Check out the new design

د قرآن کریم د معناګانو ژباړه - اسامي ژبې ته د المختصر في تفسير القرآن الكريم ژباړه * - د ژباړو فهرست (لړلیک)


د معناګانو ژباړه سورت: قیامه   آیت:

আল-ক্বিয়ামাহ

د سورت د مقصدونو څخه:
إظهار قدرة الله على بعث الخلق وجمعهم يوم القيامة.
কিয়ামতৰ দিনা সৃষ্টিজগতক পুনৰুত্থিত কৰি আৰু সমৱেত কৰি আল্লাহে তেওঁৰ ক্ষমতা প্ৰকাশ কৰিব।

لَاۤ اُقْسِمُ بِیَوْمِ الْقِیٰمَةِ ۟ۙ
আল্লাহে ক্বিয়ামতৰ দিনৰ শপত কৰিছে। যিদিনাখন মানুহে বিশ্বজগতৰ ৰব্ব আল্লাহৰ সন্মুখত থিয় হ'ব।
عربي تفسیرونه:
وَلَاۤ اُقْسِمُ بِالنَّفْسِ اللَّوَّامَةِ ۟
আৰু পবিত্ৰ আত্মাৰ শপত কৰিছো। যিটোৱে মানুহক ভাল কামত অৱহেলা কৰিলে নিন্দা কৰে আৰু বেয়া কাম কৰিলে ভৰ্ত্সনা কৰে। এই দুয়োটা বিষয়ৰ শপত কৰি কৈছে যে, তেওঁ মানুহক হিচাপ-নিকাচ আৰু প্ৰতিফল প্ৰদান কৰাৰ বাবে নিশ্চয় জীৱিত কৰিব।
عربي تفسیرونه:
اَیَحْسَبُ الْاِنْسَانُ اَلَّنْ نَّجْمَعَ عِظَامَهٗ ۟ؕ
মানুহে ভাবে নেকি যে, আমি মানুহক মৃত্যুৰ পিছত পুনৰুত্থান কৰি তাৰ হাড়সমূহক একত্ৰিত কৰিব নোৱাৰিম?
عربي تفسیرونه:
بَلٰى قٰدِرِیْنَ عَلٰۤی اَنْ نُّسَوِّیَ بَنَانَهٗ ۟
কিয় নোৱাৰিম? আমি সেইবোৰ একত্ৰিত কৰি তাৰ আঙুলিবোৰৰ গাঁঠিও পূৰ্বৰ দৰে সঠিকভাৱে বনোৱাৰ ক্ষমতা ৰাখো।
عربي تفسیرونه:
بَلْ یُرِیْدُ الْاِنْسَانُ لِیَفْجُرَ اَمَامَهٗ ۟ۚ
বৰং মানুহে পুনৰুত্থানক অস্বীকাৰ কৰি এইটোৱে বিচাৰে যে, আগলৈও কোনো বাধা- বিঘিনি নোহোৱাকৈ কুকৰ্ম কৰিয়ে থাকিব।
عربي تفسیرونه:
یَسْـَٔلُ اَیَّانَ یَوْمُ الْقِیٰمَةِ ۟ؕ
সিহঁতে ক্বিয়ামতৰ দিনক বহুত দূৰ বুলি ভাবি কয় যে, ক্বিয়ামত কেতিয়া আহিব।
عربي تفسیرونه:
فَاِذَا بَرِقَ الْبَصَرُ ۟ۙ
যেতিয়া চকুৱে সেই বস্তু দেখি আশ্চৰ্য হব, যিবোৰ সিহঁতে পৃথিৱীত অস্বীকাৰ কৰিছিল।
عربي تفسیرونه:
وَخَسَفَ الْقَمَرُ ۟ۙ
চন্দ্ৰৰ কিৰণ নোহোৱা হ'ব।
عربي تفسیرونه:
وَجُمِعَ الشَّمْسُ وَالْقَمَرُ ۟ۙ
সূৰ্য আৰু চন্দ্ৰক যেতিয়া একত্ৰিত কৰা হ'ব।
عربي تفسیرونه:
یَقُوْلُ الْاِنْسَانُ یَوْمَىِٕذٍ اَیْنَ الْمَفَرُّ ۟ۚ
সিদিনাখন পাপিষ্ঠ লোকে ক'ব যে, পলোৱাৰ স্থান ক'ত?
عربي تفسیرونه:
كَلَّا لَا وَزَرَ ۟ؕ
সিদিনাখন পলায়নৰ কোনো স্থান নাথাকিব। এনেকুৱা কোনো আশ্ৰয়স্থল বিচাৰি নাপাব, য'ত পাপিষ্ঠবিলাকে আশ্ৰয় পাব আৰু ৰক্ষা পোৱাৰ কোনো স্থানো নাথাকিব য'ত গৈ নিজকে ৰক্ষা কৰিব পাৰিব।
عربي تفسیرونه:
اِلٰى رَبِّكَ یَوْمَىِٕذِ ١لْمُسْتَقَرُّ ۟ؕ
হে ৰাছুল, সিদিনাখন আপোনাৰ প্ৰতিপালকলৈ হিচাপ- নিকাচ আৰু পৰিণামৰ কাৰণে উভতি যাব লাগিব।
عربي تفسیرونه:
یُنَبَّؤُا الْاِنْسَانُ یَوْمَىِٕذٍ بِمَا قَدَّمَ وَاَخَّرَ ۟ؕ
সিদিনাখন মানুহক সেই সকলো কৰ্মৰ বিষয়ে অৱগত কৰোৱা হব। যিবোৰ তেওঁ আগলৈ পঠিয়াইছিল আৰু যি তেওঁ পিছফালে এৰি থৈ আহিছে।
عربي تفسیرونه:
بَلِ الْاِنْسَانُ عَلٰی نَفْسِهٖ بَصِیْرَةٌ ۟ۙ
বৰং মানুহ নিজেই নিজৰ প্ৰতি সাক্ষী হ'ব। কিয়নো স্বয়ং তেওঁৰ নিজ শৰীৰৰ অংগবোৰৰ দ্বাৰা কৰা পাপসমূহৰ সাক্ষী দিব।
عربي تفسیرونه:
وَّلَوْ اَلْقٰى مَعَاذِیْرَهٗ ۟ؕ
যদিও সি বিভিন্ন ধৰণৰ বাহানাৰ জৰিয়তে এইটো প্ৰমাণ কৰিব বিচাৰিব যে, সি কোনো পাপ কৰা নাই, কিন্তু ইয়াৰ দ্বাৰা কোনো উপকাৰ নহ'ব।
عربي تفسیرونه:
لَا تُحَرِّكْ بِهٖ لِسَانَكَ لِتَعْجَلَ بِهٖ ۟ؕ
হে ৰাছুল, কোৰআন আয়ত্ত্ব কৰাৰ সময়ত আপোনাৰ জিভা এই ভয়ত দ্ৰুত সঞ্চালন নকৰিব যে, সেয়া আপোনাৰ স্মৃতিৰ পৰা ওলাই যাব।
عربي تفسیرونه:
اِنَّ عَلَیْنَا جَمْعَهٗ وَقُرْاٰنَهٗ ۟ۚۖ
নিশ্চয় আপোনাৰ অন্তৰত একত্ৰিত কৰা আৰু সঠিক হিচাপে পাঠ কৰোৱাৰ দায়িত্ব আমাৰেই।
عربي تفسیرونه:
فَاِذَا قَرَاْنٰهُ فَاتَّبِعْ قُرْاٰنَهٗ ۟ۚ
আমাৰ বাৰ্তাবাহক জিব্ৰীলে যেতিয়া আপোনাৰ ওচৰত তিলাৱত কৰিব, তেতিয়া আপুনি মনে মনে থাকিব আৰু মনোযোগ সহকাৰে শুনিব।
عربي تفسیرونه:
ثُمَّ اِنَّ عَلَیْنَا بَیَانَهٗ ۟ؕ
তাৰ পিছত ইয়াৰ বৰ্ণনাৰ দায়িত্বও আমাৰেই।
عربي تفسیرونه:
په دې مخ کې د ایتونو د فایدو څخه:
• مشيئة العبد مُقَيَّدة بمشيئة الله.
বান্দাৰ ইচ্ছা আল্লাহৰ ইচ্ছাৰ অধীনস্থ।

• حرص رسول الله صلى الله عليه وسلم على حفظ ما يوحى إليه من القرآن، وتكفّل الله له بجمعه في صدره وحفظه كاملًا فلا ينسى منه شيئًا.
আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে তেখেতৰ প্ৰতি অৱতীৰ্ণ হোৱা কোৰআনৰ প্ৰত্যেক ভাগ মুখস্ত কৰাৰ প্ৰতি তত্পৰ আছিল। যিহেতু স্বয়ং আল্লাহে দায়িত্ব লৈছিল যে, সেয়া তেখেতৰ অন্তৰত সুৰক্ষিত কৰি দিব আৰু এনেদৰে মুখস্ত কৰাই দিব যে, তেখেত তাৰ এটা আখৰো পাহৰি নাযাব।

 
د معناګانو ژباړه سورت: قیامه
د سورتونو فهرست (لړلیک) د مخ نمبر
 
د قرآن کریم د معناګانو ژباړه - اسامي ژبې ته د المختصر في تفسير القرآن الكريم ژباړه - د ژباړو فهرست (لړلیک)

د مرکز تفسیر للدراسات القرآنیة لخوا خپور شوی.

بندول