Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም ምዕራፍ: አል-አዕራፍ   አንቀጽ:
وَلَمَّا رَجَعَ مُوْسٰۤی اِلٰی قَوْمِهٖ غَضْبَانَ اَسِفًا ۙ— قَالَ بِئْسَمَا خَلَفْتُمُوْنِیْ مِنْ بَعْدِیْ ۚ— اَعَجِلْتُمْ اَمْرَ رَبِّكُمْ ۚ— وَاَلْقَی الْاَلْوَاحَ وَاَخَذَ بِرَاْسِ اَخِیْهِ یَجُرُّهٗۤ اِلَیْهِ ؕ— قَالَ ابْنَ اُمَّ اِنَّ الْقَوْمَ اسْتَضْعَفُوْنِیْ وَكَادُوْا یَقْتُلُوْنَنِیْ ۖؗ— فَلَا تُشْمِتْ بِیَ الْاَعْدَآءَ وَلَا تَجْعَلْنِیْ مَعَ الْقَوْمِ الظّٰلِمِیْنَ ۟
মূছা আলাইহিছ ছালাম যেতিয়া তেওঁৰ প্ৰতিপালকক সাক্ষাত কৰি নিজ সম্প্ৰদায়ৰ পিনে উভতি আহিলে, আৰু তেওঁৰ সম্প্ৰদায়ক দামুৰীৰ পূজা পাঠ কৰা দেখি তেওঁ ক্ষুব্ধ আৰু ক্ৰোধান্বিত হৈ ক'লেঃ হে মোৰ সম্প্ৰদায়ৰ লোকসকল! মই গুচি যোৱাৰ পিছত তোমালোকে এইটো বৰ বেয়া পৰিস্থিতি সৃষ্টি কৰিছা। কিয়নো ইয়াৰ পৰিণাম হৈছে বিনাশ আৰু দুৰ্ভাগ্য। তোমালোকে মোৰ অপেক্ষাত নিৰাশ হৈ দামুৰীৰ পূজা পাঠ আৰম্ভ কৰিছা নেকি? ক্ৰুদ্ধ আৰু বিক্ষুব্ধ হৈ লিখিত ফলকসমূহ দলিয়াই দি তেওঁৰ ভাতৃ হাৰূনৰ দাঢ়ি আৰু মূৰত ধৰি টানিবলৈ ধৰিলে, কিয়নো তেওঁ সিহঁতৰ ওচৰত থকাৰ পিছতো সিহঁতক দামুৰীৰ পূজা পাঠৰ পৰা বিৰত ৰাখিব পৰা নাছিল। তেতিয়া হাৰূন আলাইহিছ ছালামে মূছা আলাইহিছ ছালামৰ ওচৰত ওজৰ পেচ কৰি লগতে নম্ৰ ব্যৱহাৰ দাবী কৰি ক'লেঃ হে মোৰ সহোদৰ! সম্প্ৰদায়ৰ লোকসকলে মোক দুৰ্বল বুলি ভাৱি ভ্ৰুক্ষেপ কৰা নাছিল, আৰু মোক হত্যা কৰাৰ উপক্ৰম হৈছিল। এতেকে আপুনি মোক এনেকুৱা শাস্তি নিদিব যাৰ ফলত মোৰ শত্ৰুসকলে হাঁহিবলৈ অৱকাশ পাব। লগতে ক্ৰোধান্বিত হৈ মোক সেইসকল লোকৰ অন্তৰ্ভুক্ত নকৰিব, যিসকলে আল্লাহৰ বাহিৰে আনৰ পূজা কৰি যালিমসকলৰ অন্তৰ্ভুক্ত হৈছে।
የአረብኛ ቁርኣን ማብራሪያ:
قَالَ رَبِّ اغْفِرْ لِیْ وَلِاَخِیْ وَاَدْخِلْنَا فِیْ رَحْمَتِكَ ۖؗ— وَاَنْتَ اَرْحَمُ الرّٰحِمِیْنَ ۟۠
তাৰ পিছত মূছা আলাইহিছ ছালামে তেওঁৰ প্ৰতিপালকৰ ওচৰত দুআ কৰি ক'লেঃ হে মোৰ প্ৰতিপালক! মোক তথা মোৰ ভাতৃক ক্ষমা কৰি দিয়া আৰু আমাৰ তোমাৰ দয়াৰ অন্তৰ্ভুক্ত কৰা আৰু সেই দয়া আমাৰ চাৰিওফালে প্ৰসাৰ কৰি দিয়া। হে আমাৰ প্ৰতিপালক! সকলো কৃপাৱানতকৈ তুমিয়ে আমাৰ প্ৰতি অধিক কৃপালু।
የአረብኛ ቁርኣን ማብራሪያ:
اِنَّ الَّذِیْنَ اتَّخَذُوا الْعِجْلَ سَیَنَالُهُمْ غَضَبٌ مِّنْ رَّبِّهِمْ وَذِلَّةٌ فِی الْحَیٰوةِ الدُّنْیَا ؕ— وَكَذٰلِكَ نَجْزِی الْمُفْتَرِیْنَ ۟
যিসকলে দামুৰীটোক উপাস্য কৰি লৈ পূজা পাঠ কৰিছিল, সেইসকল লোকে নিজ প্ৰতিপালকক অসন্তুষ্টি আৰু অপমান কৰাৰ কাৰণে অনতিপলমে সিহঁতে নিজ প্ৰতিপালকৰ তৰফৰ পৰা চৰম ক্ৰোধ আৰু পাৰ্থিৱ জীৱনত লাঞ্ছনাৰ সন্মুখীন হ'ব। মিছা ৰচনা কৰি আল্লাহৰ লগত সম্পৃক্ত কৰা ব্যক্তিসকলক আমি এইদৰেই প্ৰতিদান দিওঁ।
የአረብኛ ቁርኣን ማብራሪያ:
وَالَّذِیْنَ عَمِلُوا السَّیِّاٰتِ ثُمَّ تَابُوْا مِنْ بَعْدِهَا وَاٰمَنُوْۤا ؗ— اِنَّ رَبَّكَ مِنْ بَعْدِهَا لَغَفُوْرٌ رَّحِیْمٌ ۟
যিসকলে বেয়া কৰ্ম কৰিছে, যেনে- শ্বিৰ্ক আৰু অন্যান্য পাপ কৰ্ম, তাৰ পিছত আল্লাহৰ পিনে প্ৰত্যাৱৰ্তন কৰিছে, অৰ্থাৎ তেওঁৰ প্ৰতি ঈমান আনিছে আৰু পাপকৰ্মৰ পৰা বিৰত হৈছে। এতেকে হে ৰাছুল! নিশ্চয় আপোনাৰ প্ৰতিপালকে এই তাওবাৰ পিছত আৰু শ্বিৰ্কৰ পৰা ঈমানৰ পিনে, লগতে গুনাহৰ পৰা আনুগত্যৰ পিনে কৰা প্ৰত্যাৱৰ্তনৰ পিছত তেওঁলোকৰ গুনাহসমূহ ক্ষমা কৰিব আৰু তেওঁলোকৰ প্ৰতি দয়া কৰিব।
የአረብኛ ቁርኣን ማብራሪያ:
وَلَمَّا سَكَتَ عَنْ مُّوْسَی الْغَضَبُ اَخَذَ الْاَلْوَاحَ ۖۚ— وَفِیْ نُسْخَتِهَا هُدًی وَّرَحْمَةٌ لِّلَّذِیْنَ هُمْ لِرَبِّهِمْ یَرْهَبُوْنَ ۟
তাৰ পিছত মূছা আলাইহিছ ছালামৰ ক্ৰোধ যেতিয়া শান্ত হ'ল, তেতিয়া তেওঁ লিখিত ফলকসমূহ উঠাই ললে, যিবোৰ তেওঁ ক্ৰোধান্বিত হৈ দলিয়াই পেলাইছিল। আৰু এইবোৰ আছিল ভ্ৰষ্টতাৰ পৰা হিদায়ত আৰু সত্য বৰ্ণনামূলক ফলক। তথা সেইসকল লোকৰ বাবে ৰহমতস্বৰূপ যিসকলে নিজ প্ৰতিপালকক আৰু তেওঁৰ শাস্তিক ভয় কৰে।
የአረብኛ ቁርኣን ማብራሪያ:
وَاخْتَارَ مُوْسٰی قَوْمَهٗ سَبْعِیْنَ رَجُلًا لِّمِیْقَاتِنَا ۚ— فَلَمَّاۤ اَخَذَتْهُمُ الرَّجْفَةُ قَالَ رَبِّ لَوْ شِئْتَ اَهْلَكْتَهُمْ مِّنْ قَبْلُ وَاِیَّایَ ؕ— اَتُهْلِكُنَا بِمَا فَعَلَ السُّفَهَآءُ مِنَّا ۚ— اِنْ هِیَ اِلَّا فِتْنَتُكَ ؕ— تُضِلُّ بِهَا مَنْ تَشَآءُ وَتَهْدِیْ مَنْ تَشَآءُ ؕ— اَنْتَ وَلِیُّنَا فَاغْفِرْ لَنَا وَارْحَمْنَا وَاَنْتَ خَیْرُ الْغٰفِرِیْنَ ۟
আৰু মূছা আলাইহিছ ছআলামে তেওঁৰ সম্প্ৰদায়ৰ সত্তৰজন লোকক নিৰ্বাচন কৰিলে, যাতে তেওঁলোকে নিজ প্ৰতিপালকৰ ওচৰত গুনাহৰ ক্ষমা প্ৰাৰ্থনা কৰে, যি গুনাহ তেওঁলোকৰ মাজৰ কিছুমান নিৰ্বোধ লোকে দামুৰীৰ উপাসনাত লিপ্ত হৈ সংঘটিত কৰিছিল। আল্লাহে তেওঁলোকক উপস্থিত হবলৈ এটা নিৰ্ধাৰিত সময়ৰ প্ৰতিশ্ৰুতি দিলে। কিন্তু তেওঁলোকে যেতিয়া তাত উপস্থিত হ'ল, তেতিয়া আল্লাহক দৰ্শন কৰাৰ দুঃসাহসিক দাবী কৰি বহিলে, আৰু মূছা আলাইহিছ ছালামক ক'লে, তেওঁ যেন আল্লাহক প্ৰত্যক্ষভাৱে দেখুৱাই দিয়ে। ফলত ভূমিকম্পই তেওঁলোকক আক্ৰান্ত কৰিলে আৰু তেওঁলোক ভয়তে বেহুচ হৈ মৃত্যুবৰণ কৰিলে। তাৰ পিছত মূছা আলাইহিছ ছালামে আল্লাহৰ ওচৰত বিনয়পূৰ্বক প্ৰাৰ্থনা কৰি ক'লেঃ হে মোৰ প্ৰতিপালক! তুমি সিহঁতক তথা মোক ইয়াত অহাৰ পূৰ্বেই যদি ধ্বংস কৰিব বিচাৰিলে, নিশ্চয় ধ্বংস কৰিব পাৰিলাহেঁতেন। এতেকে কিছুমান নিৰ্বোধ লোকৰ কৰ্মৰ বাবে তুমি আমাক ধ্বংস কৰিবা নেকি? দৰাচলতে মোৰ সম্প্ৰদায়ে কৰা দামুৰীৰ পূজা পাঠ আছিল এটা পৰীক্ষা, যাৰ জৰিয়তে তুমি যাক ইচ্ছা কৰা পথভ্ৰষ্ট কৰা আৰু যাক ইচ্ছা কৰা হিদায়ত দিয়া। তুমি আমাৰ কৰ্ম সঞ্চালক, আমাৰ গুনাহসমূহ ক্ষমা কৰা, আৰু তোমাৰ প্ৰশস্ত ৰহমতৰ জৰিয়তে আমাৰ প্ৰতি ৰহম কৰা, তুমিয়ে উত্তম গুনাহ ক্ষমাকাৰী আৰু পাপ মোচনকাৰী।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• في الآيات دليل على أن الخطأ في الاجتهاد مع وضوح الأدلة لا يعذر فيه صاحبه عند إجراء الأحكام عليه، وهو ما يسميه الفقهاء بالتأويل البعيد.
এইবোৰ আয়াতে এই কথা প্ৰমাণ কৰে যে, স্পষ্ট প্ৰমাণ থকাৰ পিছত ইজতেহাদী ভুল কৰিলে, সেই ভুল ক্ষমাৰ যোগ্য নাই। ইয়াক ফুকাহাসকলে তাৱীলে বাঈদ (দূৰৱৰ্তী ব্যাখ্যা) বুলি কয়।

• من آداب الدعاء البدء بالنفس، حيث بدأ موسى عليه السلام دعاءه فطلب المغفرة لنفسه تأدُّبًا مع الله فيما ظهر عليه من الغضب، ثم طلب المغفرة لأخيه فيما عسى أن يكون قد ظهر منه من تفريط أو تساهل في رَدْع عَبَدة العجل عن ذلك.
দুআৰ নিয়মৰ মাজত অন্যতম হৈছে, প্ৰথমে নিজৰ বাবে দুআ কৰা। যেনে- মূছা আলাইহিছ ছালামে দুআ আৰম্ভ কৰাৰ পোনতে তেওঁ ৰাগান্বিত হোৱাৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিছে। তাৰ পিছত তেওঁৰ ভাতৃৰ বাবে ক্ষমা বিচাৰিছে, কাৰণ হ'ব পাৰে তেওঁ সিহঁতক দামুৰীৰ পূজা পাঠত নিষেধ কৰাৰ ক্ষেত্ৰত কোনো অৱহেলা কৰিছিল।

• التحذير من الغضب وسلطته على عقل الشخص؛ ولذلك نسب الله للغضب فعل السكوت كأنه هو الآمر والناهي.
ক্ৰোধৰ পৰা সাৱধান থকা উচিত, কাৰণ ক্ৰোধে বিবেক হৰণ কৰে। সেই কাৰণেই আল্লাহে ক্ৰোধৰ বাবে মৌনতাক সম্পৃক্ত কৰিছে, যেনিবা সেইটোৱে আদেশ প্ৰদানকাৰী আৰু নিষেধকাৰী।

• ضرورة التوقي من غضب الله، وخوف بطشه، فانظر إلى مقام موسى عليه السلام عند ربه، وانظر خشيته من غضب ربه.
আল্লাহৰ অসন্তুষ্টিৰ বিৰত থকা আৰু তেওঁৰ গ্ৰেপ্তাৰৰ পৰা ভয় কৰা উচিত। লক্ষ্য কৰক মূছা আলাইহিছ ছালামৰ প্ৰতি, তেওঁ নিজ প্ৰতিপালকৰ সন্মুখত কেনেকৈ অৱস্থান কৰিছে। আৰু নিজ প্ৰতিপালকৰ ভয়ত কেনেকুৱা ভীত হৈছে।

 
የይዘት ትርጉም ምዕራፍ: አል-አዕራፍ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት