የቅዱስ ቁርዓን ይዘት ትርጉም - የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም ምዕራፍ: ሱረቱ አል ሓቃህ   አንቀጽ:

ছুৰা আল-হা-ক্বাহ

ከመዕራፉ ዓላማዎች:
إثبات أن وقوع القيامة والجزاء فيها حقٌّ لا ريب فيه.
কিয়ামত তথা প্ৰতিদান দিৱস অনুষ্ঠিত হোৱাটো খাটাং, ইয়াত কোনো ধৰণৰ সন্দেহ নাই।

اَلْحَآقَّةُ ۟ۙ
আল্লাহ তাআলাই পুনৰুত্থানৰ সময়ৰ কথা উল্লেখ কৰিছে, যিটো সকলোৱে অতিক্ৰম কৰিব লাগিব।
የአረብኛ ቁርኣን ማብራሪያ:
مَا الْحَآقَّةُ ۟ۚ
আকৌ এই প্ৰশ্নৰ মাধ্যমেৰে পুনৰুত্থানৰ গুৰুত্ব বৃদ্ধি কৰিছে যে, সেই অৱশ্যম্ভাৱী ঘটনাটো কি?
የአረብኛ ቁርኣን ማብራሪያ:
وَمَاۤ اَدْرٰىكَ مَا الْحَآقَّةُ ۟ؕ
আৰু কিহে আপোনাক জনাব যে সেই অৱশ্যাম্ভাৱী ঘটনাটো কি?
የአረብኛ ቁርኣን ማብራሪያ:
كَذَّبَتْ ثَمُوْدُ وَعَادٌ بِالْقَارِعَةِ ۟
ছলেহ আলাইহিছ ছালামৰ সম্প্ৰদায় ছামুদ আৰু হুদ আলাইহিছ ছালামৰ সম্প্ৰদায় আদ জাতিয়ে ক্বিয়ামতক অস্বীকাৰ কৰিছিল, যি ক্বিয়ামতৰ ভয়-ভীতিয়ে মানুহক কপাই তুলিব।
የአረብኛ ቁርኣን ማብራሪያ:
فَاَمَّا ثَمُوْدُ فَاُهْلِكُوْا بِالطَّاغِیَةِ ۟
সেয়ে ছামুদ সম্প্ৰদায়ক আল্লাহে অতি তীব্ৰ আৰু ভয়ানক শব্দৰ জৰিয়তে ধংস কৰি দিছে।
የአረብኛ ቁርኣን ማብራሪያ:
وَاَمَّا عَادٌ فَاُهْلِكُوْا بِرِیْحٍ صَرْصَرٍ عَاتِیَةٍ ۟ۙ
আৰু আদ সম্প্ৰদায়ক আল্লাহে ধ্বংস কৰিছে অতি ঠাণ্ডা প্ৰবল ধুমুহাৰ দ্বাৰা।
የአረብኛ ቁርኣን ማብራሪያ:
سَخَّرَهَا عَلَیْهِمْ سَبْعَ لَیَالٍ وَّثَمٰنِیَةَ اَیَّامٍ ۙ— حُسُوْمًا فَتَرَی الْقَوْمَ فِیْهَا صَرْعٰی ۙ— كَاَنَّهُمْ اَعْجَازُ نَخْلٍ خَاوِیَةٍ ۟ۚ
আল্লহে ইয়াক সাত ৰাতি আৰু আঠ দিনৰ বাবে প্ৰেৰিত কৰিছিল। যিয়ে সিহঁতক ধংস কৰিছিল। ফলত আপুনি দেখিবলৈ পালেহেঁতেন যে সিহঁত ধংসৰ পিছত মাটিৰ ওপৰত নিজ এলাকাত এনেকৈ পৰি আছে যেনিবা মাটিৰ ওপৰত জৰাজীৰ্ণ খেজুৰ গছৰ কাণ্ডহে।
የአረብኛ ቁርኣን ማብራሪያ:
فَهَلْ تَرٰی لَهُمْ مِّنْ بَاقِیَةٍ ۟
সেয়েহে এই শাস্তিৰ পিছত সিহঁতৰ মাজৰ কাৰোবাক আপুনি দেখিবলৈ পাইছেনে?
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• الصبر خلق محمود لازم للدعاة وغيرهم.
ধৈৰ্য এক প্ৰশংসনীয় বৈশিষ্ট্য। যিটো দাঈ তথা আল্লাহৰ ফালে আহ্বানকাৰী আৰু অন্য ব্যক্তি সলকৰ বাবে আৱেশ্যক।

• التوبة تَجُبُّ ما قبلها وهي من أسباب اصطفاء الله للعبد وجعله من عباده الصالحين.
তাওবাই পূৰ্বৰ পাপসমূহ মচি দিয়ে। আৰু তাওবাৰ কাৰণে আল্লাহে বান্দাক মনোনীত কৰে আৰু তাক নিজৰ সৎ বান্দাসকলৰ অন্তৰ্ভুক্ত কৰে।

• تنوّع ما يرسله الله على الكفار والعصاة من عذاب دلالة على كمال قدرته وكمال عدله.
কাফিৰ আৰু অবাধ্যকাৰীসকলৰ প্ৰতি ভিন ভিন ধৰণৰ শাস্তি প্ৰেৰণ কৰাটো এই কথা প্ৰমাণিত কৰে যে আল্লাহ তাআলা অতি সামৰ্থবান আৰু ন্যায়প্ৰিয়।

وَجَآءَ فِرْعَوْنُ وَمَنْ قَبْلَهٗ وَالْمُؤْتَفِكٰتُ بِالْخَاطِئَةِ ۟ۚ
ফিৰআউন, তাৰ পূৰ্বৱৰ্তীসকলে আৰু ওলোটাই দিয়া জনপদবাসী অৰ্থাৎ লুত আলাইহিছ ছালামৰ সম্প্ৰদায়ৰ লোকে শ্বিৰ্ক আৰু অবাধ্যতাত লিপ্ত হৈছিল।
የአረብኛ ቁርኣን ማብራሪያ:
فَعَصَوْا رَسُوْلَ رَبِّهِمْ فَاَخَذَهُمْ اَخْذَةً رَّابِیَةً ۟
আৰু সিহঁতৰ মাজৰ প্ৰত্যেকেই নিজ ৰাছুলৰ লগত অবাধ্য আচৰণ কৰিছিল আৰু তেওঁক অস্বীকাৰ কৰিছিল। ফলত আল্লহে সিহঁতক তাতকৈ অধিক কঠোৰভাৱে গ্ৰেপ্তাৰ কৰিছিল, যাৰ দ্বাৰা সিহঁতক ধ্বংস কৰা হৈছে।
የአረብኛ ቁርኣን ማብራሪያ:
اِنَّا لَمَّا طَغَا الْمَآءُ حَمَلْنٰكُمْ فِی الْجَارِیَةِ ۟ۙ
যেতিয়া পানী বিপদৰ সীমা চেৰাই গৈছিল তেতিয়া আমি তোমালোকৰ পূৰ্বপুৰুষ সকলক সেই নাৱত আৰোহণ কৰাইছিলো যিটো নূহ আলাইহিছ ছালামে আমাৰ আদেশমৰ্মে তৈয়াৰ কৰিছিল।
የአረብኛ ቁርኣን ማብራሪያ:
لِنَجْعَلَهَا لَكُمْ تَذْكِرَةً وَّتَعِیَهَاۤ اُذُنٌ وَّاعِیَةٌ ۟
যাতে আমি নাও আৰু ইয়াৰ কাহিনীক এক শিক্ষাৰ সামগ্ৰী হিচাপে চিহ্নিত কৰি দিও যে, কাফিৰবিলাকৰ ধংস আৰু মুমিনসকলক মুক্তিৰ প্ৰমাণ হিচাপে দেখাব পৰা যায় আৰু ইয়াক এনেকুৱা কাণে যাতে মনত ৰাখিব পাৰে যিয়ে শুনা মাত্ৰকে মনত ৰাখে।
የአረብኛ ቁርኣን ማብራሪያ:
فَاِذَا نُفِخَ فِی الصُّوْرِ نَفْخَةٌ وَّاحِدَةٌ ۟ۙ
তাৰ পিছত যেতিয়া শিঙাত ফুঁ দিয়া কাৰ্যত নিযুক্ত ফিৰিস্তাই শিঙাত এটা ফুঁ মাৰিব। অৰ্থাৎ এইটো হব দ্বিতীয় ফুঁ।
የአረብኛ ቁርኣን ማብራሪያ:
وَّحُمِلَتِ الْاَرْضُ وَالْجِبَالُ فَدُكَّتَا دَكَّةً وَّاحِدَةً ۟ۙ
আৰু পৃথিৱী তথা পাহাৰসমূহক উঠাই নিয়া হব আৰু মাত্ৰ এটা আঘাত কৰা হব, ফলত পৃথিৱী তথা তাৰ ওপৰত থকা পাহাৰসমূহ চূৰ্ণ- বিচূৰ্ণ হৈ যাব।
የአረብኛ ቁርኣን ማብራሪያ:
فَیَوْمَىِٕذٍ وَّقَعَتِ الْوَاقِعَةُ ۟ۙ
যিদিনাখন এইবোৰ হব সিদিনাই ক্বিয়ামত সংঘটিত হ’ব।
የአረብኛ ቁርኣን ማብራሪያ:
وَانْشَقَّتِ السَّمَآءُ فَهِیَ یَوْمَىِٕذٍ وَّاهِیَةٌ ۟ۙ
আৰু সিদিনাখন আকাশ বিদীৰ্ণ হব যাতে তাৰ ফাটেৰে ফিৰিস্তাসকল অৱতীৰ্ণ হব পাৰে। সিদিনাখন ই দূৰ্বল হৈ যাব, যদিও ই আছিল অতি মজবুত।
የአረብኛ ቁርኣን ማብራሪያ:
وَّالْمَلَكُ عَلٰۤی اَرْجَآىِٕهَا ؕ— وَیَحْمِلُ عَرْشَ رَبِّكَ فَوْقَهُمْ یَوْمَىِٕذٍ ثَمٰنِیَةٌ ۟ؕ
সিদিনাখন ফিৰিস্তাসকলে আকাশৰ বিভিন্ন প্ৰান্তত আৰু চোকে কোণে থাকিব। আৰু সেই ভীষণ দিনত আঠজন নিকটৱৰ্তী ফিৰিস্তাই তোমাৰ প্ৰতিপালকৰ আৰছক বহন কৰি থাকিব।
የአረብኛ ቁርኣን ማብራሪያ:
یَوْمَىِٕذٍ تُعْرَضُوْنَ لَا تَخْفٰی مِنْكُمْ خَافِیَةٌ ۟
সিদিনাখন তোমালোকক (হে মানৱ) আল্লাহৰ সন্মুখত উপস্থিত কৰা হ’ব। তোমালোকৰ কোনো কথাই আল্লাহৰ পৰা গোপন হৈ নাথাকিব। বৰং আল্লাহে তোমালোকৰ সকলো কথাই জানে।
የአረብኛ ቁርኣን ማብራሪያ:
فَاَمَّا مَنْ اُوْتِیَ كِتٰبَهٗ بِیَمِیْنِهٖ فَیَقُوْلُ هَآؤُمُ اقْرَءُوْا كِتٰبِیَهْ ۟ۚ
তাৰ পিছত সেই ব্যক্তি, যাক তাৰ কৰ্মপত্ৰ তাৰ সোঁ হাতত দিয়া হব তেওঁ আনন্দ আৰু সন্তুষ্ট হৈ কবঃ লোৱা, মোৰ কৰ্মপত্ৰ পঢ়ি চোৱা।
የአረብኛ ቁርኣን ማብራሪያ:
اِنِّیْ ظَنَنْتُ اَنِّیْ مُلٰقٍ حِسَابِیَهْ ۟ۚ
মই পৃথিৱীত জানিছিলো আৰু বিশ্বাস কৰিছিলো যে মোক পুনৰ জীৱিত কৰা হ’ব আৰু নিজৰ কৰ্মৰ প্ৰতিফল বা পৰিণাম পাব লাগিব।
የአረብኛ ቁርኣን ማብራሪያ:
فَهُوَ فِیْ عِیْشَةٍ رَّاضِیَةٍ ۟ۙ
এতেকে তেওঁ উত্ফুল্লিত আৰু আনন্দময় জীৱনত থাকিব। কিয়নো তেওঁ প্ৰত্যেক ফালে চিৰস্থায়ী অনুগ্ৰহ দেখিবলৈ পাব।
የአረብኛ ቁርኣን ማብራሪያ:
فِیْ جَنَّةٍ عَالِیَةٍ ۟ۙ
এনেকুৱা জান্নাতত থাকিব যিটো মৰ্যদা আৰু স্থানৰ ক্ষেত্ৰতো সুউচ্চ আৰু সন্মানিত।
የአረብኛ ቁርኣን ማብራሪያ:
قُطُوْفُهَا دَانِیَةٌ ۟
তাৰ ফল-মূলবোৰ ভক্ষণকাৰীৰ অতি ওচৰত থাকিব।
የአረብኛ ቁርኣን ማብራሪያ:
كُلُوْا وَاشْرَبُوْا هَنِیْٓـًٔا بِمَاۤ اَسْلَفْتُمْ فِی الْاَیَّامِ الْخَالِیَةِ ۟
সিহঁতক সন্মান স্বৰূপ কোৱা হ’বঃ এইবোৰ খোৱা আৰু পান কৰা। যাৰ ভিতৰত কোনো কষ্ট নাই। সেই সত্কৰ্মৰ বিনিময়ত যিবোৰ তোমালোকে বিগত দিনত কৰি আহিছা।
የአረብኛ ቁርኣን ማብራሪያ:
وَاَمَّا مَنْ اُوْتِیَ كِتٰبَهٗ بِشِمَالِهٖ ۙ۬— فَیَقُوْلُ یٰلَیْتَنِیْ لَمْ اُوْتَ كِتٰبِیَهْ ۟ۚ
আৰু সেই ব্যক্তি যাক তাৰ কৰ্মপত্ৰ বাওঁ হাতত দিয়া হব তেওঁ অতি লজ্জিত হৈ কবঃ হায়. যদি মোক মোৰ আমলনামা দিয়া নহলহেঁতেন! কিয়নো তাৰ ভিতৰত ইমান পাপ কৰ্ম আছে যিবোৰ মোক শাস্তিৰ অধিকাৰী প্ৰমাণিত কৰে।
የአረብኛ ቁርኣን ማብራሪያ:
وَلَمْ اَدْرِ مَا حِسَابِیَهْ ۟ۚ
আৰু হায়! যদি মই নাজানিলোহেঁতেন যে মোৰ হিচাপ কি হ’ব?
የአረብኛ ቁርኣን ማብራሪያ:
یٰلَیْتَهَا كَانَتِ الْقَاضِیَةَ ۟ۚ
হায়! সেই মৃত্যু যিটো এবাৰ মোলৈ আহিছিল সেইটোৱে যদি এনেকুৱা হলেহেঁতেন যে তাৰ পিছত কেতিয়াও উত্থাপন কৰা নহলেহেঁতেন।
የአረብኛ ቁርኣን ማብራሪያ:
مَاۤ اَغْنٰی عَنِّیْ مَالِیَهْ ۟ۚ
মোৰ ধন- সম্পদে আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা কৰিব নোৱাৰিলে।
የአረብኛ ቁርኣን ማብራሪያ:
هَلَكَ عَنِّیْ سُلْطٰنِیَهْ ۟ۚ
মোৰ প্ৰমাণ তথা সেই শক্তি আৰু সন্মান, মোৰ পৰা বিলুপ্ত হৈ গল যাৰ প্ৰতি মই নিৰ্ভৰ কৰিছিলো।
የአረብኛ ቁርኣን ማብራሪያ:
خُذُوْهُ فَغُلُّوْهُ ۟ۙ
আৰু কোৱা হ’বঃ (হে ফিৰিস্থাসকল) তাক ধৰা, তাৰ হাত ডিঙিৰ সৈতে বান্ধি দিয়া।
የአረብኛ ቁርኣን ማብራሪያ:
ثُمَّ الْجَحِیْمَ صَلُّوْهُ ۟ۙ
তাৰ পিছত তাক জাহান্নামত নিক্ষেপ কৰা, যাতে ইয়াৰ উত্তাপ ভোগ কৰিব পাৰে।
የአረብኛ ቁርኣን ማብራሪያ:
ثُمَّ فِیْ سِلْسِلَةٍ ذَرْعُهَا سَبْعُوْنَ ذِرَاعًا فَاسْلُكُوْهُ ۟ؕ
তাৰ পিছত তাক এনেকুৱা শিকলিৰে বান্ধি থোৱা, যাৰ দৈৰ্ঘ সত্তৰ হাত।
የአረብኛ ቁርኣን ማብራሪያ:
اِنَّهٗ كَانَ لَا یُؤْمِنُ بِاللّٰهِ الْعَظِیْمِ ۟ۙ
নিশ্চিয় সি মহান আল্লাহৰ প্ৰতি ঈমান আনা নাছিল।
የአረብኛ ቁርኣን ማብራሪያ:
وَلَا یَحُضُّ عَلٰی طَعَامِ الْمِسْكِیْنِ ۟ؕ
মিছকিনসকলক খাদ্য খোওৱাবলৈ অন্য মানুহক উত্সাহিত কৰা নাছিল।
የአረብኛ ቁርኣን ማብራሪያ:
فَلَیْسَ لَهُ الْیَوْمَ هٰهُنَا حَمِیْمٌ ۟ۙ
এতেকে ক্বিয়ামতৰ দিনা তেওঁৰ কোনো নিকটৱৰ্তী নাথাকিব, যিয়ে তাক শাস্তিৰ পৰা ৰক্ষা কৰিব পাৰিব।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• المِنَّة التي على الوالد مِنَّة على الولد تستوجب الشكر.
পিতাৰ প্ৰতি উপকাৰ কৰিলে সন্তানৰ প্ৰতিও উপকাৰ হয় যাৰ কৃতজ্ঞতা পালন কৰা তাৰ প্ৰতি আৱশ্যক।

• إطعام الفقير والحض عليه من أسباب الوقاية من عذاب النار.
ফকিৰ- মিছকিনক খাদ্য খোৱোওৱা আৰু তাৰ প্ৰতি মানুহক উত্সাহিত কৰা আল্লাহৰ শাস্তিৰ পৰা ৰেহাই পোৱাৰ উপায়।

• شدة عذاب يوم القيامة تستوجب التوقي منه بالإيمان والعمل الصالح.
ক্বিয়ামতৰ দিনাৰ শাস্তিৰ কঠোৰতাই প্ৰমাণিত কৰে যে, তাৰ পৰা বাচিবলৈ ঈমান আৰু সত্কৰ্ম কৰা উচিত

وَّلَا طَعَامٌ اِلَّا مِنْ غِسْلِیْنٍ ۟ۙ
আৰু তাৰ খাদ্যৰ বাবে জাহান্নামীসকলৰ শৰীৰৰ পৰা ওলোৱা পুঁজৰ বাহিৰে আন কোনো খাদ্য নাথাকিব।
የአረብኛ ቁርኣን ማብራሪያ:
لَّا یَاْكُلُهٗۤ اِلَّا الْخَاطِـُٔوْنَ ۟۠
এইটো হৈছে পাপী আৰু অপৰাধীবিলাকৰ খাদ্য।
የአረብኛ ቁርኣን ማብራሪያ:
فَلَاۤ اُقْسِمُ بِمَا تُبْصِرُوْنَ ۟ۙ
আল্লাহ তাআলাই সেইবোৰ বস্তুৰ শপত কৰিছে যিবোৰ তোমালোকে দেখি আছা।
የአረብኛ ቁርኣን ማብራሪያ:
وَمَا لَا تُبْصِرُوْنَ ۟ۙ
আৰু সেই বস্তুৰ শপত কৰিছে যিবোৰ তোমালোকে দেখা নোপোৱা।
የአረብኛ ቁርኣን ማብራሪያ:
اِنَّهٗ لَقَوْلُ رَسُوْلٍ كَرِیْمٍ ۟ۚۙ
নিশ্চয় কোৰআন আল্লাহৰ বাণী। যিটো মানুহৰ আগত তেওঁৰ সন্মানিত ৰাছুলে পঢ়ি শুনাইছে।
የአረብኛ ቁርኣን ማብራሪያ:
وَّمَا هُوَ بِقَوْلِ شَاعِرٍ ؕ— قَلِیْلًا مَّا تُؤْمِنُوْنَ ۟ۙ
আৰু এয়া কোনো কবিৰ কথা নহয়। কিয়নো এয়া কোনো কবিতাৰ ৰূপত নহয়। তোমালোকে খুবেই কম ঈমান পোষণ কৰা।
የአረብኛ ቁርኣን ማብራሪያ:
وَلَا بِقَوْلِ كَاهِنٍ ؕ— قَلِیْلًا مَّا تَذَكَّرُوْنَ ۟ؕ
আৰু এয়া কোনো গণকৰ কথাও নহয়। কিয়নো গণকৰ কথা এই কোনআনৰ পৰা পৰিপূৰ্ণ ভিন্ন। তোমালোকে খুবেই কম উপদেশ গ্ৰহণ কৰা।
የአረብኛ ቁርኣን ማብራሪያ:
تَنْزِیْلٌ مِّنْ رَّبِّ الْعٰلَمِیْنَ ۟
বৰং এয়া সকলো সৃষ্টিৰ প্ৰতিপালকৰ তৰফৰ পৰা অৱতীৰ্ণ কৰা গ্ৰন্থ।
የአረብኛ ቁርኣን ማብራሪያ:
وَلَوْ تَقَوَّلَ عَلَیْنَا بَعْضَ الْاَقَاوِیْلِ ۟ۙ
যদি মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাৰ নামত কোনো মনেসজা কথা কলেহঁতেন যিটো মই কোৱা নাই।
የአረብኛ ቁርኣን ማብራሪያ:
لَاَخَذْنَا مِنْهُ بِالْیَمِیْنِ ۟ۙ
তেন্তে আমি তাৰ পৰা প্ৰতিশোধ ললোহেঁতেন। আৰু তেখেতৰ সোঁ হাত নিজ শক্তি আৰু সামৰ্থৰ সৈতে ধৰিলোহেঁতেন।
የአረብኛ ቁርኣን ማብራሪያ:
ثُمَّ لَقَطَعْنَا مِنْهُ الْوَتِیْنَ ۟ؗۖ
তাৰ পিছত তেখেতৰ হৃদপিণ্ডৰ শিৰা কাটি দিলোহঁতেন। যিটো তেখেতৰ অন্তৰৰ লগত সংযোগ।
የአረብኛ ቁርኣን ማብራሪያ:
فَمَا مِنْكُمْ مِّنْ اَحَدٍ عَنْهُ حٰجِزِیْنَ ۟
এতেকে তোমালোকৰ মাজত কোনো ৰক্ষাকাৰী নাই, যিয়ে তেওঁক আমাৰ পৰা ৰক্ষা কৰিব। গতিকে তোমালোকৰ কাৰণে তেখেতে মোৰ প্ৰতি কোনো মনেসজা কথা ৰচনা কৰিব সেয়া অসম্ভৱ।
የአረብኛ ቁርኣን ማብራሪያ:
وَاِنَّهٗ لَتَذْكِرَةٌ لِّلْمُتَّقِیْنَ ۟
নিশ্চয় এই কোৰআন সেই সকলৰ বাবে শিক্ষা আৰু উপদেশ, যিসকলে নিজ প্ৰতিপালকৰ আদেশ পালন কৰি তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁক ভয় কৰে।
የአረብኛ ቁርኣን ማብራሪያ:
وَاِنَّا لَنَعْلَمُ اَنَّ مِنْكُمْ مُّكَذِّبِیْنَ ۟
আৰু আমি নিশ্চয় জানো যে. তোমালোকৰ মাজৰ কিছুমানে এই কোৰআন অস্বীকাৰ কৰে।
የአረብኛ ቁርኣን ማብራሪያ:
وَاِنَّهٗ لَحَسْرَةٌ عَلَی الْكٰفِرِیْنَ ۟
নিশ্চিতৰূপে কোৰআন অস্বীকাৰ কৰাটো ক্বিয়ামতৰ দিনা ডাঙৰ অনুশোচনাৰ কাৰণ হ’ব।
የአረብኛ ቁርኣን ማብራሪያ:
وَاِنَّهٗ لَحَقُّ الْیَقِیْنِ ۟
আৰু কোৰআন পৰিপূৰ্ণ সুনিশ্চিত সত্য। যিটো আল্লাহৰ তৰফৰ পৰা অৱতীৰ্ণ গ্ৰন্থ হোৱাত কোনো সন্দেহ আৰু সংশয় নাই।
የአረብኛ ቁርኣን ማብራሪያ:
فَسَبِّحْ بِاسْمِ رَبِّكَ الْعَظِیْمِ ۟۠
এতেকে হে ৰাছুল, আপুনি আপোনাৰ প্ৰতিপালকৰ পৱিত্ৰতা বৰ্ণনা কৰি সেইবোৰ বিষয় নাকচ কৰক যিবোৰ তেওঁৰ সন্মানৰ পৰিপন্থী। আৰু আপোনাৰ প্ৰতিপালকৰ নামত তছবীহ পাঠ কৰক।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• تنزيه القرآن عن الشعر والكهانة.
কোৰআন কোনো কবিতা নহয় আৰু কাহানীও নহয়।

• خطر التَّقَوُّل على الله والافتراء عليه سبحانه.
আল্লাহৰ নামত কোনো মনেসজা কথা ৰচনা কৰা আৰু তাৰ প্ৰতি আৰোপ কৰাৰ ভয়াৱহতা।

• الصبر الجميل الذي يحتسب فيه الأجر من الله ولا يُشكى لغيره.
উত্তম ধৈৰ্য হৈছে যাৰ ভিতৰত আল্লাহৰ পৰা পৰিণামৰ আশা কৰা হয় আৰু তেওঁৰ বাহিৰে কাৰো ওচৰত কোনো আবেদন নকৰা।

 
የይዘት ትርጉም ምዕራፍ: ሱረቱ አል ሓቃህ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ - የትርጉሞች ማዉጫ

የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ ቋንቋ፡ ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት