Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም ምዕራፍ: አል-አዕራፍ   አንቀጽ:

আল-আ'ৰাফ

ከመዕራፉ ዓላማዎች:
انتصار الحق في صراعه مع الباطل، وبيان عاقبة المستكبرين في الدنيا والآخرة.
বাতিলৰ সৈতে সত্যৰ মোকাবিলাৰ সময়ত সত্যক সহায় কৰা, লগতে পৃথিৱী আৰু আখিৰাতত অহংকাৰীসকলৰ পৰিণামৰ বৰ্ণনা।

الٓمّٓصٓ ۟ۚ
এই বিষয়ে ছুৰা বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে।
የአረብኛ ቁርኣን ማብራሪያ:
كِتٰبٌ اُنْزِلَ اِلَیْكَ فَلَا یَكُنْ فِیْ صَدْرِكَ حَرَجٌ مِّنْهُ لِتُنْذِرَ بِهٖ وَذِكْرٰی لِلْمُؤْمِنِیْنَ ۟
কোৰআন এখন পুথি, হে ৰাছুল! যিটো আপোনাৰ ওপৰত অৱতীৰ্ণ কৰা হৈছে। এতেকে এই বিষয়ে আপুনি কোনো সন্দেহৰ বশৱৰ্তী নহব লগতে অন্তৰত কোনো সংকীৰ্ণতাও নাৰাখিব। আল্লাহে এই পুথিখন এই কাৰণে অৱতীৰ্ণ কৰিছে যাতে আপুনি ইয়াৰ দ্বাৰা মানুহক সতৰ্ক কৰে, আৰু প্ৰমাণ সাব্যস্ত কৰে। লগতে ইয়াৰ দ্বাৰা যাতে মুমিনসকলক উপদেশ দিব পাৰে, কিয়নো উপদেশ কেৱল তেওঁলোকেই গ্ৰহণ কৰে।
የአረብኛ ቁርኣን ማብራሪያ:
اِتَّبِعُوْا مَاۤ اُنْزِلَ اِلَیْكُمْ مِّنْ رَّبِّكُمْ وَلَا تَتَّبِعُوْا مِنْ دُوْنِهٖۤ اَوْلِیَآءَ ؕ— قَلِیْلًا مَّا تَذَكَّرُوْنَ ۟
হে মানৱ! সেই পুথিৰ অনুসৰণ কৰা, যিটো আল্লাহে তোমালোকৰ প্ৰতি অৱতীৰ্ণ কৰিছে, লগতে নবীৰ ছুন্নত অনুযায়ী আমল কৰা। আনহাতে নিজৰ প্ৰবৃত্তিৰ বাসনা অনুযায়ী সেইসকল চয়তান আৰু পাষণ্ডৰ অনুসৰণ নকৰিবা, যিবোৰক তোমালোকে সহায়ক বুলি ভবা। সিহঁতৰ লগত বন্ধুত্ব কৰিবলৈ গৈ তোমালোকে সেইটোক এৰি দিয়া যিটো তোমালোকৰ প্ৰতি অৱতীৰ্ণ কৰা হৈছে। নিশ্চয় তোমালোকে একেবাৰেই কম শিক্ষা গ্ৰহণ কৰা। কিয়নো যদি তোমালোকে শিক্ষা গ্ৰহণ কৰিলাহেঁতেন তেন্তে অসত্যক সত্যৰ ওপৰত প্ৰাধান্য নিদিলাহেঁতেন আৰু ৰাছুলে যি লৈ আহিছে সেয়া মানিলাহেঁতেন আৰু তাৰ ওপৰত আমল কৰিলাহেঁতেন আৰু ইয়াৰ বাহিৰে সকলো পৰিত্যাগ কৰিলাহেঁতেন।
የአረብኛ ቁርኣን ማብራሪያ:
وَكَمْ مِّنْ قَرْیَةٍ اَهْلَكْنٰهَا فَجَآءَهَا بَاْسُنَا بَیَاتًا اَوْ هُمْ قَآىِٕلُوْنَ ۟
অসংখ্য গাওঁক আমি আমাৰ শাস্তিৰ জৰিয়তে ধ্বংস কৰিছো, যেতিয়া সিহঁতে কুফুৰী তথা পথভ্ৰষ্টতাত অটল আছিল। এতেকে ৰাতিত অথবা দিনৰ ভাগত সিহঁত যেতিয়া অমনোযোগী হৈ আছিল সেই সময়ত সিহঁতৰ ওপৰত আমাৰ শাস্তি আপতিত হৈছিল। সিহঁতে নিজেও নিজকে শাস্তিৰ পৰা ৰক্ষা কৰিব পৰা নাছিল আৰু সিহঁতৰ তথাকথিত উপাস্যবোৰেও কোনো উপকাৰ কৰিব পৰা নাছিল।
የአረብኛ ቁርኣን ማብራሪያ:
فَمَا كَانَ دَعْوٰىهُمْ اِذْ جَآءَهُمْ بَاْسُنَاۤ اِلَّاۤ اَنْ قَالُوْۤا اِنَّا كُنَّا ظٰلِمِیْنَ ۟
এতেকে শাস্তি অহাৰ পিছত সিহঁতে এই কথা স্বীকাৰ কৰাৰ বাহিৰে আন কোনো উপায় নাথাকিব যে, সিহঁতে আল্লাহক অস্বীকাৰ কৰি নিজৰ ওপৰত অন্যায় কৰিছিল।
የአረብኛ ቁርኣን ማብራሪያ:
فَلَنَسْـَٔلَنَّ الَّذِیْنَ اُرْسِلَ اِلَیْهِمْ وَلَنَسْـَٔلَنَّ الْمُرْسَلِیْنَ ۟ۙ
এতেকে আমি ক্বিয়ামতৰ দিনা সেই সকলো উম্মতক সুধিম, যিসকলৰ ওচৰত আমি ৰাছুল প্ৰেৰণ কৰিছিলো, যে সিহঁতে ৰাছুলসকলক কিদৰে সঁহাৰি জনাইছিল। আৰু ৰাছুল সকলকো সুধিম যে, তেওঁলোকক যিটো পৌঁচাই দিবলৈ আদেশ কৰিছিলো তেওঁলোকে সেয়া পৌঁচাই দিছিল নে নাই আৰু তেওঁলোকৰ জাতিয়ে তেওঁলোকক কি উত্তৰ দিছিল।
የአረብኛ ቁርኣን ማብራሪያ:
فَلَنَقُصَّنَّ عَلَیْهِمْ بِعِلْمٍ وَّمَا كُنَّا غَآىِٕبِیْنَ ۟
এতেকে আমি সকলো সৃষ্টিৰ সন্মুখত, নিজৰ জ্ঞান অনুসাৰে সিহঁতৰ কৰ্ম বৰ্ণনা কৰিম, যিবোৰ সিহঁতে পৃথিৱীত কৰিছিল। সিহঁতৰ সকলো কৰ্ম সম্পৰ্কে আমি অৱগত। একোৱে আমাৰ পৰা গোপন নহয়। আৰু আমি কেতিয়াও তাৰ পৰা অন্তৰ্ধান হোৱা নাছিলো।
የአረብኛ ቁርኣን ማብራሪያ:
وَالْوَزْنُ یَوْمَىِٕذِ ١لْحَقُّ ۚ— فَمَنْ ثَقُلَتْ مَوَازِیْنُهٗ فَاُولٰٓىِٕكَ هُمُ الْمُفْلِحُوْنَ ۟
তথা ক্বিয়ামতৰ দিনা কৰ্মবোৰক ন্যায় ভাবে ওজন কৰা হ'ব আৰু কাৰো লগত অন্যায় অত্যাচাৰ কৰা নহ'ব। এতেকে তুলাচনীত যাৰ ছোৱাব গুনাহতকৈ গধূৰ হ'ব, তেনেকুৱা ব্যক্তিসকলেই উদ্দেশ্য পূৰণত সফল হ'ব তথা ভয়ৰ পৰা মুক্তি পাব।
የአረብኛ ቁርኣን ማብራሪያ:
وَمَنْ خَفَّتْ مَوَازِیْنُهٗ فَاُولٰٓىِٕكَ الَّذِیْنَ خَسِرُوْۤا اَنْفُسَهُمْ بِمَا كَانُوْا بِاٰیٰتِنَا یَظْلِمُوْنَ ۟
কিন্তু যাৰ গুনাহ ছোৱাতকৈ গধূৰ হ'ব, সেই সকলেই ক্বিয়ামতৰ দিনা নিজৰ সৰ্বনাশ কৰিব, সিহঁতৰ এই পৰিণাম আল্লাহৰ আয়াত অস্বীকাৰ কৰাৰ ফলত হ'ব।
የአረብኛ ቁርኣን ማብራሪያ:
وَلَقَدْ مَكَّنّٰكُمْ فِی الْاَرْضِ وَجَعَلْنَا لَكُمْ فِیْهَا مَعَایِشَ ؕ— قَلِیْلًا مَّا تَشْكُرُوْنَ ۟۠
হে আদম সন্তান আমিয়ে পৃথিৱীত তোমালোকক প্ৰতিষ্ঠিত কৰিছো, লগতে তোমালোকৰ বাবে জীৱনোপকৰণ সৃষ্টি কৰিছো। ফলত তোমালোকে ইয়াৰ বাবে আল্লাহৰ কৃতজ্ঞতা জ্ঞাপন কৰা উচিত। কিন্তু তোমালোকৰ কৃতজ্ঞতা তেনেই তাকৰ।
የአረብኛ ቁርኣን ማብራሪያ:
وَلَقَدْ خَلَقْنٰكُمْ ثُمَّ صَوَّرْنٰكُمْ ثُمَّ قُلْنَا لِلْمَلٰٓىِٕكَةِ اسْجُدُوْا لِاٰدَمَ ۖۗ— فَسَجَدُوْۤا اِلَّاۤ اِبْلِیْسَ ؕ— لَمْ یَكُنْ مِّنَ السّٰجِدِیْنَ ۟
হে মানৱ! আমিয়ে তোমালোকৰ আদি পিতা আদমক সৃষ্টি কৰিছো, তেওঁক সৰ্বোত্তম আকৃতি প্ৰদান কৰিছো। তাৰ পিছত তেওঁৰ সন্মানাৰ্থে ফিৰিস্তাসকলক ছাজদা কৰিবলৈ আদেশ কৰিলো। তেতিয়া সকলো ফিৰিস্তাই মানি ললে আৰু ছাজদাহ কৰিলে। কিন্তু ইবলিছে অহংকাৰ কৰি ছাজদাহ কৰিবলৈ অস্বীকাৰ কৰিলে।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• من مقاصد إنزال القرآن الإنذار للكافرين والمعاندين، والتذكير للمؤمنين.
কোৰআন অৱতীৰ্ণ হোৱাৰ এটা উদ্দেশ্য এই যে, অস্বীকাৰকাৰী আৰু বিদ্বেষ পোষণকাৰী সকলক সাৱধান কৰা তথা ঈমান্দাৰ সকলক উপদেশ দিয়া।

• أنزل الله القرآن إلى المؤمنين ليتبعوه ويعملوا به، فإن فعلوا ذلك كملت تربيتهم، وتمت عليهم النعمة، وهُدُوا لأحسن الأعمال والأخلاق.
আল্লাহে মুমিনসকলক কোৰআন প্ৰদান কৰিছে, যাতে তেওঁলোকে সেইটোক মানি চলে আৰু সেই মতে জীৱন-যাপন কৰে। যদি তেওঁলোকে এনেকুৱা কৰে তেন্তে তেওঁলোকৰ লালন-পালন পৰিপূৰ্ণ হ'ব। আৰু তেওঁলোকৰ ওপৰত অনুগ্ৰহ সম্পূৰ্ণ হ'ব। লগতে সত্কৰ্ম আৰু উত্তম আচৰণৰ পথ প্ৰাপ্ত হ'ব।

• الوزن يوم القيامة لأعمال العباد يكون بالعدل والقسط الذي لا جَوْر فيه ولا ظلم بوجه.
ক্বিয়ামতৰ দিনা বান্দাৰ আমল সম্পূৰ্ণ ন্যায় ভাৱে ওজন কৰা হ'ব তথা সিহঁতৰ কাৰো প্ৰতি অন্যায় অত্যাচাৰ কৰা নহ'ব।

• هَيَّأ الله الأرض لانتفاع البشر بها، بحيث يتمكَّنون من البناء عليها وحَرْثها، واستخراج ما في باطنها للانتفاع به.
আল্লাহে পৃথিৱীখনক এনেকুৱা বনাইছে যে, যাতে মানুহে ইয়াৰ দ্বাৰা উপকৃত হ'ব পাৰে। যাতে ইয়াত ঘৰ নিৰ্মাণ কৰিব পাৰে আৰু খেতি-বাতি কৰিব পাৰে। লগতে ইয়াৰ গৰ্ভত থকা খনিজ পদাৰ্থবোৰ উলিয়াই উপকৃত হ'ব পাৰে।

 
የይዘት ትርጉም ምዕራፍ: አል-አዕራፍ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት