Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም ምዕራፍ: አል-አዕራፍ   አንቀጽ:
وَاِذْ نَتَقْنَا الْجَبَلَ فَوْقَهُمْ كَاَنَّهٗ ظُلَّةٌ وَّظَنُّوْۤا اَنَّهٗ وَاقِعٌ بِهِمْ ۚ— خُذُوْا مَاۤ اٰتَیْنٰكُمْ بِقُوَّةٍ وَّاذْكُرُوْا مَا فِیْهِ لَعَلَّكُمْ تَتَّقُوْنَ ۟۠
হে মুহাম্মদ! সেই সময়ক স্মৰণ কৰক, যেতিয়া আমি বনী ইছৰাঈলৰ ওপৰত পৰ্বত দাঙি ধৰিছিলো, যেতিয়া সিহঁতে তাওৰাতৰ শিক্ষা গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল। পৰ্বত সিহঁতৰ মূৰৰ ওপৰত ছাতিৰ দৰে থিয় হৈ আছিল, আৰু সিহঁত পতিয়ন গৈছিল যে, পৰ্বত অনতিপলমে সিহঁতৰ ওপৰত খহি পৰিব। সিহঁতক কোৱা হ'লঃ আমি তোমালোকক যি দিছো, সেয়া মজবুতভাৱে ধাৰণ কৰা, আৰু তাত থকা আল্লাহৰ বিধানসমূহ সঠিকভাৱে মনত ৰাখিবা, পাহৰি নাযাবা। ইয়াৰ ফলত যাতে তোমালোকে আল্লাহক ভয় কৰিব পাৰা।
የአረብኛ ቁርኣን ማብራሪያ:
وَاِذْ اَخَذَ رَبُّكَ مِنْ بَنِیْۤ اٰدَمَ مِنْ ظُهُوْرِهِمْ ذُرِّیَّتَهُمْ وَاَشْهَدَهُمْ عَلٰۤی اَنْفُسِهِمْ ۚ— اَلَسْتُ بِرَبِّكُمْ ؕ— قَالُوْا بَلٰی ۛۚ— شَهِدْنَا ۛۚ— اَنْ تَقُوْلُوْا یَوْمَ الْقِیٰمَةِ اِنَّا كُنَّا عَنْ هٰذَا غٰفِلِیْنَ ۟ۙ
তথা হে মুহাম্মদ! সেই সময়ক স্মৰণ কৰক, যেতিয়া আপোনাৰ প্ৰতিপালকে আদম সন্তানৰ পিঠিৰ পৰা সিহঁতৰ বংশধৰ সকলক উলিয়াইছিল। আৰু সিহঁতৰ পৰা ৰুবুবিয়্যাতৰ (অৰ্থাৎ আল্লাহ যে একক সেই বিষয়ে) স্বীকাৰোক্তি লৈছিল, যিটো স্বীকাৰোক্তি সিহঁতৰ ফিতৰতত চামিল কৰি দিছে, কিয়নো তেওঁ সিহঁতৰ সৃষ্টিকৰ্তা আৰু প্ৰতিপালক। সিহঁতক কৈছিল যে, মই তোমালোকৰ প্ৰতিপালক নহয়নে? তেতিয়া সকলোৱে কৈছিলঃ নিশ্চয়, আপুনিয়ে আমাৰ প্ৰতিপালক। তেতিয়া আল্লাহে কৈছিলঃ মই তোমালোকৰ পৰীক্ষা ললো, আৰু তোমালোকৰ পৰা প্ৰতিশ্ৰুতি ললো যাতে তোমালোকে কিয়ামতৰ দিনা আল্লাহৰ প্ৰমাণক অস্বীকাৰ কৰিব নোৱাৰা। লগতে যাতে এইটোও ক'ব নোৱাৰা যে, আমি দেখুন এই বিষয়ে অৱগতই নাছিলো।
የአረብኛ ቁርኣን ማብራሪያ:
اَوْ تَقُوْلُوْۤا اِنَّمَاۤ اَشْرَكَ اٰبَآؤُنَا مِنْ قَبْلُ وَكُنَّا ذُرِّیَّةً مِّنْ بَعْدِهِمْ ۚ— اَفَتُهْلِكُنَا بِمَا فَعَلَ الْمُبْطِلُوْنَ ۟
অথবা যাতে এইটোও নোকোৱা যে, তোমালোকৰ পূৰ্বপুৰুষসকলেই প্ৰতিশ্ৰুতি ভঙ্গ কৰিছিল আৰু আল্লাহৰ সৈতে অংশীদাৰ স্থাপন কৰিছিল, আৰু তোমালোক সিহঁতৰ অনুকৰণ কৰি শ্বিৰ্কত লিপ্ত হৈছিলা। ফলত তোমালোকে যাতে এইটো নোকোৱা যে, হে আমাৰ প্ৰতিপালক! তুমি আমাক সেই শ্বিৰ্কৰ কাৰণে শাস্তি দিবা নেকি যিটো শ্বিৰ্কত লিপ্ত হৈ আমাৰ পূৰ্বপুৰুষসকলে নিজৰ আমল ধ্বংস কৰিছিল? প্ৰকৃততে আমাৰ কোনো ভুল নাছিল। কাৰণ এই বিষয়ে আমি অজ্ঞ আছিলো আৰু আমি কেৱল আমাৰ পুৰ্বপুৰুষসকলৰ অনুকৰণ কৰিছিলো।
የአረብኛ ቁርኣን ማብራሪያ:
وَكَذٰلِكَ نُفَصِّلُ الْاٰیٰتِ وَلَعَلَّهُمْ یَرْجِعُوْنَ ۟
যিদৰে আমি অস্বীকাৰকাৰী জাতিৰ পৰিণাম সম্পৰ্কে আয়াতসমূহ স্পষ্টভাৱে বৰ্ণনা কৰিছো, সেইদৰে আমি এইসকল লোকৰ বাবেও আয়াতসমূহ স্পষ্টৰূপে বৰ্ণনা কৰিম, যাতে ইহঁতে শ্বিৰ্কৰ পৰা উভতি আল্লাহৰ তাওহীদ আৰু তেওঁৰ ইবাদতৰ পিনে প্ৰত্যাৱৰ্তন কৰে। যিদৰে সেই প্ৰতিশ্ৰুতিত উল্লেখ আছে যিটো ইহঁতে নিজৰ বিষয়ে আল্লাহক দিছিল।
የአረብኛ ቁርኣን ማብራሪያ:
وَاتْلُ عَلَیْهِمْ نَبَاَ الَّذِیْۤ اٰتَیْنٰهُ اٰیٰتِنَا فَانْسَلَخَ مِنْهَا فَاَتْبَعَهُ الشَّیْطٰنُ فَكَانَ مِنَ الْغٰوِیْنَ ۟
হে ৰাছুল! বনী ইছৰাঈলক সিহঁতৰ সম্প্ৰদায়ৰে সেই ব্যক্তি সম্পৰ্কে অৱগত কৰাওক, যাক আমি আমাৰ নিদৰ্শনসমূহ দান কৰিছিলো। তেওঁ সেয়া শিকি লৈছিল আৰু ইয়াৰ জৰিয়তে সাব্যস্ত হোৱা সত্যক বুজি পাইছিল। কিন্তু তাৰ প্ৰতি আমল কৰাৰ পৰিবৰ্তে সেইটোক পৰিত্যাগ কৰিছিল, আৰু আঁতৰি গৈছিল। ফলত চয়তানে তাৰ পিছ ললে আৰু তাৰ বন্ধুত পৰিণত হ'ল। অৱশেষত সি পথভ্ৰষ্ট হৈ ধ্বংসপ্ৰাপ্ত সকলৰ অন্তৰ্ভুক্ত হৈ গ'ল। অথচ পূৰ্বে সি সঠিক পথত তথা মুক্তিৰ পথত পৰিচালিত আছিল।
የአረብኛ ቁርኣን ማብራሪያ:
وَلَوْ شِئْنَا لَرَفَعْنٰهُ بِهَا وَلٰكِنَّهٗۤ اَخْلَدَ اِلَی الْاَرْضِ وَاتَّبَعَ هَوٰىهُ ۚ— فَمَثَلُهٗ كَمَثَلِ الْكَلْبِ ۚ— اِنْ تَحْمِلْ عَلَیْهِ یَلْهَثْ اَوْ تَتْرُكْهُ یَلْهَثْ ؕ— ذٰلِكَ مَثَلُ الْقَوْمِ الَّذِیْنَ كَذَّبُوْا بِاٰیٰتِنَا ۚ— فَاقْصُصِ الْقَصَصَ لَعَلَّهُمْ یَتَفَكَّرُوْنَ ۟
আমি যদি সেইবোৰ আয়াতৰ দ্বাৰা তাক উপকৃত কৰিব বিচাৰিলোহেঁতেন, তেন্তে সেইবোৰৰ দ্বাৰা তাক উচ্চ মৰ্যাদা প্ৰদান কৰিলোহেঁতেন। তাক সেইবোৰৰ প্ৰতি আমল কৰিবলৈ তাওফীক দান কৰিলোহেঁতেন আৰু আৰু সি পৃথিৱী আৰু আখিৰাতত উচ্চ মৰ্যাদা লাভ কৰিলেহেঁতেন। কিন্তু সি ক্ষতিগ্ৰস্ততাৰ পথ বাচি ললে, আৰু পৃথিৱীত মায়াত আৱদ্ধ হ'ল, পৃথিৱীক আখিৰাতৰ ওপৰত প্ৰাধান্য দিলে, লগতে নিজৰ অসত্য কামনাৰ অনুসৰণ কৰিবলৈ ধৰিলে। পাৰ্থিৱ জীৱনৰ প্ৰতি তাৰ যি লোভ তাৰ উদাহৰণ হৈছে কুকুৰৰ দৰে, যিটো সদায় হেঁপাই ফোঁপাই থাকে। স্থিৰ অৱস্থাতো হেঁপাই থাকে, খেদি পঠিয়ালেও হেঁপাই থাকে। এই উদাহৰণ সেইসকল লোকৰ বাবে যিসকলে আমাৰ আয়াতক অস্বীকাৰ কৰিছে। এতেকে হে ৰাছুল! আপুনি সিহঁতক বৃত্তান্ত বৰ্ণনা কৰি থাকক, যাতে সিহঁতে চিন্তা-চৰ্চা কৰে আৰু অস্বীকাৰ তথা পথভ্ৰষ্টতাৰ পৰা আঁতৰি আহে।
የአረብኛ ቁርኣን ማብራሪያ:
سَآءَ مَثَلَا ١لْقَوْمُ الَّذِیْنَ كَذَّبُوْا بِاٰیٰتِنَا وَاَنْفُسَهُمْ كَانُوْا یَظْلِمُوْنَ ۟
সেই সম্প্ৰদায়তকৈ নিকৃষ্ট সম্প্ৰদায় আৰু কোনটো হ'ব পাৰে, যিসকলে আমাৰ দলিল-প্ৰমাণসমূহ অস্বীকাৰ কৰিছে তথা সেইবোৰক সমৰ্থন কৰা নাই, আৰু সিহঁতে এই পন্থা অৱলম্বন কৰি নিজৰেই ক্ষতি কৰিছে।
የአረብኛ ቁርኣን ማብራሪያ:
مَنْ یَّهْدِ اللّٰهُ فَهُوَ الْمُهْتَدِیْ ۚ— وَمَنْ یُّضْلِلْ فَاُولٰٓىِٕكَ هُمُ الْخٰسِرُوْنَ ۟
আল্লাহে যাক সুপথ দেখুৱায়, প্ৰকৃততে তেওঁহে সুপথ পায়। আনহাতে যাক সুপথৰ পৰা আঁতৰাই দিয়ে, প্ৰকৃততে সিহঁতেই নিজৰ কল্যাণ বিনষ্টকাৰী। সিহঁতেই ক্বিয়ামতৰ দিনা নিজৰ আৰু নিজ পৰিয়ালৰ ক্ষতি সাধন কৰিব। জানি থোৱা! এইটোৱে প্ৰকাশ্য ক্ষতিগ্ৰস্ততা।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• المقصود من إنزال الكتب السماوية العمل بمقتضاها لا تلاوتها باللسان وترتيلها فقط، فإن ذلك نَبْذ لها.
ঐশী পুথি অৱতীৰ্ণৰ উদ্দেশ্য হৈছে সেই মতে আমল কৰা। কেৱল তিলাৱত তথা টানি টানি কেৰাত কৰিবলৈ নহয়, এনেকুৱা প্ৰথা এক প্ৰকাৰ সেইটোক নসাৎ কৰা বুজায়।

• أن الله خلق في الإنسان من وقت تكوينه إدراك أدلة الوحدانية، فإذا كانت فطرته سليمة، ولم يدخل عليها ما يفسدها أدرك هذه الأدلة، وعمل بمقتضاها.
আল্লাহে মানুহক সৃষ্টি কৰাৰ সময়তেই সিহঁতৰ মাজত আল্লাহৰ একত্ব স্বীকাৰ কৰাৰ ক্ষমতা অৰ্পন কৰিছে। এতেকে এতিয়া যদি মানুহৰ স্বভাৱ স্বচ্ছ থাকে, আৰু তাৰ ভিতৰত বিভ্ৰান্ত সৃষ্টিকাৰী কোনো বস্তু যদি প্ৰৱেশ নকৰে তেন্তে এইবোৰ দলিল অতি সহজেই বুজি পাব, আৰু সেই মতে আমলো কৰিব।

• في الآيات عبرة للموفَّقين للعمل بآيات القرآن؛ ليعلموا فضل الله عليهم في توفيقهم للعمل بها؛ لتزكو نفوسهم.
এই আয়াতসমূহৰ ভিতৰত সেইসকল লোকৰ বাবেও আছে শিক্ষা, যিসকলে কোৰআনৰ আয়াত মতে আমল কৰাৰ তাওফীক প্ৰাপ্ত হৈছে। যাতে তেওঁলোকে আল্লাহৰ এই উপকাৰটোক গমি চাব পাৰে যে, আল্লাহে তেওঁলোকক আন্তৰিক স্বচ্ছতা প্ৰাপ্ত কৰিবলৈ এইসমূহ আয়াতৰ ওপৰত আমল কৰিবলৈ তাওফীক প্ৰদান কৰিছে।

• في الآيات تلقين للمسلمين للتوجه إلى الله تعالى بطلب الهداية منه والعصمة من مزالق الضلال.
এই আয়াতসমূহৰ মাজত মুছলিমসকলক এই শিক্ষা দিয়া হৈছে যে, তেওঁলোকে হিদায়ত প্ৰাৰ্থনা কৰিবলৈ আল্লাহৰ পিনেই মনোনিৱেশ কৰা উচিত, আৰু তেওঁৰ ওচৰতেই পথভ্ৰষ্টতাৰ পৰা মুক্তি কামনা কৰা উচিত।

 
የይዘት ትርጉም ምዕራፍ: አል-አዕራፍ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት