Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም ምዕራፍ: አል-አንዓም   አንቀጽ:
وَكَذٰلِكَ فَتَنَّا بَعْضَهُمْ بِبَعْضٍ لِّیَقُوْلُوْۤا اَهٰۤؤُلَآءِ مَنَّ اللّٰهُ عَلَیْهِمْ مِّنْ بَیْنِنَا ؕ— اَلَیْسَ اللّٰهُ بِاَعْلَمَ بِالشّٰكِرِیْنَ ۟
এইদৰে আমি কিছুমান লোকক আন কিছুমান লোকৰ দ্বাৰা পৰীক্ষা লৈছো। এতেকে পাৰ্থিৱ জীৱনৰ সূখ-শান্তিত আমি সিহঁতৰ মাজত কম বেছি কৰি দিছো। আমি ইয়াৰ দ্বাৰা সিহঁতক পৰীক্ষা কৰো, যাতে ধনী কাফিৰসকলে দুখীয়া মুমিনসকলক দেখি কয়ঃ আল্লাহে আমাক এৰি এই দুখীয়া সকলৰ প্ৰতি কৃপা কৰি তেওঁলোকক সত্যৰ পথ দেখুৱাইছে নেকি? ঈমান পোষণ কৰাটো যদি কল্যাণকৰ হলেহেঁতেন তেন্তে ইহঁতে আমাতকৈ আগত ঈমান পোষণ কৰিব নোৱাৰিলেহেঁতেন। কিয়নো প্ৰত্যেক বিষয়ত আমিয়ে অগ্ৰগামী। (হেৰা কাফিৰসকল) আল্লাহে নাজানে নেকি যে, তেওঁ তাওফীক দিয়া লোক সকলে তেওঁৰ নিয়ামতৰ কৃতজ্ঞতা কৰিবনে নাই? আৰু কাফিৰসকলকো তেওঁ ভালদৰে জানে, সেই কাৰণেই সিহঁতক ঈমানৰ পৰা বঞ্চিত কৰিছে, ফলত সিহঁতে ঈমান পোষণ নকৰে। নিশ্চয় আল্লাহ সিহঁতৰ বিষয়ে সম্যক অৱগত।
የአረብኛ ቁርኣን ማብራሪያ:
وَاِذَا جَآءَكَ الَّذِیْنَ یُؤْمِنُوْنَ بِاٰیٰتِنَا فَقُلْ سَلٰمٌ عَلَیْكُمْ كَتَبَ رَبُّكُمْ عَلٰی نَفْسِهِ الرَّحْمَةَ ۙ— اَنَّهٗ مَنْ عَمِلَ مِنْكُمْ سُوْٓءًا بِجَهَالَةٍ ثُمَّ تَابَ مِنْ بَعْدِهٖ وَاَصْلَحَ ۙ— فَاَنَّهٗ غَفُوْرٌ رَّحِیْمٌ ۟
হে ৰাছুল! যেতিয়া আপোনাৰ ওচৰত সেই সকল লোক আহে, যিসকলে আমাৰ সেই সমূহ আয়াতৰ প্ৰতি ঈমান পোষণ কৰে যিবোৰে আপুনি লৈ অহা বিধানৰ সত্যতাক সমৰ্থন কৰে, তেতিয়া তেওঁলোকৰ সন্মানাৰ্থে তেওঁলোকৰ ছালামৰ উত্তৰ দিয়ক, লগতে তেওঁলোকক আল্লাহৰ ৰহমতৰ প্ৰশস্তাৰ শুভসংবাদ দিয়ক। আল্লাহে নিজ অনুগ্ৰহত নিজৰ ওপৰত কৃপা কৰাক অনিবাৰ্য কৰি লৈছে। এতেকে যিয়ে অজানিতে কোনো পাপ কৰিব, তাৰ পিছত তাওবা কৰিব আৰু নিজৰ কৰ্মক সংশোধন কৰিব, আল্লাহে নিশ্চয় তেওঁক ক্ষমা কৰিব। কিয়নো আল্লাহে তেওঁৰ তাওবাকাৰী বান্দাসকলক ক্ষমা কৰে আৰু তেওঁলোকৰ প্ৰতি কৃপা কৰে।
የአረብኛ ቁርኣን ማብራሪያ:
وَكَذٰلِكَ نُفَصِّلُ الْاٰیٰتِ وَلِتَسْتَبِیْنَ سَبِیْلُ الْمُجْرِمِیْنَ ۟۠
উক্ত কথাবোৰ আমি যিদৰে বৰ্ণনা কৰিলো, ঠিক সেইদৰে আমি আপোনাক সেই সমূহ দলীল প্ৰমাণো অৱগত কৰাম যিবোৰে বাতিল পন্থীৰ যুক্তিক খণ্ডন কৰে। যাতে অপৰাধী বিলাকৰ মতাদৰ্শ আৰু সিহঁতৰ পথ স্পষ্ট হৈ পৰে তথা আপুনি সিহঁতৰ পৰা সতৰ্ক থাকিব পাৰে আৰু সচেতন থাকিব পাৰে।
የአረብኛ ቁርኣን ማብራሪያ:
قُلْ اِنِّیْ نُهِیْتُ اَنْ اَعْبُدَ الَّذِیْنَ تَدْعُوْنَ مِنْ دُوْنِ اللّٰهِ ؕ— قُلْ لَّاۤ اَتَّبِعُ اَهْوَآءَكُمْ ۙ— قَدْ ضَلَلْتُ اِذًا وَّمَاۤ اَنَا مِنَ الْمُهْتَدِیْنَ ۟
হে ৰাছুল! আপুনি কৈ দিয়ক যে, তোমালোকে আল্লাহক এৰি যিবোৰ বস্তুৰ উপাসনা কৰা, আল্লাহে মোক সেইবোৰৰ উপাসনা কৰিবলৈ নিষেধ কৰিছে। হে ৰাছুল! আপুনি কৈ দিয়ক যে, মই তোমালোকৰ আকংক্ষা অনুযায়ী আল্লাহৰ বাহিৰে আনৰ ইবাদত কৰিব নোৱাৰি। মই তোমালোকৰ প্ৰবৃত্তিৰ অনুসৰণ কৰিলে সত্য পথৰ পৰা আঁতৰি যাম, আৰু হিদায়ত নাপাওঁ। এই পৰিণতি প্ৰত্যেক সেই ব্যক্তিৰ হয়, যিয়ে আল্লাহৰ পৰা অহা কোনো প্ৰমাণ নোহোৱাকৈ নিজৰ প্ৰবৃত্তিৰ অনুসৰণ কৰে।
የአረብኛ ቁርኣን ማብራሪያ:
قُلْ اِنِّیْ عَلٰی بَیِّنَةٍ مِّنْ رَّبِّیْ وَكَذَّبْتُمْ بِهٖ ؕ— مَا عِنْدِیْ مَا تَسْتَعْجِلُوْنَ بِهٖ ؕ— اِنِ الْحُكْمُ اِلَّا لِلّٰهِ ؕ— یَقُصُّ الْحَقَّ وَهُوَ خَیْرُ الْفٰصِلِیْنَ ۟
হে ৰাছুল! আপুনি এই মুশ্বৰিকসকলক কৈ দিয়ক যে, মই মোৰ প্ৰতিপালকৰ স্পষ্ট প্ৰমাণসমূহৰ ওপৰত প্ৰতিষ্ঠিত। মই প্ৰবৃত্তিৰ অনুসৰণ নকৰো। আৰু তোমালোকে এই প্ৰমাণক অৱজ্ঞা কৰিছা। যিবোৰ অলৌকিক নিদৰ্শন আৰু শাস্তি তোমালোকে বিচৰা, সেইবোৰ মোৰ অধীনত নহয়, বৰং সেইবোৰ আল্লাহৰ হাতত। সিদ্ধান্ত লোৱাৰ একমাত্ৰ অধিকাৰী আল্লাহ তাআলা। তেওঁ সত্য কথা কয় আৰু সেই অনুসাৰেই সিদ্ধান্ত লয়। তেওঁ সত্যবাদী তথা অসত্যবাদী সকলৰ মাজত যিদৰে পাৰ্থক্য কৰিছে, আন কোনেও কৰা নাই।
የአረብኛ ቁርኣን ማብራሪያ:
قُلْ لَّوْ اَنَّ عِنْدِیْ مَا تَسْتَعْجِلُوْنَ بِهٖ لَقُضِیَ الْاَمْرُ بَیْنِیْ وَبَیْنَكُمْ ؕ— وَاللّٰهُ اَعْلَمُ بِالظّٰلِمِیْنَ ۟
হে ৰাছুল! আপুনি সিহঁতক কৈ দিয়ক, তোমালোকে যি শাস্তিৰ দাবী কৰিছা, সেইটো যদি মোৰ অধীনত থাকিলেহেঁতেন, তেন্তে নিশ্চয় মই তোমালোকক বিহিলোহেঁতেন। লগতে তোমালোকৰ আৰু মোৰ মাজত চূ়ড়ান্ত ফয়চালা হৈ গলেহেঁতেন। কিন্তু আল্লাহ অত্যাচাৰী সকলৰ বিষয়ে অধিক অৱগত। সিহঁতক কিমান সময় অৱকাশ দিয়া উচিত আৰু কেতিয়া শাস্তি দিয়া উচিত।
የአረብኛ ቁርኣን ማብራሪያ:
وَعِنْدَهٗ مَفَاتِحُ الْغَیْبِ لَا یَعْلَمُهَاۤ اِلَّا هُوَ ؕ— وَیَعْلَمُ مَا فِی الْبَرِّ وَالْبَحْرِ ؕ— وَمَا تَسْقُطُ مِنْ وَّرَقَةٍ اِلَّا یَعْلَمُهَا وَلَا حَبَّةٍ فِیْ ظُلُمٰتِ الْاَرْضِ وَلَا رَطْبٍ وَّلَا یَابِسٍ اِلَّا فِیْ كِتٰبٍ مُّبِیْنٍ ۟
অদৃশ্যৰ ভাণ্ডাৰ কেৱল আল্লাহৰ ওচৰতেই। এই বিষয়ে তেওঁৰ বাহিৰে আন কোনেও নাজানে। স্থলত যিমান সৃষ্টি আছে যেনেঃ জীৱ-জন্তু, গছ-তৰুলতা, জড় পদাৰ্থ আদি, তেওঁ সেই সকলোবোৰ জানে। এইদৰে সাগৰৰ ভিতৰত যিবোৰ জীৱ-জন্তু আৰু তৃণলতা আছে, তেওঁ সেইবোৰো জানে। গছৰ এটা পাত সৰিলেও তেওঁ সেই বিষয়ে অৱগত। মাটিৰ ভিতৰত গোপন হৈ থকা এনেকুৱা কোনো দানা নাই অথবা ৰসযুক্ত নাইবা শুকান এনেকুৱা কোনো বস্তু নাই যিটো স্পষ্ট কিতাবত লিখা হোৱা নাই। সেই কিতাবটো হৈছে লওহে মাহফুজ।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• الله تعالى يجعل العباد بعضهم فتنة لبعض، فتتفاوت درجاتهم في الرزق وفي الكفر والإيمان، والكفر والإيمان ليس منوطًا بسعة الرزق وضيقه.
আল্লাহ তাআলাই তেওঁৰ কিছুমান বান্দাৰ দ্বাৰা আন কিছুমান বান্দাৰ পৰীক্ষা লয়। সেয়ে তেওঁলোক জীৱিকা, কুফৰ তথা ঈমানৰ ক্ষেত্ৰত সমান নহয়। যদিও ঈমান আৰু কুফৰ জীৱিকাৰ প্ৰশস্ততা তথা সংকীৰ্ণতাৰ লগত জড়িত নহয়।

• من أخلاق الداعية طلاقة الوجه وإلقاء التحية والتبسط والسرور بأصحابه.
সঙ্গীসকলক ছালাম কৰা, তেওঁলোকৰ লগত হাঁহি মুখে সাক্ষাৎ কৰা আৰু আন্তৰিকতাৰে তেওঁলোকৰ লগত সদাচৰণ কৰা, সত্যৰ প্ৰতি আহ্বান কৰা ব্যক্তিসকলৰ বৈশিষ্ট্য।

• على الداعية اجتناب الأهواء في عقيدته ومنهجه وسلوكه.
সত্যৰ আহ্বায়ক সকলে আক্বীদা, ব্যৱহাৰ আৰু আচৰণৰ ক্ষেত্ৰত প্ৰবৃত্তিৰ অনুসৰণৰ পৰা বিৰত থকা উচিত।

• إثبات تفرد الله عز وجل بعلم الغيب وحده لا شريك له، وسعة علمه في ذلك، وأنه لا يفوته شيء ولا يعزب عنه من مخلوقاته شيء إلا وهو مثبت مدوَّن عنده سبحانه بأدق تفاصيله.
এই কথাৰ প্ৰমাণ যে, অদৃশ্যৰ জ্ঞান কেৱল আল্লাহৰ ওচৰতেই আছে। ইয়াত কাৰো অংশীদাৰিত্ব নাই। তেওঁৰ জ্ঞান অসীম। কোনো বস্তু তেওঁৰ জ্ঞানৰ পৰা ওলাই যাব নোৱাৰে। তেওঁৰ ওচৰত সকলো বস্তু সবিস্তাৰে লিপিবদ্ধ আছে।

 
የይዘት ትርጉም ምዕራፍ: አል-አንዓም
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት