Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም ምዕራፍ: አል-አዕራፍ   አንቀጽ:
حَقِیْقٌ عَلٰۤی اَنْ لَّاۤ اَقُوْلَ عَلَی اللّٰهِ اِلَّا الْحَقَّ ؕ— قَدْ جِئْتُكُمْ بِبَیِّنَةٍ مِّنْ رَّبِّكُمْ فَاَرْسِلْ مَعِیَ بَنِیْۤ اِسْرَآءِیْلَ ۟ؕ
মূছাই ক'লেঃ মই যিহেতু আল্লাহৰ ৰাছুল, সেয়ে তেওঁৰ বিষয়ে সত্যৰ বাহিৰে আন একো কোৱা মোৰ বাবে উচিত নহয়। নিশ্চয় মই তোমালোকৰ ওচৰত এনেকুৱা স্পষ্ট প্ৰমাণ লৈ আহিছো, যিবোৰে প্ৰমাণ কৰে যে, মই মোৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ প্ৰতি সত্য ৰাছুল। এতেকে বনী ইছৰাঈলক তোমাৰ কাৰাগাৰৰ পৰা তথা অধীনৰ পৰা স্বাধীন কৰি দিয়া আৰু মোৰ লগত যাবলৈ দিয়া।
የአረብኛ ቁርኣን ማብራሪያ:
قَالَ اِنْ كُنْتَ جِئْتَ بِاٰیَةٍ فَاْتِ بِهَاۤ اِنْ كُنْتَ مِنَ الصّٰدِقِیْنَ ۟
ফিৰআউনে মূছাক ক'লেঃ যদি তুমি কোনো নিদৰ্শন লৈ আহিছা, যিদৰে তুমি দাবী কৰি আছা, তেন্তে সেয়া উপস্থাপন কৰা, যদি তুমি তোমাৰ দাবীত সত্যবাদী হোৱা।
የአረብኛ ቁርኣን ማብራሪያ:
فَاَلْقٰی عَصَاهُ فَاِذَا هِیَ ثُعْبَانٌ مُّبِیْنٌ ۟ۚۖ
তাৰ পিছত মূছা আলাইহিছ ছালামে নিজৰ লাখুটিডাল মাটিত দলিয়ালে, ফলত সেইটো হঠাৎ প্ৰত্যক্ষদৰ্শী সকলৰ বাবে প্ৰকাণ্ড অজগৰ সাপত পৰিণত হ’ল।
የአረብኛ ቁርኣን ማብራሪያ:
وَّنَزَعَ یَدَهٗ فَاِذَا هِیَ بَیْضَآءُ لِلنّٰظِرِیْنَ ۟۠
আৰু তেখেতে চোলাৰ মাজত হাত প্ৰৱেশ কৰি বুকুৰ পৰা অথবা কাষলতিৰ পৰা হাত উলিয়ালে, ফলত তেখেতৰ হাত শুভ্ৰতাৰ কাৰণে জিলিকি আছিল, আৰু এয়া কোনো বগা বেমাৰৰ ফলত নহয়।
የአረብኛ ቁርኣን ማብራሪያ:
قَالَ الْمَلَاُ مِنْ قَوْمِ فِرْعَوْنَ اِنَّ هٰذَا لَسٰحِرٌ عَلِیْمٌ ۟ۙ
নেতৃবৰ্গীয় আৰু প্ৰমূখ শ্ৰেণীৰ লোকসকলে যেতিয়া মূছা আলাইহিছ ছালামৰ লাখুটিক সাপত পৰিণত হোৱা দেখিলে আৰু কোনো বেমাৰ নোহোৱাকৈ তেওঁৰ হাতৰ শুভ্ৰতা প্ৰত্যক্ষ কৰিলে, তেতিয়া সিহঁতে কবলৈ ধৰিলেঃ মূছা হৈছে এজন দক্ষ যাদুকৰ।
የአረብኛ ቁርኣን ማብራሪያ:
یُّرِیْدُ اَنْ یُّخْرِجَكُمْ مِّنْ اَرْضِكُمْ ۚ— فَمَاذَا تَاْمُرُوْنَ ۟
তেওঁ তোমালোকক তেওঁৰ যাদুৰ সহায়ত তোমালোকৰ দেশ মিচৰৰ পৰা বহিষ্কাৰ কৰিব বিচাৰে। তাৰ পিছত ফিৰআউনে মূছা সম্পৰ্কে সিহঁতৰ ওচৰত পৰামৰ্শ বিচাৰি ক'লেঃ এই সম্পৰ্কে তোমালোকে মোক কি পৰামৰ্শ দিয়া?
የአረብኛ ቁርኣን ማብራሪያ:
قَالُوْۤا اَرْجِهْ وَاَخَاهُ وَاَرْسِلْ فِی الْمَدَآىِٕنِ حٰشِرِیْنَ ۟ۙ
সিহঁতে ফিৰআউনক ক'লেঃ মূছা আৰু তেওঁৰ ভাতৃ হাৰূনক অৱকাশ দিয়ক, আৰু চহৰ-নগৰলৈ সংগ্ৰাহক সকলক পঠাই দিয়ক, যিসকলে যাদুকৰ সকলক একত্ৰিত কৰিব।
የአረብኛ ቁርኣን ማብራሪያ:
یَاْتُوْكَ بِكُلِّ سٰحِرٍ عَلِیْمٍ ۟
এইসকল সংগ্ৰাহকে যিসকলক আপুনি চহৰ-নগৰলৈ যাদুকৰ একত্ৰিত কৰিবলৈ পঠাব, সিহঁতে আপোনাৰ বাবে সকলো দক্ষ আৰু পাৰদৰ্শিক যাদুকৰ আনিব।
የአረብኛ ቁርኣን ማብራሪያ:
وَجَآءَ السَّحَرَةُ فِرْعَوْنَ قَالُوْۤا اِنَّ لَنَا لَاَجْرًا اِنْ كُنَّا نَحْنُ الْغٰلِبِیْنَ ۟
তাৰ পিছত ফিৰআউনে যাদুকৰসকলক একত্ৰিত কৰিবলৈ সংগ্ৰাহক প্ৰেৰণ কৰিলে। যেতিয়া যাদুকৰসকল ফিৰআউনৰ ওচৰত আহিল, সিহঁতে ফিৰআউনক ক'লেঃ যদি আমি আমাৰ যাদুৰ বলত মূছাৰ ওপৰত বিজয় হ'বলৈ সক্ষম হওঁ তেন্তে আমাৰ বাবে কোনো পুৰষ্কাৰ আছেনে?
የአረብኛ ቁርኣን ማብራሪያ:
قَالَ نَعَمْ وَاِنَّكُمْ لَمِنَ الْمُقَرَّبِیْنَ ۟
তেতিয়া ফিৰআউনে ক'লেঃ হয়, নিশ্চয় আছে। তোমালোকক ইয়াৰ প্ৰতিদান আৰু পুৰষ্কাৰ দিয়া হ'ব, লগতে তোমালোকক এনেকুৱা পদ দিয়া হ'ব যে, তোমালোক মোৰ নিকটৱৰ্তী হৈ থাকিবা।
የአረብኛ ቁርኣን ማብራሪያ:
قَالُوْا یٰمُوْسٰۤی اِمَّاۤ اَنْ تُلْقِیَ وَاِمَّاۤ اَنْ نَّكُوْنَ نَحْنُ الْمُلْقِیْنَ ۟
যাদুকৰ সকলে মূছাৰ ওপৰত নিশ্চিত বিজয় হ'ব বুলি বিশ্বাস কৰি অহংকাৰত ক'লেঃ হে মূছা! তোমাৰ ইচ্ছা, কোনে আগতে নিক্ষেপ কৰিব? তুমি নে আমি?
የአረብኛ ቁርኣን ማብራሪያ:
قَالَ اَلْقُوْا ۚ— فَلَمَّاۤ اَلْقَوْا سَحَرُوْۤا اَعْیُنَ النَّاسِ وَاسْتَرْهَبُوْهُمْ وَجَآءُوْ بِسِحْرٍ عَظِیْمٍ ۟
মূছা আলাইহিছ ছালামে নিজ প্ৰতিপালকৰ সহায়ৰ ওপৰত ভৰসা কৰি সিহঁতক ক'লেঃ তোমালোকেই আগতে তোমালোকৰ লাঠি আৰু ৰছীবোৰ নিক্ষেপ কৰা। এতেকে যেতিয়া সিহঁতে নিজৰ লাঠি আৰু ৰছীবোৰ নিক্ষেপ কৰিলে তেতিয়া সিহঁতে মানুহৰ চকুত যাদু কৰিলে আৰু সিহঁতক বাস্তৱ দেখিবলৈ প্ৰতিৰোধ কৰিলে আৰু আতংকিত কৰিলে, আৰু প্ৰত্যক্ষদৰ্শীসকলৰ সন্মুখত এটা ডাঙৰ যাদু দেখুৱালে।
የአረብኛ ቁርኣን ማብራሪያ:
وَاَوْحَیْنَاۤ اِلٰی مُوْسٰۤی اَنْ اَلْقِ عَصَاكَ ۚ— فَاِذَا هِیَ تَلْقَفُ مَا یَاْفِكُوْنَ ۟ۚ
আল্লাহে তেওঁৰ নবী মূছা কালিমুল্লাহৰ প্ৰতি অহী কৰি ক'লেঃ হে মূছা! তুমি তোমাৰ লাঠি নিক্ষেপ কৰা। ফলত তেওঁ নিজৰ লাঠি নিক্ষেপ কৰিলে। আৰু চকুৰ পলকতে লাঠি সাপত পৰিণত হ'ল আৰু সিহঁতৰ লাঠি আৰু ৰছীবোৰক গিলি পেলাবলৈ ধৰিলে, যিবোৰক সিহঁতে বাস্তৱৰ পৰা ৰূপান্তৰিত কৰি অলীক বস্তু বনাই মানুহক ভ্ৰমিত কৰিছিল যে, এইবোৰ জীৱিত সাপ।
የአረብኛ ቁርኣን ማብራሪያ:
فَوَقَعَ الْحَقُّ وَبَطَلَ مَا كَانُوْا یَعْمَلُوْنَ ۟ۚ
এতেকে সত্য প্ৰকাশ পালে তথা মূছা আলাইহিছ ছালামে যি লৈ আহিছে তাৰ সত্যতা স্পষ্ট হৈ গ'ল আৰু যাদুকৰ সকলে যি যাদু দেখুৱাইছিল সেয়া মিছা প্ৰমাণিত হ'ল।
የአረብኛ ቁርኣን ማብራሪያ:
فَغُلِبُوْا هُنَالِكَ وَانْقَلَبُوْا صٰغِرِیْنَ ۟ۚ
অৱশেষত সিহঁতে সেই আয়োজনত পৰাজিত হ'ল তথা মূছা আলাইহিছ ছালাম বিজয়প্ৰাপ্ত হ'ল। এইদৰে সিহঁতে অপমাণিত আৰু পৰাজিত হৈ ঘৰমুৱা হ'ল।
የአረብኛ ቁርኣን ማብራሪያ:
وَاُلْقِیَ السَّحَرَةُ سٰجِدِیْنَ ۟ۙ
সকলো যাদুকৰে আল্লাহৰ অসীম ক্ষমতা তথা স্পষ্ট নিদৰ্শন দেখি পৱিত্ৰ আল্লাহৰ সন্মুখত ছাজদাহ নত হ'ল।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• من حكمة الله ورحمته أن جعل آية كل نبي مما يدركه قومه، وقد تكون من جنس ما برعوا فيه.
এইটো আল্লাহৰ হিকমত আৰু দয়া যে, তেওঁ প্ৰত্যেক নবীক এনেকুৱা কিছুমান নিদৰ্শন প্ৰদান কৰিছে, যাতে তেওঁলোকৰ সম্প্ৰদায়ে সেইবোৰ বুজি পায়। বৰং কেতিয়াবা কেতিয়াবা নিদৰ্শন এনেকুৱা হয় যে, সেই ক্ষেত্ৰত সেই সম্প্ৰদায়ৰ লোক অধিক পাৰদৰ্শী।

• أنّ فرعون كان عبدًا ذليلًا مهينًا عاجزًا، وإلا لما احتاج إلى الاستعانة بالسحرة في دفع موسى عليه السلام.
প্ৰকৃততে ফিৰআউন আছিল এজন অপমানিত, লাঞ্ছিত আৰু অপাৰগ ব্যক্তি। অন্যথা মূছা আলাইহিছ ছালামৰ মুকাবিলা কৰিবলৈ তাৰ বাবে যাদুকৰ সকলৰ সহায়ৰ প্ৰয়োজন নহলেহেঁতেন।

• يدل على ضعف السحرة - مع اتصالهم بالشياطين التي تلبي مطالبهم - طلبهم الأجر والجاه عند فرعون.
যাদুকৰ সকলে ফিৰআউনৰ ওচৰত পুৰষ্কাৰ আৰু পদ বিচৰাটো সিহঁতৰ দুৰ্বলতা প্ৰমাণিত কৰে। লগতে এই কথাও প্ৰমাণ কৰে যে, সিহঁতে নিজৰ উদ্দেশ্য পূৰণ কৰিবলৈ চয়তানৰ লগত সম্পৰ্ক স্থাপন কৰে।

 
የይዘት ትርጉም ምዕራፍ: አል-አዕራፍ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት