Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም ምዕራፍ: አል ሙደሲር   አንቀጽ:

আল-মুদ্দাচ্ছিৰ

ከመዕራፉ ዓላማዎች:
الأمر بالاجتهاد في دعوة المكذبين، وإنذارهم بالآخرة والقرآن.
অস্বীকাৰকাৰীসকলক আহ্বান কৰাৰ ক্ষেত্ৰত অধ্যাৱসায়ৰ নিৰ্দেশ দিছে আৰু সিহঁতক কোৰআন আৰু আখিৰাতৰ দ্বাৰা সাৱধান কৰিবলৈ নিৰ্দেশ দিছে।

یٰۤاَیُّهَا الْمُدَّثِّرُ ۟ۙ
হে বস্ত্ৰাবৃত ব্যক্তি, অৰ্থাৎ হে নবী ছাল্লাল্লাহু আলাইহি অছাল্লাম।
የአረብኛ ቁርኣን ማብራሪያ:
قُمْ فَاَنْذِرْ ۟ۙ
উঠক আৰু আল্লাহৰ শাস্তিৰ পৰা সতৰ্ক কৰক।
የአረብኛ ቁርኣን ማብራሪያ:
وَرَبَّكَ فَكَبِّرْ ۟ۙ
আৰু নিজ প্ৰতিপালকৰ শ্ৰেষ্ঠত্ব ঘোষনা কৰক।
የአረብኛ ቁርኣን ማብራሪያ:
وَثِیَابَكَ فَطَهِّرْ ۟ۙ
আৰু নিজকে পাপসমূহৰ পৰা পৱিত্ৰ কৰক, লগতে ময়লা-আৱৰ্জনাৰ পৰা কাপোৰ পৱিত্ৰ ৰাখক।
የአረብኛ ቁርኣን ማብራሪያ:
وَالرُّجْزَ فَاهْجُرْ ۟ۙ
আৰু মূৰ্তিসমূহৰ পূজাৰ পৰা বিৰত থাকক।
የአረብኛ ቁርኣን ማብራሪያ:
وَلَا تَمْنُنْ تَسْتَكْثِرُ ۟ۙ
আৰু প্ৰতিপালকৰ ওচৰত এই বুলি অনুগ্ৰহ নিবিচাৰিব যে, আপুনি অধিক নেক আমল কৰিছে।
የአረብኛ ቁርኣን ማብራሪያ:
وَلِرَبِّكَ فَاصْبِرْ ۟ؕ
সমস্যাৰ সন্মুখীন হলে আল্লাহৰ বাবে ধৈৰ্য ধাৰণ কৰক।
የአረብኛ ቁርኣን ማብራሪያ:
فَاِذَا نُقِرَ فِی النَّاقُوْرِ ۟ۙ
যেতিয়া শিঙাত দ্বিতীয়বাৰ ফুঁ দিয়া হ'ব।
የአረብኛ ቁርኣን ማብራሪያ:
فَذٰلِكَ یَوْمَىِٕذٍ یَّوْمٌ عَسِیْرٌ ۟ۙ
এতেকে সেইদিনটো হ'ব, বহুত কঠিন দিন।
የአረብኛ ቁርኣን ማብራሪያ:
عَلَی الْكٰفِرِیْنَ غَیْرُ یَسِیْرٍ ۟
আল্লাহ আৰু তেওঁৰ ৰাছুলসকলক অস্বীকাৰকাৰী বিলাকৰ বাবে সহজ নহয়।
የአረብኛ ቁርኣን ማብራሪያ:
ذَرْنِیْ وَمَنْ خَلَقْتُ وَحِیْدًا ۟ۙ
হে ৰাছুল, মোক আৰু সেই ব্যক্তিক এৰি দিয়ক, যাক মই তাৰ মাকৰ গৰ্ভত অকলশৰীয়াকৈ সৃষ্টি কৰিছো। তেতিয়া তাৰ কোনো ধন নাছিল, সন্তানো নাছিল। (ইয়াত অলীদ বিন মুগীৰাক উদ্দেশ্য কৰা হৈছে।)
የአረብኛ ቁርኣን ማብራሪያ:
وَّجَعَلْتُ لَهٗ مَالًا مَّمْدُوْدًا ۟ۙ
আৰু তাক অত্যাধিক ধন-সম্পদ প্ৰদান কৰিছো।
የአረብኛ ቁርኣን ማብራሪያ:
وَّبَنِیْنَ شُهُوْدًا ۟ۙ
আৰু তাক এনেকুৱা পুত্ৰ দিছো, যিসকল তাৰ লগত উপস্থিত থাকে আৰু সভাতো অংশগ্ৰহণ কৰে। তাক কোনো যাত্ৰাৰ বাবে অকলে নেৰে। কিয়নো তাৰ ওচৰত ধনৰ কোনো অভাৱ নাছিল।
የአረብኛ ቁርኣን ማብራሪያ:
وَّمَهَّدْتُّ لَهٗ تَمْهِیْدًا ۟ۙ
আৰু তাক সুখময় জীৱন, প্ৰচুৰ পৰিমাণৰ জীৱিকা আৰু সন্তান প্ৰদান কৰিছো।
የአረብኛ ቁርኣን ማብራሪያ:
ثُمَّ یَطْمَعُ اَنْ اَزِیْدَ ۟ۙ
সি মোৰ লগত কুফুৰী কৰাৰ পিছতো এই আশা কৰে যে, মই তাক আৰু অধিক প্ৰদান কৰিম। যদিও তাক মই বহুত দিছো।
የአረብኛ ቁርኣን ማብራሪያ:
كَلَّا ؕ— اِنَّهٗ كَانَ لِاٰیٰتِنَا عَنِیْدًا ۟ؕ
ঘটনাটো তেনেকুৱা নহয় যিদৰে ভাবিছে। সি আমাৰ ৰাছুলৰ প্ৰতি অৱতীৰ্ণ আমাৰ আয়াত সমূহৰ শত্ৰু আৰু সেইবোৰৰ অস্বীকাৰকাৰী।
የአረብኛ ቁርኣን ማብራሪያ:
سَاُرْهِقُهٗ صَعُوْدًا ۟ؕ
শীঘ্ৰে মই তাক শাস্তিৰ এনেকুৱা বেদনাত নিক্ষেপ কৰিম। যিটো সি সহ্য কৰিব নোৱাৰিব।
የአረብኛ ቁርኣን ማብራሪያ:
اِنَّهٗ فَكَّرَ وَقَدَّرَ ۟ۙ
এই কাফিৰ, যাক মই সকলো ধৰণৰ নিয়ামত প্ৰদান কৰিছো, সি এই কোৰআনক ভুল প্ৰমান কৰিবলৈ কি কব লাগে সেয়া চিন্তা কৰিছে আকৌ অন্তৰত তাৰ নিৰ্ণয় কৰিছে।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• المشقة تجلب التيسير.
কঠিনতাই সৰলতা আনে।

• وجوب الطهارة من الخَبَث الظاهر والباطن.
প্ৰকাশ্য অপ্ৰকাশ্য সকলো ধৰণৰ অপৱিত্ৰতাৰ পৰা পৱিত্ৰ হোৱা জৰুৰী।

• الإنعام على الفاجر استدراج له وليس إكرامًا.
পাপিষ্টই পোৱা অনুগ্ৰহ, সন্মান স্বৰূপ নহয় বৰং সিহঁতক ঢিল দিয়াৰ উদ্দেশ্যে দিয়া হয়।

 
የይዘት ትርጉም ምዕራፍ: አል ሙደሲር
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት