Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም ምዕራፍ: አል ሙደሲር   አንቀጽ:
فَقُتِلَ كَیْفَ قَدَّرَ ۟ۙ
এতেকে তাৰ প্ৰতি অভিশাপ আৰু সি ধ্বংস হওক, সি কেনেকৈ এই সিদ্ধান্ত গ্ৰহণ কৰিলে?
የአረብኛ ቁርኣን ማብራሪያ:
ثُمَّ قُتِلَ كَیْفَ قَدَّرَ ۟ۙ
আকৌ তাৰ প্ৰতি অভিশাপ আৰু সি ধ্বংস হওক, সি কেনেকৈ এই সিদ্ধান্ত গ্ৰহণ কৰিলে?
የአረብኛ ቁርኣን ማብራሪያ:
ثُمَّ نَظَرَ ۟ۙ
তাৰ পিছত সি পুনৰ বিচাৰ কৰিলে। আৰু সি কোৱা কথাবোৰ ভাৱি চিন্তি চালে।
የአረብኛ ቁርኣን ማብራሪያ:
ثُمَّ عَبَسَ وَبَسَرَ ۟ۙ
তাৰ পিছত যেতিয়া কোৰআনত কোনো ভুল ধৰিবলৈ কোনো উপায় নাপালে তেতিয়া তাৰ মুখ বিকৃত কৰিলে আৰু ভ্ৰুঁ কোচ খোৱালে।
የአረብኛ ቁርኣን ማብራሪያ:
ثُمَّ اَدْبَرَ وَاسْتَكْبَرَ ۟ۙ
তাৰ পিছত সি ঈমানৰ পৰা উভতিলে আৰু নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ অনুসৰণৰ পৰা অহংকাৰ কৰিলে।
የአረብኛ ቁርኣን ማብራሪያ:
فَقَالَ اِنْ هٰذَاۤ اِلَّا سِحْرٌ یُّؤْثَرُ ۟ۙ
তাৰ পিছত কলেঃ মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে যি আনিছে সেয়া আল্লাহৰ বাণী নহয়। বৰং এয়া এক যাদু যিটো আন কাৰোবাৰ পৰা নকল কৰিছে।
የአረብኛ ቁርኣን ማብራሪያ:
اِنْ هٰذَاۤ اِلَّا قَوْلُ الْبَشَرِ ۟ؕ
এয়া আল্লাহৰ বাণী নহয় বৰং এয়াতো মানুহৰ বাণী।
የአረብኛ ቁርኣን ማብራሪያ:
سَاُصْلِیْهِ سَقَرَ ۟
মই অনতিপলমে তাক জাহান্নামৰ এটা স্থান অৰ্থাৎ ছাক্বাৰত প্ৰৱেশ কৰাম, য'ত সি জ্বলি থাকিব।
የአረብኛ ቁርኣን ማብራሪያ:
وَمَاۤ اَدْرٰىكَ مَا سَقَرُ ۟ؕ
হে মুহাম্মদ, আপোনাক কিহে কব যে ছাক্বাৰ কি?
የአረብኛ ቁርኣን ማብራሪያ:
لَا تُبْقِیْ وَلَا تَذَرُ ۟ۚ
তাৰ ভিতৰত নিক্ষেপ কৰা কোনো বস্তুৰ একোৱে অৱশিষ্ট নাৰাখিব বৰং নিঃশেষ কৰি পেলাব। আকৌ সি পূৰ্বৰ দৰে হব, আকৌ তাক নিঃশেষ কৰা হ'ব। এই ধাৰাবাহিকতা চলি থাকিব।
የአረብኛ ቁርኣን ማብራሪያ:
لَوَّاحَةٌ لِّلْبَشَرِ ۟ۚ
ই ছাল একেবাৰে জ্বলাই পেলাব আৰু তাক পৰিৱৰ্তন কৰি পেলাব।
የአረብኛ ቁርኣን ማብራሪያ:
عَلَیْهَا تِسْعَةَ عَشَرَ ۟ؕ
ইয়াৰ (ছাক্বাৰৰ) তত্ত্বাৱধানত আৰু সংৰক্ষণৰ বাবে ঊনৈশজন ফিৰিস্তা নিযুক্ত আছে।
የአረብኛ ቁርኣን ማብራሪያ:
وَمَا جَعَلْنَاۤ اَصْحٰبَ النَّارِ اِلَّا مَلٰٓىِٕكَةً ۪— وَّمَا جَعَلْنَا عِدَّتَهُمْ اِلَّا فِتْنَةً لِّلَّذِیْنَ كَفَرُوْا ۙ— لِیَسْتَیْقِنَ الَّذِیْنَ اُوْتُوا الْكِتٰبَ وَیَزْدَادَ الَّذِیْنَ اٰمَنُوْۤا اِیْمَانًا وَّلَا یَرْتَابَ الَّذِیْنَ اُوْتُوا الْكِتٰبَ وَالْمُؤْمِنُوْنَ ۙ— وَلِیَقُوْلَ الَّذِیْنَ فِیْ قُلُوْبِهِمْ مَّرَضٌ وَّالْكٰفِرُوْنَ مَاذَاۤ اَرَادَ اللّٰهُ بِهٰذَا مَثَلًا ؕ— كَذٰلِكَ یُضِلُّ اللّٰهُ مَنْ یَّشَآءُ وَیَهْدِیْ مَنْ یَّشَآءُ ؕ— وَمَا یَعْلَمُ جُنُوْدَ رَبِّكَ اِلَّا هُوَ ؕ— وَمَا هِیَ اِلَّا ذِكْرٰی لِلْبَشَرِ ۟۠
আৰু আমি জাহান্নামৰ ৰক্ষক হিচাপে কেৱল ফিৰিস্তাসকলকেই নিযুক্ত কৰিছোঁ। যাৰ সৈতে প্ৰতিদ্বন্দিতা কৰাৰ ক্ষমতা মানুহৰ নাই। আৰু আমি তেওঁলোকৰ এই সংখ্যা কেৱল আল্লাহক অস্বীকাৰ কৰা লোকসকলক পৰীক্ষা কৰিবলৈহে নিৰ্ধাৰণ কৰিছোঁ। যাতে সিহঁতে এনেকুৱা কথা কৈ থাকে আৰু সিহঁতৰ শাস্তি বৃদ্ধি হৈ থাকে। আৰু ইহুদীসকল, যিসকলক তাওৰাত দিয়া হৈছিল আৰু খৃষ্টানসকল যিসকলক ইঞ্জিল দিয়া হৈছিল, কোৰআনৰ জৰিয়তে যাতে সিহঁতৰ কিতাপসমূহৰ সত্যতাৰ প্ৰতি বিশ্বাস আহে। আৰু ইহুদী, খৃষ্টানসকলৰ সহমতৰ পিছত মুমিনসকলৰ বিশ্বাস আৰু বৃদ্ধি হয়। আৰু ইহুদী, খৃষ্টান আৰু মুমিনসকলে যাতে কোনো সন্দেহত লিপ্ত নহয়। আৰু যাতে কাফিৰ আৰু মুৰতাদ বিলাকে কয়ঃ আল্লাহ এই বিচিত্ৰ সংখ্যাৰে ( ঊনৈশ) কি বুজাব বিচাৰিছে?। যিদৰে এই সংখ্যাৰে অস্বীকাৰকাৰী বিলাকক পথভ্ৰষ্ট কৰা হৈছে আৰু ইয়াৰ স্বীকাৰকাৰীসকলক হিদায়ত দিয়া হৈছে, তেনেদৰে আল্লাহে যাক পথভ্ৰষ্ট কৰিব বিচাৰে তাক পথভ্ৰষ্ট কৰে। আৰু যাক হিদায়ত দিব বিচাৰে তাক হিদায়ত দিয়ে। আৰু তোমাৰ প্ৰতিপালকৰ সৈন্যবাহিনীৰ সংখ্যা তেওঁৰ বাহিৰে আন কোনেও নাজানে। আৰু জাহান্নাম হৈছে মানুহৰ বাবে শিক্ষা-সামগ্ৰী বিষয়, যাৰ পৰা সিহঁতে আল্লাহৰ মহানতাৰ অনুমান কৰিব পাৰে।
የአረብኛ ቁርኣን ማብራሪያ:
كَلَّا وَالْقَمَرِ ۟ۙ
কথা তেনেকুৱা নহয় যিদৰে কিছুমান মুশ্বৰিকে ভাবিছে যে সিহঁতে জাহান্নামৰ সংৰক্ষণৰ প্ৰতি নিযুক্ত ফিৰিস্তা সকলৰ বাবে যথেষ্ট হব। আল্লাহে চন্দ্ৰৰ শপত কৰি এই কথা কৈছে।
የአረብኛ ቁርኣን ማብራሪያ:
وَالَّیْلِ اِذْ اَدْبَرَ ۟ۙ
আৰু ৰাতিৰ শপত কৰিছে যেতিয়া ই গমন কৰে।
የአረብኛ ቁርኣን ማብራሪያ:
وَالصُّبْحِ اِذَاۤ اَسْفَرَ ۟ۙ
প্ৰভাতৰ শপত কৰিছে যেতিয়া ই ভালদৰে আলোকোজ্জ্বল হয়।
የአረብኛ ቁርኣን ማብራሪያ:
اِنَّهَا لَاِحْدَی الْكُبَرِ ۟ۙ
বহুত ডাঙৰ পৰীক্ষাসমূহৰ ভিতৰত জাহান্নামৰ অগ্নিৰ শাস্তি অন্যতম।
የአረብኛ ቁርኣን ማብራሪያ:
نَذِیْرًا لِّلْبَشَرِ ۟ۙ
মানুহক ভয়- ভীতি দেখুৱাবলৈ।
የአረብኛ ቁርኣን ማብራሪያ:
لِمَنْ شَآءَ مِنْكُمْ اَنْ یَّتَقَدَّمَ اَوْ یَتَاَخَّرَ ۟ؕ
হে মানৱ, তোমালোকৰ মাজত সেই ব্যক্তিৰ বাবে যিয়ে ঈমান আৰু সত্কৰ্মৰ জৰিয়তে আগবাঢ়িব বিচাৰে বা কুফুৰী তথা অবাধ্য পাপৰ জৰিয়তে পিছুৱাব বিচাৰে।
የአረብኛ ቁርኣን ማብራሪያ:
كُلُّ نَفْسٍ بِمَا كَسَبَتْ رَهِیْنَةٌ ۟ۙ
প্ৰত্যেক প্ৰাণীৰ গ্ৰেফতাৰী তাৰ কৰ্ম অনুসাৰে হব। হয়তো তেওঁৰ কৰ্ম তাক ধ্বংস কৰি পেলাব অথবা তাক ধ্বংসৰ পৰা ৰক্ষা।
የአረብኛ ቁርኣን ማብራሪያ:
اِلَّاۤ اَصْحٰبَ الْیَمِیْنِ ۟ؕۛ
মুমিনসকলৰ বাহিৰে, কিয়নো পাপৰ বাবে সিহঁতক গ্ৰেফতাৰী কৰা নহ'ব। সিহঁতৰ সত্কৰ্মৰ বাবে সিহঁতক ৰেহাই দিয়া হ'ব।
የአረብኛ ቁርኣን ማብራሪያ:
فِیْ جَنّٰتٍ ۛ۫— یَتَسَآءَلُوْنَ ۟ۙ
আৰু জান্নাতত তেওঁলোকে এজনে আনজনক সুধিব।
የአረብኛ ቁርኣን ማብራሪያ:
عَنِ الْمُجْرِمِیْنَ ۟ۙ
সেই কাফিৰ বিলাকৰ বিষয়ে যিহঁতে নিজৰ পাপসমূহৰ কাৰণে নিজকে ধ্বংসত পেলাব।
የአረብኛ ቁርኣን ማብራሪያ:
مَا سَلَكَكُمْ فِیْ سَقَرَ ۟
তেওঁলোকো সিহঁতক সুধিবঃ কিহে তোমালোকক জাহান্নামত প্ৰৱেশ কৰিছে?
የአረብኛ ቁርኣን ማብራሪያ:
قَالُوْا لَمْ نَكُ مِنَ الْمُصَلِّیْنَ ۟ۙ
এতেকে কাফিৰ বিলাকে তেওঁলোকক উত্তৰ দি কবঃ আমি তেওঁলোকৰ অন্তৰ্ভুক্ত নাছিলো যিসকলে পাৰ্থিৱ জীৱনত ফৰজ ছালাত সমূহ আদায় কৰি আছিল।
የአረብኛ ቁርኣን ማብራሪያ:
وَلَمْ نَكُ نُطْعِمُ الْمِسْكِیْنَ ۟ۙ
আৰু আমি দুখীয়াক আল্লাহে দিয়া আমাৰ ধন-সম্পদৰ পৰা আহাৰ কৰোৱা নাছিলো।
የአረብኛ ቁርኣን ማብራሪያ:
وَكُنَّا نَخُوْضُ مَعَ الْخَآىِٕضِیْنَ ۟ۙ
আৰু আমি সকলো ক্ষেত্ৰতে বাতিল পন্থীৰ লগত যোগ দিছিলো আৰু পথভ্ৰষ্ট তথা পথচ্যুত হোৱা লোকৰ সৈতে বেহুদা আলোচনাত মগ্ন আছিলো।
የአረብኛ ቁርኣን ማብራሪያ:
وَكُنَّا نُكَذِّبُ بِیَوْمِ الدِّیْنِ ۟ۙ
আৰু আমি পৰিণামৰ দিনক অস্বীকাৰ কৰিছিলো।
የአረብኛ ቁርኣን ማብራሪያ:
حَتّٰۤی اَتٰىنَا الْیَقِیْنُ ۟ؕ
মৃত্যুলৈকে অস্বীকাৰৰ এই ধাৰাবাহিকতা চলি আছিল আৰু আমি চিৰকালৰ বাবে তাওবাৰ পৰা বঞ্চিত হৈছিলো।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• خطورة الكبر حيث صرف الوليد بن المغيرة عن الإيمان بعدما تبين له الحق.
অহংকাৰৰ ক্ষতি, কিয়নো অহংকাৰেই অলীদ বিন মুগীৰাৰ আগত সত্য স্পষ্ট হোৱাৰ পিছতো তাক ইমানৰ পৰা বাধা দিছিল।

• مسؤولية الإنسان عن أعماله في الدنيا والآخرة.
মানুহক পৃথিৱী আৰু পৰকাল উভয় ঠাইতে তাৰ কৰ্মসমূহৰ বিষয়ে সোধা হ'ব।

• عدم إطعام المحتاج سبب من أسباب دخول النار.
দুখীয়াক খাদ্য দান নকৰাটোও জাহান্নামত প্ৰৱেশ কৰাৰ এটা অন্যতম কাৰণ।

 
የይዘት ትርጉም ምዕራፍ: አል ሙደሲር
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት