የቅዱስ ቁርዓን ይዘት ትርጉም - የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም ምዕራፍ: ሱረቱ አል ሙደሲር   አንቀጽ:

ছুৰা আল-মুদ্দাচ্ছিৰ

ከመዕራፉ ዓላማዎች:
الأمر بالاجتهاد في دعوة المكذبين، وإنذارهم بالآخرة والقرآن.
অস্বীকাৰকাৰীসকলক আহ্বান কৰাৰ ক্ষেত্ৰত অধ্যাৱসায়ৰ নিৰ্দেশ দিছে আৰু সিহঁতক কোৰআন আৰু আখিৰাতৰ দ্বাৰা সাৱধান কৰিবলৈ নিৰ্দেশ দিছে।

یٰۤاَیُّهَا الْمُدَّثِّرُ ۟ۙ
হে বস্ত্ৰাবৃত ব্যক্তি, অৰ্থাৎ হে নবী ছাল্লাল্লাহু আলাইহি অছাল্লাম।
የአረብኛ ቁርኣን ማብራሪያ:
قُمْ فَاَنْذِرْ ۟ۙ
উঠক আৰু আল্লাহৰ শাস্তিৰ পৰা সতৰ্ক কৰক।
የአረብኛ ቁርኣን ማብራሪያ:
وَرَبَّكَ فَكَبِّرْ ۟ۙ
আৰু নিজ প্ৰতিপালকৰ শ্ৰেষ্ঠত্ব ঘোষনা কৰক।
የአረብኛ ቁርኣን ማብራሪያ:
وَثِیَابَكَ فَطَهِّرْ ۟ۙ
আৰু নিজকে পাপসমূহৰ পৰা পৱিত্ৰ কৰক, লগতে ময়লা-আৱৰ্জনাৰ পৰা কাপোৰ পৱিত্ৰ ৰাখক।
የአረብኛ ቁርኣን ማብራሪያ:
وَالرُّجْزَ فَاهْجُرْ ۟ۙ
আৰু মূৰ্তিসমূহৰ পূজাৰ পৰা বিৰত থাকক।
የአረብኛ ቁርኣን ማብራሪያ:
وَلَا تَمْنُنْ تَسْتَكْثِرُ ۟ۙ
আৰু প্ৰতিপালকৰ ওচৰত এই বুলি অনুগ্ৰহ নিবিচাৰিব যে, আপুনি অধিক নেক আমল কৰিছে।
የአረብኛ ቁርኣን ማብራሪያ:
وَلِرَبِّكَ فَاصْبِرْ ۟ؕ
সমস্যাৰ সন্মুখীন হলে আল্লাহৰ বাবে ধৈৰ্য ধাৰণ কৰক।
የአረብኛ ቁርኣን ማብራሪያ:
فَاِذَا نُقِرَ فِی النَّاقُوْرِ ۟ۙ
যেতিয়া শিঙাত দ্বিতীয়বাৰ ফুঁ দিয়া হ'ব।
የአረብኛ ቁርኣን ማብራሪያ:
فَذٰلِكَ یَوْمَىِٕذٍ یَّوْمٌ عَسِیْرٌ ۟ۙ
এতেকে সেইদিনটো হ'ব, বহুত কঠিন দিন।
የአረብኛ ቁርኣን ማብራሪያ:
عَلَی الْكٰفِرِیْنَ غَیْرُ یَسِیْرٍ ۟
আল্লাহ আৰু তেওঁৰ ৰাছুলসকলক অস্বীকাৰকাৰী বিলাকৰ বাবে সহজ নহয়।
የአረብኛ ቁርኣን ማብራሪያ:
ذَرْنِیْ وَمَنْ خَلَقْتُ وَحِیْدًا ۟ۙ
হে ৰাছুল, মোক আৰু সেই ব্যক্তিক এৰি দিয়ক, যাক মই তাৰ মাকৰ গৰ্ভত অকলশৰীয়াকৈ সৃষ্টি কৰিছো। তেতিয়া তাৰ কোনো ধন নাছিল, সন্তানো নাছিল। (ইয়াত অলীদ বিন মুগীৰাক উদ্দেশ্য কৰা হৈছে।)
የአረብኛ ቁርኣን ማብራሪያ:
وَّجَعَلْتُ لَهٗ مَالًا مَّمْدُوْدًا ۟ۙ
আৰু তাক অত্যাধিক ধন-সম্পদ প্ৰদান কৰিছো।
የአረብኛ ቁርኣን ማብራሪያ:
وَّبَنِیْنَ شُهُوْدًا ۟ۙ
আৰু তাক এনেকুৱা পুত্ৰ দিছো, যিসকল তাৰ লগত উপস্থিত থাকে আৰু সভাতো অংশগ্ৰহণ কৰে। তাক কোনো যাত্ৰাৰ বাবে অকলে নেৰে। কিয়নো তাৰ ওচৰত ধনৰ কোনো অভাৱ নাছিল।
የአረብኛ ቁርኣን ማብራሪያ:
وَّمَهَّدْتُّ لَهٗ تَمْهِیْدًا ۟ۙ
আৰু তাক সুখময় জীৱন, প্ৰচুৰ পৰিমাণৰ জীৱিকা আৰু সন্তান প্ৰদান কৰিছো।
የአረብኛ ቁርኣን ማብራሪያ:
ثُمَّ یَطْمَعُ اَنْ اَزِیْدَ ۟ۙ
সি মোৰ লগত কুফুৰী কৰাৰ পিছতো এই আশা কৰে যে, মই তাক আৰু অধিক প্ৰদান কৰিম। যদিও তাক মই বহুত দিছো।
የአረብኛ ቁርኣን ማብራሪያ:
كَلَّا ؕ— اِنَّهٗ كَانَ لِاٰیٰتِنَا عَنِیْدًا ۟ؕ
ঘটনাটো তেনেকুৱা নহয় যিদৰে ভাবিছে। সি আমাৰ ৰাছুলৰ প্ৰতি অৱতীৰ্ণ আমাৰ আয়াত সমূহৰ শত্ৰু আৰু সেইবোৰৰ অস্বীকাৰকাৰী।
የአረብኛ ቁርኣን ማብራሪያ:
سَاُرْهِقُهٗ صَعُوْدًا ۟ؕ
শীঘ্ৰে মই তাক শাস্তিৰ এনেকুৱা বেদনাত নিক্ষেপ কৰিম। যিটো সি সহ্য কৰিব নোৱাৰিব।
የአረብኛ ቁርኣን ማብራሪያ:
اِنَّهٗ فَكَّرَ وَقَدَّرَ ۟ۙ
এই কাফিৰ, যাক মই সকলো ধৰণৰ নিয়ামত প্ৰদান কৰিছো, সি এই কোৰআনক ভুল প্ৰমান কৰিবলৈ কি কব লাগে সেয়া চিন্তা কৰিছে আকৌ অন্তৰত তাৰ নিৰ্ণয় কৰিছে।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• المشقة تجلب التيسير.
কঠিনতাই সৰলতা আনে।

• وجوب الطهارة من الخَبَث الظاهر والباطن.
প্ৰকাশ্য অপ্ৰকাশ্য সকলো ধৰণৰ অপৱিত্ৰতাৰ পৰা পৱিত্ৰ হোৱা জৰুৰী।

• الإنعام على الفاجر استدراج له وليس إكرامًا.
পাপিষ্টই পোৱা অনুগ্ৰহ, সন্মান স্বৰূপ নহয় বৰং সিহঁতক ঢিল দিয়াৰ উদ্দেশ্যে দিয়া হয়।

فَقُتِلَ كَیْفَ قَدَّرَ ۟ۙ
এতেকে তাৰ প্ৰতি অভিশাপ আৰু সি ধ্বংস হওক, সি কেনেকৈ এই সিদ্ধান্ত গ্ৰহণ কৰিলে?
የአረብኛ ቁርኣን ማብራሪያ:
ثُمَّ قُتِلَ كَیْفَ قَدَّرَ ۟ۙ
আকৌ তাৰ প্ৰতি অভিশাপ আৰু সি ধ্বংস হওক, সি কেনেকৈ এই সিদ্ধান্ত গ্ৰহণ কৰিলে?
የአረብኛ ቁርኣን ማብራሪያ:
ثُمَّ نَظَرَ ۟ۙ
তাৰ পিছত সি পুনৰ বিচাৰ কৰিলে। আৰু সি কোৱা কথাবোৰ ভাৱি চিন্তি চালে।
የአረብኛ ቁርኣን ማብራሪያ:
ثُمَّ عَبَسَ وَبَسَرَ ۟ۙ
তাৰ পিছত যেতিয়া কোৰআনত কোনো ভুল ধৰিবলৈ কোনো উপায় নাপালে তেতিয়া তাৰ মুখ বিকৃত কৰিলে আৰু ভ্ৰুঁ কোচ খোৱালে।
የአረብኛ ቁርኣን ማብራሪያ:
ثُمَّ اَدْبَرَ وَاسْتَكْبَرَ ۟ۙ
তাৰ পিছত সি ঈমানৰ পৰা উভতিলে আৰু নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ অনুসৰণৰ পৰা অহংকাৰ কৰিলে।
የአረብኛ ቁርኣን ማብራሪያ:
فَقَالَ اِنْ هٰذَاۤ اِلَّا سِحْرٌ یُّؤْثَرُ ۟ۙ
তাৰ পিছত কলেঃ মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে যি আনিছে সেয়া আল্লাহৰ বাণী নহয়। বৰং এয়া এক যাদু যিটো আন কাৰোবাৰ পৰা নকল কৰিছে।
የአረብኛ ቁርኣን ማብራሪያ:
اِنْ هٰذَاۤ اِلَّا قَوْلُ الْبَشَرِ ۟ؕ
এয়া আল্লাহৰ বাণী নহয় বৰং এয়াতো মানুহৰ বাণী।
የአረብኛ ቁርኣን ማብራሪያ:
سَاُصْلِیْهِ سَقَرَ ۟
মই অনতিপলমে তাক জাহান্নামৰ এটা স্থান অৰ্থাৎ ছাক্বাৰত প্ৰৱেশ কৰাম, য'ত সি জ্বলি থাকিব।
የአረብኛ ቁርኣን ማብራሪያ:
وَمَاۤ اَدْرٰىكَ مَا سَقَرُ ۟ؕ
হে মুহাম্মদ, আপোনাক কিহে কব যে ছাক্বাৰ কি?
የአረብኛ ቁርኣን ማብራሪያ:
لَا تُبْقِیْ وَلَا تَذَرُ ۟ۚ
তাৰ ভিতৰত নিক্ষেপ কৰা কোনো বস্তুৰ একোৱে অৱশিষ্ট নাৰাখিব বৰং নিঃশেষ কৰি পেলাব। আকৌ সি পূৰ্বৰ দৰে হব, আকৌ তাক নিঃশেষ কৰা হ'ব। এই ধাৰাবাহিকতা চলি থাকিব।
የአረብኛ ቁርኣን ማብራሪያ:
لَوَّاحَةٌ لِّلْبَشَرِ ۟ۚ
ই ছাল একেবাৰে জ্বলাই পেলাব আৰু তাক পৰিৱৰ্তন কৰি পেলাব।
የአረብኛ ቁርኣን ማብራሪያ:
عَلَیْهَا تِسْعَةَ عَشَرَ ۟ؕ
ইয়াৰ (ছাক্বাৰৰ) তত্ত্বাৱধানত আৰু সংৰক্ষণৰ বাবে ঊনৈশজন ফিৰিস্তা নিযুক্ত আছে।
የአረብኛ ቁርኣን ማብራሪያ:
وَمَا جَعَلْنَاۤ اَصْحٰبَ النَّارِ اِلَّا مَلٰٓىِٕكَةً ۪— وَّمَا جَعَلْنَا عِدَّتَهُمْ اِلَّا فِتْنَةً لِّلَّذِیْنَ كَفَرُوْا ۙ— لِیَسْتَیْقِنَ الَّذِیْنَ اُوْتُوا الْكِتٰبَ وَیَزْدَادَ الَّذِیْنَ اٰمَنُوْۤا اِیْمَانًا وَّلَا یَرْتَابَ الَّذِیْنَ اُوْتُوا الْكِتٰبَ وَالْمُؤْمِنُوْنَ ۙ— وَلِیَقُوْلَ الَّذِیْنَ فِیْ قُلُوْبِهِمْ مَّرَضٌ وَّالْكٰفِرُوْنَ مَاذَاۤ اَرَادَ اللّٰهُ بِهٰذَا مَثَلًا ؕ— كَذٰلِكَ یُضِلُّ اللّٰهُ مَنْ یَّشَآءُ وَیَهْدِیْ مَنْ یَّشَآءُ ؕ— وَمَا یَعْلَمُ جُنُوْدَ رَبِّكَ اِلَّا هُوَ ؕ— وَمَا هِیَ اِلَّا ذِكْرٰی لِلْبَشَرِ ۟۠
আৰু আমি জাহান্নামৰ ৰক্ষক হিচাপে কেৱল ফিৰিস্তাসকলকেই নিযুক্ত কৰিছোঁ। যাৰ সৈতে প্ৰতিদ্বন্দিতা কৰাৰ ক্ষমতা মানুহৰ নাই। আৰু আমি তেওঁলোকৰ এই সংখ্যা কেৱল আল্লাহক অস্বীকাৰ কৰা লোকসকলক পৰীক্ষা কৰিবলৈহে নিৰ্ধাৰণ কৰিছোঁ। যাতে সিহঁতে এনেকুৱা কথা কৈ থাকে আৰু সিহঁতৰ শাস্তি বৃদ্ধি হৈ থাকে। আৰু ইহুদীসকল, যিসকলক তাওৰাত দিয়া হৈছিল আৰু খৃষ্টানসকল যিসকলক ইঞ্জিল দিয়া হৈছিল, কোৰআনৰ জৰিয়তে যাতে সিহঁতৰ কিতাপসমূহৰ সত্যতাৰ প্ৰতি বিশ্বাস আহে। আৰু ইহুদী, খৃষ্টানসকলৰ সহমতৰ পিছত মুমিনসকলৰ বিশ্বাস আৰু বৃদ্ধি হয়। আৰু ইহুদী, খৃষ্টান আৰু মুমিনসকলে যাতে কোনো সন্দেহত লিপ্ত নহয়। আৰু যাতে কাফিৰ আৰু মুৰতাদ বিলাকে কয়ঃ আল্লাহ এই বিচিত্ৰ সংখ্যাৰে ( ঊনৈশ) কি বুজাব বিচাৰিছে?। যিদৰে এই সংখ্যাৰে অস্বীকাৰকাৰী বিলাকক পথভ্ৰষ্ট কৰা হৈছে আৰু ইয়াৰ স্বীকাৰকাৰীসকলক হিদায়ত দিয়া হৈছে, তেনেদৰে আল্লাহে যাক পথভ্ৰষ্ট কৰিব বিচাৰে তাক পথভ্ৰষ্ট কৰে। আৰু যাক হিদায়ত দিব বিচাৰে তাক হিদায়ত দিয়ে। আৰু তোমাৰ প্ৰতিপালকৰ সৈন্যবাহিনীৰ সংখ্যা তেওঁৰ বাহিৰে আন কোনেও নাজানে। আৰু জাহান্নাম হৈছে মানুহৰ বাবে শিক্ষা-সামগ্ৰী বিষয়, যাৰ পৰা সিহঁতে আল্লাহৰ মহানতাৰ অনুমান কৰিব পাৰে।
የአረብኛ ቁርኣን ማብራሪያ:
كَلَّا وَالْقَمَرِ ۟ۙ
কথা তেনেকুৱা নহয় যিদৰে কিছুমান মুশ্বৰিকে ভাবিছে যে সিহঁতে জাহান্নামৰ সংৰক্ষণৰ প্ৰতি নিযুক্ত ফিৰিস্তা সকলৰ বাবে যথেষ্ট হব। আল্লাহে চন্দ্ৰৰ শপত কৰি এই কথা কৈছে।
የአረብኛ ቁርኣን ማብራሪያ:
وَالَّیْلِ اِذْ اَدْبَرَ ۟ۙ
আৰু ৰাতিৰ শপত কৰিছে যেতিয়া ই গমন কৰে।
የአረብኛ ቁርኣን ማብራሪያ:
وَالصُّبْحِ اِذَاۤ اَسْفَرَ ۟ۙ
প্ৰভাতৰ শপত কৰিছে যেতিয়া ই ভালদৰে আলোকোজ্জ্বল হয়।
የአረብኛ ቁርኣን ማብራሪያ:
اِنَّهَا لَاِحْدَی الْكُبَرِ ۟ۙ
বহুত ডাঙৰ পৰীক্ষাসমূহৰ ভিতৰত জাহান্নামৰ অগ্নিৰ শাস্তি অন্যতম।
የአረብኛ ቁርኣን ማብራሪያ:
نَذِیْرًا لِّلْبَشَرِ ۟ۙ
মানুহক ভয়- ভীতি দেখুৱাবলৈ।
የአረብኛ ቁርኣን ማብራሪያ:
لِمَنْ شَآءَ مِنْكُمْ اَنْ یَّتَقَدَّمَ اَوْ یَتَاَخَّرَ ۟ؕ
হে মানৱ, তোমালোকৰ মাজত সেই ব্যক্তিৰ বাবে যিয়ে ঈমান আৰু সত্কৰ্মৰ জৰিয়তে আগবাঢ়িব বিচাৰে বা কুফুৰী তথা অবাধ্য পাপৰ জৰিয়তে পিছুৱাব বিচাৰে।
የአረብኛ ቁርኣን ማብራሪያ:
كُلُّ نَفْسٍ بِمَا كَسَبَتْ رَهِیْنَةٌ ۟ۙ
প্ৰত্যেক প্ৰাণীৰ গ্ৰেফতাৰী তাৰ কৰ্ম অনুসাৰে হব। হয়তো তেওঁৰ কৰ্ম তাক ধ্বংস কৰি পেলাব অথবা তাক ধ্বংসৰ পৰা ৰক্ষা।
የአረብኛ ቁርኣን ማብራሪያ:
اِلَّاۤ اَصْحٰبَ الْیَمِیْنِ ۟ؕۛ
মুমিনসকলৰ বাহিৰে, কিয়নো পাপৰ বাবে সিহঁতক গ্ৰেফতাৰী কৰা নহ'ব। সিহঁতৰ সত্কৰ্মৰ বাবে সিহঁতক ৰেহাই দিয়া হ'ব।
የአረብኛ ቁርኣን ማብራሪያ:
فِیْ جَنّٰتٍ ۛ۫— یَتَسَآءَلُوْنَ ۟ۙ
আৰু জান্নাতত তেওঁলোকে এজনে আনজনক সুধিব।
የአረብኛ ቁርኣን ማብራሪያ:
عَنِ الْمُجْرِمِیْنَ ۟ۙ
সেই কাফিৰ বিলাকৰ বিষয়ে যিহঁতে নিজৰ পাপসমূহৰ কাৰণে নিজকে ধ্বংসত পেলাব।
የአረብኛ ቁርኣን ማብራሪያ:
مَا سَلَكَكُمْ فِیْ سَقَرَ ۟
তেওঁলোকো সিহঁতক সুধিবঃ কিহে তোমালোকক জাহান্নামত প্ৰৱেশ কৰিছে?
የአረብኛ ቁርኣን ማብራሪያ:
قَالُوْا لَمْ نَكُ مِنَ الْمُصَلِّیْنَ ۟ۙ
এতেকে কাফিৰ বিলাকে তেওঁলোকক উত্তৰ দি কবঃ আমি তেওঁলোকৰ অন্তৰ্ভুক্ত নাছিলো যিসকলে পাৰ্থিৱ জীৱনত ফৰজ ছালাত সমূহ আদায় কৰি আছিল।
የአረብኛ ቁርኣን ማብራሪያ:
وَلَمْ نَكُ نُطْعِمُ الْمِسْكِیْنَ ۟ۙ
আৰু আমি দুখীয়াক আল্লাহে দিয়া আমাৰ ধন-সম্পদৰ পৰা আহাৰ কৰোৱা নাছিলো।
የአረብኛ ቁርኣን ማብራሪያ:
وَكُنَّا نَخُوْضُ مَعَ الْخَآىِٕضِیْنَ ۟ۙ
আৰু আমি সকলো ক্ষেত্ৰতে বাতিল পন্থীৰ লগত যোগ দিছিলো আৰু পথভ্ৰষ্ট তথা পথচ্যুত হোৱা লোকৰ সৈতে বেহুদা আলোচনাত মগ্ন আছিলো।
የአረብኛ ቁርኣን ማብራሪያ:
وَكُنَّا نُكَذِّبُ بِیَوْمِ الدِّیْنِ ۟ۙ
আৰু আমি পৰিণামৰ দিনক অস্বীকাৰ কৰিছিলো।
የአረብኛ ቁርኣን ማብራሪያ:
حَتّٰۤی اَتٰىنَا الْیَقِیْنُ ۟ؕ
মৃত্যুলৈকে অস্বীকাৰৰ এই ধাৰাবাহিকতা চলি আছিল আৰু আমি চিৰকালৰ বাবে তাওবাৰ পৰা বঞ্চিত হৈছিলো।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• خطورة الكبر حيث صرف الوليد بن المغيرة عن الإيمان بعدما تبين له الحق.
অহংকাৰৰ ক্ষতি, কিয়নো অহংকাৰেই অলীদ বিন মুগীৰাৰ আগত সত্য স্পষ্ট হোৱাৰ পিছতো তাক ইমানৰ পৰা বাধা দিছিল।

• مسؤولية الإنسان عن أعماله في الدنيا والآخرة.
মানুহক পৃথিৱী আৰু পৰকাল উভয় ঠাইতে তাৰ কৰ্মসমূহৰ বিষয়ে সোধা হ'ব।

• عدم إطعام المحتاج سبب من أسباب دخول النار.
দুখীয়াক খাদ্য দান নকৰাটোও জাহান্নামত প্ৰৱেশ কৰাৰ এটা অন্যতম কাৰণ।

فَمَا تَنْفَعُهُمْ شَفَاعَةُ الشّٰفِعِیْنَ ۟ؕ
এতেকে ক্বিয়ামতৰ দিনা ছুপাৰিছকাৰীসকল অৰ্থাৎ ফিৰিস্তা, নবী আৰু সদাচাৰীসকলৰ ছুপাৰিছে সিহঁতৰ কোনো উপকাৰ নকৰিব। কিয়নো আল্লাহৰ ওচৰত ছুপাৰিছ গ্ৰহণ হ'বলৈ হ'লে, আল্লাহে সেই বান্দাৰ প্ৰতি সন্তুষ্ট হ'ব লাগিব, যাৰ বাবে ছুপাৰিছ কৰা হৈছে।
የአረብኛ ቁርኣን ማብራሪያ:
فَمَا لَهُمْ عَنِ التَّذْكِرَةِ مُعْرِضِیْنَ ۟ۙ
এই কাফিৰ বিলাকক কিহে কোৰআনৰ পৰা বিমুখ কৰিছে?
የአረብኛ ቁርኣን ማብራሪያ:
كَاَنَّهُمْ حُمُرٌ مُّسْتَنْفِرَةٌ ۟ۙ
সিহঁতৰ কোৰআনৰ পৰা বিমুখতা আৰু পলায়ন এনেকুৱা লাগে যেনিবা ভীতিগ্ৰস্ত হৈ পলায়ন কৰা বনৰীয়া গাধ।
የአረብኛ ቁርኣን ማብራሪያ:
فَرَّتْ مِنْ قَسْوَرَةٍ ۟ؕ
যিবোৰ সিংহৰ ভয়ত পলায়।
የአረብኛ ቁርኣን ማብራሪያ:
بَلْ یُرِیْدُ كُلُّ امْرِئٍ مِّنْهُمْ اَنْ یُّؤْتٰی صُحُفًا مُّنَشَّرَةً ۟ۙ
বৰং এই মুশ্বৰিক বিলাকৰ মাজত প্ৰত্যেক ব্যক্তিয়ে বিচাৰে যে, তাৰ মূৰৰ ওচৰত এখন খোলা কিতাপ হওক যিয়ে সিহঁতক কব যে, মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম আল্লাহৰ ৰাছুল। আৰু এইটো প্ৰমাণ কম বা দলিল দুৰ্বল হোৱাৰ কাৰণ নহয় বৰং ইয়াৰ কাৰণ হৈছে বিদ্বেষ আৰু অহংকাৰ।
የአረብኛ ቁርኣን ማብራሪያ:
كَلَّا ؕ— بَلْ لَّا یَخَافُوْنَ الْاٰخِرَةَ ۟ؕ
ঘটনাটো তেনে নহয়। বৰং সিহঁতে পথভ্ৰষ্টৰ ফালে বিচলিত হোৱাৰ কাৰণ এইটো যে সিহঁতে পৰকালৰ শাস্তিৰ প্ৰতি ঈমান নাৰাখে। এই কাৰণে নিজৰ কুফুৰীৰ প্ৰতি অটুট আছিল।
የአረብኛ ቁርኣን ማብራሪያ:
كَلَّاۤ اِنَّهٗ تَذْكِرَةٌ ۟ۚ
শুনা এই কোৰআন এক শিক্ষা আৰু স্মৃতি।
የአረብኛ ቁርኣን ማብራሪያ:
فَمَنْ شَآءَ ذَكَرَهٗ ۟ؕ
এতেকে যিয়ে কোৰআন পঢ়িব বিচাৰে আৰু তাৰ পৰা উপদেশ গ্ৰহণ কৰিব বিচাৰে, তেওঁ সেয়া পঢ়া উচিত আৰু উপদেশ গ্ৰহণ কৰা উচিত।
የአረብኛ ቁርኣን ማብራሪያ:
وَمَا یَذْكُرُوْنَ اِلَّاۤ اَنْ یَّشَآءَ اللّٰهُ ؕ— هُوَ اَهْلُ التَّقْوٰی وَاَهْلُ الْمَغْفِرَةِ ۟۠
আল্লাহে যেতিয়া ইচ্ছা কৰিব তেতিয়াহে সিহঁতে উপদেশ গ্ৰহণ কৰিব পাৰিব। একমাত্ৰ পৱিত্ৰ আল্লাহ ইয়াৰ যোগ্য যে, তেওঁৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁক ভয় কৰা। আৰু যেতিয়া তেওঁৰ বান্দাই ক্ষমা বিচাৰে তেতিয়া বান্দাক ক্ষমা কৰি দিয়াৰো একমাত্ৰ অধিকাৰ তেওঁৰেই।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• مشيئة العبد مُقَيَّدة بمشيئة الله.
বান্দাৰ ইচ্ছা আল্লাহৰ ইচ্ছাৰ অধীনস্থ।

• حرص رسول الله صلى الله عليه وسلم على حفظ ما يوحى إليه من القرآن، وتكفّل الله له بجمعه في صدره وحفظه كاملًا فلا ينسى منه شيئًا.
আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে তেখেতৰ প্ৰতি অৱতীৰ্ণ হোৱা কোৰআনৰ প্ৰত্যেক ভাগ মুখস্ত কৰাৰ প্ৰতি তত্পৰ আছিল। যিহেতু স্বয়ং আল্লাহে দায়িত্ব লৈছিল যে, সেয়া তেখেতৰ অন্তৰত সুৰক্ষিত কৰি দিব আৰু এনেদৰে মুখস্ত কৰাই দিব যে, তেখেত তাৰ এটা আখৰো পাহৰি নাযাব।

 
የይዘት ትርጉም ምዕራፍ: ሱረቱ አል ሙደሲር
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ - የትርጉሞች ማዉጫ

የሙኽተሰር ቁርአን ተፍሲር ትርጉም በአሳሚኛ ቋንቋ፡ ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት