Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም ምዕራፍ: አል ሙናፊቁን   አንቀጽ:

আল-মুনাফিকূন

ከመዕራፉ ዓላማዎች:
بيان حقيقة المنافقين والتحذير منهم.
মুনাফিকসকলৰ বাস্তৱতা বৰ্ণনা কৰা হৈছে আৰু সিহঁতৰ পৰা সতৰ্ক কৰা হৈছে।

اِذَا جَآءَكَ الْمُنٰفِقُوْنَ قَالُوْا نَشْهَدُ اِنَّكَ لَرَسُوْلُ اللّٰهِ ۘ— وَاللّٰهُ یَعْلَمُ اِنَّكَ لَرَسُوْلُهٗ ؕ— وَاللّٰهُ یَشْهَدُ اِنَّ الْمُنٰفِقِیْنَ لَكٰذِبُوْنَ ۟ۚ
হে ৰাছুল! মুনাফিক যিসকলে ইছলাম গ্ৰহণ কৰা বুলি ভাৱ দেখুৱায় কিন্তু অন্তৰত কুফুৰ লোকাই ৰাখে, সিহঁত যেতিয়া আপোনাৰ ওচৰত আহে তেতিয়া কয়ঃ আমি সাক্ষী দিওঁ যে, আপুনি সঁচাই আল্লাহৰ ৰাছুল। অথচ আল্লাহে জানে যে, আপুনি তেওঁৰ প্ৰকৃত ৰাছুল। আৰু আল্লাহে সাক্ষ্য দিয়ে যে, সিহঁত নিজৰ দাবী কৰা সাক্ষ্যত মিছলীয়া যে, সিহঁতে নিজৰ অন্তৰৰ গভীৰতাৰ পৰা সাক্ষ্য দিয়ে আপুনি আল্লাহৰ ৰাছুল।
የአረብኛ ቁርኣን ማብራሪያ:
اِتَّخَذُوْۤا اَیْمَانَهُمْ جُنَّةً فَصَدُّوْا عَنْ سَبِیْلِ اللّٰهِ ؕ— اِنَّهُمْ سَآءَ مَا كَانُوْا یَعْمَلُوْنَ ۟
সিহঁতে ঈমান দাবী কৰিবলৈ খোৱা শপতবোৰক হত্যা আৰু গ্ৰেপ্তাৰৰ পৰা বাচিবলৈ ঢাল বনাই লৈছে। আৰু সন্দেহ বিয়পাই মানুহক ঈমানৰ পৰা বিৰত ৰাখিছে। প্ৰকৃততে নিফাকৰ ওপৰত অবিচল থকা আৰু মিছা শপত খোৱা আদিবোৰ বহুত বেয়া কাম, যিবোৰ সিহঁতে কৰি আছে।
የአረብኛ ቁርኣን ማብራሪያ:
ذٰلِكَ بِاَنَّهُمْ اٰمَنُوْا ثُمَّ كَفَرُوْا فَطُبِعَ عَلٰی قُلُوْبِهِمْ فَهُمْ لَا یَفْقَهُوْنَ ۟
ইয়াৰ কাৰণ হৈছে, সিহঁতে মানুহক দেখুৱাবলৈ ঈমান আনিছে আৰু সিহঁতৰ অন্তৰত ঈমান ঢুকি পোৱা নাই। তাৰ পিছত গোপনীয়তাৰে আল্লাহৰ লগত কুফুৰী কৰিছে। সেয়েহে আল্লাহে সিহঁতৰ কুফুৰীৰ কাৰণে সিহঁতৰ অন্তৰত মোহৰ মাৰি দিছে। গতিকে এতিয়া সিহঁতৰ অন্তৰত ঈমান সোমাব নোৱাৰে। এই মোহৰ লগাৰ কাৰণে সিহঁতে বুজিব নোৱাৰে যে, কোনটোত সিহঁতৰ বাবে কল্যাণ আছে তথা হিদায়ত আছে।
የአረብኛ ቁርኣን ማብራሪያ:
وَاِذَا رَاَیْتَهُمْ تُعْجِبُكَ اَجْسَامُهُمْ ؕ— وَاِنْ یَّقُوْلُوْا تَسْمَعْ لِقَوْلِهِمْ ؕ— كَاَنَّهُمْ خُشُبٌ مُّسَنَّدَةٌ ؕ— یَحْسَبُوْنَ كُلَّ صَیْحَةٍ عَلَیْهِمْ ؕ— هُمُ الْعَدُوُّ فَاحْذَرْهُمْ ؕ— قَاتَلَهُمُ اللّٰهُ ؗ— اَنّٰی یُؤْفَكُوْنَ ۟
হে দৰ্শনকাৰী! তুমি যেতিয়া সিহঁতক দেখিবা, সিহঁতৰ সতেজ আৰু নিয়ামতসমূহৰ মাজত লালিত-পালিত ৰূপ ৰেখাই তোমালোকক আকৰ্ষিত কৰিব। আৰু যদি সিহঁতে কথা কবলৈ ধৰে তেন্তে তোমালোকে সিহঁতৰ শুৱলা কথাবোৰ শুনিয়ে থাকিবা। হে ৰাছুল! সিহঁতে আপোনাৰ বৈঠকত এনেদৰে বহে যেন বেৰৰ সহায়ত থিয় হৈ থকা খুটা। সিহঁতে একো নুশুনেও আৰু বুজিও নাপায়। বৰং সিহঁতৰ কাপুৰুষতাৰ চৰম অৱস্থা এই যে, সিহঁতে প্ৰত্যেক কথাকে নিজৰ বিৰুদ্ধে ভাৱে। দৰাচলতে সিহঁতেই শত্ৰু। এতেকে হে ৰাছুল! আপুনি সিহঁতৰ পৰা সাৱধান থাকিব, যাতে সিহঁতে আপোনাৰ গোপন কৌশল প্ৰকাশ নকৰে, অথবা আপোনাৰ বিৰুদ্ধে কোনো চক্ৰান্ত নকৰে। সিহঁতৰ প্ৰতি আল্লাহৰ অভিসম্পাত। সিহঁতক ঈমানৰ পৰা কেনেকৈ বিমুখ কৰা হৈছে, অথচ ইয়াৰ প্ৰমাণ স্পষ্ট আৰু দলিল প্ৰকাশ্য।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• وجوب السعي إلى الجمعة بعد النداء وحرمة ما سواه من الدنيا إلا لعذر.
আজানৰ পিছত জুমআৰ ছালাতৰ বাবে ওলাই যোৱা বাঞ্চনীয়। কোনো উচিত কাৰণ নোহোৱাকৈ আজানৰ পিছত অইন কোনো কাম কৰা হাৰাম।

• تخصيص سورة للمنافقين فيه تنبيه على خطورتهم وخفاء أمرهم.
মুনাফিক সম্পৰ্কে এটি পৰিপূৰ্ণ ছুৰা অৱতীৰ্ণ হোৱাটো এই কথা প্ৰমাণ কৰে যে, সিহঁতৰ অনিষ্টতাৰ পৰা সাৱধান থকা উচিত, লগতে সিহঁতৰ বিষয়টো গোপনীয়।

• العبرة بصلاح الباطن لا بجمال الظاهر ولا حسن المنطق.
ইছলামৰ উদ্দেশ্য হৈছে অন্তৰাত্মাক সংশোধন কৰা। বাহ্যিক সৌন্দৰ্য চৰ্চা তথা আকৰ্ষণীয় কথাৰে মোহিত কৰা নহয়।

وَاِذَا قِیْلَ لَهُمْ تَعَالَوْا یَسْتَغْفِرْ لَكُمْ رَسُوْلُ اللّٰهِ لَوَّوْا رُءُوْسَهُمْ وَرَاَیْتَهُمْ یَصُدُّوْنَ وَهُمْ مُّسْتَكْبِرُوْنَ ۟
আৰু যেতিয়া এই মুনাফিকসকলক কোৱা হয় যে, তোমালোকৰ পৰা যি ভুল হৈছে তাৰ ক্ষমাৰ বাবে ৰাছুলৰ ওচৰত আহা, তেখেতে তোমালোকৰ বাবে আল্লাহৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিব, তেতিয়া সিহঁতে বিদ্ৰূপ আৰু উপলুঙা কৰি নিজৰ মুখখন ঘূৰাই লয়। আৰু আপুনি সিহঁতক দেখিবলৈ পাব যে, সিহঁতে সত্যক অগ্ৰাহ্য কৰি দম্ভালি মাৰি মুখ ঘূৰাই লয়, যিটোৰ আদেশ সিহঁতক দিয়া হৈছে।
የአረብኛ ቁርኣን ማብራሪያ:
سَوَآءٌ عَلَیْهِمْ اَسْتَغْفَرْتَ لَهُمْ اَمْ لَمْ تَسْتَغْفِرْ لَهُمْ ؕ— لَنْ یَّغْفِرَ اللّٰهُ لَهُمْ ؕ— اِنَّ اللّٰهَ لَا یَهْدِی الْقَوْمَ الْفٰسِقِیْنَ ۟
হে ৰাছুল! আপুনি সিহঁতৰ বাবে ক্ষমা বিচৰা আৰু নিবিচৰা উভয়ে সমান। আল্লাহে সিহঁতৰ গুনাহ কেতিয়াও ক্ষমা নকৰিব। আল্লাহে সেই সম্প্ৰদায়ক তাওফীক নিদিয়ে যিসকলে গুনাহৰ ওপৰত অবিচল থাকি আল্লাহৰ আনুগত্যৰ পৰা ওলাই যায়।
የአረብኛ ቁርኣን ማብራሪያ:
هُمُ الَّذِیْنَ یَقُوْلُوْنَ لَا تُنْفِقُوْا عَلٰی مَنْ عِنْدَ رَسُوْلِ اللّٰهِ حَتّٰی یَنْفَضُّوْا ؕ— وَلِلّٰهِ خَزَآىِٕنُ السَّمٰوٰتِ وَالْاَرْضِ وَلٰكِنَّ الْمُنٰفِقِیْنَ لَا یَفْقَهُوْنَ ۟
সিহঁতে কয়ঃ তোমালোকে নিজৰ ধন সেইসকল দুখীয়া আৰু মদীনাৰ ওচৰে-পাজৰে থকা দৰিদ্ৰ গাঁৱলীয়াৰ প্ৰতি খৰচ নকৰিবা, যিসকলে আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ মতে চলে, যাতে সিহঁত তেখেতৰ পৰা বিচ্ছিন্ন হৈ যায়। অথচ আকাশমণ্ডল আৰু পৃথিৱীৰ ধন ভাণ্ডাৰ কেৱল আল্লাহৰ অধীনত। তেওঁ যাক ইচ্ছা কৰে প্ৰচুৰ জীৱিকা প্ৰদান কৰে। কিন্তু মুনাফিকসকলে এই কথা গমকে নাপায় যে, জীৱিকাৰ ভাণ্ডাৰ কেৱল আল্লাহৰ অধীনত।
የአረብኛ ቁርኣን ማብራሪያ:
یَقُوْلُوْنَ لَىِٕنْ رَّجَعْنَاۤ اِلَی الْمَدِیْنَةِ لَیُخْرِجَنَّ الْاَعَزُّ مِنْهَا الْاَذَلَّ ؕ— وَلِلّٰهِ الْعِزَّةُ وَلِرَسُوْلِهٖ وَلِلْمُؤْمِنِیْنَ وَلٰكِنَّ الْمُنٰفِقِیْنَ لَا یَعْلَمُوْنَ ۟۠
সিহঁতৰ নেতা আব্দুল্লাহ বিন উবাইয়ে কয়ঃ যদি আমি মদিনালৈ উভতি যাওঁ তেন্তে সন্মানিত লোকসকলে (অৰ্থাৎ মই আৰু মোৰ সঙ্গীসকলে) অপমানিত লোকসকলক (অৰ্থাৎ মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু তেখেতৰ সঙ্গীসকলক) বহিষ্কাৰ কৰিব। অথচ সন্মান হৈছে কেৱল আল্লাহ, তেওঁৰ ৰাছুল আৰু মুমিনসকলৰ বাবে, আব্দুল্লাহ বিন উবাই আৰু তাৰ সঙ্গীবিলাকৰ বাবে নহয়। কিন্তু মুনাফিকসকলে নাজানে যে, সন্মান কেৱল আল্লাহ, তেওঁৰ ৰাছুল আৰু মুমিনসকলৰ বাবে।
የአረብኛ ቁርኣን ማብራሪያ:
یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا لَا تُلْهِكُمْ اَمْوَالُكُمْ وَلَاۤ اَوْلَادُكُمْ عَنْ ذِكْرِ اللّٰهِ ۚ— وَمَنْ یَّفْعَلْ ذٰلِكَ فَاُولٰٓىِٕكَ هُمُ الْخٰسِرُوْنَ ۟
হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয়তৰ প্ৰতি আমলকাৰীসকল! তোমালোকক তোমালোকৰ সা-সম্পত্তি আৰু সন্তান-সন্ততিয়ে যাতে ছালাত তথা ইছলামৰ অন্যান্য ফৰজ কৰ্মবোৰৰ পৰা অমনোযোগী নকৰে। আৰু যাক তাৰ সা-সম্পত্তি আৰু সন্তান-সন্ততিয়ে ছালাত আদি আল্লাহে ফৰজ কৰা কৰ্মবোৰৰ পৰা অমনোযোগী কৰি দিয়ে, প্ৰকৃততে সিহঁতেই ক্ষতিগ্ৰস্ত। যিসকলে ক্বিয়ামতৰ দিনা নিজৰ তথা নিজ পৰিয়ালৰ ক্ষতি কৰিব।
የአረብኛ ቁርኣን ማብራሪያ:
وَاَنْفِقُوْا مِنْ مَّا رَزَقْنٰكُمْ مِّنْ قَبْلِ اَنْ یَّاْتِیَ اَحَدَكُمُ الْمَوْتُ فَیَقُوْلَ رَبِّ لَوْلَاۤ اَخَّرْتَنِیْۤ اِلٰۤی اَجَلٍ قَرِیْبٍ ۙ— فَاَصَّدَّقَ وَاَكُنْ مِّنَ الصّٰلِحِیْنَ ۟
তোমালোকৰ মৃত্যুৰ পূৰ্বেই আল্লাহৰ পথত সেই সম্পদৰ পৰা ব্যয় কৰা যিবোৰ আল্লাহে তোমালোকক প্ৰদান কৰিছে, অন্যথা মৃত্যুৰ পিছত নিজ প্ৰতিপালকক অভিযোগ কৰি ক'বঃ হে মোৰ প্ৰতিপালক! মোক অলপ সময় অৱকাশ কিয় নিদিলা, মই তোমাৰ পথত মোৰ ধন ব্যয় কৰিলোহেঁতেন আৰু তোমাৰ সেইসকল বান্দাৰ অন্তৰ্ভুক্ত হলোহেঁতেন, যিসকলে সৎকৰ্ম কৰে।
የአረብኛ ቁርኣን ማብራሪያ:
وَلَنْ یُّؤَخِّرَ اللّٰهُ نَفْسًا اِذَا جَآءَ اَجَلُهَا ؕ— وَاللّٰهُ خَبِیْرٌ بِمَا تَعْمَلُوْنَ ۟۠
আল্লাহে কোনো প্ৰাণীকেই সেই সময়ত সুযোগ নিদিব, যেতিয়া তাৰ আয়ু সমাপ্ত হৈ যাব আৰু তাৰ নিৰ্ধাৰিত সময় আহি পৰিব। তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সম্যক অৱগত। তোমালোকৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়। তেওঁ তোমালোকক প্ৰত্যেক কামৰ প্ৰতিদান দিব। যদি ভাল হয় তেন্তে ভাল, আৰু যদি বেয়া হয় তেন্তে তাৰ প্ৰতিদানো বেয়া।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• الإعراض عن النصح والتكبر من صفات المنافقين.
উপদেশৰ পৰা মুখ ঘূৰাই লোৱা আৰু অহংকাৰ কৰা হৈছে মুনাফিকসকলৰ স্বভাৱ।

• من وسائل أعداء الدين الحصار الاقتصادي للمسلمين.
ইছলামৰ শত্ৰুবিলাকৰ এটা ডাঙৰ অস্ত্ৰ হৈছে মুছলমানসকলক আৰ্থিকভাৱে জৰুলা কৰা।

• خطر الأموال والأولاد إذا شغلت عن ذكر الله.
সা-সম্পত্তি আৰু সন্তান-সন্ততি হৈছে ক্ষতিকৰ, যদি সেয়া আল্লাহৰ জিকিৰৰ পৰা অমনোযোগী কৰে।

 
የይዘት ትርጉም ምዕራፍ: አል ሙናፊቁን
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት