰু জিন সম্প্ৰদায়! তোমালোকৰ ওচৰত তোমালোকৰ (মানৱ জাতিৰ) মাজৰ পৰাই এনেকুৱা ৰাছুল অহা নাছিলনে, যিসকলে আল্লাহে অৱতীৰ্ণ কৰা আয়াতসমূহ তোমালোকৰ সন্মুখত তিলাৱত কৰিছিল আৰু তোমালোকক ক্বিয়ামতৰ দিনৰ সাক্ষাতৰ পৰা সাৱধান কৰিছিল? সিহঁতে ক'বঃ নিশ্চয় আহিছিল। আজি আমি নিজেই নিজৰ বিৰুদ্ধে সাক্ষি দিওঁ যে, তোমাৰ ৰাছুলসকলে তোমাৰ বাৰ্তা আমালৈ পৌঁচাই দিছিল আৰু আজি আমি এই ক্বিয়ামতক বিশ্বাসো কৰিছো, কিন্তু তেতিয়া আমি তোমাৰ ৰাছুলক আৰু ক্বিয়ামত দিৱসৰ এই সাক্ষাতক অস্বীকাৰ কৰিছিলো। দৰাচলতে সিহঁতে পাৰ্থিৱ জীৱনৰ আ-অলংকাৰ, সৌন্দৰ্য আৰু ধ্বংসশীল সা-সুবিধাৰ মোহত পৰি আছিল। কিন্তু আজি সিহঁতে নিজেই নিজৰ বিৰুদ্ধে সাক্ষী প্ৰদান কৰিছে যে, সিহঁতে পৃথিৱীত আল্লাহ আৰু তেওঁৰ ৰাছুলক অস্বীকাৰ কৰিছিল। কিন্তু এতিয়াৰ স্বীকৃতি আৰু ঈমানে সিহঁতক একো উপকাৰ নকৰিব। কাৰণ উপকৃত হোৱাৰ সময় সমাপ্ত হৈছে।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• سُنَّة الله في الضلال والهداية أنهما من عنده تعالى، أي بخلقه وإيجاده، وهما من فعل العبد باختياره بعد مشيئة الله.
সৃষ্টিৰ ফালৰ পৰা দেখিলে হিদায়ত আৰু পথভ্ৰষ্টতা দুয়োটাকে আল্লাহেই সৃষ্টি কৰিছে। কিন্তু আল্লাহৰ ইচ্ছাৰ পিছত দুয়োটা কৰ্ম বান্দাৰ আমল আৰু অধীনত প্ৰয়োগ হয়।

• ولاية الله للمؤمنين بحسب أعمالهم الصالحة، فكلما زادت أعمالهم الصالحة زادت ولايته لهم والعكس.
মুমিনসকলে নিজৰ নেক আমল অনুসাৰে আল্লাহৰ ভালপোৱা লাভ কৰে। তেওঁলোকৰ নেক আমল যিমান বৃদ্ধি পাব সিমানেই আল্লাহৰ ভালপোৱা বৃদ্ধি পাব। পক্ষান্তৰে নেক আমল যিমানেই হ্ৰাস পাব সিমানেই আল্লাহৰ ভালপোৱা হ্ৰাস পাব।

• من سُنَّة الله أن يولي كل ظالم ظالمًا مثله، يدفعه إلى الشر ويحثه عليه، ويزهِّده في الخير وينفِّره عنه.
আল্লাহৰ ৰীতি এই যে, তেওঁ প্ৰত্যেক অন্যায়কাৰীৰ বাবে সেই অনুপাতে আন এজন অন্যায়কাৰীক তাৰ সহায়ক নিৰ্ধাৰণ কৰি দিয়ে। যিয়ে তাক বেয়া কৰ্ম কৰিবলৈ উত্সাহ দিয়ে আৰু প্ৰেৰণা যোগায়, আনহাতে সত্কৰ্ম কৰিবলৈ বাধা দিয়ে আৰু তাৰ পৰা আঁতৰাই ৰাখে।

 
የይዘት ትርጉም ምዕራፍ: አል-አንዓም
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት