Check out the new design

የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ * - የትርጉሞች ማዉጫ


የይዘት ትርጉም ምዕራፍ: አል ቂያማህ   አንቀጽ:

আল-ক্বিয়ামাহ

ከመዕራፉ ዓላማዎች:
إظهار قدرة الله على بعث الخلق وجمعهم يوم القيامة.
কিয়ামতৰ দিনা সৃষ্টিজগতক পুনৰুত্থিত কৰি আৰু সমৱেত কৰি আল্লাহে তেওঁৰ ক্ষমতা প্ৰকাশ কৰিব।

لَاۤ اُقْسِمُ بِیَوْمِ الْقِیٰمَةِ ۟ۙ
আল্লাহে ক্বিয়ামতৰ দিনৰ শপত কৰিছে। যিদিনাখন মানুহে বিশ্বজগতৰ ৰব্ব আল্লাহৰ সন্মুখত থিয় হ'ব।
የአረብኛ ቁርኣን ማብራሪያ:
وَلَاۤ اُقْسِمُ بِالنَّفْسِ اللَّوَّامَةِ ۟
আৰু পবিত্ৰ আত্মাৰ শপত কৰিছো। যিটোৱে মানুহক ভাল কামত অৱহেলা কৰিলে নিন্দা কৰে আৰু বেয়া কাম কৰিলে ভৰ্ত্সনা কৰে। এই দুয়োটা বিষয়ৰ শপত কৰি কৈছে যে, তেওঁ মানুহক হিচাপ-নিকাচ আৰু প্ৰতিফল প্ৰদান কৰাৰ বাবে নিশ্চয় জীৱিত কৰিব।
የአረብኛ ቁርኣን ማብራሪያ:
اَیَحْسَبُ الْاِنْسَانُ اَلَّنْ نَّجْمَعَ عِظَامَهٗ ۟ؕ
মানুহে ভাবে নেকি যে, আমি মানুহক মৃত্যুৰ পিছত পুনৰুত্থান কৰি তাৰ হাড়সমূহক একত্ৰিত কৰিব নোৱাৰিম?
የአረብኛ ቁርኣን ማብራሪያ:
بَلٰى قٰدِرِیْنَ عَلٰۤی اَنْ نُّسَوِّیَ بَنَانَهٗ ۟
কিয় নোৱাৰিম? আমি সেইবোৰ একত্ৰিত কৰি তাৰ আঙুলিবোৰৰ গাঁঠিও পূৰ্বৰ দৰে সঠিকভাৱে বনোৱাৰ ক্ষমতা ৰাখো।
የአረብኛ ቁርኣን ማብራሪያ:
بَلْ یُرِیْدُ الْاِنْسَانُ لِیَفْجُرَ اَمَامَهٗ ۟ۚ
বৰং মানুহে পুনৰুত্থানক অস্বীকাৰ কৰি এইটোৱে বিচাৰে যে, আগলৈও কোনো বাধা- বিঘিনি নোহোৱাকৈ কুকৰ্ম কৰিয়ে থাকিব।
የአረብኛ ቁርኣን ማብራሪያ:
یَسْـَٔلُ اَیَّانَ یَوْمُ الْقِیٰمَةِ ۟ؕ
সিহঁতে ক্বিয়ামতৰ দিনক বহুত দূৰ বুলি ভাবি কয় যে, ক্বিয়ামত কেতিয়া আহিব।
የአረብኛ ቁርኣን ማብራሪያ:
فَاِذَا بَرِقَ الْبَصَرُ ۟ۙ
যেতিয়া চকুৱে সেই বস্তু দেখি আশ্চৰ্য হব, যিবোৰ সিহঁতে পৃথিৱীত অস্বীকাৰ কৰিছিল।
የአረብኛ ቁርኣን ማብራሪያ:
وَخَسَفَ الْقَمَرُ ۟ۙ
চন্দ্ৰৰ কিৰণ নোহোৱা হ'ব।
የአረብኛ ቁርኣን ማብራሪያ:
وَجُمِعَ الشَّمْسُ وَالْقَمَرُ ۟ۙ
সূৰ্য আৰু চন্দ্ৰক যেতিয়া একত্ৰিত কৰা হ'ব।
የአረብኛ ቁርኣን ማብራሪያ:
یَقُوْلُ الْاِنْسَانُ یَوْمَىِٕذٍ اَیْنَ الْمَفَرُّ ۟ۚ
সিদিনাখন পাপিষ্ঠ লোকে ক'ব যে, পলোৱাৰ স্থান ক'ত?
የአረብኛ ቁርኣን ማብራሪያ:
كَلَّا لَا وَزَرَ ۟ؕ
সিদিনাখন পলায়নৰ কোনো স্থান নাথাকিব। এনেকুৱা কোনো আশ্ৰয়স্থল বিচাৰি নাপাব, য'ত পাপিষ্ঠবিলাকে আশ্ৰয় পাব আৰু ৰক্ষা পোৱাৰ কোনো স্থানো নাথাকিব য'ত গৈ নিজকে ৰক্ষা কৰিব পাৰিব।
የአረብኛ ቁርኣን ማብራሪያ:
اِلٰى رَبِّكَ یَوْمَىِٕذِ ١لْمُسْتَقَرُّ ۟ؕ
হে ৰাছুল, সিদিনাখন আপোনাৰ প্ৰতিপালকলৈ হিচাপ- নিকাচ আৰু পৰিণামৰ কাৰণে উভতি যাব লাগিব।
የአረብኛ ቁርኣን ማብራሪያ:
یُنَبَّؤُا الْاِنْسَانُ یَوْمَىِٕذٍ بِمَا قَدَّمَ وَاَخَّرَ ۟ؕ
সিদিনাখন মানুহক সেই সকলো কৰ্মৰ বিষয়ে অৱগত কৰোৱা হব। যিবোৰ তেওঁ আগলৈ পঠিয়াইছিল আৰু যি তেওঁ পিছফালে এৰি থৈ আহিছে।
የአረብኛ ቁርኣን ማብራሪያ:
بَلِ الْاِنْسَانُ عَلٰی نَفْسِهٖ بَصِیْرَةٌ ۟ۙ
বৰং মানুহ নিজেই নিজৰ প্ৰতি সাক্ষী হ'ব। কিয়নো স্বয়ং তেওঁৰ নিজ শৰীৰৰ অংগবোৰৰ দ্বাৰা কৰা পাপসমূহৰ সাক্ষী দিব।
የአረብኛ ቁርኣን ማብራሪያ:
وَّلَوْ اَلْقٰى مَعَاذِیْرَهٗ ۟ؕ
যদিও সি বিভিন্ন ধৰণৰ বাহানাৰ জৰিয়তে এইটো প্ৰমাণ কৰিব বিচাৰিব যে, সি কোনো পাপ কৰা নাই, কিন্তু ইয়াৰ দ্বাৰা কোনো উপকাৰ নহ'ব।
የአረብኛ ቁርኣን ማብራሪያ:
لَا تُحَرِّكْ بِهٖ لِسَانَكَ لِتَعْجَلَ بِهٖ ۟ؕ
হে ৰাছুল, কোৰআন আয়ত্ত্ব কৰাৰ সময়ত আপোনাৰ জিভা এই ভয়ত দ্ৰুত সঞ্চালন নকৰিব যে, সেয়া আপোনাৰ স্মৃতিৰ পৰা ওলাই যাব।
የአረብኛ ቁርኣን ማብራሪያ:
اِنَّ عَلَیْنَا جَمْعَهٗ وَقُرْاٰنَهٗ ۟ۚۖ
নিশ্চয় আপোনাৰ অন্তৰত একত্ৰিত কৰা আৰু সঠিক হিচাপে পাঠ কৰোৱাৰ দায়িত্ব আমাৰেই।
የአረብኛ ቁርኣን ማብራሪያ:
فَاِذَا قَرَاْنٰهُ فَاتَّبِعْ قُرْاٰنَهٗ ۟ۚ
আমাৰ বাৰ্তাবাহক জিব্ৰীলে যেতিয়া আপোনাৰ ওচৰত তিলাৱত কৰিব, তেতিয়া আপুনি মনে মনে থাকিব আৰু মনোযোগ সহকাৰে শুনিব।
የአረብኛ ቁርኣን ማብራሪያ:
ثُمَّ اِنَّ عَلَیْنَا بَیَانَهٗ ۟ؕ
তাৰ পিছত ইয়াৰ বৰ্ণনাৰ দায়িত্বও আমাৰেই।
የአረብኛ ቁርኣን ማብራሪያ:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• مشيئة العبد مُقَيَّدة بمشيئة الله.
বান্দাৰ ইচ্ছা আল্লাহৰ ইচ্ছাৰ অধীনস্থ।

• حرص رسول الله صلى الله عليه وسلم على حفظ ما يوحى إليه من القرآن، وتكفّل الله له بجمعه في صدره وحفظه كاملًا فلا ينسى منه شيئًا.
আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে তেখেতৰ প্ৰতি অৱতীৰ্ণ হোৱা কোৰআনৰ প্ৰত্যেক ভাগ মুখস্ত কৰাৰ প্ৰতি তত্পৰ আছিল। যিহেতু স্বয়ং আল্লাহে দায়িত্ব লৈছিল যে, সেয়া তেখেতৰ অন্তৰত সুৰক্ষিত কৰি দিব আৰু এনেদৰে মুখস্ত কৰাই দিব যে, তেখেত তাৰ এটা আখৰো পাহৰি নাযাব।

 
የይዘት ትርጉም ምዕራፍ: አል ቂያማህ
የምዕራፎች ማውጫ የገፅ ቁጥር
 
የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ - የትርጉሞች ማዉጫ

ከቁርአን ተፍሲር ጥናት ማዕከል የተገኘ

መዝጋት