Check out the new design

വിശുദ്ധ ഖുർആൻ പരിഭാഷ - വിശുദ്ധ ഖുർആൻ വ്യാഖ്യാന സംഗ്രഹത്തിന്റെ ആസമീസ് പരിഭാഷ * - വിവർത്തനങ്ങളുടെ സൂചിക


പരിഭാഷ അദ്ധ്യായം: മുദ്ദഥ്ഥിർ   ആയത്ത്:

আল-মুদ্দাচ্ছিৰ

സൂറത്തിൻ്റെ ഉദ്ദേശ്യങ്ങളിൽ പെട്ടതാണ്:
الأمر بالاجتهاد في دعوة المكذبين، وإنذارهم بالآخرة والقرآن.
অস্বীকাৰকাৰীসকলক আহ্বান কৰাৰ ক্ষেত্ৰত অধ্যাৱসায়ৰ নিৰ্দেশ দিছে আৰু সিহঁতক কোৰআন আৰু আখিৰাতৰ দ্বাৰা সাৱধান কৰিবলৈ নিৰ্দেশ দিছে।

یٰۤاَیُّهَا الْمُدَّثِّرُ ۟ۙ
হে বস্ত্ৰাবৃত ব্যক্তি, অৰ্থাৎ হে নবী ছাল্লাল্লাহু আলাইহি অছাল্লাম।
അറബി ഖുർആൻ വിവരണങ്ങൾ:
قُمْ فَاَنْذِرْ ۟ۙ
উঠক আৰু আল্লাহৰ শাস্তিৰ পৰা সতৰ্ক কৰক।
അറബി ഖുർആൻ വിവരണങ്ങൾ:
وَرَبَّكَ فَكَبِّرْ ۟ۙ
আৰু নিজ প্ৰতিপালকৰ শ্ৰেষ্ঠত্ব ঘোষনা কৰক।
അറബി ഖുർആൻ വിവരണങ്ങൾ:
وَثِیَابَكَ فَطَهِّرْ ۟ۙ
আৰু নিজকে পাপসমূহৰ পৰা পৱিত্ৰ কৰক, লগতে ময়লা-আৱৰ্জনাৰ পৰা কাপোৰ পৱিত্ৰ ৰাখক।
അറബി ഖുർആൻ വിവരണങ്ങൾ:
وَالرُّجْزَ فَاهْجُرْ ۟ۙ
আৰু মূৰ্তিসমূহৰ পূজাৰ পৰা বিৰত থাকক।
അറബി ഖുർആൻ വിവരണങ്ങൾ:
وَلَا تَمْنُنْ تَسْتَكْثِرُ ۟ۙ
আৰু প্ৰতিপালকৰ ওচৰত এই বুলি অনুগ্ৰহ নিবিচাৰিব যে, আপুনি অধিক নেক আমল কৰিছে।
അറബി ഖുർആൻ വിവരണങ്ങൾ:
وَلِرَبِّكَ فَاصْبِرْ ۟ؕ
সমস্যাৰ সন্মুখীন হলে আল্লাহৰ বাবে ধৈৰ্য ধাৰণ কৰক।
അറബി ഖുർആൻ വിവരണങ്ങൾ:
فَاِذَا نُقِرَ فِی النَّاقُوْرِ ۟ۙ
যেতিয়া শিঙাত দ্বিতীয়বাৰ ফুঁ দিয়া হ'ব।
അറബി ഖുർആൻ വിവരണങ്ങൾ:
فَذٰلِكَ یَوْمَىِٕذٍ یَّوْمٌ عَسِیْرٌ ۟ۙ
এতেকে সেইদিনটো হ'ব, বহুত কঠিন দিন।
അറബി ഖുർആൻ വിവരണങ്ങൾ:
عَلَی الْكٰفِرِیْنَ غَیْرُ یَسِیْرٍ ۟
আল্লাহ আৰু তেওঁৰ ৰাছুলসকলক অস্বীকাৰকাৰী বিলাকৰ বাবে সহজ নহয়।
അറബി ഖുർആൻ വിവരണങ്ങൾ:
ذَرْنِیْ وَمَنْ خَلَقْتُ وَحِیْدًا ۟ۙ
হে ৰাছুল, মোক আৰু সেই ব্যক্তিক এৰি দিয়ক, যাক মই তাৰ মাকৰ গৰ্ভত অকলশৰীয়াকৈ সৃষ্টি কৰিছো। তেতিয়া তাৰ কোনো ধন নাছিল, সন্তানো নাছিল। (ইয়াত অলীদ বিন মুগীৰাক উদ্দেশ্য কৰা হৈছে।)
അറബി ഖുർആൻ വിവരണങ്ങൾ:
وَّجَعَلْتُ لَهٗ مَالًا مَّمْدُوْدًا ۟ۙ
আৰু তাক অত্যাধিক ধন-সম্পদ প্ৰদান কৰিছো।
അറബി ഖുർആൻ വിവരണങ്ങൾ:
وَّبَنِیْنَ شُهُوْدًا ۟ۙ
আৰু তাক এনেকুৱা পুত্ৰ দিছো, যিসকল তাৰ লগত উপস্থিত থাকে আৰু সভাতো অংশগ্ৰহণ কৰে। তাক কোনো যাত্ৰাৰ বাবে অকলে নেৰে। কিয়নো তাৰ ওচৰত ধনৰ কোনো অভাৱ নাছিল।
അറബി ഖുർആൻ വിവരണങ്ങൾ:
وَّمَهَّدْتُّ لَهٗ تَمْهِیْدًا ۟ۙ
আৰু তাক সুখময় জীৱন, প্ৰচুৰ পৰিমাণৰ জীৱিকা আৰু সন্তান প্ৰদান কৰিছো।
അറബി ഖുർആൻ വിവരണങ്ങൾ:
ثُمَّ یَطْمَعُ اَنْ اَزِیْدَ ۟ۙ
সি মোৰ লগত কুফুৰী কৰাৰ পিছতো এই আশা কৰে যে, মই তাক আৰু অধিক প্ৰদান কৰিম। যদিও তাক মই বহুত দিছো।
അറബി ഖുർആൻ വിവരണങ്ങൾ:
كَلَّا ؕ— اِنَّهٗ كَانَ لِاٰیٰتِنَا عَنِیْدًا ۟ؕ
ঘটনাটো তেনেকুৱা নহয় যিদৰে ভাবিছে। সি আমাৰ ৰাছুলৰ প্ৰতি অৱতীৰ্ণ আমাৰ আয়াত সমূহৰ শত্ৰু আৰু সেইবোৰৰ অস্বীকাৰকাৰী।
അറബി ഖുർആൻ വിവരണങ്ങൾ:
سَاُرْهِقُهٗ صَعُوْدًا ۟ؕ
শীঘ্ৰে মই তাক শাস্তিৰ এনেকুৱা বেদনাত নিক্ষেপ কৰিম। যিটো সি সহ্য কৰিব নোৱাৰিব।
അറബി ഖുർആൻ വിവരണങ്ങൾ:
اِنَّهٗ فَكَّرَ وَقَدَّرَ ۟ۙ
এই কাফিৰ, যাক মই সকলো ধৰণৰ নিয়ামত প্ৰদান কৰিছো, সি এই কোৰআনক ভুল প্ৰমান কৰিবলৈ কি কব লাগে সেয়া চিন্তা কৰিছে আকৌ অন্তৰত তাৰ নিৰ্ণয় কৰিছে।
അറബി ഖുർആൻ വിവരണങ്ങൾ:
ഈ പേജിലെ ആയത്തുകളിൽ നിന്നുള്ള പാഠങ്ങൾ:
• المشقة تجلب التيسير.
কঠিনতাই সৰলতা আনে।

• وجوب الطهارة من الخَبَث الظاهر والباطن.
প্ৰকাশ্য অপ্ৰকাশ্য সকলো ধৰণৰ অপৱিত্ৰতাৰ পৰা পৱিত্ৰ হোৱা জৰুৰী।

• الإنعام على الفاجر استدراج له وليس إكرامًا.
পাপিষ্টই পোৱা অনুগ্ৰহ, সন্মান স্বৰূপ নহয় বৰং সিহঁতক ঢিল দিয়াৰ উদ্দেশ্যে দিয়া হয়।

 
പരിഭാഷ അദ്ധ്യായം: മുദ്ദഥ്ഥിർ
സൂറത്തുകളുടെ സൂചിക പേജ് നമ്പർ
 
വിശുദ്ധ ഖുർആൻ പരിഭാഷ - വിശുദ്ധ ഖുർആൻ വ്യാഖ്യാന സംഗ്രഹത്തിന്റെ ആസമീസ് പരിഭാഷ - വിവർത്തനങ്ങളുടെ സൂചിക

മർകസ് തഫ്സീർ പുറത്തിറക്കിയത്.

അടക്കുക