Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም ምዕራፍ: አል-አዕራፍ   አንቀጽ:
وَاذْكُرُوْۤا اِذْ جَعَلَكُمْ خُلَفَآءَ مِنْ بَعْدِ عَادٍ وَّبَوَّاَكُمْ فِی الْاَرْضِ تَتَّخِذُوْنَ مِنْ سُهُوْلِهَا قُصُوْرًا وَّتَنْحِتُوْنَ الْجِبَالَ بُیُوْتًا ۚ— فَاذْكُرُوْۤا اٰلَآءَ اللّٰهِ وَلَا تَعْثَوْا فِی الْاَرْضِ مُفْسِدِیْنَ ۟
আল্লাহৰ অনুগ্ৰহবোৰ স্মৰণ কৰা, যেতিয়া তেওঁ তোমালোকক আদ জাতিৰ পিছত উত্তৰাধিকাৰী বনাইছিল। আৰু আল্লাহে তোমালোকক পৃথিৱীত প্ৰতিষ্ঠা কৰিছিল যাতে তোমালোকে তাৰ পৰা উপকৃত হ'ব পাৰা আৰু উদ্দেশ্য পূৰণ কৰিব পাৰা। এইটো হৈছিল আদ জাতি ধ্বংস হোৱাৰ পিছত, যেতিয়া সিহঁতে কুফুৰী তথা অস্বীকাৰৰ সীমা চেৰাই গৈছিল। তোমালোকে সমতল ভূমিত অট্টালিকা নিৰ্মাণ কৰিছিলা আৰু পাহাৰ খনন কৰি তাত ঘৰ সাজিছিলা। এতেকে আল্লাহৰ এই অনুগ্ৰহবোৰ স্মৰণ কৰা যাতে তেওঁৰ কৃতজ্ঞতা জ্ঞাপন কৰিব পাৰা। লগতে পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰা এৰি দিয়া। ইয়াৰ বাবে তোমালোকে কুফৰ তথা গুনাহৰ কামবোৰৰ পৰা বিৰত থাকিব লাগিব।
የአረብኛ ቁርኣን ማብራሪያ:
قَالَ الْمَلَاُ الَّذِیْنَ اسْتَكْبَرُوْا مِنْ قَوْمِهٖ لِلَّذِیْنَ اسْتُضْعِفُوْا لِمَنْ اٰمَنَ مِنْهُمْ اَتَعْلَمُوْنَ اَنَّ صٰلِحًا مُّرْسَلٌ مِّنْ رَّبِّهٖ ؕ— قَالُوْۤا اِنَّا بِمَاۤ اُرْسِلَ بِهٖ مُؤْمِنُوْنَ ۟
তেওঁৰ সম্প্ৰদায়ৰ অহংকাৰী প্ৰমূখসকল আৰু নেতাসকলে মুমিনসকলক কলে, যিসকলক সিহঁতে দুৰ্বল বুলি গণ্য কৰিছিলঃ তোমালোকে ভাৱা নেকি যে, ছলেহ আল্লাহৰ প্ৰকৃত ৰাছুল? মুমিনসকলে উত্তৰ দিলেঃ ছলেহ আলাইহিছ ছালামক যি প্ৰদান কৰি আমালৈ প্ৰেৰণ কৰা হৈছে আমি সেয়া সত্য বুলি স্বীকাৰ কৰো আৰু তেওঁৰ অনুসৰণ কৰো লগতে তেওঁ লৈ অহা চৰীয়ত মতে আমল কৰো।
የአረብኛ ቁርኣን ማብራሪያ:
قَالَ الَّذِیْنَ اسْتَكْبَرُوْۤا اِنَّا بِالَّذِیْۤ اٰمَنْتُمْ بِهٖ كٰفِرُوْنَ ۟
তেওঁৰ সম্প্ৰদায়ৰ অহংকাৰী লোকসকলে ক'লেঃ হে মুমিনসকল! তোমালোকে যাক বিশ্বাস কৰিছা আমি তাক অবিশ্বাস কৰো অস্বীকাৰ কৰো। আমি কেতিয়াও তাৰ প্ৰতি ঈমান পোষণ নকৰো আৰু তাৰ চৰীয়ত মতে আমলো নকৰো।
የአረብኛ ቁርኣን ማብራሪያ:
فَعَقَرُوا النَّاقَةَ وَعَتَوْا عَنْ اَمْرِ رَبِّهِمْ وَقَالُوْا یٰصٰلِحُ ائْتِنَا بِمَا تَعِدُنَاۤ اِنْ كُنْتَ مِنَ الْمُرْسَلِیْنَ ۟
তাৰ পিছত, যিজনী উটনীক কোনো ধৰণৰ কষ্ট প্ৰদানৰ পৰা ছলেহ আলাইহিছ ছালামে সিহঁতক বাৰণ কৰিছিল, আল্লাহৰ আদেশৰ সন্মুখত অহংকাৰ দেখুৱাই সিহঁতে তাক হত্যা কৰিলে। ছলেহ আলাইহিছ ছালামে সিহঁতক যিটোৰ পৰা সাৱধান কৰিছিল, সেইটোক অসম্ভৱ বুলি ভাৱি উপহাস কৰি কবলৈ ধৰিলেঃ হে ছলেহ! যদি তুমি আল্লাহৰ প্ৰকৃত ৰাছুল হোৱা তেন্তে তুমি আমাক যি শাস্তিৰ ভয় দেখুৱাইছা সেইটো আনাচোন।
የአረብኛ ቁርኣን ማብራሪያ:
فَاَخَذَتْهُمُ الرَّجْفَةُ فَاَصْبَحُوْا فِیْ دَارِهِمْ جٰثِمِیْنَ ۟
ফলত যি শাস্তিৰ বাবে সেই কাফিৰসকলে খৰধৰ কৰিছিল, সেইটো আহি পৰিল। সিহঁত ভয়াৱহ ভূমিকম্পৰ চিকাৰ হ'ল। ফলত সকলোৱে মাটিত বাগৰি পৰি আছিল। সিহঁতৰ মাজৰ এজনো ধ্বংস হোৱাৰ পৰা ৰক্ষা পোৱা নাছিল।
የአረብኛ ቁርኣን ማብራሪያ:
فَتَوَلّٰی عَنْهُمْ وَقَالَ یٰقَوْمِ لَقَدْ اَبْلَغْتُكُمْ رِسَالَةَ رَبِّیْ وَنَصَحْتُ لَكُمْ وَلٰكِنْ لَّا تُحِبُّوْنَ النّٰصِحِیْنَ ۟
যেতিয়া ছলেহ আলাইহিছ ছালাম তেওঁৰ জাতিৰ ব্যৱহাৰত নিৰাশ হৈ পৰিল তেতিয়া সিহঁতৰ পৰা মুখ ঘূৰাই ললে আৰু ক'লেঃ হে মোৰ সম্প্ৰদায়! আল্লাহে তোমালোকৰ ওচৰত পৌঁচাবলৈ মোক যি দায়িত্ব দিছিল, সেয়া মই সূচাৰুৰূপে পালন কৰিছো। লগতে মই তোমালোকক উৎসাহিত কৰি আৰু সতৰ্ক কৰিও উপদেশ প্ৰদান কৰিছো, কিন্তু তোমালোক এনেকুৱা জাতি, যিসকলে শুভাকাংক্ষীক তথা কল্যাণৰ পথপ্ৰদৰ্শনকাৰীক আৰু অসৎকৰ্মৰ পৰা নিষেধ কৰা ব্যক্তিক ভাল নাপায়।
የአረብኛ ቁርኣን ማብራሪያ:
وَلُوْطًا اِذْ قَالَ لِقَوْمِهٖۤ اَتَاْتُوْنَ الْفَاحِشَةَ مَا سَبَقَكُمْ بِهَا مِنْ اَحَدٍ مِّنَ الْعٰلَمِیْنَ ۟
আৰু স্মৰণ কৰা লূত আলাইহিছ ছালামক যেতিয়া তেওঁ নিজ জাতিৰ আচৰণক নিন্দা কৰি কৈছিলঃ তোমালোকে পুৰুষৰ লগত সহবাসৰ এই ঘৃণনীয় কাম কিয় কৰা? এইটো এনেকুৱা কুকৰ্ম যিটো তোমালোকৰ পূৰ্বে আন কোনেও কৰা নাছিল।
የአረብኛ ቁርኣን ማብራሪያ:
اِنَّكُمْ لَتَاْتُوْنَ الرِّجَالَ شَهْوَةً مِّنْ دُوْنِ النِّسَآءِ ؕ— بَلْ اَنْتُمْ قَوْمٌ مُّسْرِفُوْنَ ۟
তোমালোকে যৌন কামনা-তৃপ্তিৰ বাবে নাৰীসকলৰ পৰিবৰ্তে পুৰুষসকলৰ ওচৰত যোৱা, অথচ ইয়াৰ বাবে নাৰীসকলক সৃষ্টি কৰা হৈছে। তোমালোকৰ এই কুকৰ্মক বিবেক, ধৰ্ম আৰু প্ৰকৃতিয়েও সমৰ্থন নকৰে। প্ৰকৃততে তোমালোক আল্লাহৰ সীমালঙ্ঘনকাৰী ব্যক্তি। কিয়নো তোমালোক মানৱ-ভাৰসাম্যৰ সীমাৰ পৰা ওলাই গৈছা, লগতে সুস্থ বিবেক আৰু মানৱ স্বভাৱৰ পৰা বিমুখ হৈছা।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• الاستكبار يتولد غالبًا من كثرة المال والجاه، وقلة المال والجاه تحمل على الإيمان والتصديق والانقياد غالبًا.
সাধাৰণতে অধিক ধন-সম্পদ আৰু পদমৰ্যদাই অহংকাৰ জন্মায়, সেয়ে ঈমান তথা অনুসৰণৰ পথ সেই ব্যক্তিয়েই গ্ৰহণ কৰে যাৰ ওচৰত ধন-সম্পদ আৰু পদ কম থাকে।

• جواز البناء الرفيع كالقصور ونحوها؛ لأن من آثار النعمة: البناء الحسن مع شكر المنعم.
ওখ ওখ অট্টালিকা নিৰ্মাণ কৰা কোনো দোষণীয় নহয়, কিয়নো এইটো নিয়ামতৰ বহিঃপ্ৰকাশ। সুন্দৰ নিৰ্মাণৰ লগতে নিয়ামত প্ৰদানকাৰীৰ কৃতজ্ঞতা জ্ঞাপন কৰাটো অত্যান্ত জৰুৰী।

• الغالب في دعوة الأنبياء أن يبادر الضعفاء والفقراء إلى الإصغاء لكلمة الحق التي جاؤوا بها، وأما السادة والزعماء فيتمردون ويستعلون عليها.
নবীসকলৰ আহ্বানৰ অৱস্থা আছিল এই যে, দুৰ্বল আৰু দুখীয়া লোক সকলেই তেওঁলোকে লৈ অহা সত্যক মানিবলৈ আগবাঢ়ি আহিছিল। আনহাতে প্ৰধান তথা নেতা প্ৰকৃতিৰ লোকসকলে অহংকাৰত পতিত হৈছিল।

• قد يعم عذاب الله المجتمع كله إذا كثر فيه الخَبَث، وعُدم فيه الإنكار.
যেতিয়া সমাজত কুকৰ্ম বহুল প্ৰচলিত হয় আৰু কোনো নিষেধকাৰী নাথাকে, তেতিয়া আল্লাহে গোটেই সমাজকে শাস্তিৰ সন্মুখীন কৰে।

 
የይዘት ትርጉም ምዕራፍ: አል-አዕራፍ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት