แปล​ความหมาย​อัลกุรอาน​ - แปลคำอธิบายโดยย่อของอัลกุรอานด้วยภาษาอัสสัม * - สารบัญ​คำแปล


แปลความหมาย​ สูเราะฮ์: Al-Hāqqah   อายะฮ์:

ছুৰা আল-হা-ক্বাহ

วัตถุประสงค์ของสูเราะฮ์:
إثبات أن وقوع القيامة والجزاء فيها حقٌّ لا ريب فيه.
কিয়ামত তথা প্ৰতিদান দিৱস অনুষ্ঠিত হোৱাটো খাটাং, ইয়াত কোনো ধৰণৰ সন্দেহ নাই।

اَلْحَآقَّةُ ۟ۙ
আল্লাহ তাআলাই পুনৰুত্থানৰ সময়ৰ কথা উল্লেখ কৰিছে, যিটো সকলোৱে অতিক্ৰম কৰিব লাগিব।
ตัฟสีรต่างๆ​ ภาษาอาหรับ:
مَا الْحَآقَّةُ ۟ۚ
আকৌ এই প্ৰশ্নৰ মাধ্যমেৰে পুনৰুত্থানৰ গুৰুত্ব বৃদ্ধি কৰিছে যে, সেই অৱশ্যম্ভাৱী ঘটনাটো কি?
ตัฟสีรต่างๆ​ ภาษาอาหรับ:
وَمَاۤ اَدْرٰىكَ مَا الْحَآقَّةُ ۟ؕ
আৰু কিহে আপোনাক জনাব যে সেই অৱশ্যাম্ভাৱী ঘটনাটো কি?
ตัฟสีรต่างๆ​ ภาษาอาหรับ:
كَذَّبَتْ ثَمُوْدُ وَعَادٌ بِالْقَارِعَةِ ۟
ছলেহ আলাইহিছ ছালামৰ সম্প্ৰদায় ছামুদ আৰু হুদ আলাইহিছ ছালামৰ সম্প্ৰদায় আদ জাতিয়ে ক্বিয়ামতক অস্বীকাৰ কৰিছিল, যি ক্বিয়ামতৰ ভয়-ভীতিয়ে মানুহক কপাই তুলিব।
ตัฟสีรต่างๆ​ ภาษาอาหรับ:
فَاَمَّا ثَمُوْدُ فَاُهْلِكُوْا بِالطَّاغِیَةِ ۟
সেয়ে ছামুদ সম্প্ৰদায়ক আল্লাহে অতি তীব্ৰ আৰু ভয়ানক শব্দৰ জৰিয়তে ধংস কৰি দিছে।
ตัฟสีรต่างๆ​ ภาษาอาหรับ:
وَاَمَّا عَادٌ فَاُهْلِكُوْا بِرِیْحٍ صَرْصَرٍ عَاتِیَةٍ ۟ۙ
আৰু আদ সম্প্ৰদায়ক আল্লাহে ধ্বংস কৰিছে অতি ঠাণ্ডা প্ৰবল ধুমুহাৰ দ্বাৰা।
ตัฟสีรต่างๆ​ ภาษาอาหรับ:
سَخَّرَهَا عَلَیْهِمْ سَبْعَ لَیَالٍ وَّثَمٰنِیَةَ اَیَّامٍ ۙ— حُسُوْمًا فَتَرَی الْقَوْمَ فِیْهَا صَرْعٰی ۙ— كَاَنَّهُمْ اَعْجَازُ نَخْلٍ خَاوِیَةٍ ۟ۚ
আল্লহে ইয়াক সাত ৰাতি আৰু আঠ দিনৰ বাবে প্ৰেৰিত কৰিছিল। যিয়ে সিহঁতক ধংস কৰিছিল। ফলত আপুনি দেখিবলৈ পালেহেঁতেন যে সিহঁত ধংসৰ পিছত মাটিৰ ওপৰত নিজ এলাকাত এনেকৈ পৰি আছে যেনিবা মাটিৰ ওপৰত জৰাজীৰ্ণ খেজুৰ গছৰ কাণ্ডহে।
ตัฟสีรต่างๆ​ ภาษาอาหรับ:
فَهَلْ تَرٰی لَهُمْ مِّنْ بَاقِیَةٍ ۟
সেয়েহে এই শাস্তিৰ পিছত সিহঁতৰ মাজৰ কাৰোবাক আপুনি দেখিবলৈ পাইছেনে?
ตัฟสีรต่างๆ​ ภาษาอาหรับ:
ประโยชน์​ที่​ได้รับ​:
• الصبر خلق محمود لازم للدعاة وغيرهم.
ধৈৰ্য এক প্ৰশংসনীয় বৈশিষ্ট্য। যিটো দাঈ তথা আল্লাহৰ ফালে আহ্বানকাৰী আৰু অন্য ব্যক্তি সলকৰ বাবে আৱেশ্যক।

• التوبة تَجُبُّ ما قبلها وهي من أسباب اصطفاء الله للعبد وجعله من عباده الصالحين.
তাওবাই পূৰ্বৰ পাপসমূহ মচি দিয়ে। আৰু তাওবাৰ কাৰণে আল্লাহে বান্দাক মনোনীত কৰে আৰু তাক নিজৰ সৎ বান্দাসকলৰ অন্তৰ্ভুক্ত কৰে।

• تنوّع ما يرسله الله على الكفار والعصاة من عذاب دلالة على كمال قدرته وكمال عدله.
কাফিৰ আৰু অবাধ্যকাৰীসকলৰ প্ৰতি ভিন ভিন ধৰণৰ শাস্তি প্ৰেৰণ কৰাটো এই কথা প্ৰমাণিত কৰে যে আল্লাহ তাআলা অতি সামৰ্থবান আৰু ন্যায়প্ৰিয়।

وَجَآءَ فِرْعَوْنُ وَمَنْ قَبْلَهٗ وَالْمُؤْتَفِكٰتُ بِالْخَاطِئَةِ ۟ۚ
ফিৰআউন, তাৰ পূৰ্বৱৰ্তীসকলে আৰু ওলোটাই দিয়া জনপদবাসী অৰ্থাৎ লুত আলাইহিছ ছালামৰ সম্প্ৰদায়ৰ লোকে শ্বিৰ্ক আৰু অবাধ্যতাত লিপ্ত হৈছিল।
ตัฟสีรต่างๆ​ ภาษาอาหรับ:
فَعَصَوْا رَسُوْلَ رَبِّهِمْ فَاَخَذَهُمْ اَخْذَةً رَّابِیَةً ۟
আৰু সিহঁতৰ মাজৰ প্ৰত্যেকেই নিজ ৰাছুলৰ লগত অবাধ্য আচৰণ কৰিছিল আৰু তেওঁক অস্বীকাৰ কৰিছিল। ফলত আল্লহে সিহঁতক তাতকৈ অধিক কঠোৰভাৱে গ্ৰেপ্তাৰ কৰিছিল, যাৰ দ্বাৰা সিহঁতক ধ্বংস কৰা হৈছে।
ตัฟสีรต่างๆ​ ภาษาอาหรับ:
اِنَّا لَمَّا طَغَا الْمَآءُ حَمَلْنٰكُمْ فِی الْجَارِیَةِ ۟ۙ
যেতিয়া পানী বিপদৰ সীমা চেৰাই গৈছিল তেতিয়া আমি তোমালোকৰ পূৰ্বপুৰুষ সকলক সেই নাৱত আৰোহণ কৰাইছিলো যিটো নূহ আলাইহিছ ছালামে আমাৰ আদেশমৰ্মে তৈয়াৰ কৰিছিল।
ตัฟสีรต่างๆ​ ภาษาอาหรับ:
لِنَجْعَلَهَا لَكُمْ تَذْكِرَةً وَّتَعِیَهَاۤ اُذُنٌ وَّاعِیَةٌ ۟
যাতে আমি নাও আৰু ইয়াৰ কাহিনীক এক শিক্ষাৰ সামগ্ৰী হিচাপে চিহ্নিত কৰি দিও যে, কাফিৰবিলাকৰ ধংস আৰু মুমিনসকলক মুক্তিৰ প্ৰমাণ হিচাপে দেখাব পৰা যায় আৰু ইয়াক এনেকুৱা কাণে যাতে মনত ৰাখিব পাৰে যিয়ে শুনা মাত্ৰকে মনত ৰাখে।
ตัฟสีรต่างๆ​ ภาษาอาหรับ:
فَاِذَا نُفِخَ فِی الصُّوْرِ نَفْخَةٌ وَّاحِدَةٌ ۟ۙ
তাৰ পিছত যেতিয়া শিঙাত ফুঁ দিয়া কাৰ্যত নিযুক্ত ফিৰিস্তাই শিঙাত এটা ফুঁ মাৰিব। অৰ্থাৎ এইটো হব দ্বিতীয় ফুঁ।
ตัฟสีรต่างๆ​ ภาษาอาหรับ:
وَّحُمِلَتِ الْاَرْضُ وَالْجِبَالُ فَدُكَّتَا دَكَّةً وَّاحِدَةً ۟ۙ
আৰু পৃথিৱী তথা পাহাৰসমূহক উঠাই নিয়া হব আৰু মাত্ৰ এটা আঘাত কৰা হব, ফলত পৃথিৱী তথা তাৰ ওপৰত থকা পাহাৰসমূহ চূৰ্ণ- বিচূৰ্ণ হৈ যাব।
ตัฟสีรต่างๆ​ ภาษาอาหรับ:
فَیَوْمَىِٕذٍ وَّقَعَتِ الْوَاقِعَةُ ۟ۙ
যিদিনাখন এইবোৰ হব সিদিনাই ক্বিয়ামত সংঘটিত হ’ব।
ตัฟสีรต่างๆ​ ภาษาอาหรับ:
وَانْشَقَّتِ السَّمَآءُ فَهِیَ یَوْمَىِٕذٍ وَّاهِیَةٌ ۟ۙ
আৰু সিদিনাখন আকাশ বিদীৰ্ণ হব যাতে তাৰ ফাটেৰে ফিৰিস্তাসকল অৱতীৰ্ণ হব পাৰে। সিদিনাখন ই দূৰ্বল হৈ যাব, যদিও ই আছিল অতি মজবুত।
ตัฟสีรต่างๆ​ ภาษาอาหรับ:
وَّالْمَلَكُ عَلٰۤی اَرْجَآىِٕهَا ؕ— وَیَحْمِلُ عَرْشَ رَبِّكَ فَوْقَهُمْ یَوْمَىِٕذٍ ثَمٰنِیَةٌ ۟ؕ
সিদিনাখন ফিৰিস্তাসকলে আকাশৰ বিভিন্ন প্ৰান্তত আৰু চোকে কোণে থাকিব। আৰু সেই ভীষণ দিনত আঠজন নিকটৱৰ্তী ফিৰিস্তাই তোমাৰ প্ৰতিপালকৰ আৰছক বহন কৰি থাকিব।
ตัฟสีรต่างๆ​ ภาษาอาหรับ:
یَوْمَىِٕذٍ تُعْرَضُوْنَ لَا تَخْفٰی مِنْكُمْ خَافِیَةٌ ۟
সিদিনাখন তোমালোকক (হে মানৱ) আল্লাহৰ সন্মুখত উপস্থিত কৰা হ’ব। তোমালোকৰ কোনো কথাই আল্লাহৰ পৰা গোপন হৈ নাথাকিব। বৰং আল্লাহে তোমালোকৰ সকলো কথাই জানে।
ตัฟสีรต่างๆ​ ภาษาอาหรับ:
فَاَمَّا مَنْ اُوْتِیَ كِتٰبَهٗ بِیَمِیْنِهٖ فَیَقُوْلُ هَآؤُمُ اقْرَءُوْا كِتٰبِیَهْ ۟ۚ
তাৰ পিছত সেই ব্যক্তি, যাক তাৰ কৰ্মপত্ৰ তাৰ সোঁ হাতত দিয়া হব তেওঁ আনন্দ আৰু সন্তুষ্ট হৈ কবঃ লোৱা, মোৰ কৰ্মপত্ৰ পঢ়ি চোৱা।
ตัฟสีรต่างๆ​ ภาษาอาหรับ:
اِنِّیْ ظَنَنْتُ اَنِّیْ مُلٰقٍ حِسَابِیَهْ ۟ۚ
মই পৃথিৱীত জানিছিলো আৰু বিশ্বাস কৰিছিলো যে মোক পুনৰ জীৱিত কৰা হ’ব আৰু নিজৰ কৰ্মৰ প্ৰতিফল বা পৰিণাম পাব লাগিব।
ตัฟสีรต่างๆ​ ภาษาอาหรับ:
فَهُوَ فِیْ عِیْشَةٍ رَّاضِیَةٍ ۟ۙ
এতেকে তেওঁ উত্ফুল্লিত আৰু আনন্দময় জীৱনত থাকিব। কিয়নো তেওঁ প্ৰত্যেক ফালে চিৰস্থায়ী অনুগ্ৰহ দেখিবলৈ পাব।
ตัฟสีรต่างๆ​ ภาษาอาหรับ:
فِیْ جَنَّةٍ عَالِیَةٍ ۟ۙ
এনেকুৱা জান্নাতত থাকিব যিটো মৰ্যদা আৰু স্থানৰ ক্ষেত্ৰতো সুউচ্চ আৰু সন্মানিত।
ตัฟสีรต่างๆ​ ภาษาอาหรับ:
قُطُوْفُهَا دَانِیَةٌ ۟
তাৰ ফল-মূলবোৰ ভক্ষণকাৰীৰ অতি ওচৰত থাকিব।
ตัฟสีรต่างๆ​ ภาษาอาหรับ:
كُلُوْا وَاشْرَبُوْا هَنِیْٓـًٔا بِمَاۤ اَسْلَفْتُمْ فِی الْاَیَّامِ الْخَالِیَةِ ۟
সিহঁতক সন্মান স্বৰূপ কোৱা হ’বঃ এইবোৰ খোৱা আৰু পান কৰা। যাৰ ভিতৰত কোনো কষ্ট নাই। সেই সত্কৰ্মৰ বিনিময়ত যিবোৰ তোমালোকে বিগত দিনত কৰি আহিছা।
ตัฟสีรต่างๆ​ ภาษาอาหรับ:
وَاَمَّا مَنْ اُوْتِیَ كِتٰبَهٗ بِشِمَالِهٖ ۙ۬— فَیَقُوْلُ یٰلَیْتَنِیْ لَمْ اُوْتَ كِتٰبِیَهْ ۟ۚ
আৰু সেই ব্যক্তি যাক তাৰ কৰ্মপত্ৰ বাওঁ হাতত দিয়া হব তেওঁ অতি লজ্জিত হৈ কবঃ হায়. যদি মোক মোৰ আমলনামা দিয়া নহলহেঁতেন! কিয়নো তাৰ ভিতৰত ইমান পাপ কৰ্ম আছে যিবোৰ মোক শাস্তিৰ অধিকাৰী প্ৰমাণিত কৰে।
ตัฟสีรต่างๆ​ ภาษาอาหรับ:
وَلَمْ اَدْرِ مَا حِسَابِیَهْ ۟ۚ
আৰু হায়! যদি মই নাজানিলোহেঁতেন যে মোৰ হিচাপ কি হ’ব?
ตัฟสีรต่างๆ​ ภาษาอาหรับ:
یٰلَیْتَهَا كَانَتِ الْقَاضِیَةَ ۟ۚ
হায়! সেই মৃত্যু যিটো এবাৰ মোলৈ আহিছিল সেইটোৱে যদি এনেকুৱা হলেহেঁতেন যে তাৰ পিছত কেতিয়াও উত্থাপন কৰা নহলেহেঁতেন।
ตัฟสีรต่างๆ​ ภาษาอาหรับ:
مَاۤ اَغْنٰی عَنِّیْ مَالِیَهْ ۟ۚ
মোৰ ধন- সম্পদে আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা কৰিব নোৱাৰিলে।
ตัฟสีรต่างๆ​ ภาษาอาหรับ:
هَلَكَ عَنِّیْ سُلْطٰنِیَهْ ۟ۚ
মোৰ প্ৰমাণ তথা সেই শক্তি আৰু সন্মান, মোৰ পৰা বিলুপ্ত হৈ গল যাৰ প্ৰতি মই নিৰ্ভৰ কৰিছিলো।
ตัฟสีรต่างๆ​ ภาษาอาหรับ:
خُذُوْهُ فَغُلُّوْهُ ۟ۙ
আৰু কোৱা হ’বঃ (হে ফিৰিস্থাসকল) তাক ধৰা, তাৰ হাত ডিঙিৰ সৈতে বান্ধি দিয়া।
ตัฟสีรต่างๆ​ ภาษาอาหรับ:
ثُمَّ الْجَحِیْمَ صَلُّوْهُ ۟ۙ
তাৰ পিছত তাক জাহান্নামত নিক্ষেপ কৰা, যাতে ইয়াৰ উত্তাপ ভোগ কৰিব পাৰে।
ตัฟสีรต่างๆ​ ภาษาอาหรับ:
ثُمَّ فِیْ سِلْسِلَةٍ ذَرْعُهَا سَبْعُوْنَ ذِرَاعًا فَاسْلُكُوْهُ ۟ؕ
তাৰ পিছত তাক এনেকুৱা শিকলিৰে বান্ধি থোৱা, যাৰ দৈৰ্ঘ সত্তৰ হাত।
ตัฟสีรต่างๆ​ ภาษาอาหรับ:
اِنَّهٗ كَانَ لَا یُؤْمِنُ بِاللّٰهِ الْعَظِیْمِ ۟ۙ
নিশ্চিয় সি মহান আল্লাহৰ প্ৰতি ঈমান আনা নাছিল।
ตัฟสีรต่างๆ​ ภาษาอาหรับ:
وَلَا یَحُضُّ عَلٰی طَعَامِ الْمِسْكِیْنِ ۟ؕ
মিছকিনসকলক খাদ্য খোওৱাবলৈ অন্য মানুহক উত্সাহিত কৰা নাছিল।
ตัฟสีรต่างๆ​ ภาษาอาหรับ:
فَلَیْسَ لَهُ الْیَوْمَ هٰهُنَا حَمِیْمٌ ۟ۙ
এতেকে ক্বিয়ামতৰ দিনা তেওঁৰ কোনো নিকটৱৰ্তী নাথাকিব, যিয়ে তাক শাস্তিৰ পৰা ৰক্ষা কৰিব পাৰিব।
ตัฟสีรต่างๆ​ ภาษาอาหรับ:
ประโยชน์​ที่​ได้รับ​:
• المِنَّة التي على الوالد مِنَّة على الولد تستوجب الشكر.
পিতাৰ প্ৰতি উপকাৰ কৰিলে সন্তানৰ প্ৰতিও উপকাৰ হয় যাৰ কৃতজ্ঞতা পালন কৰা তাৰ প্ৰতি আৱশ্যক।

• إطعام الفقير والحض عليه من أسباب الوقاية من عذاب النار.
ফকিৰ- মিছকিনক খাদ্য খোৱোওৱা আৰু তাৰ প্ৰতি মানুহক উত্সাহিত কৰা আল্লাহৰ শাস্তিৰ পৰা ৰেহাই পোৱাৰ উপায়।

• شدة عذاب يوم القيامة تستوجب التوقي منه بالإيمان والعمل الصالح.
ক্বিয়ামতৰ দিনাৰ শাস্তিৰ কঠোৰতাই প্ৰমাণিত কৰে যে, তাৰ পৰা বাচিবলৈ ঈমান আৰু সত্কৰ্ম কৰা উচিত

وَّلَا طَعَامٌ اِلَّا مِنْ غِسْلِیْنٍ ۟ۙ
আৰু তাৰ খাদ্যৰ বাবে জাহান্নামীসকলৰ শৰীৰৰ পৰা ওলোৱা পুঁজৰ বাহিৰে আন কোনো খাদ্য নাথাকিব।
ตัฟสีรต่างๆ​ ภาษาอาหรับ:
لَّا یَاْكُلُهٗۤ اِلَّا الْخَاطِـُٔوْنَ ۟۠
এইটো হৈছে পাপী আৰু অপৰাধীবিলাকৰ খাদ্য।
ตัฟสีรต่างๆ​ ภาษาอาหรับ:
فَلَاۤ اُقْسِمُ بِمَا تُبْصِرُوْنَ ۟ۙ
আল্লাহ তাআলাই সেইবোৰ বস্তুৰ শপত কৰিছে যিবোৰ তোমালোকে দেখি আছা।
ตัฟสีรต่างๆ​ ภาษาอาหรับ:
وَمَا لَا تُبْصِرُوْنَ ۟ۙ
আৰু সেই বস্তুৰ শপত কৰিছে যিবোৰ তোমালোকে দেখা নোপোৱা।
ตัฟสีรต่างๆ​ ภาษาอาหรับ:
اِنَّهٗ لَقَوْلُ رَسُوْلٍ كَرِیْمٍ ۟ۚۙ
নিশ্চয় কোৰআন আল্লাহৰ বাণী। যিটো মানুহৰ আগত তেওঁৰ সন্মানিত ৰাছুলে পঢ়ি শুনাইছে।
ตัฟสีรต่างๆ​ ภาษาอาหรับ:
وَّمَا هُوَ بِقَوْلِ شَاعِرٍ ؕ— قَلِیْلًا مَّا تُؤْمِنُوْنَ ۟ۙ
আৰু এয়া কোনো কবিৰ কথা নহয়। কিয়নো এয়া কোনো কবিতাৰ ৰূপত নহয়। তোমালোকে খুবেই কম ঈমান পোষণ কৰা।
ตัฟสีรต่างๆ​ ภาษาอาหรับ:
وَلَا بِقَوْلِ كَاهِنٍ ؕ— قَلِیْلًا مَّا تَذَكَّرُوْنَ ۟ؕ
আৰু এয়া কোনো গণকৰ কথাও নহয়। কিয়নো গণকৰ কথা এই কোনআনৰ পৰা পৰিপূৰ্ণ ভিন্ন। তোমালোকে খুবেই কম উপদেশ গ্ৰহণ কৰা।
ตัฟสีรต่างๆ​ ภาษาอาหรับ:
تَنْزِیْلٌ مِّنْ رَّبِّ الْعٰلَمِیْنَ ۟
বৰং এয়া সকলো সৃষ্টিৰ প্ৰতিপালকৰ তৰফৰ পৰা অৱতীৰ্ণ কৰা গ্ৰন্থ।
ตัฟสีรต่างๆ​ ภาษาอาหรับ:
وَلَوْ تَقَوَّلَ عَلَیْنَا بَعْضَ الْاَقَاوِیْلِ ۟ۙ
যদি মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে আমাৰ নামত কোনো মনেসজা কথা কলেহঁতেন যিটো মই কোৱা নাই।
ตัฟสีรต่างๆ​ ภาษาอาหรับ:
لَاَخَذْنَا مِنْهُ بِالْیَمِیْنِ ۟ۙ
তেন্তে আমি তাৰ পৰা প্ৰতিশোধ ললোহেঁতেন। আৰু তেখেতৰ সোঁ হাত নিজ শক্তি আৰু সামৰ্থৰ সৈতে ধৰিলোহেঁতেন।
ตัฟสีรต่างๆ​ ภาษาอาหรับ:
ثُمَّ لَقَطَعْنَا مِنْهُ الْوَتِیْنَ ۟ؗۖ
তাৰ পিছত তেখেতৰ হৃদপিণ্ডৰ শিৰা কাটি দিলোহঁতেন। যিটো তেখেতৰ অন্তৰৰ লগত সংযোগ।
ตัฟสีรต่างๆ​ ภาษาอาหรับ:
فَمَا مِنْكُمْ مِّنْ اَحَدٍ عَنْهُ حٰجِزِیْنَ ۟
এতেকে তোমালোকৰ মাজত কোনো ৰক্ষাকাৰী নাই, যিয়ে তেওঁক আমাৰ পৰা ৰক্ষা কৰিব। গতিকে তোমালোকৰ কাৰণে তেখেতে মোৰ প্ৰতি কোনো মনেসজা কথা ৰচনা কৰিব সেয়া অসম্ভৱ।
ตัฟสีรต่างๆ​ ภาษาอาหรับ:
وَاِنَّهٗ لَتَذْكِرَةٌ لِّلْمُتَّقِیْنَ ۟
নিশ্চয় এই কোৰআন সেই সকলৰ বাবে শিক্ষা আৰু উপদেশ, যিসকলে নিজ প্ৰতিপালকৰ আদেশ পালন কৰি তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁক ভয় কৰে।
ตัฟสีรต่างๆ​ ภาษาอาหรับ:
وَاِنَّا لَنَعْلَمُ اَنَّ مِنْكُمْ مُّكَذِّبِیْنَ ۟
আৰু আমি নিশ্চয় জানো যে. তোমালোকৰ মাজৰ কিছুমানে এই কোৰআন অস্বীকাৰ কৰে।
ตัฟสีรต่างๆ​ ภาษาอาหรับ:
وَاِنَّهٗ لَحَسْرَةٌ عَلَی الْكٰفِرِیْنَ ۟
নিশ্চিতৰূপে কোৰআন অস্বীকাৰ কৰাটো ক্বিয়ামতৰ দিনা ডাঙৰ অনুশোচনাৰ কাৰণ হ’ব।
ตัฟสีรต่างๆ​ ภาษาอาหรับ:
وَاِنَّهٗ لَحَقُّ الْیَقِیْنِ ۟
আৰু কোৰআন পৰিপূৰ্ণ সুনিশ্চিত সত্য। যিটো আল্লাহৰ তৰফৰ পৰা অৱতীৰ্ণ গ্ৰন্থ হোৱাত কোনো সন্দেহ আৰু সংশয় নাই।
ตัฟสีรต่างๆ​ ภาษาอาหรับ:
فَسَبِّحْ بِاسْمِ رَبِّكَ الْعَظِیْمِ ۟۠
এতেকে হে ৰাছুল, আপুনি আপোনাৰ প্ৰতিপালকৰ পৱিত্ৰতা বৰ্ণনা কৰি সেইবোৰ বিষয় নাকচ কৰক যিবোৰ তেওঁৰ সন্মানৰ পৰিপন্থী। আৰু আপোনাৰ প্ৰতিপালকৰ নামত তছবীহ পাঠ কৰক।
ตัฟสีรต่างๆ​ ภาษาอาหรับ:
ประโยชน์​ที่​ได้รับ​:
• تنزيه القرآن عن الشعر والكهانة.
কোৰআন কোনো কবিতা নহয় আৰু কাহানীও নহয়।

• خطر التَّقَوُّل على الله والافتراء عليه سبحانه.
আল্লাহৰ নামত কোনো মনেসজা কথা ৰচনা কৰা আৰু তাৰ প্ৰতি আৰোপ কৰাৰ ভয়াৱহতা।

• الصبر الجميل الذي يحتسب فيه الأجر من الله ولا يُشكى لغيره.
উত্তম ধৈৰ্য হৈছে যাৰ ভিতৰত আল্লাহৰ পৰা পৰিণামৰ আশা কৰা হয় আৰু তেওঁৰ বাহিৰে কাৰো ওচৰত কোনো আবেদন নকৰা।

 
แปลความหมาย​ สูเราะฮ์: Al-Hāqqah
สารบัญสูเราะฮ์ หมายเลข​หน้า​
 
แปล​ความหมาย​อัลกุรอาน​ - แปลคำอธิบายโดยย่อของอัลกุรอานด้วยภาษาอัสสัม - สารบัญ​คำแปล

แปลคำอธิบายโดยย่อของอัลกุรอานด้วยภาษาอัสสัม,โดยศูนย์ตัฟซีร เพื่อการศึกษาอัลกุรอาน

ปิด