የተከበረው ቁርአን መልዕክተ ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
106 : 7

قَالَ اِنْ كُنْتَ جِئْتَ بِاٰیَةٍ فَاْتِ بِهَاۤ اِنْ كُنْتَ مِنَ الصّٰدِقِیْنَ ۟

ফিৰআউনে মূছাক ক'লেঃ যদি তুমি কোনো নিদৰ্শন লৈ আহিছা, যিদৰে তুমি দাবী কৰি আছা, তেন্তে সেয়া উপস্থাপন কৰা, যদি তুমি তোমাৰ দাবীত সত্যবাদী হোৱা। info
التفاسير:
በዚህ ገፅ ያሉት አንቀፆች ከሚያስተላልፉት ጠቃሚ መልዕክት መካከል:
• من حكمة الله ورحمته أن جعل آية كل نبي مما يدركه قومه، وقد تكون من جنس ما برعوا فيه.
এইটো আল্লাহৰ হিকমত আৰু দয়া যে, তেওঁ প্ৰত্যেক নবীক এনেকুৱা কিছুমান নিদৰ্শন প্ৰদান কৰিছে, যাতে তেওঁলোকৰ সম্প্ৰদায়ে সেইবোৰ বুজি পায়। বৰং কেতিয়াবা কেতিয়াবা নিদৰ্শন এনেকুৱা হয় যে, সেই ক্ষেত্ৰত সেই সম্প্ৰদায়ৰ লোক অধিক পাৰদৰ্শী। info

• أنّ فرعون كان عبدًا ذليلًا مهينًا عاجزًا، وإلا لما احتاج إلى الاستعانة بالسحرة في دفع موسى عليه السلام.
প্ৰকৃততে ফিৰআউন আছিল এজন অপমানিত, লাঞ্ছিত আৰু অপাৰগ ব্যক্তি। অন্যথা মূছা আলাইহিছ ছালামৰ মুকাবিলা কৰিবলৈ তাৰ বাবে যাদুকৰ সকলৰ সহায়ৰ প্ৰয়োজন নহলেহেঁতেন। info

• يدل على ضعف السحرة - مع اتصالهم بالشياطين التي تلبي مطالبهم - طلبهم الأجر والجاه عند فرعون.
যাদুকৰ সকলে ফিৰআউনৰ ওচৰত পুৰষ্কাৰ আৰু পদ বিচৰাটো সিহঁতৰ দুৰ্বলতা প্ৰমাণিত কৰে। লগতে এই কথাও প্ৰমাণ কৰে যে, সিহঁতে নিজৰ উদ্দেশ্য পূৰণ কৰিবলৈ চয়তানৰ লগত সম্পৰ্ক স্থাপন কৰে। info